ভোগালীৰ অভিজ্ঞতা (দেৱপ্ৰতিম)

দেৱপ্ৰতিম
(জুইকুৰাত দেখোন এখন চাইকেল! সকলোৰে প্ৰশ্ন, জুইত আকৌ চাইকেল ক’ৰপৰা আহিল | শেষত গম পোৱা গ’ল কোনোবা অঘাইটং ল’ৰায়ে ক’ৰবাৰ পৰা চাইকেল আনি জুইত দি দিলেহি | এতিয়া কি কৰা যায়, চাইকেলৰ নামত অকল লোহা কেইডালহে বাকী আছিল |)
ভোগালীৰ অভিজ্ঞতা

‘মা, মই গুৱাহাটী পালোঁহি | নাইট ছুপাৰত আহি আছো | বিহুত কি কি গোটাইছ? মই হ’লে বহুদিন হাঁহ খোৱা নাই দেই, খাওঁ খাওঁ লাগি আছে |’
‘তই আগেয়ে ঘৰ আহি ল’ছোন, তাৰ পাচত কি খাওঁ, খাই থকিবি | ৰাস্তাতে আছে, এইটো খাওঁ, সেইটো খাওঁ ক’ই ফুৰিছে | ভাল ল’ৰাটো হ’লি |’

ট্ৰেইনৰ পৰা নামিয়ে মালে’ ফোন কৰিছো | ভোগালীৰ সময়ত সেই সময়ৰ মোৰ পঢ়া ঠাই অন্ধ্ৰপ্ৰদেশতো পোংগ’ল উদ্‌যাপন হয় | গতিকে ঘৰ যাম বুলি বহু অগেয়ে টিকট কাটি থওঁ | এয়ে সুযোগ ঘৰ যোৱাৰ | সেয়ে জানুৱাৰী মাহ আহিলেই মনটো আনন্দতে নাচি উঠে | নতুন বছৰৰ আৰম্ভণি, তাতে ঘৰলৈ যোৱাৰ আনন্দ |

ঘৰ গৈ পায়ে দেউতাৰ লগত মেজি ধৰাৰ কথা আলোচনা কৰো | আমি প্ৰায়ে গাঁৱৰ ঘৰলৈ যাওঁ ভোজ খাবলৈ | দেউতাৰ আকৌ চিন্তা ঘৰৰ শাকনি-বাৰীখনলৈ | উৰুকাৰ নিশাত চুৰ কৰাৰ কথা চাগে’ আপোনালোকে ভালদৰে জানেই | তাতে তেতিয়া আমাৰ জেওৰাৰ বেৰ | খৰিৰ কাৰণে সকলোতকৈ উপযুক্ত | সেয়ে দেউতাই প্ৰায়ে থেৰোঁ গেৰো কৰে গাঁৱলৈ যাবলৈ | কিন্তু গাঁৱলৈ যেন নোযোৱাকে থাকিব নোৱাৰি উৰুকাৰ নিশা |

গাঁৱত সকলোৱে মিলি ডাঙৰকৈ ভোজ খায় | নামঘৰটোৰ ওচৰতে এটা পাহাৰ সদৃশ মেজি বনোৱা হয় | কেনেকৈ ইমান ডাঙৰ মেজি বনায় চাম চাম বুলি মোৰ আজিলৈকে চোৱা নহ’ল | সেই বৰ মেজিটোৰ লগতে প্ৰত্যক ঘৰতে একো একোটা মেজি থাকেই | গতিকে গাঁৱলৈ গ’লেহে বিহু বিহু লাগে |

ঘৰলৈ সেইবেলি শ্বিলঙৰ পৰা সৰু বৰদেউতাও আহিছিল | গতিকে দেউতাও অহাটো খাটাং হ’ল | মই উৰুকাৰ পুৱাতে বাইকখন লৈ ওলালোঁ গাঁৱলৈ বুলি | ইতিমধ্যে বৰ মেজি বনোৱা হৈ গ’ল | ভাবিলো এইবাৰো থাকি গ’ল চাবলে| গাঁৱত তেতিয়া সকলোৰে ৰাতিৰ ভোজৰ কথা | কাৰবাৰ মুখত হাঁহ, কাৰবাৰ মুখত ছাগলি | কোনোবাই আকৌ ৰাতিৰ চুৰ কৰাৰ পৰিকল্পনা কৰি আছিল, ক’ত জুইৰ কাৰণে খৰি পোৱা যাব, ক’ত আলু খান্দি উলিয়াব পৰা যাব ইত্যাদি | মই বৰদেউতাৰ ঘৰলে’ গ’লো | সকলোৱে কেতিয়া আহিলি, কিমান দিন থাকিবি এইবিলাক প্ৰশ্ন কৰাত লাগি গ’ল | মই শেষত দাদাক সুধিলোঁ আজি ৰাতি কি গোটাইছে | হাঁহ বুলি জানিব পাৰি মনটো ভাল লাগি গ’ল |

সন্ধিয়া হ’ল | ইতিমধ্যে দেউতাহঁত আহি পালেহি | নামঘৰটোৰ ওচৰতে কাপোৰেৰে বেৰা এখন দিয়া হ’ল | তাতে ভোজ খোৱা হ’ব | তেতিয়া কোনোবাই বিহুগীতেৰে পৰিবেশটো আনন্দময় কৰি তুলিলে |

লাহে লাহে ৰান্ধনিসকলে ভোজৰ প্ৰস্তুতি আৰম্ভ কৰিলে | গাঁৱৰ কিছুমান যুৱক লাহে লাহে তাৰপৰা নাইকিয়া হ’ল | মোকো লগ ধৰিলে | উদ্দেশ্য অলপ ধেমালিভাৱেৰে মানুহক দিগদাৰি কৰা। মানে চুৰ কৰা, গোহালিত থকা গৰু মুকলি কৰি দিয়া ইত্যাদি | মোৰ লগত এবাৰ বেয়া অভিজ্ঞতা থকা হেতুকে নাযাঁও বুলি ক’লো |

ৰাতি ৯ মান বজাৰ পৰা খোৱা আৰম্ভ হ’ল | প্ৰথমে সৰু ল’ৰা-ছোৱালী আৰু মহিলাসকলক খাবলৈ দিয়া হ’ল | সকলোৰে খোৱা শেষ হওতে প্ৰায় ১ মানেই বাজিল কিজানি | তেনেতে জুইকুৰাৰ ওচৰত এক হুলস্থুল লাগিল | মইও গ’লো চাবলে কিনো হ’ল বুলি |

কিন্তু ই কি ?

জুইকুৰাত দেখোন এখন চাইকেল! সকলোৰে প্ৰশ্ন, জুইত আকৌ চাইকেল ক’ৰপৰা আহিল | শেষত গম পোৱা গ’ল কোনোবা অঘাইটং ল’ৰায়ে ক’ৰবাৰ পৰা চাইকেল আনি জুইত দি দিলেহি | এতিয়া কি কৰা যায়, চাইকেলৰ নামত অকল লোহা কেইডালহে বাকী আছিল |

পিছদিনাহে চাইকেলৰ গৰাকীক বিচাৰি পোৱা গ’ল | ওচৰৰে বেলেগ এখন গাঁৱৰ মানুহ | তেওঁক এখন নতুন চাইকেল কিনি দিয়া হ’ল আৰু ঘোষণা কৰা হ’ল, ‘অহা বছৰৰ পৰা চুৰ বা অন্যধৰণৰ ধেমালি কৰা নহ’ব | ধৰা পৰিলে উচিত শাস্তি বিহা হ’ব |’

ইয়াকে কিজানি কয় ভোগালীৰ নতুন অভিজ্ঞতা |

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক