ভেঁকুৰ: ভাস্কৰজ্যোতি দাস

(গাড়ীখন ষ্টাৰ্ট কৰি দিবাকৰ কিছুদূৰ যোৱাৰ পাচতে হু হুৱাই চাৰিখন বাইক পাৰ হৈ গ’ল । কিছুপৰ আগতে যোৱা কেইখনেই । দিবাকৰে মনতে ভোৰভোৰালে-ইমান পোৱালি-পোৱালি ল’ৰাকেইজনৰ এই ৰাতিখন অতপালি দেখিছা ! কি যে হৈছে কলনিখনত !)

: হ’ল বুলিলেই ইমান দাম কৰিব লাগেনে ? এনেয়েতো আঢ়ৈশ টকাহে । আজি বিহু বুলি একেকোবে পঞ্চাশ টকা বঢ়াই দিলা যে?
উত্তৰত কচাইটোৱে মাংস কাটি থকা গড়ডালত দাখন ঘাপ মাৰি ৰাখি ৰাজীৱক ক’লে-’দাদা, গাঁৱতেই ‘ৰেট’টো ‘হাই’ চলি আছে । তাতে মালো পাবলৈ দিগদাৰ হৈ আছে । বিহুৰ ছিজন যে । উপায় নাই । আপোনালোকে হাদায়েই নি থাকে । জানেই’

ৰাজীৱে বিশটকীয়া নোট এখন উৎপলৰ হাতত দি গোটা জিৰা আনিবলৈ কৈ পুনৰ কচাইটোক ক’লে-’তহঁতৰ এইকেইদিন ৰমৰমীয়া চলি আছে । কালি-পৰহি নিউ য়েৰ বুলি বুলি ভাল এচাটেই মাৰিলি । এতিয়াতো কথাই নাই।’ কচাইটোৱে ওলমাই থোৱা চাগলীৰ লিভাৰটুকুৰাৰ ওচৰৰ পৰা এটুকুৰা মাংস কাটি কিবাকিবি ভোৰভৰালে যদিও ৰাজীৱে তাৰ কথা নুশুনি দুই কিলো দিবলৈ কোৱাৰ লগতে লিভাৰ দুটুকুৰামান লগাই দিবলৈ ক’লে । ৰাজীৱহঁতৰ মাঘবিহুৰ ভোজ এইবাৰো সচৰাচৰ হোৱাৰ দৰে কলনিৰ ক্লাবঘৰৰ ফিল্ডত, ৰাজীৱহঁতৰ কোৱাৰ্টাৰৰ সমীপত । সি, সমুদ্ৰ, উৎপল, সঞ্জীৱ, দিবাকৰ আৰু উদিতে বিভিন্ন প্ৰান্তৰ পৰা আহি মাঘবিহুত একেলগে কলনিতে এসাঁজ খায় । এই অভ্যাসটো সিহঁতৰ স্কুলত পঢ়ি থকা দিনৰ পৰা আছে । তেতিয়া কলনিখনৰ সমূহীয়া ভোজৰ কিছুদূৰতে সিহঁতে ভোজ খায় । কিন্তু এতিয়ালৈ কলনিখনৰ সেই ভোগালীৰ ভোগ লোৱাৰ মাদকতা আৱাসীসকলৰ নাই । সিহঁতে কিন্তু এৰাত নাই । এইবাৰলৈ পোন্ধৰ বছৰত ভৰি থলে সিহঁতৰ মাঘবিহুৰ বিশেষ ভোজে । উৎপল এতিয়া ডিব্ৰুগড়ত থাকে আৰু ৰাজীৱক বাদ দি বাকী কেওজনে অসমৰ বাহিৰত । আটাইৰে বয়স এতিয়া ৩১ কি ৩২ বছৰ । সমুদ্ৰ, ৰাজীৱ আৰু উৎপলে এতিয়াও বৰলাৰ জীৱনটোকে খামুচি ধৰি আছে । ৰাজীৱক বাদ দি আন কাৰো পৰিয়াল কলনিৰ আৱাসী নহয় ।

——
সময় তেতিয়া নিশা দহ বাজিছে । ৰাজীৱে নতুন আৱাসী ব্ৰজেন শইকীয়াৰ ফুলনিখনৰ সৰু জেওৰাৰ পৰা এটুকুৰা আনি জুইকুৰাৰ ওপৰত জাপি দিলেহি । এনেতে দিবাকৰৰ পত্নীৰ ফ’ন আহিল-’হেল্ল’, আৰু কিমান দেৰি হ’ব আপোনাৰ ?’ উত্তৰত দিবাকৰে কিছু পলম হ’ব বুলি কৈ ফোনটো কাটি ক’বলৈ ধৰিলে-’কেতিয়াবা মোৰ তহঁতৰ লাইফটোকে ভাল যেন লাগে । এয়া দেখিলিয়েই নহয় । শ্ব’কজ নটিচ আহিলেই । বিহুৰ দিনা কমচে কম অলপ ফ্ৰিডমটো দিব লাগে’ ।

এনেতে উদিতে টেনশ্যন ভগাওৰ ফুল বটল এটা গাড়ীৰ পৰা উলিয়াই আনিলে আৰু ক’লে- ‘ন’ টেনশ্যন দোষ্টি, লাল পিঅ’ টেনশ্যন ভগাও।’ উত্তৰত দিবাকৰে ক’লে-‘আৰে উদিত, তইতো নাখাইছিলি । যোৱাবাৰো নাই খোৱা । কেতিয়াৰ পৰা ষ্টাৰ্ট দিলি । ‘আজি ষ্টাৰ্ট দিমহে’- উদিতে ক’লে । আটাইকেইজনে হাঁহিলে আৰু বিহুৰ সুৰত গাবলৈ ধৰিলে-‘অ’ উদিত কাইটি তিৰিশ তিৰিশ…।’ উদিতে সেইফালে মন নকৰি ছটা ডিছপজেবল গ্লাছত অলপ অলপকৈ বাকি দিলে ।

——
সময় তেতিয়া নিশা বাৰ বাজিছে । ওচৰৰ কোনো কোৱাৰ্টাৰৰে জেওৰা, জপনাৰ কোনো সঁচ নাই । আটাইকেইটা পাতল নিচাত । উদিতে প্ৰথমবাৰৰ বাবে খাইছে কাৰণে অলপ বেবাইছে । ‘এয়াইটো লাইফ দোষ্টি । চাকৰি নাপালে কিডালনো হ’ব । একো নাই । অহাবাৰলৈ চাই থাক । মোৰ ইন্টিগ্ৰেটেড ফাৰ্মৰ মাছ-মাংসৰে তহঁতক বিহু খুৱাম।’ কিবা এটা ক্ষোভে ধৰা দিলে তাৰ চকুত ।

এনেতে দুখনমান তীব্ৰবেগী বাইক হু হুৱাই পাৰ হৈ গ’ল আৰু দুখনমানে তাতোকৈ বেগত গৈ প্ৰথম দুখনক অতিক্ৰম কৰিলে । দূৰৰ পৰা ৰাতিৰ নিৰ্জনতা ভাঙি উৰি আহিল কিছুমান অভব্য উকি । উদিতে চিঞৰি কৈ গ’ল—‘পাছৰ দুখন নতুন স্বৰ্গৰথ যেন পাওঁ । ঠিক আছে । মেট্ৰিক পাছ কৰাৰ কণ্ডিচন হ’ল এখন হেভী বাইক । ঠিকেই আছে । এয়াই জামানা । বাপেৰহঁতৰ পইচাবোৰ উৰুৱাই থাক । সময়ত গম পাবি চাল্লা নৰাধমহঁত । আমি বাপুৰ স্কুটাৰখনো চলাই নাপালো ক’লেজৰ দিনত । দিলেহে চলাম।’

দিবাকৰে উদিতক চিঞৰিবলৈ হাক দি ৰাজীৱক ক’লে—ৰাজীৱ, মই যাওঁ নেকি? বাৰ বাজিলেই । সমুদ্ৰই মাংসৰ কেৰাহিত হেতাখন ঘূৰাই থকাৰপৰা উত্তৰ দিলে- ‘আৰু দুই মিনিট । ঘৰত বাৰু খাবি । ইয়াতে নিয়ম অলপ কৰি যা’ এইবুলি প্লেট এখনত এক হেতা ভাত আৰু সমানে ছাগলিৰ মাংসৰ জোল বাঢ়ি সি দিবাকৰৰ ফালে আগবঢ়াই দিলে । দিবাকৰে সকলোৱে একেলগে খোৱাৰ কথা ক’লে । কিছূসময়ৰ পাচতে দিবাকৰে কিছু আঁতৰত কাৰোবাক সিহঁতৰ ফালে আহি থকা দেখিলে । অলপ পৰ ৰৈ সি দেখা পালে যে সেইজনী এজনী পাগলী ।

‘ৰাজীৱ, এইজনী আকৌ ক’ৰপৰা ওলালহি । আগতে কলনিতটো এইজনীক দেখা নাই?’ উত্তৰত ৰাজীৱে ক’লে –‘বেচেৰীলৈ বেয়াই লাগে । এইজনী ময়ুৰাক্ষি আকৌ । কে ভিত আমাতকৈ দুটা বেটছ জুনিয়ৰ আছিল । তই চাগে’ পাহৰিলি । মাক-দেউতাক যে ৰজাবাৰীৰ এক্সিডেন্টত ঢুকাইছিল । মাহীয়েকে তাইক লৈ গৈছিল । কিন্তু পাগলী হোৱা বাবে থৈ গ’ল হ’বলা । আজি কেইদিনমানৰ পৰা তাইক ইয়াতে দেখি আছো । হয়তো তাইৰ পুৰণা কথাবোৰ, পুৰণা ঠাইবোৰ, পুৰণা মানুহবোৰ, মানুহবোৰৰ মৰমবোৰ মনত পৰিছে।’—এইবুলি ৰাজীৱে দিবাকৰলৈ বাঢ়ি থোৱা প্লেটখন জুইকুৰাৰ ওচৰতে থৈ তাইক মাতিলে । প্ৰথমে তাই অমান্তিৰ সুৰত মূৰটো সোৱে-বাঁৱে জোকাৰিলে যদিও পাচত লাহেকৈ আহি বহিল । দূৰত কেৰ…ৰ…ৰেককৈ শব্দ এটা শুনি ৰাজীৱে চিঞৰিবলৈ ধৰিলে –কোন অ’ সেইটো ?’ উত্তৰত সিফালৰ পৰা উৎপলে ক’লে।’—হেৰৌ মইহে । আগতে এই কোৱাৰ্টাৰতে ভূষণ দত্ত বুঢ়া আছিল নহয় । বৰ জ্বলাইছিল বুঢ়াই সেই চাৰিবেটেৰীয়া টৰ্চটো লৈ । আজি কাপোৰ মেলা দাঙডালো এৰাত নাই বাপ্পেকে’ বুলি ৰাজীৱে পুনৰ কৈ গ’ল-“হেৰৌ ভূষণ দত্ত মৰি ভূত হোৱা চাৰিবছৰমানেই হ’ল । যোৱাবাৰ কৈছিলো নহয় । পাহৰিলি হ’বলা । হেৰৌ, এইটো কোৱাৰ্টাৰত নতুন মানুহ আহিলে এতিয়া।’

অলপ সময়ৰ পাচতে উৎপলে কাপোৰ মেলা দাং এডাল আনি নুমাবলৈ ধৰা জুইকুৰাৰ ওপৰত দুটুকুৰা কৰি জাপি দিলেহি । দাউ দাউকৈ জ্বলি উঠা জুইৰ পোহৰত পাগলীজনীৰ চেহেৰাটো জিলিকি উঠিল । দিবাকৰে হাজাৰবাৰ মনত পেলাবলৈ চেষ্টা কৰিলে যদিও তাইক মনত পেলাব নোৱাৰিলে । এইহেন জাৰত তাইৰ লজ্জা নিবাৰণৰ বাবেই হওক বা প্ৰাণ বচাবলৈ হওক তাইৰ গাত এফাল বেনাৰ আছে য’ত লিখা আছে ‘হেপ্পী নিউ ইয়েৰ ফ্ৰম অফিচাৰছ এছ’চিয়েচন’ চিনি নাপালে যদিও তাইৰ বৰ্তমানক লৈ দিবাকৰৰ মন কিছু থান-বান হৈ গ’ল । খাই বৈ পাগলীজনীও কিবাকিবি ভোৰভোৰাই তাৰ পৰা আঁতৰি গ’ল । কিছুপৰৰ পাচতে আটাইকেইজনে লগ হৈ ভোজ খালে আৰু ঘৰাঘৰি গ’ল । উৎপল ডিব্ৰুগড়ৰ পৰা আহিছে বাবে আজি ৰাজীৱহঁতৰ কোৱাৰ্টাৰতে থাকিব ।

গাড়ীখন ষ্টাৰ্ট কৰি দিবাকৰ কিছুদূৰ যোৱাৰ পাচতে হু হুৱাই চাৰিখন বাইক পাৰ হৈ গ’ল । কিছুপৰ আগতে যোৱা কেইখনেই । দিবাকৰে মনতে ভোৰভোৰালে-ইমান পোৱালি-পোৱালি ল’ৰাকেইজনৰ এই ৰাতিখন অতপালি দেখিছা ! কি যে হৈছে কলনিখনত ! কিছুপৰ পাচতে ঘৰ পাই পত্নীৰ পাতলিয়া গালি আৰু ভোজ খাই দিবাকৰ শুই পৰিল ।

——
‘হেৰি, উঠক আকৌ । মেজি জ্বলাবলৈ বুলি মা-দেউতাই কেতিয়াবাই গা-পা ধুই উঠি সাজু হৈ আছে।’ পত্নীৰ কথাষাৰত সাৰ পাই উঠি সি গা পা ধুই মেজি জ্বলাই মাহ-চাউল অলপমান মুখত লৈ টি ভিটোৰ আগত বহি অসমত ভোগালীৰ আয়োজন ক’ত কি চলি আছে জানিবলৈ থলুৱা নিউজ চেনেল এটা খুলিলে । চৌদিশে ভোগালীৰ আয়োজন । শীতকালৰ জাৰে মানুহবোৰৰ উল্লাস-আনন্দ কমাব পৰা নাই । ডাঙৰ ডাঙৰ মেজি কিছুমানৰ ওচৰে-পাঁজৰে ব্যস্ত হৈ আছে সাধাৰণ লোক আৰু সমানে ব্যস্ত নিউজ চেনেলৰ কেমেৰা । মনটো ভাল লাগি গৈ আছে তাৰ । মাটিৰ গেন্ধ থকা ৰং-ৰহইচ চৌদিশে । এনেতে দিবাকৰৰ মাকে মাত দিলে-‘দিপু, চুঙা চাউলৰ জলপাণটো বাঢ়িলো । দেউতাৰাই বহি আছে । আহ আহ । টি ভি পাছতো চাবি । দিবাকৰ উঠি গৈ ডাইনিং টেবুলত বহিল । চুঙাত দিয়া বৰাচাউল, আঠালেটীয়া দৈৰে সৈতে জলপাণৰ বাতিটোৱে যেন তাকেই মাতি আছে। গোগ্ৰাসে জলপাণ খাই উঠি সি মাকক ক’লে-‘মা, চুঙাচাউল আছে নেকি ? মাকে উত্তৰত ক’লে-নাই । শেষ হৈ গ’ল । ৰাতিপুৱাই এসোপামান বৰাচাউল খোৱাৰ দৰকাৰো নাই । নহ’লে দিনৰ দিনটো পেট গুৰগুৰাই থাকিব ।পিঠা আছে নহয় টেবুলত । তাকে খাই ল’ ।

কৰিবলৈ একো নাই । ঘৰৰ সকলো ব্যস্ত । সি পুনৰ টি ভিৰ আগতে বহিল । ম’হৰ গাখীৰৰ চাহকাপ আৰু গৰম গৰম কাঠআলুৰ ভাজিৰে পত্নী কোঠাটোলৈ সোমাই আহিল আৰু সমুখৰ টেবুলখনত থৈ দিবাকৰক খাবলৈ কৈ ওলাই গ’ল । কালি সঞ্জীৱে তাক কৈছিল বানমুখৰ ৫০ ফুট ওখ মেজি চাবলৈ যোৱাৰ কথা । এই ঠাণ্ডাত তালৈ যোৱাৰ ইচ্ছা নগ’ল দিবাকৰৰ । সেয়ে টি ভিত চোৱাৰ আশা পালি সি বহি আছে ।

——
টি ভিৰ পৰ্দাত এজন ৰিপ’ৰ্টাৰে বানমুখৰ সেই বিশাল জনসমাগমৰ মাজে মাজে গৈ এপৰত এগৰাকী বৃদ্ধাক সুধিলে- ‘আইতা, বানমুখত আজি এক অভিলেখ হ’ব । ৫০ ফুট ওখ মেজি জ্বলিব । কেনে ভাব হৈছে?’ উত্তৰত বৃদ্ধাগৰাকীয়ে কৈ গ’ল নিজৰ সময়ৰ কথা, বাৰহাত দীঘল বৰালি মাছৰ কথা । তেওঁৰ এটাই ইচ্ছা যে এই মেজিৰ জুইয়ে সমাজৰ অসূয়া, অমংগ’ল আঁতৰ কৰক । উচ-নিচ একাকাৰ হওক ।

এনেতে টি ভিৰ পৰ্দাত এটা ব্ৰেকিং নিউজ লিখিত ৰূপত ঘূৰিবলৈ ধৰিলে । ‘মাঘবিহুৰ উৰুকাত অঘটন কল’নিৰ বাহিৰত যুৱতীৰ মৃতদেহ উদ্ধাৰ, ধৰ্ষণ কৰি হত্যা কৰাৰ আশংকা পুলিচৰ, এজন সোতৰ বছৰীয়া ছাত্ৰক আটক’ ।

দিবাকৰৰ চকুকেইটা ডাঙৰ হৈ আহিল, কিয়নো মৃতদেহটো এফাল বেনাৰেৰে ঢাকি থোৱা দেখা গৈছিল য’ত লিখা আছিল ‘হেপ্পী নিউ ইয়েৰ ফ্ৰম অফিচাৰছ এছ’চিয়েচন’। অভাৱনীয় খং আৰু ঘৃণাই তাক হেঁচি ধৰিলে ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক