ভোগৰ ভোগালী, অসমীয়াৰ ভোগালী (চন্দনজ্যোতি ভূঞা)

(লাহে লাহে ডাঙৰ হৈ আহোঁ । ভেলাঘৰ সজাৰ কাম আমি কৰিব লগা হয় । দহদিনৰ আগতেই খৰি ফলা কাম । আচল ভোগালী এইটো বয়সতহে লাগে যেন ভাব হয় । উৰুকাৰ দিনা পুৱাই এবোজা মোনা লৈ বজাৰলৈ যাওঁ । লগত দেউতা।…)
চন্দনজ্যোতি ভূঞা
ভোগৰ ভোগালী, অসমীয়াৰ ভোগালী

অসমীয়া উত্‍সৱপ্ৰিয় জাতি । বাপতি সাহোন গজগজকৈ তিনিটা বিহু আছেই । আকৌ দুৰ্গা পূজা, লক্ষ্মী পূজা, দেৱালী, কালি পূজাকে প্ৰমুখ্য কৰি বাৰটা মাহত তেৰটা কিয়, ছাব্বিছটা উত্‍সৱ অসমত পাতে । তাত অসমীয়াই ১২০ টকীয়া হাঁহিৰ পৰা পূৰাপূৰি লাখটকীয়া হাঁহি মাৰে । লোকেলেই হওক চালানিয়েই হওক প্ৰতিটো উত্‍সৱত অকণমান মুখত লৈ আকাশ-পাতাল গৰম কৰি থকাতো অসমীয়া সমাজৰ উল্লেখনীয় বৈশিষ্ট্য । এই আনন্দৰ সময়ছোৱাত একেবাৰে হাঁহি নমৰা অসমীয়াও আছে । তথাপিতো জাতীয় উত্‍সৱ বুলিলে কথাই সুকীয়া । প্ৰকৃতিৰ লগে লগে অসমীয়াও ভৰযৌৱনা হয় । বিহু মূলতে কৃষিভিত্তিক হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰকৃতিৰ তাড়নাত বসন্তত অসমীয়া ৰঙালী হয় । কুঁহিপাতৰ কোমল গন্ধে মতলীয়া কৰি ডেকা কি, বুঢ়া কি সকলোকে এলাহৰ পৰা জগায় । অসমৰ সাতামপুৰুষীয়া খেতি-খোলা নতুনকৈ পাতিবলৈ এইটি উত্‍সৱে বল দিয়ে । সকলোৱে মিলি গাৱৰ ৰাইজে ৰং-ৰহইচ কৰি বাৰিষাৰ লগে লগে কেঁকোৰা নাঙলত ধৰে । নগৰৰ কথা সুকীয়া্; এইটো উত্‍সৱকে গইনা লৈ পুঁজিপতিসকলে অতি কমেও তিনি মাহলৈকে পৰম্পৰা ৰক্ষাৰ আপ্ৰাণ চেষ্টা কৰে । পাৰে নে নোৱাৰে সেয়া হিচাপ-নিকাচ কৰি থাকোতেই বেলেগ উত্‍সৱ আহে । সেয়া ধোঁৱা চাঙত উঠে ।

দুই নম্বৰ ভাগ বিহু পাতিবলৈ নগৰত সময়ে নহয় । দিনটো অফিচ-কাছাৰিত ভাগৰুৱা হৈ সন্ধিয়া বিহু বুলি পালে মাটি চাকি এগছ জ্বলায়। নাপালে মমবাতি । গাঁৱত তেতিয়া কঙাল । যদি বানপানীয়ে ধান গছবোৰ নামাৰে, তেতিয়া কাৰোবাৰ পৰা ধাৰ কৰি হ’লেও আনি ধাননি পথাৰত এগছি বন্তি দি লখিমী আদৰে । আশীটকীয়া মগুৰে তুলসীৰ তলত মাহ প্ৰসাদ দিয়ে ।

তেনেকেই কঙালী বিহু সামৰাৰ পিছতহে ভোগৰ উত্‍সৱটি আহে। নামতেই ভোগ, নাখাই থাকিবনে ? অসমৰ শালি খেতি শেহতীয়া হোৱাৰ বাবে কিছু কিছু ঠাইত পুহৰ মাজভাগ মানতহে ভঁৰালত লখিমী তোলে । খেতি নথকা মানুহৰো পুহৰ মাজৰে পৰা মনবোৰ ভোগালী ভোগালী হ’বলৈ ধৰে । মাছ, মাংস, শাক-পাছলিৰে উভৈনদী হৈ সমগ্ৰ অসমতে এই সময়তে সুখৰ পৰিবেশে বিৰাজ কৰে । ইংৰাজী নৱবৰ্ষৰ টোপনি খতি নৌযাওঁতেই আহৰি নাইকিয়া কৰে অসমীয়াক ।

ইমান দীঘল পাতনি মেলাৰ ইচ্ছা নাছিল যদিও ফটা মুখ ওলায় গৈ থাকিল । গাঁৱত জন্ম হৈ যি সকলে স্বচক্ষে ভোগালীৰ সোৱাদ লৈছে, তেওঁলোকৰ চিনাকি দৃশ্য কেইটামান মোৰ মনতো আছে । তাকে লিখিছো । চোতালত মৰণা সৰাই ৰাতিপুৱা লৰ মাৰো পথাৰলৈ; নৰা কাটিবলৈ । ভেলাঘৰ সাজিবলৈ নৰা কটাৰ গুৰু দায়িত্ব আমাৰ সৰুবোৰৰ । নৰা মুঠি মুঠি কৰি ভেলাঘৰৰ ওচৰলৈ অনা, ফালি থোৱা খৰি মেজিৰ ওচৰলৈ নিয়া, হাবিৰ পৰা লগনি গোটোৱা। আমাৰ এশ এবুৰি কাম । সেইকেইদিন টেঙা বল খেলা বন্ধ হয় । বিহুৰ আগদিনা বিহুৰ বজাৰ । অপাৰ আনন্দৰে আগনিশাই মোৱা-আলুৰ দীঘল শুং গুচাওঁ । দুপৰীয়ালৈকে বজাৰত ঘূৰি ফুৰোঁ ।

লাহে লাহে ডাঙৰ হৈ আহোঁ । ভেলাঘৰ সজাৰ কাম আমি কৰিব লগা হয় । দহদিনৰ আগতেই খৰি ফলা কাম । আচল ভোগালী এইটো বয়সতহে লাগে যেন ভাব হয় । উৰুকাৰ দিনা পুৱাই এবোজা মোনা লৈ বজাৰলৈ যাওঁ । লগত দেউতা । দিনটো বজাৰত থাকি ঘৰলৈ ভোগ কিনি আনো । মোনাবোৰ খালি হয় ঠিকেই । মনত সুখ ভৰি থাকে । আবেলি আহি মেজি খৰি জাপোঁ । সকলোৰে ভাগে ভাগে কাম । সাজি থোৱা ভেলাঘৰৰ সকলো যা-যোগাৰ কৰা, পাতিহাঁহৰ মাংসৰে ভোজ খাবলৈ বস্তু-বেহানি গোটাই মানে দিনমণিয়ে মেলানি মাগে । ডেকা, বুঢ়া, কণমানি সকলোৱে ঠাণ্ডাত কঁপি কঁপি মেজিৰ কাষ চাপে । চৌদিশ মুখৰিত হয় : ”আমাৰ মেজি কেঁচাই পকাই ধ্বংসি নিয়ক ।”
জুয়ে আকাশ চুব খোজে। ছোৱালী, বোৱাৰী সকলোৱে মিলি শাক-পাচলি কাটে । হাঁহি মাতি ডেকা-গাভৰুৱে কেছেটৰ গীতৰ তালে তালে বিহু জুৰে । সকলোৱে মিলি তৃপ্তিৰে এসাঁজ খায় । গা গৰম হৈ থাকোতেই মানুহবোৰ ঘৰাঘৰি যায়গৈ । তাৰ পাছতহে আমাৰ চেঙেলীয়া মখাৰ গাত আচল বিহু লাগে । ভেলাঘৰ ৰখীয়া হৈ দহ-বাৰজন ল’ৰা ৰৈ যায় । কেছেটৰ – ”বিয়া পাতি জুতি লবি”, ”খোছনি ভৰাই থোৱা শিলিখা” বিহুগানে আকাশ তালফাল কৰে । ভেলাঘৰত ‘তিনিপাতি’ বহে । ৰাতি বাৰ বজা মানলৈ দহ,বিছ টকাকৈ কোনোৱে জিকে, কোনোৱে হাৰে ।

গাঁওখন শুৱে । নিজম পৰে । পৰম্পৰামতে চুৰ কৰিব লগা সময় আহে । মেজিৰ জুইকুৰা নতুনকৈ জ্বলি উঠে । পাল পাতি পাতি চুৰ কৰিবলৈ যাওঁ । শুকান জেওৰা, জপনা মেজিত ছাঁই হয় । বাৰীৰ পূৰঠ আলু পাতিয়ে পাতিয়ে খান্দি আনি জুইত পুৰি খাওঁ । কাৰোবাৰ কাঁহ এটা শুনিলেও নৰাৰ মাজত লুকাওঁ । কুঁৱলীয়ে গা তিতাই । কাৰোবাৰ গোহালিত সোমাই নতুন পোৱালিৰ বান্ধ খুলি দিওঁ । মাকৰ ওহাৰত পোৱালিয়ে চপক চপক গাখীৰ পিয়ে । পুৱা গৃহস্তই গাখীৰ খিৰাবলৈ নাপাই গুৱালগালি পাৰে । জেওৰা জপনা নথকাত উদঙীয়া গৰুৱে সকলো শেষ কৰিব বুলি বিহুৰ দিনাই জেওৰা দিয়াত লাগে । মুখেৰে চৈধ্য পুৰুষক সামৰি গালি পাৰে । শাওঁ দিয়ে । আকৌ ভাল হয় । সেয়াই চহা গাৱলীয়া কৃষক । লৰালৰিকৈ গাটো তিয়াই বৰ মেজিৰ কাষলৈ আহে । সকলোৱে আশীৰ্বাদ লৈ মাহ প্ৰসাদ খায় । সুখৰ কথা ওলায় । আমিবোৰো ঘৰাঘৰি যাওঁ, আগৰাতিৰ খতি টোপনি পূৰাবলৈ । গাৱে-ভূঞে তিনিদিনলৈ এই ভোজৰ কৰ্ম ভাগ শেষ নহয় । খালে, ডোঙে মাছ-পুঠি ধৰি একেলগে ভাত খায় । ভেলাঘৰটো বহু দিনলৈ তেনেকেই থাকে । ভাঙিবলৈ কাৰো সত নাযায় । নিজেই জহি যায়গৈ । ভোগালীও শেষ হয় । অসমীয়াই পৰৱৰ্তী ভোগলৈ বাট চায় । ভোগৰ ভোগালীলৈ ।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
8 years ago

val lagil…