ভোগালীৰ ৩০-৩৫ বছৰৰ আগৰ কিছু স্নেপশ্বট (সুৰজিৎ নেওগ)

সুৰজিৎ নেওগ
(এই কথাখিনি মই নকৈ যদি মোৰ ল’ৰাটোক কওঁ, মই নিশ্চিত, হয় সি মুখখন মেল খাই ভেবা লাগি মোৰ ফালে চাই থাকিব, নহয় এটা অবিশ্বাসৰ চাৱনিৰে আঁতৰি যাব । আমাৰ ল’ৰাহঁতৰ বাবে খেল বা অৱসৰ বিনোদন মানে টিভি, ভিডিঅ’ গেমছ, কম্পিউটাৰ, লেপটপ, ম’বাইল, আইপেড । কোনেও কাকো দোষ দিব নোৱাৰো।)

ভোগালীৰ ৩০-৩৫ বছৰৰ আগৰ কিছু স্নেপশ্বট

আমাৰ বাবে সেইসময়ত কিজানি মাঘ বিহুটো (ভোগালী) আটাইতকৈ লেখত ল’বলগীয়া উৎসৱ আছিল । আমাৰ কুমলীয়া মনত মাঘবিহুৰ উলহ-মালহে এক অনিৰ্বচনীয় পুলক জগাইছিল। সেয়ে ইয়াৰ গুৰুত্ব নিশ্চয়কৈ ব’হাগ বিহু বা দুৰ্গা পূজাতকৈ বেছি আছিল । কাৰণ ভোজ । বিহু উপলক্ষে আমাৰ কলনিৰ ১৫টা পৰিয়ালে মিলি এক বৃহৎ আয়োজন কৰিছিল। লগতে আছিল গ্রেণ্ড খানা (পিনা নাছিল তেতিয়া) । মাৰ্ঘেৰিটা অঞ্চলটো (লিডু, টিৰাপ আদি) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মিত্রদলৰ বাবে অতি স্পৰ্শকাতৰৰূপে চিহ্নিত আছিল আৰু সেয়ে অঞ্চলটোৰ ঠায়ে ঠায়ে বহু হেলিপেড নিৰ্মাণ কৰা হৈছিল । কংক্রিটৰ প্রায় ৩,০০০ বৰ্গফুট এলেকাৰ এক এক হেলিপেড । লগতে আছিল বহু ট্রেঞ্চ । আমাৰ ঘৰৰ নিচেই ওচৰতে তেনে এখন হেলিপেড (এতিয়াও ভগ্নাৱশেষ আছে কিজানি) আৰু কিছু ট্রেঞ্চ আছিল । সেই ট্রেঞ্চৰ কাষে কাষে আমাৰ ভোগালীৰ ভোজৰ চৌকা খন্দা হৈছিল আৰু শাৰী শাৰীকৈ খোৱা-বোৱা হৈছিল। সেই ট্রেঞ্চ আছিল আমাৰ চোৰ-পুলিচ খেলৰ অবিচ্ছেদ্য অংগ। যি নহওক, ভোজৰ কেইবাদিন আগতে আমাৰ মা-দেউতাহঁতে আনৰ লগত আলোচনা-বিলোচনা কৰি খোৱাৰ ‘মেনু’ আদি ঠিক কৰিছিল আৰু ভোজৰ দিনা আমাৰ ল’ৰা-ছোৱালীজাকৰ কাম আছিল ঘৰে প্ৰতি মানুহৰ সংখ্যা অনুসৰি চাউল, দাইল, আলু, পিঁয়াজ, নহৰু আৰু তেলপৰ্যন্ত সংগ্রহ কৰা । বাকী মাছ আৰু মাংস বা আন আন সামগ্রী ৰাজহুৱা (নিজৰ মাজত) বৰঙণিৰ পৰা কিনা হৈছিল । সেই সময়ত মাৰ্ঘেৰিটা অঞ্চল কাঠফলা কলেৰে (প্লাইউড ফেক্টৰি) গিজগিজাই থকা বাবে যিকোনো এটা মিলৰ পৰা ভোজৰ খৰি আৰু পিছদিনাৰ মেজিৰ কাঠ বিনামূলীয়াকৈ পাইছিলোঁ ।

সকলো সামগ্রী গোট খোৱাৰ পিছত প্রত্যেকেই ভাগে ভাগে নিজ নিজ কামত লাগি গৈছিল । যুৱতী, বোৱাৰী, মাতৃ আদিয়ে চাউল, দাইল বচা, পাচলি কুটা, আদা-নহৰু-পিঁয়াজ গুচোৱাৰ দৰে কামত ব্যস্ত হৈ পৰিছিল আৰু আমি ল’ৰামখাই ইটা- শিল আদিৰে চৌকা সজোৱা, খৰি ফালি সৰু সৰু কৰা আদি কাম কৰিছিলো । অ’ ক’বলৈ পাহৰিছো, মাঘবিহু হৈ যোৱাৰ ঠিক পিচতে আমাৰ বছৰেকীয়া পৰীক্ষা আৰম্ভ হৈছিল আৰু সেয়ে এই স্ফূৰ্তিকণেই আমাৰ বাবে লাষ্টচাঞ্চ আছিল, কেনেবাকৈ এটা দিন নপঢ়াকৈ কটোৱাৰ বাবে! আৰু ইয়াৰ অচিলা লৈ আমি গোটেই দিনটো ক্রিকেট খেলি কটাইছিলো আৰু ৰাতিলৈ ভোজ ভাতৰ আনন্দ! আমাৰ মা-দেউতাহতঁৰ সেইদিনাৰ হেল্পলেছ অৱস্থাটো আমি যেন খুব উপভোগ কৰিছিলো; কাৰণ বিহুৰ দিনা ডাবি-ধমকি দিয়া মানা! গতিকে খেলা আৰু খেলা ….

তেতিয়া আমাৰ কাৰোৰ হাততেই টেপৰেকৰ্ডাৰজাতীয় একো বস্তু নাছিল যাৰ দ্বাৰা উদ্দাম (!) সংগীত বজাব পৰা যায় । গতিকে কেইবাটাও ফিলিপছ আৰ মাৰ্ফি ট্রেনজিষ্টৰ সহায়ত আমাৰ ৰান্ধনিসকলক উৎসাহ যোগোৱা হৈছিল । পোহৰৰ ব্যৱস্থা হৈছিল পেট্র’মাক্স বা মেন্থল লাইটৰ দ্বাৰা । ইয়াৰ লগে লগে আৰম্ভ হৈছিল এটা প্রকাণ্ড মেজি বনোৱাৰ কাম । ১১-১২ মান বজাত সকলোৱে মিলিজুলি ৰং-তামাচা  কৰি ভোজভাত খোৱাৰ পিছত কাঁহি-বাতি, বাচন-বৰ্তনবোৰ আমাৰ মাহঁতে ধুই-ধাই অটাই মানে নিশা গভীৰ হৈছিল । মেজি ৰখা কামটো আমাৰ ভিতৰত ডাঙৰকেইজনে কৰিছিল আৰু পিছলৈ ময়ো সেই কামটো কৰাৰ অনুমতি পোৱাত নিজকে ধন্য মানিছিলোঁ । অৱশ্যে আমি কোনো ভেলাঘৰ সজা নাছিলো আৰু এটা টম্বুৰ তলতে ৰাত্রি যাপন কৰিছিলো । কিযে মজা লাগিছিল! আমাৰ কথা-বতৰাত ভূতে সদায় আগস্থান পাইছিল আৰু প্রত্যেকে নিজ নিজ কাহিনী যিমান পাৰে মা-মছলা সানি পৰিৱেশন কৰিছিল । শেষত গৈ এনেকুৱা এটা পৰিবেশ হৈছিলগৈ যে আমি গোটেই কিটা থুপি-থাপি কোনোমতে এডোখৰ ঠাইত গাত গা লাগি ৰৈছিলো ভূতৰ ভয়ত।

পিছদিনা পুৱা নিজ নিজ ঘৰলৈ গৈ গা পা ধুই সাধ্যানুসাৰি নতুন কাপোৰ-কানি পিন্ধি পুনৰ আমাৰ সমজুৱা মেজি জ্বলাবলে চাৰে ছয়/ সাতমান বজাত গৈ উপস্থিত হওঁহি । তামোল-পাণেৰে সেৱা জনাই মাহ-তিল আদি ছটিয়াই অগ্নিদেৱতাক বিদায় দিয়াৰ পিছত আমাৰ মনবোৰ সঁচাকে অনামি দুখত সেমেকি উঠিছিল । তাৰ পিচত ভোকত কলমলাই থকা পেটবোৰ শান্ত কৰিবলৈ কোনে কাৰ ঘৰলৈ গৈ চিৰা, দৈ, জলপান খাইছিল তাৰ কোনো লেখ-জোখ নাছিল । বছৰেকীয়া পৰীক্ষাৰ আগৰ শেষ আনন্দৰ তাতেই যেন কৰুণ পৰিসমাপ্তি ঘটিছিল।

এই কথাখিনি মই নকৈ যদি মোৰ ল’ৰাটোক কওঁ, মই নিশ্চিত, হয় সি মুখখন মেল খাই ভেবা লাগি মোৰ ফালে চাই থাকিব, নহয় এটা অবিশ্বাসৰ চাৱনিৰে আঁতৰি যাব । আমাৰ ল’ৰাহঁতৰ বাবে খেল বা অৱসৰ বিনোদন মানে টিভি, ভিডিঅ’ গেমছ, কম্পিউটাৰ, লেপটপ, ম’বাইল, আইপেড । কোনেও কাকো দোষ দিব নোৱাৰো । এবাৰ ফাঁচীবজাৰৰ কোনো এখন দোকানত কেটেপা এডাল দেখি কিনি আনিছিলো; সি কিবা বুজক বুলি । নাই, এবাৰ লিৰিকি বিদাৰি চাওতে ল’ৰাৰ ইন্টাৰেষ্ট শেষ । হোমৱৰ্কৰ হেঁচাত আপোনাৰ মোৰ ল’ৰা-ছোৱালীৰ বেলেগ চিন্তা কৰিবলৈ সময়েই বা ক’ত ? অৱশ্যে মাঘ বা ভোগালী বিহুৰ প্রতি যেনিবা তাৰ এটা স্পষ্ট ধাৰণা আছে, কাৰণ যিমান পৰা যায় ভোজৰ পৰা মেজিলৈকে চিৰা পিঠাৰে পৰম্পৰা এটা বজাই ৰাখিবলৈ আমি যৎপৰোনাস্তি চেষ্টা চলাই আহিছো আৰু বোধকৰো সফলো হৈছো । এই বিষয়ত আমাৰ ল’ৰাজনে পঢ়া বিদ্যালয়খনৰ ভূমিকাও যথেষ্ঠ উৎসাহজনক; য’ত প্ৰতিটো উৎসৱ, তিনিটা বিহু, ফাকুৱা, দেৱালী আদি পাৰম্পৰিক সাজ-পোছাকসহ কামে-কাজে কৰি সিহঁতক বুজাই দিয়া হয় ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments