ভেকোঁভাওনাৰ আহ্বায়ক, শিক্ষাজগতৰ উঁই পৰুৱাবোৰ আৰু উচ্চশিক্ষা (পংকজ জ্যোতি মহন্ত)

ভেকোঁভাওনাৰ আহ্বায়ক, শিক্ষাজগতৰ উঁই পৰুৱাবোৰ আৰু উচ্চশিক্ষা

পংকজ জ্যোতি মহন্ত

গৱেষণা কৰিবৰ বাবে ‘গাইড’ৰ লগত আগতীয়াকৈ কথা পাতিব লাগে বুলি কথা এটা প্ৰচলন হৈ থাকে। কি কি কাম কেনেদৰে কৰাৰ পৰিকল্পনা আছে সেইসমূহ জনাবলৈ ইয়াৰ প্ৰয়োজন থাকিব পাৰে, কিন্তু কোনো কোনো গাইডৰ লগত ইণ্টাৰভিউ বা প্ৰৱেশ পৰীক্ষাটো হোৱাৰ আগত কথা পাতি নল’লে যিমান তীক্ষ্ণধী ছাত্ৰ বা ছাত্ৰী নহওক লাগে তেওঁ গৱেষণা কৰাৰ সুবিধা নাপায় ; অৱশ্যে অতিশয় তীক্ষ্ণধী কোনো ছাত্ৰক নিজৰ গৱেষক-ছাত্ৰৰূপে ল’বলৈ দুই-তিনিজন গাইডৰ মাজত কাজিয়া লগাৰো উদাহৰণ আছে ; তেনে ছাত্ৰৰ কথা সুকীয়া। তেওঁলোকে সমগ্ৰ ভাৰতৰ প্ৰেক্ষাপটত বুলিয়েই নহয় বিশ্ব-মানদণ্ডৰো দুই-এক গৱেষণা-কেন্দ্ৰত অনায়াসে প্ৰৱেশ কৰিব পাৰিব পাৰে। কথা হ’ল— আগতীয়াকৈ কথা পাতি নল’লে নোহোৱা গাইডৰ সংখ্যাই আমাৰ বিশ্ববিদ্যালয়কেইখনত বেছি যেন লাগিছে। এইক্ষেত্ৰত বহুতো চাক্ষুস অভিজ্ঞতা আছে, সকলোখিনি এতিয়া প্ৰকাশ নকৰো, কাৰণ ভৱিষ্যতে বহলভাৱে বিশেষ ধৰণে এইবোৰ বৰ্ণনা কৰাৰ পৰিকল্পনা আছে আৰু এতিয়াও বা পিছতো মই এইবোৰৰ কাৰোৱে নাম প্ৰকাশ নকৰোঁ, কাৰণ ব্যৱস্থাবোৰ সলনি নকৰিলে সাত-আঠজনৰ নাম প্ৰকাশে (যিবোৰ নাম প্ৰায় চবেই জানে) একো পৰিৱৰ্তন আনিব নোৱাৰে আৰু ব্যৱস্থাবোৰৰ পৰিৱৰ্তন কৰিলে সেইসকলে নিজেও নিজৰ দক্ষতা বৃদ্ধিৰ যত্ন ল’ব, আনহাতে নাম প্ৰকাশ কৰিলেও তেওঁলোকক কোনেও একো কৰিব নোৱাৰে (তেনে ব্যৱস্থাই নাই)। সামান্যও অত্যুক্তি নকৰাকৈ এনেদৰে ক’ব পাৰোঁ যে— কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে ইণ্টাৰভিউ (বা প্ৰৱেশ পৰীক্ষা) দিয়াৰ আগদিনাই বন্ধু-বান্ধৱক পাৰ্টিলৈ বুলি নিমন্ত্ৰণ জনাইছিল। তেওঁলোকে আচলতে পৰীক্ষাটো দিয়াৰ আগদিনাই পাৰ্টিটো দিব পাৰিলেহেঁতেন, কিন্তু কাণ্ডটো দেখিবলৈ অতি বেয়া হ’ব বুলিহে লগৰবোৰে জোৰ কৰাৰ পাছতো সেইদিনাই পাৰ্টিটো নিদিয়াকৈ আছিল। এই কথাটো— “কাইলৈ পাৰ্টি দিব পৰা ভাল খবৰ এটা ওলাব পাৰে” —সেইধৰণৰ কথা নাছিল। আছিল এনেধৰণৰ কথা—
ধৰক, পৰীক্ষাটোত বহা চল্লিছজনৰ মাজৰ বিছজনৰ পোৱাৰ বা ভৱিষ্যতে অধিক গভীৰ অধ্যয়ন কৰাৰ যোগ্যতাখিনি আছে আৰু সেই চল্লিছজনৰ মাজৰ পৰা এজন বাছি উলিওৱা হ’ব। তাৰে পাঁচজন বন্ধু-বান্ধৱ বা অগ্ৰজ-অনুজ পৰস্পৰৰ ‘শুভাকাংক্ষী’। সেই পাঁচজনৰ প্ৰতিজনেই পৰীক্ষাটোত উত্তীৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে আৰু তেওঁলোক পাঁচোজনেই মোৰ চিনাকী। ইয়াৰ প্ৰতিজনেই গাইডজনৰ লগত আগৰে পৰা চিনাকী আৰু প্ৰতিজনেই তেওঁৰ লগত ইতিমধ্যে কথা পাতিছে। তেন্তে, পাৰ্টিটো আগদিনাই যোগাৰ কৰিব কোনজনে? মই দেখা পোৱা ঘটনাকেইটাত সেইজনেই নিশ্চিন্ত মনে পাৰ্টিটো আগদিনাৰ পৰাই আয়োজন কৰে যিজনক গাইডজনে দহটামান বিশেষ পৃষ্ঠা জেৰক্স কৰি দুদিন আগতে দি পঠাইছে !

তলৰ মোৰ বক্তব্যটোত প্ৰয়োজন হ’ব কাৰণে আৰু এটা কথা অতি চমুকৈ কৈ লওঁ— বৃদ্ধ গাইড এজনে প্ৰেমৰ প্ৰস্তাৱ দিয়া গৱেষক-ছাত্ৰীজনীক “ৰূমত আজি এনেই থাকিব নালাগে ইয়াতে অধ্যয়ন কৰাহি” বুলি দেওবাৰৰ দিনা অধ্যয়ন কৰিবলৈ ‘ডিপাৰ্টমেণ্ট’লৈ মাতিলে। গাইডজন ‘অত্যন্ত সংবেদনশীল, অনুভূতিপ্ৰৱণ আৰু বহুত আৱেগিক’। তেওঁ নিশ্চয় সম্পৰ্কটো শাৰীৰিক পৰ্যায়লৈ নিনিয়ে, কিন্তু গোটেই কথাটো এজনী সুস্থ গাভৰু ছোৱালীৰ বাবে অতি প্ৰত্যাহ্বানজনক। যদিও তায়ো ওপৰত উল্লেখ কৰাৰ ধৰণেই গৱেষকৰূপে প্ৰৱেশ কৰিছিল, আন উচ্চ-শিক্ষা প্ৰতিষ্ঠানলৈ সহজেই যাব পৰা যোগ্যতা তাইৰ আছিল, কিন্তু তাই মোক কোৱা অনুসৰি- “ছাৰতো অত্যন্ত আৱেগিক মানুহ, সেয়ে মই ভাবিছো মই আঁতৰি নাযাওঁ। তেনে এজন মানুহে নিজৰ প্ৰেয়সীক সকলো বস্তু দি দিব পাৰে। ……। সেইখিনিয়ে মোৰ ভৱিষ্যতৰ কেৰিয়াৰৰ বাবে চব দি দিব। মোৰতো তেতিয়া কোনো প্ৰতিদ্বন্দী ওলাব নোৱাৰিব।” তথাপি সেইদিনা অলপ ভয় কৰি তাই গাইডজনৰে গৱেষক-ছাত্ৰজনক ( তেৱোঁ ঠিক ওপৰত উল্লেখ কৰা ধৰণেই কাম আৰম্ভ কৰিছিল) লগত লৈ গ’ল। ছাত্ৰজনক দেখিয়েই গাইডজনে ল’লে ৰণচণ্ডী মূৰ্তি। বিছ-পছিশ বছৰ বিশ্ববিদ্যালয়ত শিক্ষকতা কৰা, বিছ-পছিশখন গৱেষণা-পত্ৰ লিখা, চাৰি-পাঁচজন ছাত্ৰক তেওঁৰ অধীনত ডক্টৰেট ডিগ্ৰী দিয়া গাইড এজনে এটা সাধাৰণ স্নাতকোত্তৰ বা সৰু ডিগ্ৰী এটা লৈ উঠা ছাত্ৰ এজনক নানা প্ৰশ্নৰে ব্যতিব্যস্ত কৰি অজ্ঞানী বুলি প্ৰতিপন্ন কৰি হতাশাৰ অতল গহ্বৰলৈ ঠেলি দিব পৰাতো নিশ্চয় তেনেই সাধাৰণ কাম। সেই গৱেষণা ছাত্ৰজনৰ আৰু কৰা নহ’ল। আই.আই.টি.ৰ দৰে প্ৰতিষ্ঠানত গৱেষক-ছাত্ৰ হোৱাৰ যোগ্যতা হয়তো তেওঁৰ নাই আৰু আগৰ দৰে আগতীয়াকৈ কথা পাতি গাইড ঠিক কৰাৰ ইচ্ছাও হয়তো নাইকীয়া হ’ল, তথাপি অসমৰে কোনো এখন বিশ্ববিদ্যালয়তে পুনৰ কাম আৰম্ভ কৰাৰ কথা তেওঁ হয়তো মাজে মাজে ভাবে ( এই ধাৰণাটো প্ৰবন্ধটোৰ তলৰ পিনে আপোনাৰো আহিব )।এই ধৰণৰ কাণ্ডবোৰত মোৰ অৱস্থাটো কেনেকুৱা হয় ? যদিও প্ৰসংগটো বেলেগ, কবি কেশৱ মহন্তৰ মোৰ এটি প্ৰিয় কবিতা পঢ়ি চাওক।

(কবিতাটো আবৃত্তি শুনি টাইপ কৰা, গতিকে গঠনটোত দুই-এটা ভুল থাকিব  পাৰে।)

:গিৰিহঁত:
মোৰ নাঙলৰ ফাল চটা

মোৰ চোকা ফাল চটা
কোনোবাই সোলোকাই লৈ গ’ল

মোৰ ওঠৰ বছৰীয়া ল’ৰাটো

ভালেদিন ঘৰত নাই

বাৰিষা শেষ হওঁ হওঁ

ৰাতি প্ৰায় দোভাগ

ল’ৰাটো হঠাৎ ওলাইছেহি

আহিয়েই চিঞৰ মাৰি সুধিলে-

শুই আছ পিতাই?

মই উচপ খাই উঠিলো

কি কৰিবি বোপাই… নাঙলৰ ফালেই নাই

কোনে যে লৈ গ’ল

সি বুকুত চাপৰ এটা মাৰি

ক’লে-ময়েই নিছিলোঁ

মোৰ টিঙিছ কৰি উঠিল খংটো..

ক’লো-তই ?

তই !

তই ?

সি বুকুত চাপৰ মাৰি

ক’লে-অঁ.. মই

মই নি তাৰে

এতিয়াও খেতি কৰিবলৈ গোপনে কৈ ফুৰা অন্ধলামখাক

হানি হানি মাৰিলো

মই চকুহাল মুদি দিলো

আৰু ক’লো-ভালেই কৰিলি

এতিয়া শো।

অলেখ কথা। দীঘলীয়া নকৰোঁ। স্নাতকোত্তৰ ডিগ্ৰি লৈ ঘৰলৈ উভটিবলৈ লোৱাৰ সময়ত গৱেষণা কৰি থকা আৰু ইতিমধ্যে গৱেষণা কৰিবলৈ আৰম্ভ কৰা শুভাকাংক্ষীসকলে বাৰে বাৰে সঁকিয়াই দিলে- “গাইডৰ লগত এতিয়াই একেবাৰে কথা পাতি যাবা”। আন বিভাগৰো কেইজনমানে ক’লে- “পংকজ, তোমালোকৰ ডিপাৰ্টমেণ্টৰ কথা কি নাজানো, আমাৰ ডিপাৰ্টমেণ্টত কিন্তু কথা পাতি নল’লে নাপায়। চব ডিপাৰ্টমেণ্টৰে একেই হ’ব। ময়ো কথা নপতা হ’লে নাপালোহেঁতেন। তুমি একেবাৰে কথা পাতি যাবা কিন্তু। পিছত আকৌ আহি কথা পাতিলে দেৰি হৈ যাব…।”  …………. এইবোৰ নথকা বাহিৰৰ প্ৰতিষ্ঠানলৈ, আনকি অসমৰ বাহিৰলৈ যাব পৰাকৈ মোৰ সুবিধা নহ’ব আৰু সিমান যোগ্যতাও নাই। কিন্তু এটা স্তৰলৈকে গৱেষণা কৰিব পৰাৰ যোগ্যতা মোৰ নিশ্চয় আছে বুলি মোক লগ পোৱা বন্ধু-অগ্ৰজ-শিক্ষকসকলে হয়তো ভাৱে আৰু মোৰ নিজৰো বিশ্বাস আৰু ইচ্ছা আছে। গতিকে মই অসমতে নিৰৱে মোৰ অনুৰাগ থকা ভাগটোত আগতীয়াকৈ কথা নাপাতিলেও হোৱা গাইড আছে নেকি তাৰ সন্ধান কৰিলোঁ। এজন অগ্ৰজৰ মুখত শুনিলোঁ— “আমাৰ ইউনিভাৰ্চিটিত সেইবোৰ নাই। অমুক অমুকত আছে, তইতো জানই। ইয়াত পৰীক্ষা দে। পৰীক্ষা ভাল হ’লে পাবিয়েই আৰু নাপালে নাই ।” ভাবিলো বহুত ভাল কথা, মনটো ভাল লাগিল। যদিও সেইটোও ভেকোঁভাওনাই হ’ব বুলি সন্দেহ কৰিবলগীয়া বহুখিনি কথাই আছে, তথাপি বিশ্ববিদ্যালয়খনে নতুনকৈ এক সঠিক পৰীক্ষা-ব্যৱস্থা প্ৰচলন কৰিবলৈ ওলাবও পাৰে বুলি আশা এটা কৰি আগবঢ়িলো। এদিন সেই ওপৰত উল্লেখ কৰা ল’ৰাজনক লগ পাওঁতে ক’লে— “তাতো একেই। ময়ো দিম বুলি ভাবিছিলোঁ। দিওঁ নে নিদিওঁ জানো এতিয়া। পৰীক্ষাত পাছ কৰাৰ পাছতো ৰাখি থৈ দিয়ে। মোৰ লগৰে অমুক ডিপাৰ্টমেণ্টৰ এটাই গোটেই পেপাৰখনেই আগতেই পাই গৈছে।” তথাপি আশা এটা ৰাখি পৰীক্ষা দিবলৈ গ’লো। হোষ্টেলত এটাত আছোগৈ। পৰীক্ষা দিবলৈ যোৱা আন আন দুই-এককো লগ পাইছোঁ, কিছু কথা-বতৰা, হাঁহি…। তাতে গৱেষণা কৰি থকা মোৰ একে বিষয়ৰ চিনাকী দুজনমানে ক’লে— “ইয়াত বুঢ়া বুঢ়া কেইটামান প্ৰফেচৰ আছে, প্ৰশ্ন-কাকত সেইকেইটাই কাটিব। NET ৰ নিচিনা এখন ষ্টেন্ডাৰ্ড প্ৰশ্ন-কাকত নাপাৱ। সেইকেইটাই ‘pure’ ( pure mathematics ) নাজানেই, এপ্লাইডৰ প্ৰশ্ন এসোপা দিব, মুখস্থ নাথাকিলে লিখিব নোৱাৰ, তোৰ ফিজিক্সৰ পৰীক্ষা দি থকা নিচিনা লাগিব।”  সন্ধিয়ালৈ এজনে আকৌ ফোন কৰি আহি সিহঁতৰ ওচৰ ওলালহি— সিহঁতে তাক অলপ শিকাই দিব লাগে। দহটামান সমস্যা, চাৰিটামান টপিক কাগজ এখিলাত লিখি সি ওলালহি। কোনকেইখন কিতাপত কৰি দিয়া আছে তাকে চিন দি দিব লাগে, সি ৰাতি পঢ়িবগৈ। পৰীক্ষাৰ আগদিনা পঢ়িবলৈ কিতাপ বিচাৰি ফুৰা ল’ৰাৰ প্ৰতিনো কাৰ ভাল ভাব আহে? যি কি নহওঁক, পিছদিনা পৰীক্ষা দিবলৈ গ’লো। প্ৰথম খণ্ডত ত্ৰিশটা প্ৰশ্ন, এক নম্বৰকৈ ত্ৰিশ নম্বৰ, ত্ৰিশ মিনিট General Aptitude Test. মোৰ বাবে Syllabus হ’ল CSIR-NET ৰ Syllabus. কিন্তু CSIR-NET ৰ Syllabus ছমাহৰ আগতেই সলনি হ’ল, বিশ্ববিদ্যালখনৰ পৰীক্ষাটোৰ জাননী দিয়াৰ আগতেই, প্ৰশ্ন আহিছে পুৰণা Syllabus অনুসৰি। সেইটোত কোনো কথা নাই বাৰু। দ্বিতীয় খণ্ডত সাতটা প্ৰশ্নৰ উত্তৰ কৰিব লাগে, দহ নম্বৰকৈ সত্তৰ নম্বৰ, মুঠ চৌদ্ধটা প্ৰশ্ন আছে। মই pure ভাল পাওঁ বাবে তেনে প্ৰশ্ন আছেনে ওপৰে ওপৰে চাই গ’লো, দেখিলো চাৰিটাহে আছে, তাৰে এটা ইমানেই সহজ যে ডক্টৰেট ডিগ্ৰীৰ বাবে প্ৰৱেশ-পৰীক্ষাটোত নালাগে চেমিষ্টাৰ পৰীক্ষাতো সেইটোত দহ নম্বৰ দিব নালাগে। আৰু দুটা ধুনীয়াকৈ পাৰিম আৰু আনটোত theorem দুটা প্ৰমাণ কৰিবলৈ দিছে, সেইটো নোৱাৰো। বাকীখিনি চাবলৈ লৈ এটা দেখিয়েই চক খাই গ’লো— আগদিনা ল’ৰাটোৱে লৈ যোৱা এটা প্ৰশ্নৰ সৈতে সম্পূৰ্ণ একে, ভাবিলোঁ- ল’ৰাটো ইমান ভাগ্যবান ! কিন্তু বাকীবোৰ চাই যোৱাৰ লগে লগে দেখিলো ল’ৰাটোৱে আগদিনা লৈ যোৱা প্ৰশ্নই কেইটাই আছে !!! ধৈৰ্য ধৰি পৰাখিনি লিখি ওলাই আহিলো। বাহিৰতে চিনাকী ইজন-সিজনক লগ পাই পৰীক্ষাৰ খবৰৰ লগতে বিভিন্ন কথা পাতিলো। মনলৈ ভাব আহি থাকিল— প্ৰশ্নসমূহৰ কথা, ষাঠি-সত্তৰজনৰ মাজৰ পোন্ধৰজনমান হয়তো উত্তীৰ্ণ হ’ব, মাথোঁ দুজন-তিনিজনক ল’বলৈহে গাইড আছে, গাইডে আটাইতকৈ বেছি পোৱাজনকে ল’ব, আটাইতকৈ বেছি কোনে পাব !! বাকীবোৰ গ’লগৈ। মই থকা হোষ্টেলটোৰ ল’ৰা এজনলৈ ৰৈ থাকোঁতে সেই ল’ৰাটো ওলাই আহিল, কথা পাতিলো, কেনেকুৱা হ’ল সুধিলো, সি দ্বিতীয় খণ্ডত ৫৫ মান পাব। শেষত ক’লো— “অ’, কালি আপুনি নিয়া প্ৰশ্নকেইটাই আহিল দেখোন।” সি ক’লে— “এ কিনো ক’বা, মোৰ গাইডেই প্ৰশ্ন কাটিছিল। যাওঁ দিয়া, তুমি তালৈ ৰ’বা চাগে।”

স্নাতক দ্বিতীয় বাৰ্ষিকত মেজৰৰ তিনিওখন কাকততে মই ভবা মতে নম্বৰ অহা নাছিল। মই পঢ়া মহাবিদ্যালয়খন যিখন বিশ্ববিদ্যালয়ৰ অধীনৰ সেইখনৰ নিয়ম মতে (আন বিশ্ববিদ্যালয়ৰ এই নিয়ম সম্পৰ্কে বিচাৰি চোৱা নাই) পুনৰ্নিৰীক্ষণ কৰিব পাৰি অতি বেছি দুখন কাকতত। দুখন কাকত পুনৰ্নিৰীক্ষণ কৰোঁতেই মোৰ নম্বৰ বাঢ়িছিল ১৫, মানে ৫% । এতিয়াও দেখোঁ- ৰিজাল্ট দিয়াৰ পাছত মহাবিদ্যালয়বোৰত পুনৰ্নিৰীক্ষণৰ কামত ছাত্ৰ-ছাত্ৰী লানি লাগে। এইবোৰৰ পৰাও বিশ্ববিদ্যালয়ৰ ভাল ব্যৱসায় এটা হয় নিশ্চয়। সেইবোৰ দেখিলে এখন মহাবিদ্যালয়ৰ অধ্যাপক বন্ধু এজনে কোৱা কথা এটা সদায় মনলৈ আহে। আন এখন মহাবিদ্যালয়ৰ এজন চিনিয়ৰ অধ্যাপকে পৰীক্ষা-বহী চাওঁতে হিচাপমতে লাভ কৰা দৰতকৈ অধিক টকা দিম বুলি কৈ নিজে পঢ়ুওৱা বিষয়টোৰ পৰীক্ষা-বহীবোৰ চাবলৈ তেওঁক সদায় খাটনি ধৰেহি। অধ্যাপকজনে তেওঁক বুজাই-বঢ়াই কৈছিল যে বিষয়টো নতুন বাবে তেওঁ বহীবোৰ চাব নোৱাৰে। লগৰজনে অলপ বুদ্ধিৰে পৰীক্ষা কৰি দেখিলে— ছাত্ৰ-ছাত্ৰীয়ে সম্পূৰ্ণকৈ শুদ্ধ উত্তৰ লিখিলে কিছুমানত তেওঁ ধুনীয়াকৈ নম্বৰ দিব পাৰে, কিন্তু কিছুমানত নোৱাৰে আৰু ষ্টেপ-মাৰ্ক দিব নোৱাৰে, কিমানখিনিলৈকে উত্তৰটো শুদ্ধ হৈছে, কোনখিনিত ভুল হৈছে তেওঁ উলিয়াব নোৱাৰে। গুৰুত্বপূৰ্ণ কথাটো হ’ল— সেই বিষয়টো তেওঁ মহাবিদ্যালয়ত পঢ়ুৱাই, প্ৰশ্ন-কাকতো কাটে, কিন্তু পৰীক্ষা-বহীবোৰহে চাব নোৱাৰে ! তেওঁ বাৰু কথাটো কৈ কাৰোবাক খাটনি ধৰিছে, কিন্তু আনক খাটনি ধৰিবলৈ লাজ পায় কিমানে বা ভুলে-শুদ্ধই নম্বৰ দিয়া-কটা কৰি আছে !

আমাৰ বাৰীত এসোপা উঁইপৰুৱা আছে, সিহঁতৰ বাবেই বহুতো পুলি উঠিব নোৱাৰা হ’ল। নেমু, আনাৰস, কুঁহিয়াৰ, কল-গছ | এইবোৰ বাৰীত হ’বলৈ নাপায়েই,  উঁয়ে ধ্বংস কৰি পেলায়। বিহু-সংক্ৰান্তি-সকামত লগা কলপাত কেইখিলাও লোকৰ ঘৰৰ পৰাহে আনিব লগা হ’বগৈ যেন হৈছে। শিক্ষা-জগতখনো কিছুমান উঁয়ে অহৰহ ধ্বংস কৰি আছে। ইয়াৰ মাজতো সংখ্যাত নগন্য হ’লেও ভাল মানুহ কিছুমান আছে বাবেই মনবোৰ শান্তিৰে ভৰি থাকে। উঁইবোৰ ধ্বংস কৰাৰ দায়িত্ব নীতি-প্ৰণয়নকাৰীসকলৰ । লগতে শেষত এইটোও উল্লেখ নকৰিলে ভুল হ’ব— অসম মুলুকতে অধ্যয়ন কৰি আন্তঃৰাষ্ট্ৰীয় গৱেষণা পত্ৰিকাত একেবছৰতে তিনিখনো গৱেষণা-পত্ৰ প্ৰকাশ কৰিব পৰা গৱেষক-ছাত্ৰও অসমত আছে আৰু সততাক ত্যাগ নকৰা, স্বজনতোষণত লিপ্ত নোহোৱা অধ্যাপকো কিছুসংখ্যক আছে ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক