ভোগালীৰ দুখুৰীয়া স্মৃতি (মনীষা বড়া হালৈ)

(এতিয়াও ভোগালী বিহু পালেহি যিমান ভাল লাগে কিবা এটা বেজাৰে মনতো আৱৰি  ধৰে । বিহুৰ দিনা মায়ে অকস্মাতে আমাক এৰি থৈ গুছি গ’ল । এওঁলোকৰ ঘৰত বিহু খাই  আমাৰ ঘৰলৈ আহিলো কিন্তু মাক নাপালোঁ । মায়ে আমাৰ বাবে বাট নাচালে ।) (ফাইনেল)

ভোগালীৰ দুখুৰীয়া স্মৃতি

 

মনীষা বড়া হালৈ

 

ভোগালী নামটো শুনিলেই মনটো ভৰি পৰে।  বিহুৰ কথা আহিলেই সৰুকালৰ কিছুমান কথা মনলৈ আহে। ২৫জনমান সদস্যৰে আমাৰ বৃহৎ যৌথ পৰিয়াল। মা ঘৰৰ ডাঙৰ বোৱাৰী। মায়ে শিক্ষকতাৰ উপৰিও ঘৰৰ সকলো কামৰ দায়িত্ব ল’ব লগা হৈছিল। বিহু আহিলেই মাহঁতে বিহুৰ যোগাৰ কৰা মনত পৰে । চিৰাৰ বাবে চকোৱা ধান, হুৰুমৰ বাবে বৰা ধান, আখৈৰ বাবে বাচমতী ধান আৰু কোমল চাউলৰ বাবেও বৰা ধান লাগিছিল । বিহুৰ দিনা এসাঁজ খাবৰ বাবে জহা চাউল লাগিছিল । জহা চাউল ৰান্ধিলে গোটেইখন মলমলাই গৈছিল । বিধে বিধে ধান উলিয়াইছিল । বিহু বুলি যে কিমান কাম । ৰ’দ টান হয় বাবে এই সময়ত উখোৱা চাউলৰ বাবেও ধান বহাইছিল । সন্ধ্যা ধান বহালে কাষত বহি জুইৰ উম লৈ বৰ ভাল লাগে ।

 

বিহুলৈ অলপ দিন থকাৰ পৰা চাৰিওফালে ঢেঁকীৰ মাত শুনা যায় । এতিয়া গাঁওখনত দুই তিনিটাহে ঢেঁকী বাকী আছেগৈ । চিৰা খুন্দাৰ দিনা বৰ ভাল লাগে । এফালে কেৰাহিত ধান ভাজে আনফালে ঢেঁকীত চিৰা খুন্দি যায় । দেখি যে ইমান ভাল লাগে । আমাৰো সৰুবিলাকৰ মন যায় কিন্তু মাহঁতে নিদিয়ে । তাৰপাচত হুৰুম খুন্দা, সান্দহ গুৰি খুন্দা – কিমান যে কাম । আখৈ ফুটোৱাৰ দিনা বেছি ভাল লাগে । ধান যেতিয়া কেৰাহিত দিয়ে ফট্‌ফ‍ট্‌কৈ ফুটি যেনি তেনি যায় । চালনী এখনেৰে কেৰাহিখনৰ ওপৰত ধৰি থাকিব লাগে । আখৈৰ ধানটো দীঘল বাবে আমি বেজী ধান বুলিও কৈছিলোঁ । আখৈ সকলোৰে হাতত নহৈছিল । সৰুতে আমি কোৱা শুনিছিলোঁ যাৰ মুখ চোকা , তাইৰ হাতত আখৈ বেছিকৈ ফুটে ।

উৰুকাৰ দিনা তিলপিঠা পুৰিছিল । আমাৰ মাহঁতে উৰুকাৰ দিনাহে পিঠা পুৰিছিল ৰাতি ১-২ বজালৈ । আমাৰ ঘৰত পিঠা বহুত পুৰিব লগা হৈছিল । মা, খুড়ী আৰু সৰু আইতাই তিনি ভাগে পিঠা পুৰিছিল । পিঠা পুৰি শেষ হ’লে আমি সৰুবোৰে হিচাপ কৰি ডাঙৰ টিনত ভৰাইছিলোঁ ।  এটা টিনত ২০০খন মান পিঠা জুৰিছিল । উৰুকাৰ দিনা ল’ৰাসকলে ভোজ খাবলৈ জেওৰা, জপনা বিলাক চুৰি কৰিছিল । মাহঁতে মাজে মাজে সেই বিলাকো চকু দিব লাগিছিল । আজিকালি আকৌ সকলো কাম ৩-৪ দিন আগতেই শেষ হয় । কিছুমানে ঘৰত পুৰে নহ’লে বজাৰতে সকলোবোৰ পোৱাই যায় । কোনেও কষ্ট কৰিবলৈ ইচ্ছা নকৰে । কিন্তু নিজে পিঠা পোৰাৰ আনন্দ‍ই বেলেগ । উৰুকাৰ দিনাহে এইবিলাক কাম কৰি ভাল লাগে ।

 

আমি ডাঙৰ হোৱাৰ পাচত সকলো ভাগ ভাগ হ’ল । মাৰ লগত  আমিও  বিহুৰ যা-যোগাৰত লাগিছিলোঁ । বাইদেও আৰু মোৰ বিয়াৰ পাছত মায়ে আমি যাম বুলি বিহুৰ যোগাৰ কৰিছিল । মোৰ বিয়াৰ পাছৰ ঘটনা এটা মনত পৰিছে । আমি মিজোৰামত আছিলোঁ । সেই বছৰ আমি বিহুত ঘৰলৈ অহা নাছিলোঁ । বিহুৰ বাবে পিঠা-পনা তৈয়াৰ লাগে । বৰা চাউল আছে কিন্তু খুন্দিবলৈ খুন্দনা বা মিক্সি একোৱেই নাছিল । বিহু বেলি তিলপিঠা নহলে ভাল নালাগে । কি কৰিম ভাবি ভাবি শেষত কেইটামান চাউল তিয়াই পটাখনতে খুব সাৱধানে পিচিলোঁ । কিয়নো বতাহ লাগিলে তিলপিঠা নহয় । সৰু সৰুকৈ কেইটামান পিঠা পুৰিলোঁ আৰু বিহুৰ দিনা ওচৰৰ আটাইকেইজনকে খাবলৈ মাতিলো । সকলোৱে খাই খুব ভাল পালে । এতিয়াও কথাটো ভাবি ভাল লাগে ।

 

এতিয়াও ভোগালী বিহু পালেহি যিমান ভাল লাগে কিবা এটা বেজাৰে মনতো আৱৰি  ধৰে । বিহুৰ দিনা মায়ে অকস্মাতে আমাক এৰি থৈ গুছি গ’ল । এওঁলোকৰ ঘৰত বিহু খাই  আমাৰ ঘৰলৈ আহিলো কিন্তু মাক নাপালোঁ । মায়ে আমাৰ বাবে বাট নাচালে । এওঁ খাই ভাল পাই বাবে বিধে বিধে জলপান পিঠা আৰু লাড়ু বনালে পিছে খুৱাবলৈহে নাপালে । পাছত খুড়ীহঁতে টেমাবিলাক চাই ক’লে, “ জোৱায়েকৰ বাবে বনাইছিল । এবছৰ পাছত ঘৰলৈ গৈছিলোঁ; কিয় যে দুদিনমান আগতে ঘৰলৈ নগ’লো সেই দুখে এতিয়াও মোক আমনি কৰে । এতিয়া প্ৰত্যেকটো বিহুতে ঘৰলৈ যাবলৈ চেষ্টা কৰো দেউতাৰ বাবে । আমি গ’লে দেউতাৰ ভাল লাগে । ঘৰলৈ গ’লে বৌৰ লগ লাগি পিঠা লাড়ু বনাও । মা ঢুকোৱাৰ পাছৰ পৰা আমৰ ঘৰত আগৰ দৰে হুৰুম চিৰা আখৈ সান্দহ বনোৱাই হোৱা নাই । ঘৰলৈ গ’লে এটা কথাই ভাল লাগে যে এতিয়াও আমাৰ গোটেই কেইঘৰে মিলি উৰুকাৰ ভোজ খাও, এদিন পিকনিকলৈও যাও । দুখৰ মাজতো আনন্দ কৰোঁ । সুখ দুখৰ সমষ্টিয়েইটো জীৱন ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক