ভোগালীৰ ভোগ: মাধুৰীমা ঘৰফলীয়া

দৃশ্য একঃ

উদং পথাৰখনক কুঁৱলীয়ে ছানি ধৰিছে। যেন আবুৰ নথকা গাভৰুৰ দেহাত এখন চাদৰহে আৰি দিছে । সৰু সৰু ল’ৰা-ছোৱালীবোৰে চেঁচু বিচাৰি খান্দি থকা-সৰকা কৰা আলিবোৰৰ মাজে মাজেই মানুহজনে গাই এজনী এৰালত ধৰি টানি আগবাঢ়ি গৈ আছে । ভৰিত শুকান নৰা এডাল সোমাই পৰিল । চেৰেককৈ আঙুলিৰ মাজতে অলপ কাটি নিলে । ‘আস!’—আঘাতত মুখেৰে শব্দ ওলাই আহিল। বিহুৰ বাবে আগতীয়াকৈ ছুটী লৈ ঘৰলৈ যোৱা হালোৱাটোক উদ্দেশি গালি অলপ উজাৰিলে। সি নথকাৰ বাবেহে তেওঁ পুৱাই পুৱাই এইদৰে নতুনকৈ অনা গৰুজনীক এৰাল দিবলৈ যাব লগা হৈছে! ঘাঁহ থকা আলি দুটামান চাই এৰালৰ খুঁটিটোত টাঙোনেৰে ধাম্‌ধাম্‌ কৈ কোব কেইটামান শোধালে। যেন কোব কেইটা হালোৱাটোৰ পিঠিত হে দিছে ।
: দদাইদেউ দেখোন।
পাছফালে মাতষাৰ শুনি তেওঁ কঁকালটো পোনাই পিচলৈ চালে। হাতত কাঁচি লৈ কনক আৰু মিনতি ৰৈ আছিল ।
-: এই ধলপুৱাই তহঁত হাল ক’লৈ ওলালি?
-: নৰা কাটিবলৈ যাওঁ দদাইদেউ।
মিনতিয়ে ওৰণি টনা-আঁজোৰা কৰি থকাত ব্যস্ত হোৱা দেখি কনকেই উত্তৰ দিলে ।
: অ’ নৰা কাটিছ’ নেকি? কিমান কাটিলি?
: নাকাটিলে কেনেকৈ হ’ব দদাইদেউ। নৰা অলপ বিক্ৰী কৰিয়েই বিহুৰ খৰচটো উলিয়াব লাগিব। তাতে ঘৰটোও চাব লাগিব নহয় । দুয়ো মিলি পাচশমান কাটিলোঁ।
: ভালে কৰিছ দে। মোকেই নৰা অলপ লাগিছিল। এই বৰঘৰটো টিনৰ হ’লে গৰম দিনত বৰ কষ্ট হয় অ’ …। তাতে গোহালিটোও চাব লাগিব । হেৰি কৰ, তহঁতৰ নৰা এহেজাৰ মোকেই দিবি । কিমানকৈ ল’বি?
: ৪০ টকাকৈ শ ।
: এঃ! ৩০ টকাকৈ ল’বি। ঘৰৰে মানুহ, ইমান দাম নক’বিচোন। বেলেগ কোনোবাই বেছি দাম দিম বুলি কৈছে নেকি?
: এতিয়ালৈকে কোনেও কোৱা নাই। পিছে দদাইদেউ বিহুৰ আগতে নৰাৰ পা-পইচাকেইটা দিব পাৰিলে ভাল হ’ব ।
: হ’ব দে, তহঁতে চিন্তা নকৰিবি। তহঁতি নৰা দিবি, মই লগে লগে পইচা দিম
মানুহজনে কথাষাৰ কৈয়ে ঘৰৰ ফালে খোজ দিলে। ইমান পৰে মনে মনে থকা মিনতিয়ে মাত লগালে—মাষ্টৰক নৰাখিনি দিম বুলি কোৱাটো বৰ ভাল নহ’ল নেকি? মানুহজনে পইচা দিবলৈ বৰ টান পায়।
ঘৈণীয়েকৰ কথা শুনি কনকে অলপ ভেকাহি মাৰিয়েই ক’লে—মই নিজেই দিম বুলি কৈছোঁ নে? কেনেকৈ নিজেই কৈছে শুনিলিয়েইচোন। পা-পইচা থকা মানুহ। কেতিয়াবা বিপদে আপদে লাগে। নিদিওঁ বুলি ক’লে বেয়া নাপাব নে?  ব’ল ব’ল, ইয়াত কথা চেল-চেলাই থাকিলে নৰা কটা নহ’বগৈ ।

দৃশ্য দুইঃ

পুতুৱে কিতাপখনত নাকটো লগাই আকৌ এবাৰ শুঙিলে। ইমান ধুনীয়া গোন্ধাইছে! কিতাপকেইখন এৰি দিবৰ মনেই যোৱাই নাই। শুকান বতৰত হঠাতে বৰষুণ এজাক আহিলে মাটিবোৰ জেকী ওলোৱা মাটি মাটি গোন্ধটো, আঘোণৰ ধাননিৰ মাজে মাজে আলিবোৰৰ ঘাঁহত নিয়ৰ পৰি ওলোৱা গোন্ধটো আৰু এই কিতাপৰ নতুন নতুন গোন্ধটো সি বৰ ভাল পায়। কিতাপ পঢ়াৰ নামত পুৱাৰে পৰা কিতাপকেইখন লিৰিকি বিদাৰি আৰু শুঙি থাকোঁতেই গ’ল । এইবাৰ সি প্ৰাথমিকৰ পৰা হাইস্কুললৈ প্ৰমোচন পাইছে। কালি স্কুলত কিতাপ দিছে বৰ আলফুলে সি কিতাপখিনি আঁকোৱালি লৈছিল। স্কুলৰ পৰা আহি মাকৰ কথামতে মাষ্টৰ বৰদেউতাকৰ ঘৰলৈ গৈ বাতৰি কাগজ অলপ খুজি আনিলে। বাতৰি খুজিবলৈ সি অলপ টান পায়। বৰমাকে সদায় দিওঁ নিদিওঁকৈ দিয়ে। যেন পুৰণা বাতৰি কাকতকেইখনৰ সৈতে তেওঁৰ মূল্যৱান বস্তুও কেইপদ মান গুছি গৈছে। কিতাপৰ স্বাৰ্থত বৰমাকৰ সেই টেলেকা চাৱনিটোকো আওকাণ কৰি সি বাতৰি কাকত কেইখনমান আনিলেগৈ। তাৰ পাছত বাৰীৰ চতিয়না গছজোপাৰ গাত কটাৰিৰে ঘাপ দুটামান মাৰি সি ৰৈ থাকিল । চতিয়নাৰ গাৰ পৰা ওলোৱা ৰসখিনি কাপোৰত টুকি লৈ কিতাপকেইখনত আঠা লগাই বাতৰি কাগজ কেইখিলা লগালে। লগতে বহীৰ পৰা ফালি টিকট একোটাত নিজৰ নাম লিখিও লগাই দিলে ।
: পুতু ঐ।
বীৰেনৰ চিঞৰত সি কিতাপৰ মাজৰ পৰা মূৰটো উলিয়াই পদুলিলৈ চালে ।
: নাযাৱ নেকি?
বীৰেনে তাক আকৌ সুধিলে
: কলৈ?
: মণিছালৰ গুটি আনিবলৈ।
-: অহ! মই পাহৰিছিলোঁ। ৰহ, ঘৰৰ দুৱাৰখন বন্ধ কৰি লওঁ। মা-দেতা নাই। নৰা কাটিবলৈ গৈছে।
দুপদাপকৈ দৰজাখনত দাং ডাল লগাই দুয়ো ঘৰৰ পৰা অলপ দূৰৈত থকা বাৰীখনলৈ লৰ মাৰিলে।
মণিছালৰ গুটি বিচৰাৰ কথাটো কালি স্কুললৈ যাওতেই পাতি গৈছিল। পুৱাই মাককো কৈছিল। মাকে মাথোঁ কৈছিল বাকলিবোৰ একে ঠাইতে থবি। চুলি ধুবলৈ ভাল। এতিয়া কিতাপৰ মোহত পৰিহে পাহৰি আছিল।

মাঘৰ বিহুটো কাষ চপাৰ লগে লগে সিহঁতৰ গা সাতখন আঠখন হৈ পৰে। মণিছালৰ গুটিৰে চোতালবোৰ ভৰি পৰে। মাজে মাজে মাৰ্বলো ওলায়। পিছে পুতুহঁতে এতিয়াই মাৰ্বল চুবলৈ নাপায়। বিহুৰ দিনাহে দেউতাকে এটকা বা দুটকাৰ কিনি দিয়ে। এই কেইদিন মাৰ্বলৰ সলনি মণিছালৰ গুটিৰেই চলাব লাগিব।
শিঙৰি গছ এজোপাৰ কাষতে থকা গছজোপাৰ তলত মণিছাল বিচাৰি বীৰেনে সুধিলে-তোক এইবাৰ বিহুত কাপোৰ দিব নে পুতু?  মোক দেতাই হাফপেন্ট এটা দিম বুলি কৈছে।
শিঙৰি-কাঁইট এসোপা ভৰিৰ পৰা গুচাই মুখখন হাঁহি এটাৰে বহল কৈ মেলি পুতুৱে ক’লে-দিব। মাই দিম বুলি কৈছে নহয়।

দৃশ্য তিনিঃ

হাতত মোনা একোখন লৈ চেঙেলীয়া ডেকাৰ জুমটোৱে ঘৰে ঘৰে চাউল আৰু ভোজৰ চান্দা তুলি ফুৰিছে। কনকৰ ঘৰৰ পৰা ওলাই অলপ দূৰ গৈয়ে বিমানে মাত লগালে-কনক কাইটো বৰ চিকটা অ’, ভোজ বুলিও দহ টকা দিবলৈ টান পায়। কেৱল পুতেকৰ নামতহে চান্দা দিলে ।
: যোৱাবাৰ জন্মাষ্টমীতো কেৱল পুতেকৰ চান্দাহে দিছিল। মানুহটোতকৈ মানুহজনীৰ হাতখন বেছি টান ।
বিমানৰ কথা শুনি ৰমেনেও মাত লগালে। লগত থকা কেইটাও হয় হয় ভাবত মূৰ দুপিয়ালে ।
: যাৰ যিমান থাকে সিমানেই বিলাসিতা কৰিব পাৰে ।
কংকণে গোটেই কেইটাৰ হয় হয় ভাবটো থেকেচা মাৰি মাত লগালে ।
: যাৰ যিমান আৰ্জন সিমানেই খৰচ কৰিব পাৰে । কনক ককাইদেউহঁতৰ নিজৰ আৰ্জনৰ তুলনাত এই যে ১০ টকা দিছে সেয়া একপ্ৰকাৰৰ বিলাসিতাই । সেইবাবেই তেওঁলোকক চিকটা বুলি ক’ব নোৱাৰি ।
কংকণৰ কথা লাজ পাই সেমেনা সেমেনিকৈ ল’ৰাকেইজনে মহেশ্বৰৰ ঘৰত সোমালগৈ। তেওঁলোকৰ ঘৰত সোমায়েই সিহঁতৰ মন ভাল লাগি গল। জুহালত কেইবাজনো মানুহ বহি আছে। প্ৰত্যেকৰে সমুখত সোমৰসৰ বাতি একোটা । কংকণৰ বাহিৰে গোটেইকেইজনে গৈ আড্ডাত লেপেটা খাই বহিল।
: খুৰীয়ে আগতীয়া বিহু লগালে যেন পাওঁ।
: হেৰৌ আজলীৰ মাক ইহঁতকো অলপ অলপ দেচোন। বিহু বুলি খাওক।
দোৰোলখোৱাৰ জিভাৰে আজলীৰ বাপেকে ঘৈণীয়েকক আদেশ দিলে। মানুহজনীয়েও হাঁহি হাঁহি লৰাকেইজনলৈ বাটি একোটা আগবঢ়াই দিলে ।
: কংকণ আঁতৰত কিয় ৰৈ আছ? আহ আকৌ।
কংকণক আঁতৰি থকা দেখি আজলীৰ মাকে মাতিলে।
: নালাগে খুৰীদেউ, মই ইয়াতে ঠিকেই আছো। সিহঁতকে দিয়কচোন ।
: উৱা, বিহু বুলি অকণমান খাবা আহা, একো নহয় ।
: নালাগে নালাগে খুৰিদেউ ।
কংকণৰ কথা শুনি আজলীৰ মাকৰ লগতে বাকীসকলেও হাঁহি উঠিল ।

গধূলি…
বাহিৰত বিহুৰ খদমদম। আজলীয়ে জুহালত বহি তিল পিঠা পুৰিছে। সোমৰসৰ ৰাগিত মতলীয়া বাপেকে কেতিয়াবাই শুলে। আজলীৰ মাকৰহে শান্তি নাই। মেজিৰ কামত লাগো গৈ বুলি পুৱাতে ওলাই যোৱা ল’ৰাটো এতিয়ালৈকে ওভতা নাই। ভোকে লঘোণে ক’ত বা কি কৰি ফুৰিছে! হঠাতে পদুলিৰ নঙলাডাল কেৰকেৰাই উঠাত চাকি এটা লৈ মানুহজনীয়ে লৰালৰিকৈ ওলাই গ’ল। চাকিটোৰ ধিমিক ধামাক পোহৰত দেখিলে কোনোবা এজনে নঙলা এডাল ভাঙি পদুলিতে শুই আছে। মানুহজনীয়ে আগবাঢি গ’ল ।
: বিহু বুলি অকণমান খালো অ’  মা ।
ফুটা নুফুটা মাতেৰে ল’ৰাজনে মাত লগালে।

দৃশ্য চাৰিঃ

পুৱাৰে পৰা মিনতিয়ে ইফালে সিফালে কাম কৰি ফুৰিছে। বিহু বুলি ব্যস্ততা এনেই বাঢ়ি যায় । জা-জলপান বেছি কৰা নাই। চিৰা এদোন, সান্দহ একলহ  আৰু তেলপিঠা এক কিলোগ্ৰাম। তিলপিঠা অধিক পুৰিবলৈ মন আছিল। পিচে গুৰ আৰু তিলৰ নামত টকা খৰচ কৰিব নোৱাৰি । কনক নাই। মাষ্টৰৰ ঘৰলৈ গৈছে। নৰা এহেজাৰ নি মানুহজনে পইচা দিয়া নাই। আজি দিম বুলি কৈছে। পুৱাই কনক তেওঁলোকৰ ঘৰলৈ গ’ল। তাৰ পৰা আহিয়েই বিহুৰ বজাৰলৈ যাব। মিনতিয়ে হাঁহ এটা বান্ধি থৈছে। হাঁহ এহালেই আছে। তাৰে এটা বিকিবলৈ তাইৰ মন নাছিল, পিছে উপায় নাই। সেইটোৰে বিকি বিহুৰ বজাৰখিনি কৰিব লাগিব। মাষ্টৰৰ ঘৰৰ পৰা পইচাকেইটা পালে পুতুলৈ কিবা এটা আনিবলৈ ক’ব। কনকৰ গেঞ্জীটোও ফুটা ফুটা হ’ল। গেঞ্জী এটাও আনিবলৈ ক’ব লাগিব। পইচা হ’লে তাইলৈ ব্লাউজ এটাও আনিবলৈ ক’ব লাগিব। পুতুলৈ চালে। সি গাত তেল টেঙা সানি বাপেকলৈ বাট চাই আছে। বাপেকৰ সৈতে বজাৰলৈ যাব। ‘বজাৰৰ পৰা তোলৈ নখ-পলিচ এটা আনিম দে’—পুৱা কনকে কোৱা কথাষাৰ মনত পৰি তাইৰ মুখত অজানিতে হাঁহি এটাই ঢৌ খেলি গ’ল। এতিয়া আৰু তাইৰ নখ পলিচ ঘঁহাৰ বয়স নে। জেতুকাবোৰনো কিয় আছে। সেইষাৰ কওতে আক’ সি ক’লে- জেতুকা সদায় ঘঁহ, আজি নখ পলিচ লগাবি।
ৰৈ ৰৈ আমনি লাগিছিল । ৰেডিঅ’টো লগাই সময়টো অনুমান কৰি ল’লে । ১০বাজিল। মানুহজনে ইমান সময় লগাইছে! হাঁহটোও বেচিবলৈ আছে, পাহৰিলে নেকি! মিনতিৰ অলপ খঙেই উঠিল। তেনেতে ভাগৰুৱা যেন দেহাৰে নঙলাডাল খুলি কনক সোমাই আহিল। কাকো মাতবোল নকৰাকৈ সি পাছ চোঁতাল পালেগৈ । কনকৰ মুখখন দেখিয়েই মিনতিৰ গা-চেবালে।তাই লগে লগে তাৰ পাছে পাছে গ’ল।
: কি হ’ল?
মিনতিৰ প্ৰশ্নত কনকে অলপ সময় তাইলৈ চালে। তাৰ পিচত ক’লে-মাষ্টৰ দদাইদেউ বজাৰলৈ গৈছে বুলি খুৰীদেৱে মোক অলপ সময় বহিবলৈ ক’লে । বহিলোঁ। সেই পুৱাৰে পৰা অলপ আগলৈ দদাইদেউলৈকে ৰৈ আছিলোঁ । দদাইদেউ আহিল। ক’লে এইবাৰ দৰমহাই নাপালে হেনো। নিজৰে বজাৰ কৰা হোৱা নাই । আমাৰ পইচাকেইটা অহা মাহতহে দিব হেনো। অহা মাহত দিব নোৱাৰিলে ধানকে অলপ নিবলৈ কৈছে।
কথাখিনি কৈ কনক মাটিত বহি পৰিল। তাৰ চকুৰ সন্মুখত ভাহি উঠিল মাষ্টৰে বজাৰৰ পৰা কেঁকো-জেঁকোকৈ দাঙি অনা মোনাকেইখন।
কনকক দেখি কৰবাৰ পৰা লৰি আহি পুতুৱে তাক সাবটি ধৰি ক’লে—-দেতা, বজাৰলৈ নাযায় নেকি?  মই অথনিৰে পৰা ওলাইয়ে আছো। এইবাৰ হ’লে মই বিহুৰ কাপোৰ লমেই দেই। মোৰ লগৰ চবেই নতুন কাপোৰ কিনিছে। মোকো লাগিবই।
কনকে মিনতিলৈ চালে। সেই চকুত পৃথিৱীৰ সকলোতকৈ অসহায় পিতাকৰ ছবিখন ফুটি উঠিছিল। মিনতিয়ে সেই দৃষ্টি সহিব নোৱাৰিলে। পুতুক বুকুৰ মাজলৈ টানি আনি থোকাথুকি মাতেৰে ক’লে-পুতু, মোৰ সোণটো, আমাৰ বাবে বিহু নাহে নহয়, দুখীয়াৰ বাবে কোনো দিনে বিহু নাহে অ’…

 

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক