‘ভেগানিজম’ আৰু কিছু ব্যক্তিগত অনুভৱ_ দেৱাঞ্জন বৰঠাকুৰ

কল্পনা কৰক এনে এখন চুপাৰ মাৰ্কেট য’ত কেৱল আৰু কেৱল নিৰামিষ খাদ্যহে পাব৷ য’ত গৰুৰ গাখীৰৰ সলনি পাব বাদামৰ গাখীৰ, চাউলৰ গাখীৰ, কাজুৰ গাখীৰ৷ ভাৰতত আপুনি দেখা নাপাব এই দৃশ্য৷ ইয়াৰ বাবে আপুনি উৰা মাৰি যাব লাগিব বাৰ্লিনলৈ, য’ত আছে এখন চুপাৰমাৰ্কেট ‘Veganz’৷ এইখন হৈছে ইউৰোপৰ প্ৰথমখন ভেগান চুপাৰমাৰ্কেট৷

‘ভেগানিজম’ কি হয় আৰু ই ভেজিটেৰিয়নিজমতকৈ কিহত বেলেগ এই কথা আমি প্ৰথমে জানিব লাগিব৷ ‘ভেগানিজম’ হৈছে এক নীতি বা অনুশীলন য’ত জন্তুৰদ্বাৰা উৎপাদিত সামগ্ৰীৰ বৰ্জন কৰা হয়, মুখ্যত খাদ্যৰ ক্ষেত্ৰত৷ ই হৈছে এক দৰ্শন য’ত জন্তুক পণ্য বুলি ভবা চিন্তাধাৰাক প্ৰত্যাখ্যান কৰা হয়৷ এই দৰ্শন মানি চলা সকলক ‘ভেগান’ বুলি কোৱা হয়৷ নিৰামিষ আহাৰক জীৱন শৈলীৰ সৈতে সংপৃক্ত কৰা প্ৰায় দহ বছৰ হ’ল৷ কিন্তু ‘ভেগান’ কি হয় সেই কথা জনা নাছিলোঁ৷ আমেৰিকালৈ অহাৰ পাছতহে ‘ভেগান’ আৰু ‘ভেগানিজম’ সম্পৰ্কে ধাৰণা দৃঢ় হ’ল৷ পশ্চিমীয়া দেশত মাংসৰ বিকল্প তৈয়াৰ কৰাত যথেষ্ট আগভাগ লোৱা হৈছে৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক ৰাষ্ট্ৰ সংঘই ‘চেম্পিয়নছ অৱ আৰ্থ’ বঁটা প্ৰদান কৰিছিল৷ ‘Beyond Meat’ নামৰ এটা সংস্থাইও এই বঁটা গ্ৰহণ কৰে৷ তেওঁলোকে মাংসৰ বিকল্প তৈয়াৰ কৰাৰ কাম কৰে৷ এনেকুৱা বিকল্প মাংসকো ‘ভেগান’ বুলি ধৰিব পাৰি৷ কানাডালৈ অহাৰ পৰা টৰণ্টোৰ ‘ভেগান এক্টিভিষ্ট’সকলৰ সংস্পৰ্শলৈ অহাৰ সুযোগ পালোঁ৷ ‘কানাডা গুজ’ৰ দৰে কোম্পানীবোৰে নিজৰ লাভৰ বাবে ব্যৱসায়ত জন্তুৰ নোমবোৰ কোট চোলাত ব্যৱহাৰ কৰে৷ Fox, Bear, Raccon, Beavers, Coyote ইত্যাদিক কেৱল তাহাঁতৰ শৰীৰৰ নোমৰ বাবেই হত্যা কৰা হয়৷ যিহেতু ই প্ৰয়োজন নহয় কেৱল বিলাসিতাহে হয় সেয়ে ভেগানসকলে ইয়াৰ বিৰোধিতা কৰে আৰু এনেকুৱা কোট চোলা পিন্ধাৰ পৰা বিৰত থাকে৷ ‘ভেজিটেৰিয়ান চচাইটি’ৰ ইতিহাস পুৰণি৷ ‘ভেগানিজম’ ১৯৪৪ চন মানৰপৰাহে জনপ্ৰিয় হৈ পৰে বুলি ক’ব পাৰি৷ গান্ধীজীয়ে ১৯৩১ চনত লণ্ডন ভ্ৰমণৰ সময়ত এটা বক্তৃতা দিয়ে ‘ভেজিটেৰিয়ান চচাইটি’ত; য’ত তেওঁ উল্লেখ কৰিছিল যে, চচাইটিখনে এক মাংস-বিহীন খাদ্যাভাষৰ প্ৰচাৰত গুৰুত্ব দিয়া উচিত নৈতিকতাৰ খাতিৰত, স্বাস্থ্যৰ বাবে নহয়৷ অৱশ্যে আজি বিশ্বৰ আগশাৰীৰ অনুষ্ঠানসমূহ যেনে, New Zealand Ministry of Health, Harvard Medical School, the British Dietetic Association ইত্যাদিয়ে সুপৰিকল্পিত ভেগান খাদ্য সকলো বয়সৰ মানুহৰ বাবেই উপযুক্ত বুলি মত প্ৰকাশ কৰিছে৷ ‘ভেগানিজম’ৰ লগে- লগেই আৰম্ভ হৈছিল বৈকল্পিক খাদ্যৰ আন্দোলন৷ উল্লেখ কৰা ‘ভেগান মিট’ আজি প্ৰায়বোৰ চুপাৰমাৰ্কেটতে উপলব্ধ৷ উল্লেখনীয় যে ‘American Vegan Society’য়ে ‘ভেগানিজম’ক ‘অহিংসা’ শব্দটোৰ লগতো ৰিজাইছে; যি শব্দই বুজায় ‘কাকো কষ্ট নিদিয়া আৰু সহানুভূতিশীল হোৱা’৷ ‘ভেগান’সকলে গাখীৰ আৰু কণী নাখায়৷ ইয়াৰ কাৰণ কেইবাটাও আছে৷ নৈতিক ‘ভেগান’সকলে ইয়াক পৰিহাৰ কৰাৰ মূলতে হৈছে, গাখীৰ আৰু কণী উৎপাদনৰ লগত জড়িত নিৰ্মমতা৷ কণী উৎপাদনত মতা কুকুৰাৰ পোৱালিবোৰক হত্যা কৰা হয় কাৰণ সিহঁতে কণী উৎপাদন কৰিব নোৱাৰে৷ গৰুৰ গাখীৰৰ বাবে গৰুবোৰক সন্তান সম্ভৱা কৰি তোলা হয় গাখীৰ দিবৰ নিমিত্তে৷ সিহঁতক তিনিৰপৰা সাত বছৰ এনেদৰে ৰখা হয় আৰু তাৰ পাছত হত্যা কৰা হয়৷ চেউৰী পোৱালিবোৰক জন্মৰ ২৪ ঘণ্টাৰ ভিতৰতেই মাকৰপৰা আঁতৰাই নিয়া হয়৷ দমৰাবোৰক ‘veal’ ৰ বাবে জন্মৰ পাছতেই হত্যা কৰা হয় বা বীফৰ বাবে প্ৰতিপালন কৰা হয়৷ এনেকুৱা নহয় যে আমি এই নিৰ্মমতাক সমৰ্থন দিবলৈ বাধ্য৷ আজি চয়াবিনেৰে বনোৱা ভেগান খাদ্য যথেষ্ট জনপ্ৰিয় হৈছে৷ চয়াবিনক সম্পূৰ্ণ প্ৰ’টিন বুলি কোৱা হয় কাৰণ ইয়াত সকলো প্ৰয়োজনীয় এমিনো এচিড পোৱা যায়৷ গৰুৰ গাখীৰৰ বিকল্প হিচাপেও চয়া গাখীৰ ব্যৱহাৰ কৰা হয়৷ আমি ‘ভেগান’ বা ‘ভেজিটেৰিয়ান’ কিয় হোৱা উচিত তাৰ নৈতিক দিশবোৰৰ বিষয়ে উল্লেখ কৰিম তাৰ আগতে কিছু পৰিসংখ্যা আমি জনা উচিত৷ ৱিকিপেডিয়াৰ এটা প্ৰবন্ধৰ মতে, এক বছৰত এজন ভেগানে ১৫১৯৮২৩ লিটাৰ পানীৰ অপচয় ৰোধ কৰিব পাৰে৷ এজন ভেগানে ৬৬০৭ গ্ৰেইন খাদ্য শস্য, ৩৩২২ কিলো কাৰ্বণ ডাই অক্সাইড আৰু ৩৬৫টা জন্তুৰ জীৱন বচাব পাৰে৷ আৰ্থ ডে’ ৰ দিনা পানীৰ সংৰক্ষণৰ বাবে সমদল উলিয়াওঁতে আমি এই বিষয়বোৰো বিবেচনা কৰি চাব লাগিব৷ ১৫১৯৮২৩ লিটাৰ পানী! এই পৰিমাণ কম নহয়৷ নৈতিক ‘ভেগানিজম’ প্ৰজাতি বৈষম্য বা ‘speciesism’ৰ বিৰোধিতাৰে লোৱা এক অৱস্থান৷ এই বৈষম্য হৈছে, প্ৰজাতি বিশেষে আৰোপ কৰা মূল্য৷ অৰ্থাৎ এটা ছাগলী আৰু এটা বিলাতী কুকুৰে উপভোগ কৰিবলগীয়া অধিকাৰবোৰৰ মাজত পাৰ্থক্য আছে৷ বনৰীয়া আৰু ঘৰচীয়া জন্তুৰ বাবে বেলেগ বেলেগ আইন আছে৷ ‘এনিমেল ৰাইটছ থিয়ৰি’ত উল্লিখিত অৱস্থান হৈছে, ‘utilitarian’ আৰু ‘protectionist’ যি জন্তুৰ ক্ষেত্ৰত উন্নত অৱস্থাৰ পোষকতা কৰা৷ অৱশ্যে ‘abolitionists’সকলে জন্তুৰ ওপৰত মানুহৰ অধিকাৰ সম্পূ্ৰ্ণৰূপে বিলোপ হোৱাটো কামনা কৰে৷ আইনৰ অধ্যাপক গেৰি ফ্ৰান্সিয়নেৰ মতে সকলো সংবেদী জীৱৰে আনৰ সম্পত্তি হিচাপে ব্যৱহাৰ নোহোৱাৰ অধিকাৰ আছে আৰু ভেগানিজমেই সেই ভিত্তি ৰেখা হোৱা উচিত সেইসকলৰ বাবে যি ভাৱে যে মানুহৰ বাদে আনৰো অন্তৰ্নিহিত নৈতিক মূল্য আছে৷ দাৰ্শনিক পিটাৰ চিংগাৰৰ মতে, কোনো সিদ্ধান্ত লোৱাৰ সময়ত জন্তুৰ ব্যথা সম্পৰ্কে ধাৰণা কৰিব নোৱাৰাৰ যৌক্তিক আৰু নৈতিক কৈফিয়ৎ নাই৷ জন্তুবোৰক কৰা হত্যা অনুচিত যদিহে ই আমাৰ উত্তৰজীৱিতাৰ বাবে প্ৰয়োজনীয় নহয়৷ পিটাৰ চিংগাৰৰ এই কথাকেইটা গুৰুত্বপূৰ্ণ৷ যিহেতু আমি সুস্থ আৰু নিৰোগী হৈ থাকিব পাৰোঁ জন্তুবোৰক হত্যা কৰি আমিষ আহাৰ নোখোৱাকৈ, সেয়ে জন্তু এটাক হত্যা কৰাৰ অৰ্থই হৈছে আমি নিজৰ মুখৰ তৃপ্তিৰ বাবেই এই কাম কৰিছোঁ, আৰু ইয়াৰ কোনো নৈতিক কৈফিয়ৎ থাকিব নোৱাৰে৷ অৱশ্যে দাৰ্শনিক কিছুমানে এই ‘ভেগানিজম’ৰ বিৰোধিতাও নকৰা নহয়৷ তেওঁলোকৰ মতে ই এক মানৱ কেন্দ্ৰিক ধাৰণা য’ত আমি জন্তুবোৰক বিশেষ অধিকাৰ দিয়াৰ কথা বিবেচনা কৰিছোঁ৷ আন এক ৰাজনৈতিক দৰ্শন হৈছে ‘veganarchism’ বা ‘ভেগান নৈৰাজ্যবাদ’৷ এই দৰ্শনৰ মতে ৰাষ্ট্ৰ অপ্ৰয়োজনীয় আৰু জন্তুবোৰৰ বাবে ক্ষতিকাৰক৷ তেওঁলোকে বিচাৰে এখন ৰাষ্ট্ৰবিহীন ভেগান সমাজ৷ তেওঁলোকে প্ৰায়েই ‘ডাইৰেক্ট একশ্যন’ৰ জৰিয়তে প্ৰতিবাদ কাৰ্যকৰী কৰে৷ অৱশ্যে এই নৈৰাজ্যবাদী দৰ্শন কমিউনিজমৰ দৰেই ‘ইউটোপিয়ান’ যেন লাগে৷ মানুহৰ নৈতিক প্ৰগতি এক ক্ৰমান্বয়িক প্ৰক্ৰিয়া৷ সকলোকে ‘ভেগান’ হ’বলৈ বাধ্য কৰোৱাটো এক ধৰণৰ বুদ্ধিহীনতা হ’ব৷ তথাপিও এই বিষয়ে মানুহক সজাগ কৰাটো সকলোৰে নৈতিক কৰ্তব্য কাৰণ এই পৃথিৱীখন কেৱল মানুহৰ বাবে নহয়৷ ইয়াত জীয়াই থকাৰ অধিকাৰ আন- আন জীৱ জন্তুৰো আছে৷ হিন্দু শাস্ত্ৰৰ মতেও এই ‘নৰজন্ম’ দুৰ্লভ৷ এই কথাকেইটা মনত ৰাখিলেহে আমি হয়তো মানুহ হিচাপে গৌৰৱ কৰিব পাৰিম৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক