ভেনিজুৱেলালৈ গৈছিলোঁ- পংকজ কুমাৰ নেওগ

২০০০ চনৰ আগষ্ট মাহৰ তৃতীয় নে শেষ সপ্তাহ; দুলীয়াজানৰ ‘অইল’ত কাম কৰি আছোঁ৷ হঠাতে এদিন খবৰ আহিল ‘অইল ইণ্ডিয়া’ৰ কাৰিকৰী দল এটাৰ সৈতে ময়ো ভেনিজুয়েলাৰ কেৰাকাচলৈ যাব লাগে৷ দলটো আছিল ছজনীয়া – অইল ইণ্ডিয়াৰ পৰিচালন সঞ্চালকৰ সৈতে আমি পাঁচজন বেলেগ বেলেগ বিভাগৰ৷ অইল ইণ্ডিয়া ৰাজস্থান প্ৰ্ৰজেক্টৰ বাঘেৱালা তৈলক্ষেত্ৰত ১৯৯১ চনত গধুৰ খাৰুৱা তেলৰ ভাণ্ডাৰ (Heavy oil Reservoir) আৱিষ্কাৰ হৈছিল৷ এনে ধৰণৰ তৈল ভাণ্ডাৰৰ পৰা অৰ্থনৈতিকভাৱে কেনেকৈ খাৰুৱা তেল নিষ্কাষণ কৰিব পাৰি আৰু ভেনিজুৱেলা চৰকাৰে এই ক্ষেত্ৰত আমাক কি ভাৱে সহায় কৰিব পাৰে সেইবোৰ কথা-বতৰা পাতিবলৈ আমাৰ দলটোক পঠিওৱা হৈছিল৷ ভেনিজুৱেলা এনে ধৰণৰ গধুৰ তেল উত্পাদনকাৰী দেশবোৰৰ ভিতৰত অন্যতম আৰু তাৰ জাতীয় তৈল কোম্পানীটোৰ নাম হ’ল ‘পেট্ৰ’লিঅচ্ ডে ভেনিজুৱেলা’ বা চমুকৈ পি, ডি, ভি, এচ্, এ (PDVSA)৷ আমাৰ মুখ্য উদ্দেশ্য আছিল পি, ডি, ভি, এচ্, এৰ জৰিয়তে ভেনিজুয়েলাৰ তৈল মন্ত্ৰণালয়ৰ লোকসকলক লগ ধৰা৷ দিল্লীস্থিত ভেনিজুৱেলাৰ দূতাবাসৰ পৰা মিটিং আৰু অধিৱেশনবোৰ আগতীয়াকৈ ঠিক কৰা হৈছিল৷ মই দিল্লীলৈ গৈ কেইদিনমান থাকিবলগীয়া হ’ল৷ সেই সময়ত অইল ইণ্ডিয়াৰ অফিচটো আছিল পাৰ্লিয়ামেণ্ট ষ্ট্ৰীটৰ এলাহাবাদ বেঙ্ক বিল্ডিঙত৷ মোক থাকিবলৈ দিলে কনাটপ্লেচৰ হোটেল ‘মেৰিনা’ত৷ ভেনিজুয়েলাৰ ‘ভিচা’ আৰু ‘মেডিকেল টেষ্ট’ৰ বাবে দুই-তিনিদিন মান লাগিল৷ দক্ষিণ আমেৰিকালৈ যাত্ৰা কৰিবলৈ ওলোৱা বাবে দুটামান বিশেষ ‘ভেকচিন্’ ল’ব লগীয়া হ’ল৷ অৱশ্যে বৈদেশিক মুদ্ৰা আৰু প্লেনৰ টিকেট আদি যোগাৰ কৰি দিবলৈ অইল ইণ্ডিয়াৰ এজেন্সী আছে৷ ভেনিজুৱেলাৰ ‘ভিছা’ৰ ব্যৱস্থাও তেওঁলোকে কৰিলে৷ যি নহওক সকলোবোৰ কাম ঠিকে-ঠাকে হৈ যোৱাত আমি ‘এয়াৰ ফ্ৰান্সে’ৰে দিল্লীৰ পৰা কেৰাকাচলৈ যাত্ৰা আৰম্ভ কৰিলোঁ৷ ১৪,২০০ কিঃমিঃ পথছোৱাত আমি পেৰিছৰ ‘চাৰ্লছ-ডি-গল্’ বিমানকোঠত কিছুসময় জিৰণি লৈ তাৰ পৰা অইন এখন বিমানত উঠিছিলোঁ৷ প্ৰায় ২৪ ঘণ্টামানৰ পাছত আমি কেৰাকাচ গৈ পাইছিলোঁ৷ কেৰাকাচৰ ‘চাইমন বলিভাৰ’ বিমানকোঠ – এফালে সাগৰ আৰু সাগৰৰ কাষতেই পৰ্বতমালা; তাৰ মাজতেই কোনোবা এবাৰ হঠাতে বিমানখন নমাই বিমানকোঠত অৱতৰণ কৰিলে৷ বিমানকোঠ সাগৰ পৃষ্ঠত; নামিয়েই ভীষণ গৰম লাগিছিল যদিও টেক্সীৰে লাহে লাহে পাহাৰৰ ওপৰলৈ উঠোঁতে গা জুৰ পৰিল৷ কেৰাকাচ চহৰ সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৩০০০ ফুট উচ্চতাত৷ আগৰে পৰা আমাৰ বাবে হোটেল আৰক্ষণ কৰা আছিল৷ হোটেলৰ ‘ফ্ৰণ্ট ডেস্ক’ত থকা কৰ্মচাৰীসকলে ইংৰাজীত কথা ক’ব পাৰা হেতুকে আমাক আমাৰ কোঠাবোৰ চমজাই দিয়া বা বস্তু-বাহানি নিয়া-মেলা কামবোৰ সুকলমে হৈ গ’ল৷ নিশা ৰেষ্টুৰেণ্টলৈ খাব যোৱাৰ সময়তহে সমস্যাই দেখা দিলে৷ খোৱা বস্তুৰ ‘মেনু’ বা তালিকা স্পেনিচ ভাষাত, কোনটো খোৱাবস্তুত কি আছে বুজি পোৱা টান৷ ৰেষ্টুৰেণ্টৰ খোৱা বস্তুৰ নিৰ্দেশ লোৱা পৰিচাৰক-পৰিচাৰিকা সকলেও ইংৰাজী বুজি নাপায়৷ যি কোনো বস্তু খাবলৈ মই ৰাজী কিন্তু গো-মাংস যাতে ভুলতো নলওঁ তাৰ বাবে সাৱধান হ’লোঁ৷ আমাৰ লগৰ কিছুমানে সাগৰীয় খাদ্য ল’লে; বিচাৰি বিচাৰি এটা ‘ডিচ্’ ‘চিকেন কাৰি’ আৰু ভাত বুলি গম পাই তাকে মোক পৰিবেশন কৰিবলৈ নিৰ্দেশ দিলোঁ৷ বেছ তৃপ্তিৰে খোৱা-বোৱা কৰা হ’ল৷ আমাৰ দলত দক্ষিণ ভাৰতীয় নিৰামিষাহাৰী এজন আছিল, তেওঁ বা কি খাইছিল মনত নাই৷ পিছদিনা পুৱা প্ৰাতঃৰাশ কৰাৰ সময়ত অৱশ্যে সিমান সমস্যা নহ’ল৷ ‘ব্ৰেকফাষ্ট মেনু’ চাই ডবল্ অমলেট আৰু ব্ৰেড, কিছু ফল-মূল, ফ্ৰুট জুচ্ আৰু চাহৰ নিৰ্দেশ দিব পাৰিলোঁ৷ অমলেটৰ সৈতে অলপ সুস্বাদু শাকভজা দিছিল, দেখিবলৈ অনেকখিনি আমাৰ পালেং শাক ভজাৰ দৰেই৷ আমি থকা গোটেই কেইদিন অমলেটৰ সৈতে সেই শাকভজা খালোঁ৷ শাকবিধ কি আছিল সুধিম বুলিও থাকি গ’ল৷ আন কোনো ঠাইত বা দেশত কণীৰ সৈতে শাকপাত ভজা খাবলৈ দিয়া আজিলৈকে পোৱা নাই৷

পি, ডি, ভি, এচ্, এ অফিচৰ পৰা আমাৰ বাবে তিনিখন লিমোজিন পঠিয়াই দিয়া হৈছিল৷ খাৰুৱা তেল ৰপ্তানিত ভেনিজুৱেলাৰ স্থান বিশ্বৰ ভিতৰত পঞ্চম৷ পশ্চিম গোলাৰ্দ্ধৰ দেশবোৰৰ ভিতৰত ভেনিজুৱেলাত থকা সাধাৰণ খাৰুৱা তেলৰ ভাণ্ডাৰ (৭৭.৫ বিলিয়ন বেৰেল) সৰ্ববৃহৎ আৰু সমগ্ৰ বিশ্বৰ প্ৰায় আধা৷ ইয়াৰ সৈতে ‘অৰিন’কো বেল্ট’ত থকা ‘টাৰ’ সদৃশ গধুৰ বা অতি গধুৰ তৈল ভাণ্ডাৰ( ২৩৫ বিলিয়ন বেৰেল)খিনি যোগ দিলে বিশ্বৰ ভিতৰত ভেনিজুৱেলাই প্ৰথম স্থান অধিকাৰ কৰিব৷ অইল ইণ্ডিয়াৰ পৰিচালন সঞ্চালকে পি, ডি, ভি, এচ্, এৰ বিভিন্ন বিষয়া সকলৰ উপস্থিতিত আমাৰ মিটিংখন আৰম্ভ কৰিলে৷ তেওঁলোকৰ প্ৰায় সকলোৱে ইংৰাজী ক’ব পাৰিছিল আৰু বুজি পাইছিল৷ যদি দোভাষীও ৰাখিছিল এতিয়া মোৰ ভালকৈ মনত নাই৷ আমাৰ উদ্দেশ্য তেওঁলোকৰ সন্মুখত প্ৰকট কৰাত ভেনিজুৱেলা চৰকাৰৰ হৈ পি, ডি, ভি, এচ্, এই অইল ইণ্ডিয়ালৈ সকলো ধৰণৰ সহায় আগবঢ়াবলৈ সন্মতি প্ৰকাশ কৰে৷ তেওঁলোকৰ মতে দুই ধৰণে অইল ইণ্ডিয়ালৈ সহায়ৰ হাত আগবঢ়াব পৰা যায় –প্ৰথম কথা বাঘেৱালা তৈলক্ষেত্ৰৰ গধুৰ খাৰুৱা তেল নিষ্কাশনৰ বাবে তেওঁলোকে এটা পৰীক্ষামূলক আঁচনি (পাইলট প্ৰজেক্ট) ল’ব পাৰে৷ এই আঁচনিৰ সকলোবোৰ পৰিকল্পনা আৰু ৰূপায়ণ পি, ডি, ভি, এচ্, এৰ অভিযন্তা আৰু ভূ-বিজ্ঞানী সকলে মিলি কৰিব৷ আঁচনিৰ কেইবাটাও পৰ্যায় হ’ব পাৰে৷ পৰীক্ষাগাৰত কৰিব লগীয়া পৰীক্ষা, কম্পিউটাৰ মডেলিঙ ইত্যাদিৰ পিছত তেওঁলোকে তৈলক্ষেত্ৰৰ দুটামান তৈলখাদত নিজৰ প্ৰযুক্তি নিয়োগ কৰি চাব; যদি আশা কৰামতে ফলাফল পায় আৰু আঁচনি অৰ্থনৈতিক ভাৱে সবল হয় তেনেহলে সেই প্ৰযুক্তিয়েই বাঘেৱালা তৈলক্ষেত্ৰৰ গধুৰ খাৰুৱা তেল নিষ্কাশনৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব৷ আনহাতে অইল ইণ্ডিয়াৰ কিছু অভিযন্তা, ভূবিজ্ঞানীকো তেওঁলোকে ভেনিজুৱেলাত যথাযথভাৱে প্ৰশিক্ষণ দি উপযুক্ত কৰি তুলিব পাৰে যাতে গধুৰ তেল নিষ্কাশনত তেওঁলোকে অভিজ্ঞতা লাভ কৰি ভবিষ্যতে নিজাববীয়াকৈ ‘অইল ৰাজস্থান প্ৰজেক্ট’ৰ কাম-কাজ চলাব পাৰে৷ ওপৰত উল্লেখ কৰা কথাবোৰেই আছিল তিনিদিন মান জুৰি চলা আলোচনা-বিলোচনাবোৰৰ সাৰাংশ৷ তাৰ উপৰি এনে ধৰণৰ দীৰ্ঘম্যাদী আঁচনিবোৰৰ বাবে অইল ইণ্ডিয়া বা ভাৰত চৰকাৰে পি, ডি, ভি, এচ্, এ বা ভেনিজুৱেলা চৰকাৰক প্ৰযুক্তি হস্তান্তৰকৰণৰ নামত কিমান বা কেনেভাৱে বৈদেশিক মুদ্ৰা দিব লাগিব সেইবোৰৰ ওপৰতো আলোচনা চলিছিল৷ মিটিংবোৰৰ শেষত সাধাৰণতে আমি বাঘেৱালা তৈলক্ষেত্ৰৰ বিভিন্ন ধৰণৰ ভূ-তাত্বিক, ভূ-বৈজ্ঞানিক আৰু ইঞ্জিনিয়াৰিং তথ্যবোৰ পি, ডি, ভি, এচ্, এৰ অভিযন্তা আৰু ভূ-বিজ্ঞানী সকলৰ সৈতে আদান-প্ৰদান আৰু আলোচনা কৰিছিলোঁ আৰু তেওঁলোকেও কম্পিউটাৰ মডেলিং/চিমুলেশ্যনৰ দ্বাৰা তেনেধৰণৰ খাৰুৱা তৈল ভাণ্ডাৰৰ পৰা বিভিন্ন প্ৰযুক্তিৰে লাভ কৰিব পৰা সম্ভাব্য তেলৰ পৰিমাণ নিৰূপণ কৰি আমাক দেখুৱাইছিল৷

পি, ডি, ভি, এচ্, এই তেওঁলোকৰ কোম্পানীৰ হেলিকপ্টাৰেৰে নি আমাক তেওঁলোকৰ কিছুমান তৈলক্ষেত্ৰ আৰু তৈলক্ষেত্ৰত চলি থকা কামকাজ বোৰ দেখুৱালে৷ ভূ-গৰ্ভৰ তৈলভাণ্ডাৰৰ পৰা গধুৰ খাৰুৱা তেল কূপবোৰৰে উত্পাদন কৰি পাইপ লাইনেৰে পঠিয়াবলৈ অন্য এলানি কূপৰ জৰিয়তে ভূ-গৰ্ভলৈ গৰম-পানীৰ বাষ্প (Steam) উচ্চ চাপত ‘পাম্প’ কৰি পঠিওৱা হয় আৰু উত্পাদন কূপবোৰৰ পৰা তেল বৈদ্যুতিক পাম্পেৰে উত্তোলন কৰা হয়৷ উচ্চ চাপ আৰু তাপত থকা বাষ্প তললৈ গৈ ভূ-গৰ্ভৰ গধুৰ খাৰুৱা তেল গলাই পাতল কৰে আৰু বৈদ্যুতিক পাম্পবোৰে লগে লগে সেই তেল উলিয়াই বাহিৰৰ পাইপ লাইনলৈ পঠিয়ায়৷ পাইপ লাইন, তেল মজুত ৰখা ভাণ্ডাৰ আদিৰ পৰা পৰা তাপ বিকিৰণ ঘটি তেল যাতে আকৌ গোট নামাৰে তাৰ বাবে গোটেই সাজ-সৰঞ্জাম তাপ বিকিৰণ ৰহিত কৰাৰ উপৰি সেইবোৰ অতি উচ্চ তাপত ৰখাৰ ব্যৱস্থা কৰা থাকে৷ তৈল উত্পাদন আৰু গৰম বাষ্প ‘পাম্প’ কৰা কূপবোৰো উচ্চ তাপ সহনশীল পাইপ আৰু অন্যান্য সৰঞ্জামেৰে প্ৰস্তুত কৰা আৱশ্যক৷ সাধাৰণভাৱে কৰা শীতল খাৰুৱা তেল নিষ্কাশনতকৈ গধুৰ তেলৰ উষ্ণ নিষ্কাশন বেছি ব্যয়বহুল৷ কেৰাকাচ্ চহৰৰ পৰা প্ৰায় ৫০০ কিঃমিঃ আঁতৰৰ ‘লেক্ মাৰাকাইব’’ আছিল এনে এখন আমি ভ্ৰমণ কৰা ঠাই৷ মাৰাকাইব’ হ্ৰদৰ পাৰত অৱস্থিত ই ভেনিজুৱেলাৰ দ্বিতীয় বৃহৎ চহৰ আৰু সৰ্ববৃহৎ খাৰুৱা তেল উত্পাদন কৰা অঞ্চল৷ কেৰিবিয়ান সাগৰলৈ যোৱাৰ প্ৰবেশদ্বাৰ বুলিও লেক্ মাৰাকাইব’ জনাজাত৷

ভেনিজুৱেলাত আমি দেখিবলৈ পোৱা অন্য এক আকৰ্ষণীয় তৈলজাত সামগ্ৰী আছিল ‘অৰিমালশ্যন্’৷ আগেয়ে উল্লেখ কৰিছোঁ যে ভেনিজুৱেলাৰ অৰিনক’বলয় বা বেল্টত এক বৃহৎ পৰিমাণৰ গধুৰ খাৰুৱা তেল বা বিটুমেনৰ ভাণ্ডাৰ আছে৷ কয়লা বা খাৰুৱা তেলৰ দৰে বিটুমেনো অতি মূল্যবান৷ সাধাৰণ অৱস্থাত বিটুমেন অতি উচ্চ সান্দ্ৰতা (Viscosity)ৰ আৰু ৮-১০ এ, পি, আই ঘনত্বৰ পদাৰ্থ৷ এনে অৱস্থাত বিটুমেন কল-কাৰাখানাবোৰত ইন্ধন হিচাবে অব্যৱহাৰ্য৷ বিটুমেনৰ সৈতে ৩০% শুদ্ধ পানী আৰু অলপ ফেনাইল বা এলকহল জাতীয় ‘পৃষ্ঠ সক্ৰিয়কাৰক’ (Surfactant) মিহলালে অৰিমালশ্যন্ তৈয়াৰ হয় আৰু ইয়াক সাধাৰণ ইন্ধন হিচাবে ব্যৱহাৰ কৰিব পাৰি৷ অৰিমালশ্যনৰ বহুধৰণৰ উপযোগিতা আছে –

  • কয়লা বা গধুৰ ইন্ধন তেলেৰে চলাব লগীয়া কল-কাৰখানাত ইয়াৰ উপাদান সামান্য সলনি কৰি ব্যৱহাৰ কৰিব পাৰি
  • সহজে দাহ্য আৰু দহন-প্ৰক্ৰিয়া অতি উত্তম
  • অৰিমালশ্যন্ তৈয়াৰ কৰা, ৰখা বা ব্যৱহাৰ আৰু পৰিবহণ তেনেই উজু
  • দাম আন্তঃৰাষ্ট্ৰীয় কয়লাৰ প্ৰায় সমপৰ্য্যায়ৰ
  • ভেনিজুৱেলাত বিটুমেনৰ ভাণ্ডাৰ অতি বৃহৎ

অৰিমালশ্যনৰ এটাই সমস্যা – ই এবিধ অ-নিউটনিয়ান তৰল পদাৰ্থ আৰু এবাৰ তাপমাত্ৰা ৩০ ডিগ্ৰী ছেলছিয়াচৰ তললৈ গ’লে ইয়াক পুনৰ পাম্প কৰি পাইপ লাইনেৰে পৰিবহণ কৰা অসম্ভৱ৷ ভেনিজুৱেলা চৰকাৰে অৰিমালশ্যনৰ উত্পাদন লাহে লাহে কমাই আহিলেও ইটালী, চীন, জাপান আদি দেশৰ কাৰখানাবোৰৰ বয়লাৰত এতিয়াও ইয়াক ইন্ধন হিচাবে ব্যৱহাৰ কৰা হয়৷

কেৰাকাচ দক্ষিণ আমেৰিকাৰ এখন অতি মনোৰম চহৰ; চাবলৈ বহুত স্থানেই আছে কিন্তু এইদৰে চৰকাৰী কামত আহিলে ফুৰা-চকা সম্ভৱপৰ নহয়৷ ভেনিজুৱেলাৰ ‘এঞ্জেল’ জলপ্ৰপাত বিশ্বৰ আটাইতকৈ ওখ জলপ্ৰপাত; ‘কানাইমা’ জাতীয় উদ্যানত অৱস্থিত প্ৰায় ১০০০ মিটাৰ উচ্চতাৰ এই জলপ্ৰপাতৰ দৃশ্য অতি মনোৰম৷ চহৰৰ ভিতৰত ‘প্লাজা বলিভাৰ’, ’পেন্থিয়ন নেশ্যনেল’, ’চিটি ৱাল’, ‘পাৰ্ক নেশ্যনেল’, ভেনিজুৱেলাৰ স্থানীয় হস্তনিৰ্মিত সামগ্ৰী, আচবাব ইত্যাদি কিনিবলৈ পোৱা আৰু স্থানীয় খাদ্যৰ জুতি লব পৰা ‘এল্ হাটিল্ল’’নামৰ সৰু চহৰখন এইবোৰেই প্ৰধান৷ মিটিং আৰু তৈলক্ষেত্ৰবোৰৰ ভ্ৰমণৰ অন্তত আমি মাত্ৰ এবেলা সময়হে চহৰ ফুৰিবলৈ সময় পাইছিলোঁ৷ সেইখিনি সময় আমি স্থানীয় বজাৰতেই ঘূৰি-পকি দুই এপদ বস্তু কিনিছিলোঁ৷ আমি বজাৰলৈ ওলাই যোৱাৰ আগেয়ে সকলোৱে সাৱধান বাণী শুনালে, কেৰাকাচ চহৰত চোৰ, ডকাইত, পকেটমাৰৰ উপদ্ৰৱ বেছি৷ বিদেশী মানুহ দেখা পালে ৱালেট, পাছপোৰ্ট চুৰ কৰিবলৈ চেষ্টা কৰিব পাৰে৷ আমি অতি সাৱধানে ৱালেট আৰু পাছপোৰ্ট লৈ ফুৰিছিলোঁ৷ দোকান এখনৰ পৰা ‘টমি হিল্ফিগাৰ’ৰ জেকেট এটা কিনিবলৈ মই মোৰ ‘এমেক্স ক্ৰেডিট কাৰ্ড’খন ব্যৱহাৰ কৰা মনত পৰে; তেওঁলোকে কি হিচাব নিকাচ কৰি পঠিয়ালে নাজানো, মোলৈ কেতিয়াও ক্ৰেডিট কাৰ্ডৰ বিল নাহিল!

আমাৰ দলত প্ৰশান্ত দা আছিল জ্যেষ্ঠ ভূ-বৈজ্ঞানিক৷ তেখেতৰ কথা-কাজ সকলো সময়তে ধেমেলীয়া, সকলোকে তেওঁ হাঁহিৰ খোৰাক যোগাইছিল৷ হোটেলত নৈশাহাৰৰ সময়ত তেওঁ সদায় এখন বিশেষ টেবুলত বহে আৰু এগৰাকী বিশেষ পৰিচাৰিকাই তেওঁৰ খাদ্যৰ নিৰ্দেশ লৈ খাদ্য পৰিবেশন কৰিব লাগে৷ প্ৰশান্ত দা প্ৰথম নিশাই হোটেলৰ সুন্দৰী পৰিচাৰিকা সকলক দেখি উত্ৰাৱল – “হেৰা, সকলোবোৰ দেখোন ষ্টেফী গ্ৰাফৰ দৰে হে দেখিবলৈ!” মই উত্তৰ দিলোঁ – “প্ৰশান্ত দা, ষ্টেফী গ্ৰাফ, গেব্ৰিয়ালা চাবাটিনি, আৰাঞ্জা চাঞ্চেজ সকলোবোৰকে দেখা পাব, আপুনি এতিয়া বিশ্ব সুন্দৰীৰ দেশত৷ জানেনে, এতিয়ালৈকে ( ২০০০ চন) ভেনিজুৱেলাৰ সুন্দৰীসকলে বিশ্ব সৌন্দৰ্য প্ৰতিযোগিতাত কেইটা পুৰস্কাৰ অৰ্জন কৰিছে?” মই ভাৰতবৰ্ষ এৰাৰ আগেয়ে ইণ্টাৰনেটত চাই অহা তথ্য এটা প্ৰশান্ত দাক দিলোঁ – “ভেনিজুৱেলাৰ সুন্দৰীয়ে এতিয়ালৈকে ৪টা মিচ্ ইউনিভাৰ্চ, ৫টা মিচ্ ৱৰ্লড্ আৰু ৩টা মিচ্ ইণ্টাৰনেশ্যনেল খিতাপ অৰ্জন কৰিছে৷ ভেনিজুৱেলান সকলৰ ৬০ শতাংশ ইউৰোপৰ – বিশেষকৈ পৰ্তুগীজ, ইটালী, জাৰ্মানী, ফ্ৰান্স, ইংলণ্ড, পোলেণ্ডৰ লোক; গতিকে জন্মসূত্ৰেই তেওঁলোক ধুনীয়া ককেচিয়ান জাতিৰ৷ দ্বিতীয়তে, দেশৰ বেছিভাগ যুৱতী উচ্চ বা অন্তঃৰাষ্ট্ৰীয় পয্যায়ৰ সৌন্দৰ্য প্ৰতিযোগীতা বোৰৰ প্ৰতি অতি আগ্ৰহশীল; তেওঁলোক সাংঘাতিক পেছাদাৰী আৰু নিজৰ ৰূপত শান দিবলৈ চকু, মুখ, নাক, কপাল, ওঁঠ বা শৰীৰৰ যিকোনো অঙ্গ যি কোনো সময়ত অস্ত্ৰোপচাৰ কৰাবলৈ দ্বিধা বোধ নকৰে৷ তৃতীয়তে, পাঁচ বছৰ বয়সৰ পৰা ইচ্ছুক নাবালিকা সকলে ‘মডেলিং’ আৰু নিজকে ‘মোহনীয়া’ কৰিব পৰা (Modeling & Charm schools) বিদ্যালয় বা শিক্ষা অনুষ্ঠানলৈ যাব পাৰে৷ মোৰ কথা শুনি প্ৰশান্ত দাৰ মাত হৰিল৷ তেওঁক শেষ বাৰৰ বাবে এটা সাৱধান বাণী শুনালোঁ – “হেন জানি প্ৰশান্ত দা, আপুনি ইয়াৰ হোটেলৰে হওক বা বাহিৰৰে হওক, সুন্দৰীগণৰ পৰা আঁতৰি থকাই মঙ্গল! কেনেবাকৈ ইয়াত মন বহিলে দিল্লী বা ঘৰ গৈ নাপায়গৈ!”

চাওঁতে চাওঁতে ছদিনৰ মূৰত আমাৰ উভতিবৰ সময় হ’ল; আমি ভেনিজুৱেলালৈ যিটো পথেৰে গৈছিলোঁ সেই একে পথেৰে পেৰিছহৈ প্ৰত্যাবৰ্তন কৰিলোঁ৷ ‘বিশ্ব সুন্দৰী’সকলৰ দেশ এৰি অহাৰ সময়ত প্ৰশান্ত দাৰ মনটো যেন কিছু সেমেকিছিল৷ উভতি অহাৰ আগেয়ে এটা নিশা আমাৰ পৰিচালন সঞ্চালকৰ ফালৰ পৰা আৰু আন এটা নিশা পি, ডি, ভি, এচ্, এৰ ফালৰ পৰা নৈশ ভোজৰ আয়োজন কৰা হৈছিল৷ সেয়া আছিল ২০ বছৰৰ আগৰ কথা৷ আমি উভতি অহাৰ পিছত পি, ডি, ভি, এচ্, এৰ সৈতে পতা কথা-বতৰাবোৰ কিমান দূৰ আগবাঢ়িছিল বা আমাৰ তৈল মন্ত্ৰালয়ে কি মতামত দিছিল সেইবোৰ কথাৰ আমি ভূ নাপাওঁ৷ মাজতে আমাৰ কিছু লোকক প্ৰশিক্ষণৰ বাবে ভেনিজুৱেলালৈ পঠিওৱাৰ কথাও শুনা পাইছিলোঁ৷ কিন্তু ইতিমধ্যে ভেনিজুৱেলাৰ আভ্যন্তৰীণ সমস্যাবোৰ জটিল হৈ পৰাৰ বাবে হয়তো এই কথাবোৰ তল পৰিছিল৷

১৯৬০ চনত বিশ্বৰ অন্যতম চহকী দেশৰূপে স্বীকৃত ভেনিজুৱেলাখন ৰাষ্ট্ৰপতি হিউগো চাভেজ আৰু নিকোলাচ মাডুৰ’ৰ শাসন কালত সম্পূৰ্ণৰূপে বিধ্বস্ত হ’ল৷ পি, ডি, ভি, এচ্, এৰ দৰে পৃথিৱীৰ অন্যতম বৃহৎ আৰু শ্ৰেষ্ঠ তৈল কোম্পানীটোৰ পৰা প্ৰাপ্ত ৰাজহেৰে ১৫ বছৰ ধৰি চাভেজে দেশৰ ৩০ কোটি জনতাৰ বাবে শিক্ষা, স্বাস্থ্য, খাদ্য, আবাস গৃহ নিৰ্মাণ, পেঞ্চন আৰু নানা ধৰণৰ সামাজিক কাৰ্যৰ বাবে জধেমধে খৰচ কৰিবলৈ ধৰিলে৷ দেশৰ দৰিদ্ৰতা যথেষ্ট কমিল যদিও দিনে দিনে খাৰুৱা তেলৰ ওপৰত থকা নিৰ্ভৰশীলতা বাঢ়িবলৈ ধৰে৷ ভূ-গৰ্ভৰ তৈলভাণ্ডাৰবোৰৰ পৰা জধেমধে তৈল উত্তোলন কৰিবলৈ নিৰ্দেশ দিয়াৰ ফলত তৈলকূপবোৰৰ পৰা অভূতপূৰ্বভাৱে উত্পাদন কমিবলৈ ধৰিলে৷ খাৰুৱা তেলৰ পৰা লাভ কৰা এক পইচাও তৈলক্ষেত্ৰবোৰৰ উন্নয়নৰ বাবে বা হ্ৰাস পোৱা তৈল উত্পাদন বঢ়াবলৈ আৱশ্যক হোৱা অতিৰিক্ত কূপবোৰৰ খননৰ বাবে মঞ্জুৰ নহ’ল৷ ভূ-গৰ্ভৰ তৈলভাণ্ডাৰ বোৰৰ প্ৰাকৃতিক চাপ বাহাল ৰাখিবলৈ অতিকৈ প্ৰয়োজন হৈ পৰা পানী বা গেছ সংযোজন আঁচনিবোৰো (Water and Gas Injection Projects) বন্ধ হৈ পৰিল৷ পি, ডি, ভি, এচ্, এৰ যি সকল মুৰব্বী বা কাৰিকৰী বিশেষজ্ঞই ৰাষ্ট্ৰপতিৰ এইবোৰ কথাৰ বিৰোধিতা কৰিলে তেওঁলোকক লগে লগে বৰ্খাস্ত কৰা হ’ল৷ কোম্পানীৰ হাজাৰ হাজাৰ লোকে চাকৰি হেৰুৱালে; যি কেইজন বাকী থাকিল তেওঁলোকেও দৰমহাৰ নামত মাত্ৰ কেইটামান টকাহে পাবলৈ ধৰিলে৷ নিজৰ ইচ্ছামতে জধেমধে মিলিটেৰী বিষয়া সকলক তৈলক্ষেত্ৰবোৰত নিযুক্তি দিবলৈ ধৰাত তৈল প্ৰদুষণ, দুৰ্ঘটনা ইত্যাদি বাঢ়িবলৈ ধৰে৷ ইয়াৰ উপৰি বাহিৰত ভেনিজুৱেলাৰ সুনাম প্ৰচাৰৰ অৰ্থে হিউগো চাভেজে কিউবা, অন্যান্য দক্ষিণ আমেৰিকাৰ দেশ আৰু চীন দেশলৈ কম মূল্যত খাৰুৱা তেল যোগান ধৰিবলৈ আৰম্ভ কৰিলে৷ চাভেজৰ মৃত্যুৰ পিছত ২০১৩ চনত নিকোলাচ মাডুৰ’ ক্ষমতালৈ আহে কিন্তু তেৱোঁ ভেনিজুৱেলাৰ পৰি অহা অৰ্থনৈতিক অৱস্থাৰ একো উন্নতি সাধন কৰিব নোৱাৰিলে৷ ২০১৫ চনত বিশ্বৰ খাৰুৱা তেলৰ দামৰ পতন ঘটাত ভেনিজুৱেলাত কেনে এক অবৰ্ণনীয় অৱস্থা হৈছিল আমি সকলোৱে জানো৷ দুৰ্ভিক্ষ, বেমাৰ-আজাৰত পৰি খোৱা-বস্তু, পানী, ঔষধ ইত্যাদি একো কিনিব নোৱাৰা হাজাৰ হাজাৰ লোক কদৰ্পকশূন্য হৈ নিকটৱৰ্তী দেশবোৰলৈ শৰণাৰ্থী হৈ যাত্ৰা কৰাৰ কৰুণ দৃশ্য এতিয়াও মনত পৰে৷ দেশৰ অৱস্থা অৱনতি ঘটাৰ লগে লগে মাডুৰ’ই বিপৰীত পক্ষৰ ৰাজনৈতিক নেতাসকলক বন্দী কৰি টিভিৰ বাতৰি প্ৰতিষ্ঠান, সাংবাদিক সকলোৰে ওপৰত নিষেধাজ্ঞা জাৰি কৰে আৰু নিজ পক্ষৰ সমৰ্থকেৰে ভৰা ভেনিজুৱেলা চুপ্ৰিম কৰ্টৰ সহায়ত জাতীয় পৰিষদ বা ‘নেশ্যনেল এচেম্বলি’ৰ সকলো শক্তি কাঢ়ি নিজৰ প্ৰভুত্ব স্থাপন কৰে৷ ২০১৮ চনৰ নিৰ্বাচনত এক বিশাল ভোটৰ ব্যৱধানত মাদুৰ’ দ্বিতীয় বাৰৰ বাবে বিজয়ী হয়৷ পশ্চিম গোলাৰ্দ্ধৰ বহুতো দেশে এই নিৰ্বাচনৰ ফলাফলৰ বৈধতাৰ প্ৰতি এতিয়াও সন্দেহ প্ৰকাশ কৰে৷ ২০১৯ চনৰ জানুৱাৰী মাহত জাতীয় পৰিষদৰ মুখ্য বিষয়া গুৱাইড’ই ভেনিজুৱেলা সংবিধানৰ দোহাই দি নিজকে মধ্যকালীন ৰাষ্ট্ৰপতি হিচাবে ঘোষণা কৰে৷ দুয়োজন প্ৰতিদ্বন্দ্বীৰ মাজত দেশ শাসনৰ বাঘজৰী লৈ এতিয়াও টনা-আজোঁৰা চলি আছে৷

২০০৩ চনৰ জানুৱাৰী মাহত ময়ো অইল ইণ্ডিয়া এৰি ওমানলৈ গুচি অহাৰ পিছত ভেনিজুৱেলাৰ সৈতে হ’বলগীয়া আঁচনিৰ সম্বন্ধে একো খবৰ নাপাওঁ৷ বোধকৰোঁ পৰিকল্পনা কৰা সকলো কাম-কাজ অইল ইণ্ডিয়াই অৱশেষত প্ৰত্যাহাৰ কৰিছিল৷ ইণ্টাৰনেটৰ এটা বাতৰি অনুসৰি কানাডাৰ ‘বেলগ্ৰেভ অইল এণ্ড গেছ কৰ্পৰেশ্যন’ৰ তত্ত্বাৱধানত অইল ইণ্ডিয়াই ২০১৮ চনৰ নবেম্বৰ মাহত ৰাজস্থানৰ বাঘেৱালা কূপ নং-৮ত ‘চাইক্লিক্ ষ্টিম্ ইঞ্জেকশ্যন্’ পদ্ধতিৰে গধুৰ খাৰুৱা তেল সফলতাৰে ভূ-গৰ্ভৰ পৰা নিষ্কাশন কৰে৷ ইয়াৰ লগে লগে অইল ইণ্ডিয়াৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা হ’ল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক