ভেলা-মধুপুৰ ধামত সংৰক্ষিত গুৰুজনাৰ সম্পদসমূহ – অজয় বৰুৱা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বৰ অসমৰ নিৰ্মাতা, শিক্ষাৰ মোল বুজোতা আৰু বুজাওতা, শাস্ত্ৰপুথি কৰিবলৈ বিদেশ যাত্ৰা কৰোঁতা প্ৰথম অসমীয়া গৱেষক৷ আনকি গৱেষণাত প্ৰাপ্ত ধৰ্মতত্ত্বৰ জ্ঞান দিওঁতা আৰু মানুহৰ মানৱীয় প্ৰমূল্য প্ৰদান কৰাৰ যোগ্যতা সৰ্বপ্ৰথম এই গুৰুজনা৷ উচ্চ সামাজিক চিন্তা, পবিত্ৰতা আৰু আধ্যাত্মিকতাৰ এই যুগৰ ব্যক্তিসকল মানসিক বিকাশ সাধন কৰিবলৈ তেৰাই বৈষ্ণৱ ধৰ্মৰ মূল হিচাপে সত্ৰ, নামঘৰ, মঠ আদিৰ ভেটি বান্ধিছিল৷ এই অনুষ্ঠানবোৰ কেতিয়াবা ৰজাঘৰীয়া সহায় লাভ কৰিছিল নহ’লে ৰজাৰ আক্ৰোশৰ বলি হৈছিল৷ প্ৰায় পাঁচশ বছৰ আগেয়ে অসমভূমিক সৰু বৰ প্ৰায় ছয়শৰো অধিক সত্ৰ নামঘৰ প্ৰতিষ্ঠা হৈছিল৷ সেই বিপদসংকুল দিনবোৰত গুৰু শংকৰৰ বৈষ্ণৱ ধৰ্ম বিস্তৃত সহায় কৰিছিল হৰিদেৱ, মাধৱদেৱ আৰু দামোদৰদেৱ নামৰ তিনিগৰাকী মহাপুৰুষে৷

অসমৰ পশ্চিম সীমাৰ গাতে লগা চুবুৰীয়া অঞ্চল উত্তৰবংগ৷ বৰ্তমান পশ্চিমবংগ এই অঞ্চলটিৰ এখন প্ৰসিদ্ধ ঐতিহাসিক ঠাই কোচবিহাৰ বা বেহাৰ৷ পাঁচশ বছৰ আগেয়ে ৰাজত্ব কৰা ৰজা নৰনাৰায়ণ আৰু বীৰ চিলাৰায় দেৱানৰ দেশ৷ এই কোচবিহাৰ অসমৰ মহাপুৰুষসকলৰ প্ৰিয়স্থান৷ বৰ্তমান উত্তৰবংগৰ প্ৰাণকেন্দ্ৰ৷ তিস্তা, তোৰোচা, মানচাই, কালজানী, সোণকোষ, ৰায়ডাক, গদাধৰ, ধৰলা, ঘৰঘৰিয়া, দেলেং আদি নদীৰ পলশেৰে উৰ্বৰা কোচবিহাৰ৷ এই স্থানতে ধৰ্মপৰায়ণ, সাহিত্যানুৰাগী, শিক্ষাপ্ৰেমী আৰু বিদ্বান মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত শংকৰ গুৰুজনাই শিক্ষা আৰু বিদ্যাৰ গুণত উচ্চস্থান লাভ কৰিছিল৷ এই ৰাজসভাতেই গুৰুজনাৰ লগত যুক্তি -তৰ্কত ব্ৰাহ্মণ পণ্ডিতসকলে পৰাজয় স্বীকাৰ কৰোঁতে তান্ত্ৰিক শাস্ত্ৰবোৰ কাটি-কুটি টুকুৰা-টুকুৰ কৰি নাৱত ভৰাই তোৰোচা নৈত উটুৱাই দিছিল৷ তাৰ পিছতেই তোৰোচা নৈৰ মৰাসুঁতিটোৱে কাকতকূটা নাম পালে৷ এই কাকতকূটা অসমৰ সংস্কৃতিৰ অবিচ্ছেদ্য অংগ৷ প্ৰায় ১৫৪৫-১৫৫০ চনৰ ভিতৰত নৰনাৰায়ণে গুৰুজনাৰ বাবে কাকতকূটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল৷ য’ত থাকি আগবেলা চিলাৰায় ওচৰলৈ আৰু পিছবেলা নৰনাৰায়নৰ ওচৰলৈ গৈ ধৰ্মালোচনা কৰাৰ নিয়ম ৰক্ষা কৰিছিল গুৰুজনাই৷ এই কাকতকূটাই গুৰুজনাৰ শেষ নিবাস স্থল হিচাপে প্ৰসিদ্ধ হৈছিল৷ গুৰুজনাৰ সান্নিধ্যলৈ আহি ৰজা নৰনাৰায়ণে গুৰুজনাক সকলোফালৰ পৰা বুজি গুৰু হিচাপে পাব বিচাৰিছিল৷ কিন্তু ৰজা, স্ত্ৰী আৰু কৰ্ম ব্ৰাহ্মণৰ গুৰু হ’বলৈ মান্তি নোহোৱা গুৰুজনাৰ ওচৰত ৰজা নৰনাৰায়ণে শৰণ ল’বলৈ বদ্ধপৰিকৰ হোৱাত উপায়হীন হৈ নিজেই আত্মবলিদান দিয়াৰ কথা গুৰুচৰিত্ৰত পোৱা যায়৷ ভাদ মাহৰ ২১ দিন যাওঁতে শুক্লা দ্বিতীয়া বৃহস্পতিবাৰে পুৱা ভেলাকাকতকুটাত তেৰাই নৰনাট সামৰে৷ গুৰুজনাৰ নশ্বৰদেহ তোৰাচা নদীৰ কাকতকূটা ঘাটৰ কিনাৰত দাহ-সংস্কাৰ কৰা হৈছিল৷ ১৫৮৭ চনমানলৈ কাকতকূটা সত্ৰ বৰ্তি আছিল যদিও তোৰাচা নদীয়ে সত্ৰ খহাবলৈ আৰম্ভ কৰোঁতে নৰনাৰায়ণৰ পুত্ৰ লক্ষ্মীনাৰায়ণৰ দিনত সত্ৰ সমূহৰ সম্পদ মধুপুৰলৈ স্থানান্তৰ কৰে৷ মহাপুৰুষ দামোদৰদেৱে শেষ বয়সত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবলৈ আহি মধুপুৰৰ ওচৰত বৈকুণ্ঠপুৰত আছিল আৰু ইয়াতেই তেওঁৰ মহাপ্ৰয়াণ ঘটে৷ ইয়াৰ উপৰিও মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জীৱনৰ শেষ নিবাস স্থল তথা দেহত্যাগৰ স্থান হ’ল ভেলা সত্ৰ৷ অতীতৰ ভেলা সত্ৰ, ভেলাডোবা, ভেলাদাঙ্গা ধাম এইখনেই আছিল৷ ভেলা সত্ৰ, ভেলা মধুপুৰ এই বৃহৎ এলেকা একেখন ঠাইৰে অংশ আছিল৷ কোচবিহাৰৰ মধুপুৰ বৰ্তমান সত্ৰ বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ যদিও গুৰুজনাৰ দিনত কাকতকূটাই আছিল বৈষ্ণৱ সংস্কৃতিৰ মূলকেন্দ্ৰ আৰু মাধৱদেৱ কালত ভেলাসত্ৰ আছিল বৈষ্ণৱ সংস্কৃতিৰ মূল কেন্দ্ৰ স্বৰূপ৷ তোৰোচা নদীৰ এই সত্ৰ গ্ৰাস কৰিব আৰম্ভ কৰাত ৰজা লক্ষ্মীনাৰায়ণৰ পুত্ৰ বীৰনাৰায়ণে ভেলা সত্ৰৰ মাটি খান্দি নি মধুপুৰত প্ৰতিষ্ঠা কৰে বুলি ভকত বৈষ্ণৱে কয়৷ মাধৱদেৱে জীৱনৰ শেষ সময়ত লক্ষ্মীনাৰায়ণ ৰজাৰ সুহৃদ হৈ আছিল৷ গুৰুজনাৰ গুণৰাজিৰ প্ৰতি আসক্ত হৈ তেৰাৰ ওচৰত শৰণ লবলৈ ইচ্ছা কৰিছিল৷ তেতিয়া মাধৱদেৱেও নিজগুৰু শংকৰদেৱৰ পথকেই অৱলম্বন কৰিলে৷ তে‌ওঁৰ বৃদ্ধ শৰীৰ বুলি ৰাজকাৰেঙলৈ যাবলৈ অনীহা প্ৰকাশ কৰিলে৷ কিন্তু ৰজাৰ হেঁচাত গুৰুৰ অৱস্থাৰেই পুনৰাবৃত্তি হ’ল৷ ৰজাক শৰণ দিয়াৰ অজুহাততে ভেলাসত্ৰত মাধৱদেৱৰো মহাপ্ৰয়াণ ঘটিল৷ মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰে তোৰোচা নদীৰ দাঁতিত তে‌ওঁক সংস্কাৰ কৰে৷ লক্ষ্মীনাৰায়ণ ৰজাই গুৰুজনাৰ মৃত্যুত নিজকে দায়ী মহাপাপী আদি বুলি স্বীকাৰ কৰিলে আৰু অচ্যুতগুৰুক ভেলা সত্ৰৰ সত্ৰীয়া বা অধিকাৰ পাতে৷ একেদৰে ভেলা সত্ৰকো তোৰোচা নদীয়ে গ্ৰাস কৰিব আৰম্ভ কৰোঁতে তাৰ মাটি খান্দি আনি মধুপুৰত বীৰনাৰায়নে পূৰ্ণাংগ সত্ৰ স্থাপন কৰে৷ মাধৱদেৱৰ মৃত্যুৰ পিছত তে‌ওঁৰ প্ৰিয় শ‌িষ্য দহজনক ধৰ্মৰ ভাৰ হাতত দিছিল বাবে মধুপুৰ সত্ৰত দহমুকুটৰ থান বুলিও জনা যায়৷ শংকৰ গুৰুৱে জ্বলোৱা অখণ্ড বন্তিগছি ইয়াত এতিয়াও জ্বলি আছে৷ ১৯৬৪ চনত অসম চৰকাৰে, অসমৰ ভক্তবৃন্দৰ সাহায্য আৰু কোচবিহাৰৰ মহাৰাজ জগদ্দীপেন্দ্ৰ নাৰায়ণৰ সহায়ত মধুপুৰ ধামত ৫৩ ফুট উচ্চতাৰ পকী মন্দিৰটি নিৰ্মাণ কৰা হয়৷ মন্দিৰৰ ভিতৰত গুৰুজনাৰ জীৱনৰ সতে জড়িত বিভিন্ন সম্পদ ইয়াত সংৰক্ষিত হৈ আছে৷ সত্ৰ সমূহৰ ধৰ্মীয় ৰীতি-নীতি বাধ্যবাধকতাৰ মাজত থকা বাবে এই সম্পদসমূহ আজিকোপতি বৰ্তমান৷ অতি পুৰণি ঐতিহ্যময় শংকৰ-মাধৱদেৱৰ পদৰেণু ৰঞ্জিত ভেলা মধুপুৰ ধামৰ অৱস্থা মাধৱদেৱৰ জীৱনধাৰাৰ প্ৰতীক৷ এতিয়াও সুদৃশ্য দেৱগৃহত সাতখলপীয়া গুৰু আসনে গুৰু আসনত শোভা বৰ্ধন কৰি আছে৷ শংকৰ গুৰুৰ স্বহস্তে লিখা “গুণমালা“ আৰু “ভাগৱত দশম“ৰ লগতে গুৰুৰ নয়পদ আৰু মাধৱদেৱৰ ছয়পদ সেৱাৰ বস্তু দেৱগৃহত সংৰক্ষিতহৈ আছে৷ সেৱাৰ সমূহ বস্তু বছৰৰ দুটা উৎসৱত প্ৰদৰ্শিত হৈ থাকে৷ গুৰুজনাৰ জন্ম তিথি আৰু গোবিন্দ আতাৰ তিথি উৎসৱ মাঘৰ দ্বিতীয়া তিথিত৷ সেৱাৰ কিছুমান বস্তু বা সম্পদ হ’ল,
▪ গুৰুজনাই স্বহস্তে লিখা গুণমালা আৰু দশম, ▪ কীৰ্ত্তঘোষা, ▪মাধৱদেৱৰ ভক্তিৰত্নাৱলী, নামঘোষা ▪ গুৰুদুজনাৰ পদধূলি ▪ মাধৱদেৱে ব্যৱহৃত কাঠৰ কৰণ্ডলু, ▪ গুৰুদুজনাৰ চন্দন কাঠৰ পাদুকা ▪ সাঁচিপাত প্ৰস্তুৰৰ মাজৰ বা জাঁত শিল বা ঝাউশীল, বৃন্দাবনী বস্ত্ৰৰ দহি সূত্ৰ আৰু বীৰনাৰায়ণে দিয়া চতুৰ্ভুজ বিষ্ণুমূৰ্তি, ▪ তাহানিৰ অক্ষয়বন্তি, ▪কাঠৰ খেলে, ডঙ্কা, ▪ভিন ভিন ধৰণৰ তাল, বাদ্য আদি৷ এই বস্তুবোৰৰ কেইটামানৰ চমুবিবৰণ দাঙি ধৰা হ’ল,

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ধীৰেন শইকীয়া
10 months ago

অজয় বৰুৱাৰ প্ৰবন্ধটো পঢ়ি বহু কথা জানিলো,ধন্যবাদ তেওঁলৈ

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক