ভোক – নিঙ্কু নিশা নেওগ

ফণিখনত আজিও একোচা চুলি লাগি আহিছে৷ “তালু ওলাবলৈ বেছি দিন নাই আৰু তাৰমানে৷”– উদাস হৈ ভাৱিলে যমুনা পেহীয়ে৷ পাছফালৰ বাচন শুকোৱাবলৈ পাতি থোৱা বাহঁৰ চাংখনতে অথনি অৱনিয়ে আইনাখন এৰি থৈ গৈছিল৷ নাচাওঁ বুলিও এবাৰ আইনাখনলৈ চালে যমুনা পেহীয়ে৷ চুলিখিনিত ৰূপালী বৰণ ধৰিছে৷ মুখখনো অলপ ফুলিছে৷ হাত ভৰিবোৰো ফুলিবলৈ ধৰিছে৷ আগৰ সেই পথাৰে সমাৰে দহোবন সামৰি ফুৰা মানুহজনীয়ে বৰ বেছি সময় আইনাখন চাই থাকিব নোৱাৰিলে৷ বুকুখনৰ কোনোবা জেগাত বৰকৈ বিষাই যোৱা নিচিনা লাগিল৷

: ভাত দিছো আহ্ যমুনা৷
ভিতৰৰ পৰা বৌৱেকে ৰিঙিয়াই মাতিলে৷

: হয়দে বৰ ভোক লাগিছে৷ আজিকালি কেৱল পেটটোৰ ভোকটোহে জীয়াই আছে দেখোন মোৰ৷

: খাই লহি মোৰ ধেৰ কাম আছে৷

বৌৱেকে ভোৰভোৰাইছে ভিতৰত৷ যমুনাৰ মনত আছে এটা সময়ত এইজনী বৌৱেকক ককায়েক নথকা ঘৰখনলৈ তায়েই বিয়া পাতি আনিছিল৷ মতা ল’ৰা নথকা ঘৰখনত মতাৰ দৰে ৰখীয়া হৈছিল৷ পথাৰত হাল বোৱা নাছিল কিন্তু্ত কেইবাবিঘা মাটিৰ খেতি নিজেই চম্ভালিছিল৷ আন্ধাৰ লাগো লাগো লগা সময়ত ফোপাই জোপাই ঘৰ সোমোৱা মানুহজনীক বৌৱেকে কওঁ বুলিও সোনকালে আহিবলৈ ক’ব পৰা নাছিল৷

ভিতৰত ভাতৰ পাতত বহিয়েই জকজকাই উঠিল যমুনা পেহী গোটেইজনী৷ ভাত কমিল৷ আৰু দুটামান লাগে৷ বৌৱেকে আধাখোৱা হোৱা কাঁহীৰ কাষৰপৰাই অলপ দি থৈ গ’লহি৷ বৌৱেকেও ক’ব নোৱাৰে চৰুত যে আৰু ভাত নাই৷ চৰুৰখীয়া দুটামান হে এৰি আহিছে তাকো লক্ষ্মীয়ে গা এৰা দিয়ে বুলিহে৷

সম্পৰ্কীয় নহয় যদিও যমুনা পেহীৰ মোলৈ অপাৰ মৰম৷ দাঁতত ভাত এটা লাগিলেও মোক আহি কয়হি৷ কেতিয়াবা ভতিজাকে মৰমতে দিয়া মিঠাইটোও মোলৈ লুকুৱাই আনে৷ ময়ো বুজো আচলতে মোক মিঠাইৰ ভাগ দিবলৈ নহয় ভতিজাকে কিমান ডাঙৰ চাইজৰ মিঠাই আনিলে সেইটোহে দেখুৱায়হি৷ হওঁতে পেহীৰ কেওঁ কিছু নোহোৱা নহয়৷ পাচঁটা ককায়েক আৰু দুজনী বায়েক৷ মানে মাকো দুজনী৷ ঘৰখনৰ আটাইতকৈ সৰু আছিল পেহী৷ জন্মৰ দুমাহ আগতেই দেউতাক ঢুকাইছিল৷ ডাঙৰ মাকৰ ল’ৰাই মাটি বাৰি সৱ কাঢ়ি লোৱাত পেহীয়ে পঢ়াৰ নামত কেৱল বিদ্যালয়ৰ চৌহদটোহে গচকি অহা৷ তাকো প্ৰথম দিনাই গৈ লগৰ এটাৰ মূৰত বাটলু গুটি মাৰি মূৰ ফুটাই দিলে আৰু বিদ্যা শিক্ষা সিমানতে অন্ত পৰিল৷

ডায়েবেটিছ বেছি হৈ দুইটা কিডনী বেয়া হৈ গৈছে যমুনা পেহীৰ৷ ডাক্তৰে কেৱল সিজাই গুৰি কৰা ডাইল বা ভাত অকমানহে খাবলৈ দিছে৷ কিন্তু্ত পেহীয়ে নোৱাৰে৷ জীয়ৰীৰ পৰা জৰজৰীয়াকৈ ৰন্ধা ভাত খোৱা মানুহ৷ অকমান বেছিকৈ সিজিলেই ওকালি আহে বোলে৷ মাজে মাজে বুজাও পেহীজনীক৷ কি বুজে নাজানো৷ কেৱল উদাস হৈ একেথৰে ক’ৰবালৈ চাই কথাবোৰ শুনি থাকে৷ তাৰ পিছত কয় ডিঙিটো শুকাই গৈছে যাচোন লালচাহ অকমান কৰি আনগৈ৷ হতাশ হৈ উঠি আহো যমুনা পেহীৰ কাষৰপৰা৷ মাজে মাজে মন কৰো মোক লুকুৱাই কান্দে পেহীয়ে৷

আজি ৰাতিপুৱাই যমুনা পেহীৰ ঘৰত হুলস্থূল৷ মোৰ বুকুখন সিৰসিৰাই গ’ল কিজানি মানুহজনীৰ কিবা অঘটন হ’লেই৷ বাহিৰলৈ ওলাই আহি কাণ থিয় কৰি শুনাৰ প্ৰয়াস কৰিলোহি৷ যমুনা পেহীক বৌৱেকে গালি পাৰি আছে৷ মাজৰাতি বোলে পেহীয়ে চৰুৰ ভাত চুৰ কৰি খালে৷ দুখ লাগিল যিজনী মানুহে অকলেই পথাৰৰ খেতিখোলা চম্ভালি বৌয়েকক টোপ পৰিবলৈ নিদিছিল আজি সেইজনী মানুহে পেটপূৰাই এসাজ ভাতো খাবলৈ নোপোৱা হ’ল৷ খং উঠি ভোৰভোৰাই থাকিলোঁ কিন্তু্ত কবলৈ যাবতো নোৱাৰো একো৷

আবেলি যমুনা পেহী ওলালহি৷ মনটো মৰা৷ মুখখন দেখিলে এনেকুৱা লাগে কিবা এটা সুধিলেই যেন মানুহজনীয়ে চিঞৰি চিঞৰি কান্দি উঠিব৷ ইমান কৰুণ এখন মুখ মই কাহানিও দেখা নাই৷ বুকুৰ অন্তৰ্স্থললৈকে পেহীৰ এইহালি চকুৱে মোক বিন্ধি পেলাইছে৷ মই মাথো পেহীক বহিবলৈ দি সৰহকৈ এবাতি ৰঙাচাহ কৰি আনি পেহীক খাবলৈ দিলো৷ কিন্তু্ত পেহীয়ে মোক আচৰিত কৰি ক’লে—
: যাচোন চৰুত ভাত আছে যদি চাহতে দুটামান তিয়াই দে৷ বৌৱে কালিৰপৰা ভাত দিয়া নাই অ’ খাবলৈ৷

মই যেন নিজৰ কাণদুখনকে বিশ্বাস নকৰিম৷ কি কৈছে এয়া যমুনা পেহীয়ে৷ অথনি বৰমাক মই নিজে পেহীক ভাত দিয়া দেখিছো৷ কালি ৰাতিও চৰুৰ ভাত চুৰ কৰি খাইছে বুলি গালি পৰাও শুনিছোঁ৷ কিয় মোক মিছা মাতিছে? ?

একো নক’লো৷ আমাৰ ঘৰতো তেতিয়া সকলোৱে ভাত খাই আজৰি হৈছিল৷ চৰু খালী৷ সান্দহ এবাতি আনি পেহীক খাবলৈ দিলো৷ উচ্ছসিত কণ্ঠেৰে পেহীয়ে ক’লে–

: কিমান দিন সান্দহ দেখা নাই অ’৷ দেছোন দে৷

আৰু এটা মিছা৷ কালি যমুনা পেহীয়ে বেমাৰৰ খবৰ কৰিবলৈ অহা সৰুকণ বৰমাৰ হতুঁৱাই সান্দহ অনাই খাইছে৷ আৰু আজি সান্দহ নেদেখা এযুগ হ’ল বুলি হা হুমুনিয়াহ কাঢ়িছে৷

পেহীক বিদায় দি ৰাতি দেউতাক ক’লো কথাবোৰ৷ তেতিয়াহে গম পালো পেহীৰ স্মৃতি বিভ্ৰম হ’বলৈ ধৰিছে৷ আজিকালি কথাবোৰ পাহৰি যায়৷ খোৱাৰ ওপৰতে খাই খাই লিভাৰ বেয়া হৈ গৈছে৷ ডাক্তৰে আশা নাই বুলি ঘৰতে পাৰিলে মৰমেৰে ৰাখিবলৈ কৈছে৷ পেহীৰ ককায়েক বৌৱেকে মানুহজনীক জীয়াই ৰাখিবলৈকে কমাই খুৱাবলৈ হাজাৰ যত্ন কৰিছে৷ গাথিঁৰ ধন ভাঙি চিকিৎসা কৰাইছে৷ কিন্তু্ত পেটত সৱ সময়তে কলকলাই থকা ভোকটোৱে পেহীক লাহে লাহে মৃত্যুৰ ফালে ঠেলি ঠেলি লৈ গৈ আছে৷

দুদিনমান পেহীৰ দেখাদেখি নাই৷ আজি ময়েই ওলালো খবৰ এটা লৈ আহোঁ বুলি৷ কিন্তু্ত আগফালৰ বাৰাণ্ডাত ভৰি দিয়েই দেখিলোঁ দীঘল বাৰাণ্ডাখনৰ সিটো মূৰত লাখুটি এডালত ভৰ দি পেহী ৰৈ আছে৷ নিজৰ চকুকে যেন বিশ্বাস নকৰিম৷ লাখূটী লৈ আহছে তাকো যমুনা পেহীয়ে৷ কাষ চাপি গৈ ধৰি ধৰি মানুহজনীক চকীখনত বহুৱাই দিলো৷

কান্দিছে পেহীয়ে৷ কি হ’ল বুলি মৰমেৰে সুধিলো৷ মোৰ মাতষাৰলৈহে যেন বাট চাই আছিল মানুহজনীয়ে৷ সজোৰে কান্দি উঠিল৷ ডিঙিৰ শিৰ কেইডাল ফুলি উঠিছে৷ মুখখন ইমান ভয়ংকৰকৈ ফুলি গৈছে দেখিলে যমুনা পেহী বুলি চিনিয়েই নাপায়৷ হাত ভৰিবোৰো দেখিবলৈ কিম্ভূত-কিমাকাৰ যেন লাগিছে৷ পানী জমা হৈছে গোটেই গাটোত৷

: নাকান্দিবি অ পেহী৷ কচোন কি হৈছে?

: মাজুকাইদ’ আহিছিল আজি৷ গাড়ী ললে নহয় সি৷ উঠি চাবলৈ বৰ মন গৈছিল জোনাকী৷

: নকলিনো কিয় তেনে খুৰাদেউক৷ এপাক উঠাই ফুৰাই আনিলেগৈ হয়৷

কণ্ঠত অকমান হাহিঁৰ আবেশ আনি লাহেকৈ ক’লো৷
কিছুসময়ৰ মৌনতা৷ যেন কিহবাই পেহীৰ কণ্ঠটো হেচাঁ মাৰিহে ধৰিলেহি৷

: নুঠালে অ’ মাজুকাইদ’ই৷
পেহীৰ শীতল অথচ বেজাৰ মাতটো কাণত পৰিলহি৷

: কি কিয়?
কিমান ডাঙৰকৈ চিঞৰি দিলো মই ক’ব নোৱাৰো৷ কিন্তু্ত অবাক হৈ পৰিলো পেহীৰ মাতষাৰত৷ ইমান কাৰুণ্যও যে মানুহৰ কণ্ঠত থাকিব পাৰে ইয়াৰ আগতে মই কল্পনাও কৰা নাছিলো৷

: লৰালৰিকৈ চাগে যাব লাগে আজি৷ বেলেগ এদিন উঠাব চাই থাকচোন৷

সান্ত্বনা দিয়াৰ মই ব্যৰ্থ চেষ্টা কৰিলোঁ৷ কিন্তু্ত জকজকাই উঠিল পেহী৷

: মৰিবলৈ কেটাদিন আছে অ’ মোৰ৷ এবাৰ তাহাতঁৰ ঘৰটো চাই আহিবলৈ ব মন গৈছিল৷ কিন্তু্ত সি ক’লে গাড়ীত বোলে মোক নাটিব৷

তলৰ ওঠঁটো দাতেঁৰে জোৰেৰে কামুৰি ধৰিছো যাতে পেহীৰ আগত চকুপানী নসৰে৷

পেহীলৈ চালো৷ একেৰাহে কথা কৈ কৈ ফোপাই পেলাইছে৷ পানী এগিলাছ আনি দিলোহি পেহীক৷ দিয়াৰ লগে লগে গোটেইগিলাছ পানী কোটকোটকৈ পি খালে৷

: জান’ জোনাকী আজিকালি মোৰ ভোকেই লাগি থাকে৷ হজম কৰিবকে নোৱাৰো৷ তথাপি নাখালে থাকিবই নোৱাৰো৷ মাজৰাতিও চৰুত ভাত বিছাৰি ফুৰো৷ কাপোৰে কানিয়ে গু মূত বৈ যায় মোৰ৷ আৰু লেট্ৰিনটোও নাপাওঁগৈয়েচোন৷ কেতিয়া ক’ত পায়খানা বাহিৰ হৈ যায় গমেই নাপাওঁ৷ পিছবাৰীলৈ যাবই নোৱাৰি মোৰ মূতসোপাত গোটেই পৰুৱাই বান্ধ বান্ধি থাকে৷ মোৰ ৰূমটোতে কৱাইদ’ই টিন এটা দি গৈছে৷ দুদিন তাতে পায়খানা কৰিছো৷ বৌয়ে পেলাবলৈ ঘিণ কৰে৷ কৰিবয়ে৷ দোষ নিদিওঁ৷ কৱাইদ’ই আজৰি পালে পেলাইহি সেইসোপা৷ নহ’লে ধৰি ধৰি লেট্ৰিনলৈ লৈ যায়৷

সৰসৰকৈ চকুপানী সৰিছে মোৰ৷ একো ক’ব পৰা নাই৷ এপাকত যাওঁ দে বুলি থৰক বৰককৈ পেহী উঠিল৷ ময়ো সিহতঁৰ পদূলি পালোগৈ থৈ আহো বুলি৷

পেহীৰঘৰখনত তেনেই গোমা হৈ আছে পৰিবেশটো৷ বাহিৰত খুৰাদেৱে পেহীৰ খবৰ লোৱাৰ চলেৰে চাহ তামোলৰ ভাগ লৈ লৈ লেকচাৰ মাৰিবলৈ অহা দুজনমানৰ ওচৰত মৌন হৈ বহি আছে৷ খুৰাদেৱে পেহীক দেখিয়েই খঙত ক’ব নোৱাৰা হৈ বকিবলৈ ধৰিলে৷ বেমাৰী গাৰে লোকৰ ঘৰে ঘৰে চুচৰি বাগৰি কিয় ঘূৰি ফুৰিব লাগে৷ খুৰাদেউৰ কথাৰ সুৰত মৰম আৰু খং দুয়োটাই ফুটি উঠিছে৷ মন কৰিলো পেহীক গালি দি থাকোতে চোতালত বহি থকা মানুহকেইজন আৰু মোৰ উপস্থিতি তেওঁ সম্পূৰ্ণ অগ্ৰাহ্য কৰিছে৷

সেইখিনিতেই পেহীক এৰি ঘৰ পালোহি৷ ৰাতি ভাত খাবলৈ বহিছোহে খুৰাদেউ ওলালহি৷ মই উঠি আহি বহিবলৈ দি দেউতাক মাতিলোহি৷ দেউতা যমুনা পেহীৰে কিবা হল বুলি উধাতু খাই ওলাই আহিল৷

: কি হ’ল চিকুন? ইমান ৰাতিখন আহিলিযে?

: কথা এটা আলোচনা কৰিব আহিলো দে অ কাইদ’৷

: যমুনাজনীৰ অৱস্থা বৰ বেয়া হৈ গৈছে দেখোন৷ দেখিলেই দুখ লাগে৷
: তাইৰ কথাকে আলোচনা কৰিব আহিছো৷ ভাৱিছো কাইলৈ আকৌ এপাক টাউনৰ ডাক্তৰক দেখুৱাই আনোগৈ৷ তোৰ লগত টকা চকা আছে বুলিয়ে কেইহেজাৰমান ধাৰলৈ বিচাৰি আহিছো৷

: টকা বাৰু হ’ব৷ কিন্তু্ত ডাক্তৰে বচাব নোৱাৰো কৈছেই দেখোন

: হ’লেও চাই থাকিবলৈ বৰ কষ্ট পাইছো৷ আজি মাজু কাইদ’ই গাড়ীখনত লেতেৰা কৰে বুলিয়ে তাইক এপাক নুঠালে৷ মোৰতো সেইখিনি সামৰ্থ নাই গাড়ী কিনাৰ৷ কিন্তু্ত সেইজনীটো কেৱল মোৰেই ভনী নহয়৷ আমি পাচোঁটাৰেই ভনী তাই৷

: হব দে তোৰ লগত আছে যেতিয়া তয়ে বাতিব লাগিব৷

: সেইখিনি নিবিছাৰো অ কাইদ’ কাৰোপৰা৷ কিন্তু্ত দুখ লাগে৷ যেতিয়া দৌতাৰ মাটিখিনি জেঠাইদেউৰ ফালৰ কাইদ’হতেঁ দখল কৰি লৈছিল যমুনাই ময়ে মানুহৰ ঘৰে ঘৰে চাউল খুজিবলৈ গৈছিলো৷ তহঁতেতো সেইবোৰ দেখিছই৷ তেতিয়া আমি দুটাই বুজিছিলো পেটৰ ভোক কি? ? ? পেটত গামোচা মাৰি ঠাণ্ডাপানী খাই শুইছিলো৷ তেতিয়া কোনো অহা নাছিল আমি দুটাই কি খাওঁ চাবলৈ৷ তেতিয়াও তাই মোক মৰি যাবলৈ নিদি নিজৰ ভাগৰখিনিও মোক দি দিছিল খাবলৈ৷ ভাল দিন আমাৰো আহিব বুলি জীয়াই থকাৰ ভোক বঢ়াইছিল৷ এতিয়া পেটৰ ভোকটোৱেই তাইক খাই পেলাব খুজিছে৷

: হ’ব হ’ব নাকান্দিবি৷

দেউতাই টকা দুহেজাৰ আনি খুৰাদেউক দিলেহি৷ টকাখিনি লৈ মানুহটো গ’লগৈ৷

ভাত খাবলৈ বহি যেন মোৰ ভোক নোহোৱা হৈ গ’ল৷ ডিঙিটো যেন কোনোবাই সোপা মাৰি ধৰিলে৷ যমুনা পেহীৰ মুখখনে ভাতৰ কাহীঁখনৰ ৰূপ লৈ মোক খেদি আহিছে৷ দিনতো আজি একো খোৱা নাছিলো শণিবাৰ বুলি৷ পেটটো ভোকত কলমলাইছে৷ মোৰো বাৰু যমুনা পেহীৰ দৰেই ভোক লাগিছে নেকি? ? ? সন্মূখত খোৱাবস্তু যি দেখো সৱ বাৰু গোগ্ৰাসে মোৰ গিলি পেলাবৰ মন যাব নেকি? ? এই সৰ্বনাশী ভয়টোৱে মোক চেপি পেলাইছে৷ ভাতৰ কাহীঁখনতে মই হাতৰ পানী গিলাছ ঢালি দিলো৷ পানীখিনিয়ে তথাপিও যমুনা পেহীৰ মুখখন ঢাকিব পৰা নাই৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
অংকুৰ
3 years ago

গা শিৰশিৰাই গ’ল পঢ়ি, পেটৰ ভোকৰ জ্বালা কি সেয়া বাৰুকৈয়ে পাই থৈছো