ভেনিচ অৱ দি ইষ্ট (প্ৰণীতা বৰুৱা)

কিমান আৰু বেলেগৰ তলত কাম কৰিম। ৰাতিপুৱা উঠিয়েই দৌৰ মাৰিব লাগে, ভালকৈ শুবও নাপাও। বহু দিনৰ পৰা ভাবি আছিলো নিজাববীয়াকৈ কিবা এটা কৰিব পৰা হেতেঁ‌ন, সম্পূৰ্ণ স্ৱাধীন ভাৱে। ভাবিয়ে আছো উপায় হ’লে একো ওলোৱা নাই (খাৰ খোৱা অসমীয়া তো অলপ সেয়ে সময় লাগে)। আমাৰ দেশৰ ডাঙৰ ডাঙৰ নেতা মন্ত্ৰী সকলে উদ্যোগী কৰণৰ নতুন নীতি নিয়ম শিকিবলৈ বিদেশলৈ যায়। আমাৰ নিচিনা নৰ মনিচ বিলাকেতো আৰু যাব নোৱাৰো । গতিকে তেওঁলোকে ফুৰি আহি দিয়া ভাষণ বোৰকে শুনি আছো, কিবা এটা নতুন আইডিয়া পাৱেই নেকি বিজনেচ কৰিবলৈ।
গতিকে দিনে ৰাতি এইকেইদিন আইডিয়াৰ কথাকেই ভাবি আছো। ঘৰৰ গৰাকীয়ে কয় -“তুমি চোন আজিকালি ল’ৰা ছোৱালী কেইটালৈ মন-কাণ নিদিয়া হ’লা।” বোলো “ল’ৰা ছোৱালীৰ দায়িত্ব অকল মোৰেই নেকি?” মোৰ বিজনেচটো ছাক্সেচ হ’লে যে মোতকৈ বেছি তেওঁৰেই লাভ হব ক’তনো বুজিব, মতা মানুহহে । সোনকালে কিবা এটা আৰম্ভ নকৰিলে বাৰিষা আহিলে দিগদাৰ হব। বাৰিষাৰ কথা মনলৈ আহোতেই হঠাৎ এটা আইডিয়া আহিল। কেইদিন মান পিছতে গুৱাহাটী আকৌ কৃত্ৰিম বানপানীত বুৰ যাব। আমাৰ এজন মন্ত্ৰীয়ে কলগছ ৰোৱাৰ কথা কৈছিল নহয়। মোৰ বিজনেচটো বানপানী ৰিলেটেদ টুৰিজিম বিজনেচ। পেকেজ টোৰ নাম হব “Explore Venice of the East” । কলগছ কাটি কাটি কিছুমান আহল বহল ভূৰ সঁজা হব, চাৰি-পাঁচ জন মান মানুহ আৰামত বহিব পৰাকৈ। ভূৰৰ ওপৰত ৰঙ বিৰঙৰ চন্দ্ৰতাপ থাকিব আৰু চাপৰকৈ বাহৰ ৰেলিঙো থাকিব আৰু বহিবলৈ পাতলকৈ কোমল গাদী। সেইযে কাশ্মীৰৰ ডাল লেকত থকা চিকাৰাৰ দৰে! লগতে কিছুমান ভূৰ আকৌ ‘অনলি ফৰ শ্ৱো’ মানে কিছুমান লোকেল মানুহে লোকেল সামগ্ৰী যেনে ধৰক লাওপানী, সাজপানী, বাহৰ চুঙাৰ দৈ ইত্যাদি লৈ ঘুৰি ফুৰিব। পৰ্যটকে কিনিব পাৰিব আৰু লগতে অতিৰিক্ত ২০/৩০ টকাৰ বিনিময়ত ফটো উঠাবও পাৰিব (সঠিক ৰেট টো পিছত ঠিক কৰা হব)।
সদ্যহতে এবাৰত এঘন্টাকৈ ঘুৰোৱা হব। এই এঘন্টাত আমি পৰ্যটকক গুৱাহটীৰ দুখীয়া আৰু ধনী শ্ৰেণীৰ মানুহৰ দৈনন্দিন জীৱন ধাৰণৰ এটা থুলমুল আভাস দিবলৈ চেষ্টা কৰিম। যিহেতু ভূৰেৰে যেনি-তেনি যাবলৈ সুবিধা, এই দুই শ্ৰেণী মানুহৰ ঘৰৰ আগফাল আৰু পিছফাল দুযোটাই দেখুওৱা হ’ব। এই বিজনেচটোত মেইন টাৰ্গেট হিচাপে বিদেশী পৰ্যটকক অগ্ৰাধিকাৰ দিয়া হব। বিদেশী পৰ্যটকে মুম্বাই চহৰৰ শ্লাম এৰিয়া চাবলৈ যায়। ইয়াত তেওঁলোকে ভূৰ যাত্ৰাৰ জৰিয়তে আৰু ওচৰৰ পৰা ঠাইবোৰ নিৰীক্ষণ কৰিব পাৰিব। হয়তো এনেকুৱা বিতোপন দৃশ্য দেখি তেওঁলোকৰ আমাক লৈ চিনেমা কৰিবলৈও মন যাব পাৰে আৰু তেনেকুৱা হ’লে আমাৰ বিজনেচ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিব।
আমাৰ এই বিজনেচ টোৰ পৰা কেবাটাও চাইদ বিজনেচো ওলাব যেনে ধৰক খাদ্য সামগ্ৰীৰ যোগান, ভূৰ সজা, কলগছ ৰোৱাৰ পৰা ভূৰখন সাজি উলিওৱা লৈকে বিভিন্ন মধ্যভোগী দালাল ইত্যাদি। গতিকে এই বিজনেচে অলপ হ’লেও নিবনুৱা সমস্যা দূৰ কৰিব। অৱশ্যে এইটো বাৰমাহেই চলা বিজনেচ নহ’ব । মানে চিজনেল বিজনেচ হ’ব। পিচে তাৰ পৰা এটা লাভো হ’ব, সেয়ে সেইকেইদিনতে যিমান পাৰি পকেট গৰম কৰি বাকী কেইটা দিন মস্তি মাৰি শুই থাকিব পৰা যাব। গতিকে সকলোৱে যেন মোৰ এই বিজনেচটো আৰম্ভ কৰিবলৈ সহায় সহযোগিতা আগবঢ়ায়। আৰু লগতে সকলোকে অকণো পলম নকৰাকৈ কলগছ ৰুবলৈ অনুৰোধ কৰিলো ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments