ভেলেণ্টাইন ডে’- (উৎপলা কৌৰ)

নৈৰ পাৰতে খেল পথাৰখন য’ত মহাবিদ্যালয় সপ্তাহ চলি আছে৷ কিছুমানে অংশ লৈছে৷ কিছুমানে এনেই খেল চাবলৈ আহিছে৷ প্ৰকাণ্ড ফিল্ডখনৰ একাষত ক’তো অংশ নোলোৱা ল’ৰা কেইটমানে নিজে লৈ অহা বেট-বলেৰে ক্ৰিকেট খেলি আছে৷ তাৰে এজনে বেটিং কৰি থকাৰ লগে লগে ফিল্ডৰ লগতে লাগি থকা বাচ-ষ্টেণ্ডতো সমানো চকু দি আছে৷ তাই ইমান দেৰিলৈকে অহা নাই? কালি দেখোন আহিম বুলি কৈছিল৷

“কি চাই আছা অ’?”

হঠাৎ পিছফালৰ পৰা দিয়া মাতষাৰত সি ঘূৰি চালে৷ তাই! যাৰ কাৰণে সি ৰৈ আছিল৷ তাৰ পিছৰ বলটোতে আউট হ’ল সি৷ আম্পায়াৰিং কৰি থকা জয়ন্তই চিঞৰিলে,

“ঐ জানি বুজি আউট হ’লিতো..যা এতিয়া..”

কথাষাৰ শুনি তাইৰ গালত লাজ এসোঁতা থমকি ৰ’লহি! নৈৰ বালিচৰত ঘূৰি-ফুৰি উভতি আহোঁতে তাইৰ হাতত ধৰি সি ক’লে,

“কাইলৈ আহিবা কিন্ত.. কাইলৈ ভেলেণ্টাইন ডে’ ”

“কি? “

“ভেলেণ্টাইন ডে’“

“কি ক’লা? কি ডে’? “

“ভেলেণ্টাইন ডে’.. মানে কালি তোমাৰ মোৰ নিচিনা গাৰ্লফ্ৰেণ্ড-বয়ফ্ৰেণ্ডবোৰৰে দিন..“

আকৌ এসোঁতা লাজ!

তেতিয়া আকৌ কেডবেৰীজ চকলেটৰ আৰম্ভণিৰ দিন আছিল৷ ক্ৰিকেট খেলৰ মাজতে বেঙুনীয়া ফুলাম ফ্ৰক পিন্ধি, আঙুলি চুপি-চেলেকি ভৰি দুখন একা-বেঁকা কৰি খেলৰ নিয়ম ভাঙি ফিল্ডলৈ দৌৰি অহা ছোৱালীজনীৰ সাধুটো তাইৰ নিচিনা ছোৱালীবোৰৰ প্ৰিয় আছিল৷ ৷ পিছদিনা সেই চকলেটটো উপহাৰ পাই তাইৰ তেনেকৈ কলেজ সপ্তাহ চলি থকা পথাৰখনত দৌৰিবলৈ মন গৈছিল৷

*************
৭ বছৰৰ পাছত!

তাই: আজিৰ দিনটোতো ঘৰলৈ সোনকালে অহিব পাৰে৷ এইডালৰ লগত বিয়া হোৱাতকৈ মাহঁতে চোৱাকেইটালৈ বিয়া হ’লে অন্ততঃ মোৰ মোল বুজিলে হয়৷ যি হ’ল হ’ল আৰু, এতিয়া বাবুক মানুহ কৰিব পাৰিলেই হ’ল আৰু!

সি: আজি দেৰি হ’ল অফিচৰ পৰা আহোঁতে৷ আজি তাইক চাৰপ্ৰাইজ দি ডিনাৰ কৰিবলৈ লৈ যোৱাৰ কথা আছিল৷ ভাগৰ লাগিছে৷ তাইৰ দেখোন মনতেই নাই আজি যে ভেলেণ্টাইন ডে’৷ বাবুক পঢ়াই আছে, থাকক! পঢ়াৰ মাজত মাত মাতিলে তাই কি মুৰ্তি ধৰিব ঠিক নাই৷ তাতকৈ মনে মনে শুই থকাই ভাল৷

***********
২০ বছৰৰ পাছত৷

সাত বাজিল, আঠ বাজিল..দহবজাতহে সি ঘৰ সোমাল৷

সাত বাজিল, আঠ বাজিল..দহ বাজিবলৈ দহ মিনিট থাকোতেই সেই পুৰণা খংটো উঠি আহিল তাইৰ৷ আজিও ইমান দেৰিকৈ সি ঘৰ সোমাইছে৷ কিয় যে ইয়াক ভাল পাইছিল তাই! নিজৰ ওপৰতে খং উঠে তাইৰ মাজে মাজে৷ বাবু ইঞ্জিনিয়াৰিং পঢ়িবলৈ বাংগালোৰ গ’ল৷

কাপোৰ সলাই বেডৰুমত সি বিছনাতে শুই টিভিটো অন কৰিলে৷ টিভি চলি থাকিলেও ডাইনিং ৰুমৰ শব্দবোৰ পঢ়ি থাকে সি৷ এসময়ত উঠি আহি ডাইনিং টেবুলৰ নিৰ্দিষ্ট চকীখনত বহি পৰিল৷ সি ভালপোৱা ৰঙৰ নাইটিটো পিন্ধি তাই তাৰ প্ৰিয় মেথি শাকেৰে ৰন্ধা কুকুৰাৰ আঞ্জাখন তাৰ প্লেটত পৰিবেশন কৰি থকাৰ সময়তে সি পায়জামাৰ পকেটত হাত ভৰালে৷ তাইলৈ অনা “কেডবেৰীজ চিল্ক“টোৰ লগতে হীৰাৰ তেনেই মিহি আঙুঠিটোৰে ভৰা বাকচটো তাইৰ হাতত গুজি দিলে৷

চাৰি চকুত বিস্ময়! প্ৰেম আৰু পুৰণা দিনৰ উষ্ণতা!

সিহঁত কলেজৰ দিনলৈ পুনৰ ঘূৰি গ’ল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক