ভূমি হস্তান্তৰ, জাতীয়তাবাদী আৱেগ আৰু বাস্তৱতা…. – (জয়দীপ চক্ৰ‌ৱৰ্তী)

—————————————————

বৰ্তমান সময়ত অসমত সৰ্ব্বচৰ্চিত বিষয়টো বোধকৰো বাংলাদেশক ভূমি হস্তান্তৰ…! আছুকে আদি কৰি জাঙুৰ খাই উঠিছে বহু অসমবাসীয়ে… কোনোবাই যদি প্ৰতিবাদী সমদল উলিয়াইছে, আন কোনোবাই জ্বলাইছে মোডীৰ প্ৰতিমূৰ্ত্তি। অসমৰ মাটি বাংলাদেশক কিয় কিয় গতাই দিব অসম বা ভাৰত চৰকাৰে.! নিৰ্বাচনৰ আগত সেই একেটাই বিষয় উত্থাপন কৰি ভূমি হস্তান্তৰৰ বিপৰীতে জাঙুৰ খাই উঠা স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুৱাহাটীৰ দলীয় কৰ্মীসভাত ভাষণ দিয়া দেখা গ’ল ভূমি হস্তান্তৰৰ সপক্ষেই…! ওলোটা খৰ মাত্ৰ ৬মাহতেই, এৰা তেখেত এতিয়া দেশৰ প্ৰধানমন্ত্ৰী, সৌ সিদিনালৈকে সেই প্ৰধানমন্ত্ৰীৰ পদত বহাৰ বাবেই তেখেতৰ প্ৰয়োজন হৈছিলে ভূমি হস্তান্তৰ বিপক্ষে আৱেগক পৰিচালিত কৰি ৰাজনৈতিকভাৱে লাভ উলিয়াই লোৱাৰ। এতিয়া অহা নিৰ্ব্বাচনলৈ সেই আৱেগ নহ’লেও চলে। আৱেগেৰে ৰাজনৈতিক দল চলাব পাৰি, নিৰ্বাচনত জয়লাভ কৰিব পাৰি কিন্তু দেশ চলোৱা সম্ভৱ নহয়। এয়াই সৰল ৰাজনীতি, যি ৰাজনীতিৰ চিকাৰত আজি স্বাধীনতাৰ পিছৰে পৰা প্ৰৱল অনিশ্চয়তাত জীয়াই আছে ভূমি হস্তান্তৰ হ’বলগীয়া অঞ্চলৰ প্ৰায় ৫১ হাজাৰ মানুহে। যাৰ ভিতৰত বাংলাদেশৰ ভিতৰত ভাৰতৰ ছিটমহলত আছে ৩৭ হাজাৰ মানুহ আৰু ভাৰতৰ ভিতৰত বাংলাদেশৰ আছে ১৪ হাজাৰ মানুহ।
পিছে ক’ৰপৰা কি ভূমিনো দিয়া হব বাংলাদেশক…? তাৰ বিৰুদ্ধে আৱেগত ভাহি যোৱা মানুহ বোৰৰ বেছিভাগেই নাজানে সেই ভূমি ক’ত…? কি আইন, কাৰ শাসন চলে সেইবোৰৰ ভূমিত…? কি পৰিস্থিতি বাস কৰে তাৰে নাগৰিক…! মুঠতে জাতীয়তাবাদী মনটোৱে এটা কথাই কয়… “বিনা যুদ্ধে নাহি দিব সূচ্যগ্র মেদিনী”। তেওঁলোকৰ বেছিভাগেই নাজানে যে হস্তান্তৰ হ’বলগীয়া ভূমিখিনিৰ বেছিভাগৰেই লগত ভাৰতৰ মূল ভূখণ্ডৰ কোনো সংযোগেই নাই বা কিছুমানৰ সংযোগ থাকিলেও সেয়া কেৱল এটা সুঁতিৰ ওপৰত থকা এটা বাঁহৰ সাকোৰ মাজেৰেহে আৰু আটাইতকৈ ডাঙৰ কথা সেই সকলোবোৰ ভূমিখণ্ডই ভাৰতৰ কাঁইটীয়া বেৰৰ সীমাৰ বাহিৰত যি ভূমিখণ্ডক জনাযায় ছিটমহল বুলি। তেওঁলোক কেতিয়াও ভাবি নাচায় সেই ভূমিবোৰ মাথোন ভাৰতৰ মানচিত্ৰত অংকিত হৈ থকা একো একোটা বিন্দুহে… য’ত দিনতেই উৰি থাকে বাংলাদেশৰ পতাকা…? কিন্তু কিয়…?? কিয় এনেকৈ সীমা নিৰ্ধাৰণ কৰা হৈছিল দেশ ভাগৰ সময়ত…! joydeep bhumi2
দেশভাগ চুড়ান্ত হোৱাৰ পিছত ১৯৪৭ চনত বংগ আৰু পাঞ্জাৱৰ সীমাৰেখা চূড়ান্ত কৰাৰ পৰিকল্পনা কৰে লৰ্ড মাউন্টবেটন আৰু তেখেতৰ পৰিকল্পনা অনুযায়ী ব্ৰিটিছ আইনজীৱী চিৰিল ৰেডক্লিফক প্ৰধান কৰি সেই বছৰেই গঠন কৰা হয় সীমা নিৰ্ধাৰণ কমিচনো। ১৯৪৭ চনৰ ৮ জুলাইত লণ্ডনৰপৰা ভাৰতলৈ আহে ৰেডক্লিফ চাহাব আৰু মাত্ৰ ছয় সপ্তাহৰ মূৰত ১৩ আগষ্টত তেখেত সীমা নিৰ্ধাৰণৰ চূড়ান্ত প্ৰতিবেদন জমা দিয়ে। ইয়াৰ তিনি দিন পিছত ১৬ আগষ্টত প্ৰকাশ কৰা হয় সীমাৰ সেই মানচিত্ৰ। কোনোধৰণত সুবিবেচনাহীন খৰধৰ কৰি লোৱা সেই সিদ্ধান্তত সীমা নিৰ্ধাৰণৰ বিষয়টো যথাযথভাবে নোহোৱাৰ উপৰিও কমিচন সদস্যসকলৰ নিষ্ক্ৰিয়তা, জমিদাৰ, নবাব, স্থানীয় ৰাজনীতিবিদ আৰু চাহ-বাগিছাৰ মালিক সকলে মিলি নিজৰ স্বাৰ্থত দেশভাগৰ সীমাৰেখা নিৰ্ধাৰণত প্ৰভাৱ পেলায় আৰু তেতিয়াৰ নেতা সকলে ক্ষমতাৰ হস্থান্তৰকৰণ চুক্তিৰ সময়ত তাকেই মানি লয়। আৰু উত্তৰাধিকাৰ সূত্ৰেই এই সমস্যাসমূহ আজিও ভোগ কৰিছোঁ আমি আৰু ছিটমহলৰ ৫১হাজাৰ নাগৰিকে।
ভাৰত আৰু বাংলাদেশ উভয় দেশৰে অভ্যন্তৰত দুয়ো দেশৰেই মুঠ ১৬২টা ছিটমহল আছে। বাংলাদেশৰ ভিতৰত আছে ভাৰতৰ ১১১টা ভাৰতীয় ছিটমহল আৰু ভাৰতৰ ভিতৰত বাংলাদেশৰ ৫১টা ছিটমহল। বাংলাদেশত ভাৰতৰ ১১১টা ছিটমহলৰ যাৰ আয়তন ১৭ হাজাৰ একৰ, এইবোৰ আছে কুড়িগ্ৰাম, লালমনিৰহাট, নীলফামাৰী আৰু পঞ্চগড় এলাকাত। ইয়াৰ ভিতৰত কুড়িগ্ৰামত ৩৬টা, লালমনিৰহাটত ৫৯টা, নীলফামাৰীতে ৪টা আৰু পঞ্চগড় জিলাত ১২টা ভাৰতীয় ছিটমহল আছে। একেদৰেই ভাৰতৰ ভিতৰত বাংলাদেশৰ ৫১টা ছিটমহল আছে যাৰ আয়তন ৭ হাজাৰ ১১০ একৰ। এই উভয় দেশৰে ছিটমহলৰ নাগৰিকে এটি এটিকৈ দিন পাৰ কৰিব লগিয়া হয় চৰম অনিশ্চয়তাত। য’ত প্ৰতিমূহুৰ্তে নামি আহে জীৱন, স্বাস্থ্য আৰু সম্পত্তিৰ প্ৰতি ভাবুকি, য’ত নাই কোনো প্ৰশাসন।
দৃশ্য এক
——–
অসমৰ ধুবুৰী জিলাৰ ভোগডাঙ্গাবাসীয়ে জীৱন কটায় চৰম অনিশ্চয়তাৰ মাজত, যদিও মূল সীমাৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন নহয় ভোগডাঙ্গা ১০০ মিটাৰৰ বহল এক লুঙলুঙীয়া অঞ্চলে ভোগডাঙ্গাক মূল ভূমিৰ পৰা পৃথক হব দিয়া নাই, বাকি প্ৰায় চাৰিওফালে বাংলাদেশ। ভোগডাঙ্গা গাঁওখনৰ ৰাইজে সন্ধিয়া সীমান্তৰ গেট বন্ধ হোৱাৰ পিছত কাঁইটীয়া বেৰৰ সিপাৰে চৰম অনিশ্চয়তাত ৰাতিটো কটাব লগীয়া হয়। সন্ধিয়া নামাৰ লগেলগেই অদৃশ্য এক কাৰাগাৰত বন্দী এই গাঁওৰ বাসিন্দা সকল। পোহনীয়া গৰু ছাগলী চুৰি হোৱাটো প্ৰতিদিনৰ এক সাধাৰণ ঘটনা । ৰাতি হাজাৰ বিপদতো খুলি দিয়া নহয় সীমান্তৰ গেট আনকি চিকিৎসাজনীত আকস্মিক কাৰণতো খুলি দিয়া নহয় সীমান্ত। আজি স্বাধীনতাৰ ৬৭ বছৰ পিছতো নাই একো উন্নয়ন নাই স্বাস্থকেন্দ্ৰ, পিছে তেওঁলোকৰ বাবে চৰম সুখবৰ যে তেওঁলোকৰ গাওঁত যোৱা বছৰ বিজুলীৰ সংযোগ গৈছে। মূল ভূভাগৰ সতে সংযোগ থকা বাবেই তেওঁলোকৰ অৱস্থা কিছু হ’লেও ভাল যদিও তেওঁলোকে সকলোৱেই বেৰৰ ইপাৰে উঠিঅহাৰ পক্ষপাতি।
দৃশ্য দুই
———
গাৰাতি গাঁওৰ লোক সকল পিছে ভোগডাঙ্গাবাসীৰ দৰে সুখি নহয় কাৰণ ভাৰতৰ মূল ভূমিখণ্ডৰ পৰা গাৰাতি গাঁও সম্পৰ্ণৰূপে বিচ্ছিন্ন বাংলাদেশৰ ভূমিখণ্ডৰ ভিতৰেৰে ৩ কি.মি. গৈ পায় এই গাঁও। গাৰাতি গাঁওখনত সকলো সময়তেই গাঁওবাসীয়ে কটায় চুৰি-ডাকাইতি, হত্যা, যৌন নিপীড়নৰ আতঙ্কৰ মাজত। কাৰণ কোনোবাই আহত, নিহত বা ধৰ্ষণৰ চিকাৰ হ’লে তাৰ বিচাৰ জানাবৰ কোনো প্ৰশাসনিক ঠাই নাই। একেবাৰেই যে নাই তেনে নহয়, কাগজে-কলমে আছে, কোচবিহাৰ জিলা। পিছে ৬৭ বছৰ ধৰি সিহঁতৰ অস্তিত্ব ভাৰতৰ মানচিত্ৰ ছিট ছিট ফোঁটৰ মাজতেই আৱতদ্ধ হৈ আছে। বাংলাদেশৰ পঞ্চগড় জিলাৰ সদৰ থানাৰ হাঁড়িভাসাৰ ওচৰত গাৰাতি, ভাৰতৰ ৭৮ নম্বৰ ছিটমহল। ২০১০ চনৰৰ ১৪ অক্টোবৰৰ ৰাতি সেই গাঁওখনত ঘটনা এটা ঘটে। বাংলাদেশী ডাকাইত ৰমজান আলি আৰু তাৰ কিছু সংগ-পাংগ সহ গাৰাতি গাঁওত ডাকাইতি কৰিব আহি হাতে নাতে ধৰা পৰে আৰু গণপ্ৰহাৰত তাৰ মৃত্যু হয়। ডাকাইত ৰমজান গাৰাতি ছিটমহলত মৃত্যুহোৱাৰ বাতৰি বিয়পি পৰাৰ ল’গে লগেই ডাকাইতৰ সহযোগি সকলে হাঁড়িভাসাৰ বাসিন্দা সকলোৰ সতে মিলি তাৎক্ষণিক ভাৱে অগ্নিসংযোগ কৰি গাঁওৰ ১০২টা ঘৰ জ্বলাই দিয়ে আৰু নিৰাপদে গুচি যায়। এতিয়া কথাটো হ’ল এই ঘটনাৰ অপৰাধীৰ চিহ্ণিত কৰা হ’ব কেনেকৈ? অপৰাধীৰ শাস্তি হব কি উপায়েৰে ? কাৰণ যি ঘটনাটো যৰ মানুহে সংঘটিত কৰিছে তেওঁলোক স্বাধীন সাৰ্বভৌম বাংলাদেশেৰ মূল ভূখণ্ডৰ হ’লেও গাৰাতি ছিটমহল ভাৰতৰ ভূখণ্ড । কি পৰিহাস!

joydeep_bhuhastantar1
দৃশ্য তিনি
———-
২৯ জানুৱাৰী ২০১১ চনত কলিকতাৰ পৰা প্ৰকাশিত বৰ্তমান পত্ৰিকাত খবৰ প্ৰকাশিত হয় যে ‘বাংলাদেশৰ ছিটমহলত উৰিলে ভাৰতৰ জাতীয় পতাকা’। খবৰত কোৱা হয় যে ২৬ জানুৱাৰীৰ প্ৰজাতন্ত্ৰ দি‌ৱসৰ দিনাখন বাংলাদেশৰ পোয়াতুৰকুঠি ছিটমহল ভাৰতৰ জাতীয় পতাকা তোলা হয়। কেৱল সেয়াই নহয় মশালডাঙা, কৰলা, গোবৰা ছড়া, বাকালিৰ ছড়া আদি ভাৰতৰ ভিতৰত থকা বাংলাদেশী ছিটমহল বিলাকত একেদৰেই ভাৰতৰ জাতীয় পতাকা উত্তলোন কৰি প্ৰজাতন্ত্ৰ দি‌ৱস পালন কৰা হয়। সেই ছিটমহল বিলাকৰ বাসিন্দা সকলোৰ মতে, স্বাধীনতাৰ ৬৭ বছৰ পিছতো না ভাৰত না বাংলাদেশে চৰকাৰ- কোনোৱেই ছিটমহল সমস্যাৰ সমাধান কৰা নাই । সেয়ে আমি বেআইনি কাম কৰাৰ বাদে একো উপায় নাই। আমাৰ ল’ৰাছোৱালীক সেয়েই পৰিচয় গোপন কৰি ভাৰতৰ স্কুল- কলেজত পঢ়াবলৈ বাধ্য হৈছোঁ আমি। ভাৰতীয় স্বাস্থ্যকেন্দ্ৰ আমি চিকিৎসা পাবৰ বাবেও আমাক ভু‌ৱা ঠিকনা দিব লাগে। আমি এতিয়া ছিটমহল বিনিময়ৰ মাধ্যমত ভাৰতৰ অংশ হৈ থাকিব বিছাৰো আৰু ভাৰত চৰকাৰক এই বাৰ্তা দিয়াৰ বাবেই আমি ২৬ জানুৱাৰীত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিছোঁ। অসম নহয় পশ্চিমবঙ্গতেই আছে সৰ্বাধিক ছিটমহল আৰু তাৰে বেছিভাগেই মূল ভূখণ্ডৰ পৰা আনকি ৪,৫ কি.মি. লৈ আঁতৰত, সেইবোৰত উন্নয়নৰ উম ঘামেই নাই, আনকি পথ ঘাটো নাই। কোচবিহাৰ জিলাৰ দিনহাটা অঞ্চলত বাংলাদেশৰ ভিতৰত এনে অসংখ্য চিটমহল আছে যাৰ ভূভাগৰ চাৰিওকাষে বাংলাদেশ। সেই অঞ্চলৰ মানুহখিনিৰ আনকি ভোটাধিকাৰো নাই। নাই আন কোনো মৌলিক অধিকাৰ। বাংলাদেশ অংশত থকা ভাৰতীয় ছিটমহল বিলাকতো ১৬ ডিচেম্বৰৰ বিজয় দি‌ৱসত বাংলাদেশৰ পতাকা উত্তোলন কৰা হয়। কোচবিহাৰত সেই ছিটমহলবাসীয়ে বাংলাদেশত চামিলকৰণৰ দা‌ৱীৰে কেবাবাৰো অনশনকে আদি কৰি গণতান্ত্ৰিক আন্দোলন চলাইয়েই আছে। বাংলাদেশৰ ভিতৰত ভাৰতৰ ছিটমহল সমূহত চিকিত্সাৰ কোনো সুব্যৱস্থা নাই, তেওঁলোকো উপায় বিহিনহৈ চিকিত্সাৰ বাবে দ্বাৰস্থ হ’বলগা হয় বাংলাদেশৰ। ছিটমহল বিলাকত পানী বাহিত ৰোগৰ প্রাদুর্ভাৱ খুবেই বেছি। শিশুৰ টিকাকৰণৰ সুযোগ বা সচেতনতা একো‌ৱেই নাই ছিটমহল বিলাকত। নাই নিৰাপদ প্রসৱৰ কোনো ব্যৱস্থা । সেয়ে প্রসৱকালীন মৃত্যুৰ হাৰ সেইবোৰ অঞ্চলত অতি বেছি। নানান ধৰণৰ অপৰাধীৰ আশ্রয় স্থল এই ছিটমহলবোৰ। সেয়েহে তেওঁলোকৰ বেছিভাগেই এতিয়া বাংলাদেশৰ চামিলকৰণৰ সপক্ষে।
এইবোৰৰ বাহিৰেও ছিটমহল বিলাক অপৰাধৰ কেন্দ্ৰস্থল হিচাপে ব্যৱহাৰ কৰাৰ বহু অভিযোগ আছে। আনকি আৰ্থিকভাৱে অত্যন্ত দুৰ্বল হোৱা বাবে উপায়ান্তৰে ভাঙৰ খেতি কৰে অবাধে, কওতা নাই… সীমান্তৰ ছিটমহল বোৰত প্ৰশাসনীয় দুৰ্বলতাৰ বাবে ইয়াৰ বেছিভাগেই নাৰী, শিশু, ড্ৰাগছ সৰবৰাহৰ ৰুট হিচাবে ব্যৱহৃত হৈ আহিছে। এইবোৰত উগ্ৰপন্থী গোট সমূহৰো নিৰাপদ আশ্ৰয়। অসম-পশ্চিমবংগৰ সীমান্তৰ মূল ভূমিৰ পৰা তিনি কিলোমিটাৰ ভিতৰৰ দাশিয়াৰছড়া ছিটমহলটোত ফেন্সিডিল, গাঁজাসহ অন্যান্য মাদক দ্ৰব্যৰ পৰিচিত ট্ৰানজিট হিচাবে ব্যৱহাৰ হৈ আহিছে দীৰ্ঘদিন ধৰি।
১৯৭১চনত ভাৰতৰ সহায়ত পাকিস্তানৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত ১৯৭৪ চনত ইন্দিৰা-মুজিব মাজত ছিটমহল হস্তান্তৰৰ চুক্তি স্বাক্ষৰ হয় যদিও সাংবিধানিক সমস্যা আৰু ৰাজনৈতিকভাৱে আগ্ৰহ নথকাৰ বাবে এই ছিটমহল হস্তান্তৰৰ আজিলৈ এখন চুক্তি হিচাপেই ৰৈ গৈছে। ২বছৰ আগত তদানীন্তন প্ৰধানমন্ত্ৰী ড. মনমোহনৰ বাংলাদেশ ভ্ৰমণ কালত স্বাক্ষৰিত প্ৰটোকলতো নতুনকৈ ছিটমহল বিনিময়ৰ কথা পুনৰ উল্লেখ কৰা হয় যদিও সেই প্ৰটোকলতো ছিটমহল বিনিময়ৰ বিষয়ে নিৰ্দিষ্ট সময় আৰু প্ৰক্ৰিয়াৰ কোনো স্পষ্ট একোৱেই উল্লেখ নাই। দুয়োদেশৰে স্বাধীনতাৰ ইমান দিন পিছতো ছিটমহলবাসীয়ে মানুহ হিচাবে পোৱা নাই কোনো অধিকাৰ… নানানটা আন্দোলনৰ পিছতো দুয়োখন দেশেই ছিটমহলবাসীক কেৱল প্ৰতাৰণাৰ বাহিৰে দিয়া নাই একোকেই । যাৰ বাবেই বৰ্তমান দুইদেশৰ ছিটমহলৰ নাগৰিক সকলোৰ মাজত দেখা দিছে তীব্ৰ ক্ষোভ আৰু হতাশাই। তেওঁলোকৰ আশঙ্কা, তেওঁলোক আকৌ এবাৰ প্ৰতাৰণাৰে চিকাৰ হ’ব ওলাইছে কাৰোবাৰ ৰাজনৈতিক লাভালাভৰ লালসাত, কাৰোবাৰ গাদী দখলৰ অভিলাষত। মানৱতাৰ স্বাৰ্থতে ছিটমহলবাসীৰ আশা পূৰণ হওক কাৰণ জীয়াই থকাৰ অধিকাৰ সকলোৰে আছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments