ভেলাপুজি-তাহানি আৰু আজি – সুনীল দত্ত

 বছৰেকীয়া পৰীক্ষা শেষ হোৱাৰ পিছতেই আমাৰ সকলোৰে মনবোৰ উৎসাহেৰে নধৰা হয়৷ মাঘৰ ‘দমহী’ আহি আছে৷ ভেলাপুজিৰ কাৰণে নৰা কাটিবৰ সময় হ’ল৷ স্কুলত পঢ়ি থকা ল’ৰাবোৰে প্ৰথমে নৰা কটা আৰম্ভ কৰোঁ৷ পথাৰত থকা জহা, বৰা, টাঙাগুৰি বা লাকী ধানৰ নৰাবোৰ সাধাৰণতে ভেলাপুজিৰ বাবে উৎকৃষ্ট বুলি ধৰা যায়৷ তেনেকুৱা এডৰা নৰা বিচাৰি লৈ আমি নৰা কটা আৰম্ভ কৰোঁ৷ ডাঙৰ ল’ৰাবোৰে দুদিনমান পিছত আমাৰ লগত যোগ দিয়ে৷ প্ৰতিদিনে নৰা কটা ল’ৰাবোৰক চাহ খুওৱাৰ দ্বায়িত্ব পাল পাতি প্ৰতিঘৰ মানুহেই লয়৷ চাহৰ লগত কাটা বিস্কুট বা কুকিচ বিস্কুট দুপেকেটমান থাকে৷ কটা নৰাবোৰ সাধাৰণতে মাটিডৰাতেই এটা দম কৰি থৈ দিওঁ৷ এনেকৈ প্ৰতিদিনে এটা এটা দমৰ সৃষ্টি হয়৷ দুদিনমান পিছৰ পৰা আবেলি নৰাবোৰ আঁটি বান্ধি ভেলাপুজি বান্ধিবলগীয়া ঠাইলৈ মূৰত লৈ কঢ়িয়াই আনো৷ তাতেই নৰাবোৰ লগ লগাই বহলকৈ এটা ডাঙৰ দম কৰা হয়৷ পথাৰত থকা সৰু সৰু দমবোৰ মাজে মাজে বেলেগ চুবুৰীৰ ল’ৰাই চুৰি কৰে৷ তেজৰ সলনি তেজ ফৰ্মুলা প্ৰয়োগ কৰি আমিও বেলেগৰ নৰাৰ দম চুৰি কৰো৷ মাঘৰ ‘দমহী’লৈ সাতদিনমান থাকোতেই বাঁহ তোলা কাৰ্য্যসূচী আৰম্ভ হয়৷ প্ৰায় প্ৰতিঘৰ মানুহৰেই ঘৰত বাঁহ থাকেই৷ প্ৰত্যেকৰে পৰা এটা কুমলীয়া বাঁহ আৰু এটা পূৰঠ বাঁহ তোলা হয়৷ কুমলীয়া বাঁহেৰে ভেলাপুজি আৰু ভেলাঘৰ বন্ধা হ’ব আৰু পূৰঠ বাঁহবোৰ অলপ কম দামত বিক্ৰী কৰা হয়৷ বিক্ৰী কৰি পোৱা টকাখিনি মাইকৰ ভাৰা আৰু উৰুকাৰ পিছত ল’ৰাবোৰে খানা খাওঁতে খৰচ কৰা হয়৷

ভেলাপুজি বান্ধোতে নটা বা এঘাৰটা বাঁহ ব্যৱহাৰ কৰা হয়৷ দকৈ এটা গাঁত খান্দি তাতেই পোন বাঁহ এডাল পোতা হয়৷ সেইডালক ঘাঁই বোলা হয়৷ বাঁহডাল মজবুত হ’বলৈ সেইটো গাঁততে দহফুটমান দীঘল বাঁহৰ টুকুৰা এটা পুতি তমালেৰে ভালকৈ বান্ধি লোৱা হয়৷ তাৰ পিছত ঘাঁইডালক কেন্দ্ৰ কৰি সমান দূৰত্বত ঘূৰণীয়াকৈ বাকী থকা আঠডাল বা নডাল বাঁহ থিয় কৰা হয়৷ বাঁহবোৰ আগলিৰে সৈতে থাকে৷ সকলো বাঁহ থিয় কৰাৰ পিছত আটাইকেইডাল বাঁহ আগলিৰ ওচৰত নলিহা তমালেৰে ভালকৈ বান্ধি লোৱা হয়৷ এই আটাইখিনি কামত সাধাৰণতে আমাৰ চেঙেলীয়াবোৰৰ একো কাম নাথাকে৷ এইখিনি সময়ত আমি নৰাৰ দমটোত কুস্তি প্ৰদৰ্শন কৰি থাকোঁ৷ বিশ মিটাৰমান দূৰৰ পৰা দৌৰি আহি ওপৰলৈ জাপ মাৰি শূন্যতেই দুটামান পাকঘূৰণি দি ধুপুচকৈ নৰাৰ দমটোত পৰোঁ৷ ভেলাপুজিৰ ফ্ৰেমটো বনোৱা হোৱাৰ পিছত ভিতৰত সাই দিয়া কাৰ্য্যসূচী আৰম্ভ হয়৷ সাই মানে ভেলাপুজিৰ ভিতৰত হেঁচি হেঁচি ভৰোৱা বাঁহৰ আগলি আৰু গছৰ ডাল৷ সাই যিমানেই ভৰাব পাৰি সিমানেই ভেলাপুজিটো বেছি সময় জ্বলে৷ সাই ভৰোৱাৰ পিছত নৰা জপা কাম আৰম্ভ হয়৷ নৰা জপাৰ আগতে নৰাবোৰ ওখোনেৰে ভালকৈ ওখোনিয়াই লোৱা হয়৷ লাহে লাহে ভেলাপুজিত নৰা জপা কাম চলি থাকে৷ হাতেৰে ঢুকি নোপোৱা হোৱাৰ পিছত দুজনমানে ওপৰত উঠি লয়৷ আমি নৰাৰ সৰু সৰু আঁটি বনাও আৰু ওপৰলৈ দলিয়াওঁ৷ ওপৰত থকাকেইজনে শূন্যতেই থাপ মাৰি ধৰে আৰু জাপি থাকে৷

ওপৰৰ তমালৰ গাঁঠি পাবলৈ দুফুটমান বাকী থকা অৱস্থাত আমাৰ বাবে সকলোতকৈ আনন্দৰ কামটো আহি পৰে৷ ঢুৰি পকাব লাগিব৷ ঢুৰি পকাবলৈ কাৰোবাৰ ঘৰৰ পৰা এসোপা ধানখেৰ অনা হয়৷ তাৰপিছত এজনে খেৰৰ দমটোত বহি লৈ ডাঙৰ ৰছী এডালৰ সমান জোখত খেৰ লৈ হাতেৰে পকাই পকাই দি থাকে আৰু আমি খেৰত ধৰি ওলোটাকৈ পকাই পকাই গৈ থাকো৷ লাহে লাহে ঢুৰিডাল দীঘল হৈ গৈ থাকে আৰু ঢুৰিডালত ধৰা ল’ৰাৰ সংখ্যাও বাঢ়ি থাকে৷ এটা সময়ত বিশৰ পৰা ত্ৰিশফুট দীঘল ঢুৰিডাল সাঁজু হৈ উঠে৷ ঢুৰিডালৰ এটা মূৰ ওখ বাঁহ এডালত গাঁঠি মাৰি ওপৰত থকা ল’ৰাজনলৈ আগবঢ়াই দিয়া হয়৷ গাঁঠিটো খুলি ল’ৰাজনে ঢুৰিৰ মূৰটো বাঁহ এডালত বান্ধি লয়৷ তাৰপিছত ঢুৰিডালত ধৰি আমি ভেলাপুজিটোৰ চাৰিওপিনে দৌৰা আৰম্ভ কৰোঁ৷ ওপৰত থকাজনে ঢুৰিডাল ভেলাপুজিত সমানকৈ হাতেৰে মেৰিয়াই থাকে৷ এটা সময়ত ঢুৰি মেৰিওৱা কামটো শেষ হয়৷ এইবাৰ ঢুৰিডালৰ ওপৰত কলগছৰ দোনা এটা ধুনীয়াকৈ চিলাই দিয়া হয়৷ দোনাটোৰ ওপৰত গেন্ধাই ফুলৰ মালা এডাল গাঁথি দিয়া হয়৷

ডাঙৰ ভেলাপুজিৰ ওচৰতে সৰু সৰু আন দুটামান ভেলাপুজি বন্ধা হয়৷ ডাঙৰ ভেলাপুজিটোক বুঢ়াভেল্লা আৰু সৰু ভেলাপুজিবোৰক চানাভেল্লা বুলি কোৱা হয়৷ ওচৰতে ভেলাঘৰটো বন্ধা হয়৷ উৰুকাৰ আগদিনা গধূলিতেই ঠেলাত উঠাই মাইক আৰু বেটেৰী আনি ভেলাঘৰত স্থাপন কৰা হয়৷ তাৰপিছত ওৰেনিশা উচ্চস্তৰত মাইক বজোৱা হয়৷ মাজে মাজে যিয়ে সুযোগ পায় সিয়েই ঘোষণা একোটা কৰে নাইবা বেসুৰা কণ্ঠত গান জোৰে৷ ৰাতি সকলোৱে এজন দুজনকৈ পাল পাতি ঘৰে ঘৰে ভাত খাই আহি ভেলাঘৰ পায়হি৷ ভেলাঘৰৰ ওচৰতে গাঁত খান্দি ধুনি পুওৱাৰ ব্যৱস্থা কৰা হয়৷ ৰাতি যিমানেই গভীৰ হয় সিমানেই ধুনিৰ জুয়ো বাঢ়ি যায়৷ কাৰোবাৰ বেৰ, কাৰোবাৰ জপনা, কাৰোবাৰ কাপোৰ মেলি দিয়া বাঁহডাল আহি ধুনিৰ গাঁতত সোমাবলৈ ধৰে৷ তাৰ মাজতেই কোনোবাই জ্বলি থকা জপনা এখনলৈ চাই মাত লগায়-“এইখন চোন আমাৰ পদূলিৰ জপনা! কাইলৈ ঘৰত গালি খাব লাগিব৷ “পিছদিনা বাপেকে কৃত্ৰিম খঙেৰে ল’ৰাটোক ধমকি দিয়ে-“ঐ গজমূৰা৷ ৰাতি ৰাস্তাৰ জপনাখন তই থাকোতেই কেনেকৈ পুৰিলে? “

উৰুকাৰ দিনা ব্ৰহ্মপুৱাতেই ভেলাপুজিৰ চাৰিওপিনে প্ৰদক্ষিণ কৰি জুই দিয়া হয়৷ জুই দিবলৈ উকৰা (জুমুথি) ব্যৱহাৰ কৰা হয়৷ লাহে লাহে জুই লাগিবলৈ আৰম্ভ হয়৷ কুমলীয়া বাঁহবোৰ আৰু ভিতৰত সাই হিচাপে দিয়া আগলিবোৰ হিলৈ যাবলৈ আৰম্ভ হয়৷ বয়োজ্যেষ্ঠ এজনে হৰিধ্বনি দিয়ে-“জয়ৰে বুঢ়া ভেল্লাক চিন্তি হৰিবোলো, হৰিবোলো, হৰিবোলো৷” আমিও লগতে দেদাউৰি পাৰোঁ-“হৰিবোলো, হৰিবোলো, হৰিবোলো৷” অলপ সময়ৰ পিছত ভেলাপুজিটো বাগৰি পৰে৷ যিপিনে বাগৰে সেইপিন খেতি ভাল হ’ব বুলি ভবা হয়৷ দুই এজনে আধাপোৰা বাঁহেৰে মাহকৰাই খোৱা চুঙা বনাই দিয়ে৷ চুঙাৰ বাবে সকলোৱে শাৰী পাতে৷ জুইৰ তাপ কমাৰ পিছত আধাপোৰা বাঁহৰ টুকুৰা এটা আৰু ছাঁই অলপ লৈ প্ৰত্যেকে ঘৰমুৱা হয়৷ বাঁহৰ টুকুৰাটো নাৰিকল গছ এডালত ভেঁজা দি থব লাগিব৷ তেতিয়া নাৰিকল সৰহকৈ লাগে৷ আনহাতে ছাঁইখিনিৰে গৰুবোৰক ফোঁট দিব লাগিব৷

তাহানিৰ সেই পৰিৱেশ আজি আৰু নাই৷ তাহানি মানে আজিৰপৰা দহ বছৰ আগলৈকে সেইটো পৰিৱেশেই আছিল৷ এতিয়াহে নাই৷ নৰা কাটিবলৈ যাবলৈ কাৰো সময় নাই৷ ডাঙৰ ভেলাপুজি বান্ধিবলৈ কাৰো উৎসাহ নাই৷ এতিয়া হাজিৰা দি কাৰোবাৰ হতুৱাই নৰা কটাই সৰুকৈ হ’লেও ভেলাপুজি এটা বনাই নিয়মটোহে ৰক্ষা কৰি থকা গৈছে৷ ঘৰৰ ওচৰৰ গাঁও এখনত ভেলাপুজি এটা দেখি মনটো সঁচাকৈয়েই ভাল লাগি গ’ল৷ তাহানিৰ কথাবোৰ মনত পৰি আপ্লুত হোৱাৰ লগতে দুখতো কাতৰ হৈ পৰিলোঁ৷

(দোমাহী বা বিহু বুলি জানি শুনিয়েই লিখা নাই৷ মাঘৰ দমহী বুলি ক’লে বা শুনিলে যিটো আৱেগ অনুভৱ কৰোঁ সেইটো আৱেগ মাঘবিহু বা মাঘৰ দোমাহী বুলি ক’লে বা শুনিলে অনুভৱ নকৰোঁ৷ )

★★★

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক