ভূমিপত্ৰ (উজ্জ্বল ফুকন)

গিৰিপ্‌ গাৰাপ্‌ গিৰিপ্‌ গাৰাপ্‌..

আগবাঢ়ি বাঢ়ি যাম ..!
কদম কদম তেজ কদম গুলি মৰাইআমাৰ কাম….

দূৰৰ আৰ্মিৰ গাড়ীখনৰ পৰা সিহঁতৰ ফাললৈ আহি থকা সেনা জোৱান জনক দেখি অনুচ্চ কণ্ঠৰে মদনে গাবলৈ ধৰিলে।

লেফট্‌ ৰাইট! লেফট্‌ ৰাইট!
কুইক্‌ মাৰ্ছ্‌! কুইক্‌ মাৰ্ছ্‌!

গহীন আৰু ৰমেনেও যোগ দিলে।
“অই মূৰচোবোৱাহঁত চুপ থাক। আহি পালেহি সেইডাল। চাউল খুন্দা দি খুন্দিব নহ’লে” কলিতাৰ মাতত গোটেই কেইটা নিতাল মাৰিল। সেনা জোৱান জন আগবাঢ়ি আহিল। পাহুৱাল পাঞ্জাৱী মধ্য বয়সীয়া কিন্তু জোৱান।
পেটটোৱে কঁকালটোক যিদৰে নিঃশেষ কৰিছে ঠিক সেইদৰে গাল আবৰি থকা দাড়িখিনিয়ে ওঁঠ দুটাৰ সঠিক অৱস্থান নোহোৱা কৰি পেলাইছে। যেন ঘন জঙ্ঘলৰ মাজত ঘাঁহ বনেৰে পোত খাই থকা এটা কুঁৱা।

“বাবাজী, য়ে ক্যা হে!” জোৱানজনে কলিতালৈ চাই সুধিলে।
কলিতাই দোকানৰ বেৰত আৰি থোৱা শিৱৰ ফটোখনলৈ এনেকৈ চালে যেন ভোলানাথেহে এতিয়া জোৱানজনৰ প্ৰশ্নৰ উত্তৰ দিব।
“কলিতা দা, আপোনাকেই সুধিছে” ৰমেনে লাহেকৈ ক’লে।
“অ’ কেলা, কেলা হে” কলিতাই কথাটো বুজি খৰধৰকৈ উত্তৰ দিলে।
“দৌ বাৰ কেলা কিউ বৌলা? কেলা তৌ এক হি হে” পাঞ্জাৱী জোৱানৰ প্ৰশ্ন।
“খকৰ মকৰ মে দুই বাৰ ওলাই গয়া চাৰ” কলিতাই সেমেনা সেমেনি কৰি ক’লে।
“চাৰ জী, ৱৌ বলা থা ‘অকেলা কেলা হে'” গহীনে কলিতাক বচাবলৈ চেষ্টা কৰিলে।
“তুমকৌ পুচা? .. পুচা মেইনে?” জোৱানজনে গহীনৰ ফালে ঘূৰি সুধিলে।
তাৰ পেটটোৰ ওপৰত আৰামত বহি থকা বন্দুকৰ নলীটো কলিতাৰ পিনে ঘূৰিল।
ভয়ত শুকাই যোৱা কলিতাৰ ডিঙিটোৰ পৰা যেনে তেনে দুটা মান শব্দ ওলাই আহিল “ছোটা বাচ্ছা হে। ধেমালি কৰিতা হে। চৌৰ দিজিয়ে।”
“ঠিক হে। য়ে ক্যা কেলা হে?” জোৱান জনে সুধিলে।
“য়ে চেনি কেলা হে চাৰ” কলিতাই ক’লে।
“অঔৰ কিচকি কেলা হে” পেটুৱাই গোঁফৰ তলেৰে হাঁহি সুধিলে।
কলিতাই ক’লে “মেৰা হে চাৰ”
“তুমহাৰা হি হৌগা” কলিতাক তলৰ পৰা ওপৰলৈ চাই জোৱান জনে ক’লে। কলিতাৰ কঁকালত ওলমি থকা গামোছাৰ গাঁঠিটো লাজত ঢিলা হৈ গ’ল।
“চাহ আনিছিলোঁ আপোনালোকলৈ।” হঠাৎ কলিতাৰ পত্নী সোমাই আহিল দোকানৰ পিচপিনে দি। কলিতা আৰু তাইৰ আশাৰ ফল ফুলিবলৈ মাথো পাঁচ মাহমানহে আছে।
“বাবাজী, ইচ কেলে মে জান হে” কেৰাহিকৈ কলিতাৰ পত্নীলৈ চাই পেটুৱা জোৱানটোৱে কলিতাক কলে।
“পিছত আহিবি। যা ইয়াৰ পৰা এতিয়া” কলিতাই ধমক দি পত্নীক যাবলৈ ক’লে।
“বাবাজী, য়ে কৌন চা কেলা হে?” এইবাৰ পেটুৱাই আন কল কিছুমানলৈ আঙুলিয়াই সুধিলে।
“য়ে জাহাজী কেলা হে অঔৰ য়ে ইচকা কেলা হে” কলিতাই ৰমেনৰ ফালে আঙুলিয়াই মনে মনে ভাবিলে ‘বৰ ৰং চাই আছ। পা মচলা”
“আচ্ছা হে। আচ্ছা হে। বহৌত আচ্ছা হে।” ৰমেনলৈ চাই পেটুৱাই ক’লে।
“অঔৰ বাবাজী য়ে কৌন চা কেলা হে?” পেটুৱাই আৰু এক আশী কললৈ আঙুলিয়াই সুধিলে।
“য়ে ভীম কেলা হে। য়ে ইচকা কেলা হে। ইচনে মুঝে আনি দিয়া থা।” মদনলৈ আঙুলিয়াই কলিতাই ক’লে। পেটটো মোহাৰি মোহাৰি কথা শুনি থকা মদনে হঠাৎ কলিতাৰ মুখত তাৰ নামটো শুনি থতমত খাই ৰৈ গ’ল।
“ইচকা চাইজ আচ্ছা হে। মেৰে জেইচা হে।” পেটুৱা জোৱানটোৱে এবাৰ ভীম কল আৰু এবাৰ মদনলৈ চাই ক’লে।
“আৰু চাৰ, এই কেলা মে গুটি হে।” কলিতাই পেটুৱালৈ চাই ক’লে।
“ক্যা? কেলে মে গৌটি? অচ্ছা হে। পেহলিবাৰ দেখা গৌটিৱালা কেলা। তুম মুঝে য়ে চাৰে গৌটিৱালা কেলা দে দৌ।” পেটুৱাই ক’লে।
কলিতাই ভালকৈ বান্ধি গোটেই ভীমকল খিনি পেটুৱাক দিলে। কলখিনি লৈ পেটুৱাই দোকানৰ এচুকত ওলমি থকা কাচকল কেইটালৈ অলপ সময় তভক মাৰি চাই তাৰপিছত গহীনলৈ চাই কলে “য়ে চায়দ তেৰা হি হৌগা”
গহীনৰ খঙত মুখখন ৰঙা হৈ আহিল।
পেটুৱা গাড়ীখনত উঠাৰ পিছত কলিতাই মাত লগালে “যা খায় মৰগৈ। ৰাতিপুৱা গম পাবি কি কেলাৰ গুটি সেইবোৰ।”
গৰমে একেলগে গাবলৈ ধৰিলে “বাবাজী কি গৌটি… বাবাজী কি গৌটি”
“ধেই চুপ থাক। দোকান বন্ধ কৰি বুধিন দেউতাৰ ওচৰলৈ যাওঁ ব’ল। এই পেটুৱাটোৱে দিনটো বেয়া কৰি দিলে।” কলিতাই কলে।
বুধিন বৰাৰ পদুলি পাই চাৰিওটাই মন কৰিলে ককাকে একান্তমনে জেকপটৰ নেজডাল চাই আছে। জেকেপটে নেজডাল ইফালৰ পৰা সিফাললৈ এক বিশেষ কায়দাত ঘূৰাই আছে। মাখিকেইজনীয়ে বহিবলৈ অকনো সুবিধা পোৱা নাই।
কিন্তু চেষ্টাৰ অসাধ্য একো নাই। এজনী মাখি নেজৰ ওপৰত খোপনি পুতি বহি ল’লে। “এই মাখিটোৱে কিজানি আনন্দ মেলাৰ চকৰিটোত উঠাৰ নিচিনা আনন্দ পাইছে।” বুধিন বৰাই হাঁহি হাঁহি মুখৰ ভিতৰতে ক’লে।
“ককা কি কৰি আছে?” মদনে বুধিন বৰালৈ চাই সুধিলে।
বুধিন বৰাই তেতিয়াহে দেখিলে গোটেই জাকটোক। “তহঁত কেতিয়া আহিলি অ’। মই মনেই কৰা নাছিলোঁ। দিনটোৰ খবৰ বাতৰি ক। তই দোকান বন্ধ কৰিলিয়েই নেকি?” বুধিন বৰাই কলিতালৈ চাই সুধিলে।
কলিতাই দোকানত কি হ’ল সমস্ত কাহিনী শুনালে বুধিন বৰাক। “গহীনকো গালি দিলে পেটুৱাটোৱে। ইহঁতবোৰ আহেনো কেলৈ আমাৰ ৰাজ্যলৈ। আৰু মানুহ বুলি গণ্য নকৰে কিয় আমাক।” ৰমেনে ক’লে।
“সিহঁতে আমাক অতীজৰে পৰা জংঘলী বুলি ভাবে আমাক। আৰু এই সেনা জোৱান বোৰক বেয়া নাপাবি। সিহঁত জীৱনটো ঘৰ পৰিয়াল এৰি বছৰ বছৰ ধৰি অনাই বনাই পাহাৰে ভৈয়ামে ঘুৰি ভিতৰি খঙাল হৈ পৰে। আৰু সিহঁত আহি আমাক মাজে মাজে হাৰাশাস্তি কৰাটোও এক
ৰাজনৈতিক ষড়যন্ত্ৰ। সিহঁত আহে কেতিয়া? যেতিয়া আমি নিজৰ মানুহকে মাৰো বা চহৰে নগৰে বম ফুটাও। যিমানে আমি নিজৰ ভিতৰত খোৱা কামোৰা লাগি থাকিম সিমানে আমি পিছ পৰি থাকিম। আমি একগোট হৈ কিবা বিচাৰিলে কেন্দ্ৰই আমাক নিদিয়াকৈ থাকিব নোৱাৰে।
সেইকাৰণে কেন্দ্ৰই সময়ে সময়ে বিভিন্ন ধৰণে এই মায়াজাল সৃষ্টি কৰে। জনজাতি সকলক মূল সুঁতিৰ পৰা কিমান পিছপৰি আছে বাৰে বাৰে সোঁৱৰাই থাকে কিন্তু কেনেকৈ আগবাঢ়ি যাব পাৰি সেই সুবিধা খিনি নিদিয়ে। অসমত এতিয়া ‘আমাৰ দাবী মানিবই লাগিব’ বুলি ৰ’দত টেঁটু
ফালি চিঞৰা মানুহ বহুত আছে কিন্তু সেই একেখিনি দাবী সবলভাৱে সংসদত উপস্থাপন কৰিব পৰা সাংসদ এজনো নাই। মাজে মাজে উদ্দাম কণ্ঠৰে একোজন বিয়াগোম ৰাষ্ট্ৰীয় নেতাই কৈ যায়হি “তোমালোক অসমৰ ভূমিপুত্ৰ। তোমালোকে সকলো সুবিধা পোৱা উচিত। এতিয়া কি কি সুবিধা পাবো লাগে এই বিয়াগোম নেতাজনেও বিশেষ একো নাজানে। আৰু সঁচা কথা ক’বলৈ গ’লে এই ভূমিপুত্ৰৰ সংজ্ঞাটো মই আজিও ভালকৈ বুজি পোৱা নাই। কাক কবি ভূমিপুত্ৰ বুলি? যি অতীজৰে পৰা অসমত আছে সেইসকলক। যদি অতীতলৈ যাৱ কিমান দিন পিছলৈ যাবি। ইয়াৰ কোনো নিৰ্দিষ্ট সময় সীমা কোনেও নাজানে। আৰু এটা ভাল প্ৰশ্ন আছে। বাৰু গহীন তই কচোন তোৰ ককাৰ নাম কি?” বুধিন বৰাই গহীনলৈ চাই সুধিলে।
গহীনে হাঁহি হাঁহি ক’লে “আপুনি আকৌ। বুধিন বৰা।”
“মোৰ দেউতাৰ নাম বা মোৰ ককাৰ নাম জাননে?” বুধিন বৰাই আকৌ সুধিলে।
গহীনৰ হাঁহি থকা মুখখন নিমিষতে বন্ধ হৈ গ’ল। “নাজানো” গহীনে ক’লে।
তই তোৰ আজোককাৰ নামেই নাজান তেওঁ ক’ত জন্ম হৈছিল বা ক’ৰপৰা আহিছিল সেইবোৰ বাদেই দে। আৰু যদি কৱ বোলে যি য’ত জন্ম লৈছে তেওঁ তাৰেই ভূমিপুত্ৰ তেন্তে কথা আৰু সাংঘাতিক। আমাৰ এজাক ল’ৰা ছোৱালী বেঙ্গালোৰ দিল্লী বা আন আন বহিঃ ৰাজ্যৰ চহৰত বাস কৰিছে।
কাইলৈ যেতিয়া সিহঁতৰ সতি সন্ততি হব তেন্তে সেইকেইটা সেইবোৰ ৰাজ্যৰ ভূমিপুত্ৰ হব নেকি? কেতিয়াও নহয়। সিহঁতক অৱশ্যে ‘ভ্ৰমিপুত্ৰ’ বুলি ক’ব পাৰ। ভূমিপুত্ৰ, ভ্ৰমিপুত্ৰ বা ব্ৰহ্মপুত্ৰই হওক কিন্তু আমি দেশৰ আন আন ৰাজ্যৰ নাগৰিকে পোৱা সকলো সুবিধা পাব লাগে। তাৰ বাবে ৰাইজে একেলগে মাত মাতিলে সেইবোৰত মইও আছো। কিন্তু এনেকৈ আমাক বড়োলেণ্ড লাগে, তিৱালেণ্ড লাগে, চুতিয়ালেণ্ড বা কমতাপুৰ লাগে বুলি টেঁটু ফালি চিঞৰি থাকিলে জানো কিবা হ’ব। আৰু হ’লেই যেনিবা এজাকমান নতুন ৰাজ্য কিন্তু তাৰদ্বাৰা উন্নতি কেনেকৈ হব। এতিয়া অসমত যি আন্দোলনৰ প্ৰকোপ দেখিছোঁ প্ৰত্যেকখন ডাঙৰ নগৰ আগুৰি এখন ৰাজ্য পাতিব লগা হ’ব। তেতিয়া বহিঃ ৰাজ্যৰ পৰা খাদ্য বস্তু লৈ অহা ট্ৰাকবোৰৰ কথা ভাবচোন। ধৰি ল’লো তিনিচুকীয়া মৰাণ-মটকৰ ৰাজ্য, ট্ৰাকখন মটক ৰাজ্য পাবলৈ হয়তো ১৫ খন মান চেকগেটৰ মাজেদি আহিব লাগিব। মটক ৰাজ্যৰ বাসিন্দা সকলে ১ কেজি পিয়াঁজ ৫০০ টকাত কিনিব তথাপিও হাঁহি থাকিব কাৰণ নিজৰ ৰাজ্যত আছে। এই ৰাজ্যৰ বতাহ মটক মটক গোন্ধায়। আৰু ডিব্ৰুগড় ৰাজ্যৰ আহোম সকলক সিহঁতে দেখিব নোৱাৰিব” বুধিন বৰাই কৈ গ’ল।

“দেউতা আমি কোনখন ৰাজ্যত পৰিম” কলিতাই লাহেকৈ সুধিলে।
“বুধিন নগৰত পৰিবি তহঁত। মোৰ নামটো বেয়া পালে স্বাধীন নগৰ দি দিবি আমাৰ চুবুৰিটোৰ নাম” বুধিন বৰাই খঙেৰে ক’লে।
“কেতিয়াবা ভাব হয় কুকুৰ হোৱাই ভাল আছিল। নাই কোনো খোৱাৰ চিন্তা, নাই কোনো পিন্ধাৰ চিন্তা। য’তে ৰাতি ত’তে কাতি” গহীনে ক’লে।
“চাকৰি বাকৰিৰো চিন্তা নাই। ক’ৰবালৈ যাবলৈও চিন্তা নাই। বাট পথ মনত ৰাখিবলৈ মাজে মাজে এটা থেং দাঙি স্মৃতি ৰাখি গলেই হ’ল।” ৰমেনে ক’লে।
“পঢ়া-শুনাৰো চিন্তা কৰিব নালাগে। অঙ্ক চাৰৰ পৰা মাৰ খাব নালাগে। যিয়েই প্ৰশ্ন সোধক উত্তৰ এটাই। খং নুঠিলে এটা ‘ভৌ’। খং উঠিলে অহৰহ ‘ভৌ’।” মদনে জেকপটলৈ চাই ক’লে।
“ঠিক কৈছ। বহুত জন্মৰ পিছত হে বোলে জীৱই মানৱ জনম পায়। কিন্তু এয়া কলি যুগ। মানুহেও ইতৰ প্ৰাণী হ’বলৈহে বেছি ইচ্ছা কৰা হৈছে। ব’লহঁত অলপ গলিটোৰ মূৰৰ পৰা ফুৰি আহোঁ। বহুদিন যোৱা হোৱা নাই।” বুধিন বৰাই গোটেই কেইটাক কৈ আগবাঢ়িল।
আগে আগে বুধিন বৰা আৰু পিছে পিছে শাৰী পাতি ক্ৰমে কলিতা গহীন ৰমেন মদন আৰু শেষত জেকপট। দূৰৰ পৰা দেখাত এনে লাগিল যেন এয়া কলি যুগত পাণ্ডৱৰ স্বৰ্গ যাত্ৰা….

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
5 years ago

অনুপম…