ভোগ (দীপচুন চাংমাই)

ভোগ (দীপচুন চাংমাই)

(১)

আমি অসমীয়া মানুহবোৰ মোটামুটিকৈ ভোজন বিলাসীয়েই চাগে ? নে লুতুৰা স্বভাৱৰ ? ভোগালীৰ বতৰত তেনে অনুভৱ এটা ছেগা-চোৰোকাকৈ মনলৈ আহি আছে । ডা০ মুক্তি নাথ গগৈ দেৱৰ “পান-ভোজন” পঢ়ি পঢ়ি তেনে ভাবেই হৈছিল এসময়ত । তাতে বিভিন্ন জনগোষ্ঠীয় প্ৰণালীৰে প্ৰস্তুত কৰি সোৱাদ লোৱা ইটো-সিটো আছেই । অৱশ্যে এই বিলাসিতাত কাৰো কাৰো আপত্তি নথকা নহয় । আমাৰ সুধাকণ্ঠ ড০ ভুপেন হাজৰিকাদেৱো হেনো খাদ্য ৰসিক আছিল । তেওঁ খাৰ-টেঙা আদি অসমীয়া খাদ্যৰ প্ৰতি বিশেষ দুৰ্বলতা থকাৰ কথা নিজ মুখে স্বীকাৰ কৰি গৈছে । সুধাকণ্ঠই বোলে ডাক-ৰোষ্ট (হাঁহৰ ভজা মাংস) খুব ভালকৈ ৰান্ধিব জানিছিল । মনত পৰে । এঘৰত আলহী খাবলৈ গৈছো । মনটো ভাল লাগি আছে । লগৰটোৱে কৈছে আজি হেনো অলপ বেলেগ ধৰণৰ ব্যঞ্জন এবিধৰ সৈতে মোক পৰিচয় কৰাই দিব । দৃষ্টি নন্দন, সুস্বাদু আৰু বহুদিনলৈ কাণত বাজি থকা এবিধ ব্যঞ্জন । যা হওক, বহি আছো নানান গল্প-গুজব কৰি । ৰাতিৰ জুহাল । চাংঘৰত গুলপীয়া গুলপীয়া মনবোৰ । কথাৰ মাজে মাজে উত্‍সুক হৈ ৰান্ধনিশালৰ ফালে চাই আছো । আধাঘণ্টামানৰ পাচত গৃহস্থই গামলা এটাত ধোঁৱা উৰোৱাই ব্যঞ্জনবিধ লৈ আহিল । আমি বহি থকা ঠাইডোখৰৰ সোঁ-মাজতে আহল-বহল কাঁহৰ কাঁহি এখন পাৰি দি ব্যঞ্জনবিধ ঢালি দিলে । খট্ খট্ খটং খটং খটং টং টং খট্ । ভিক’ বজ্ৰদন্তী নে ক’লগেইট ক’ব নোৱাৰো, কিন্তু দুইপাৰি দাঁত অতিক্ৰমি সোঁ-ফালৰপৰা বাওঁফাললৈ উজ্জ্বল চিকমিকনি এটা পাৰ হৈ গৈছিল চাগৈ । দাঁত কেইটাই মৰমৰাই উঠিল । দীঘল, লাহী, জোঙা থুৰিয়াই বন্ধা তামোলাকৃতিৰ কিবা এসোপা । সি যি কি নহওক, অভিজ্ঞজনৰ দিহা-পৰামৰ্শ ব্যঞ্জনবিধৰ সোৱাদ লোৱাত সহায়ক হ’ল । থুৰিয়া তামুলাকৃতিৰ টান বস্তুটোৰ বহল অংশত থকা ঢাকনী গুচাই হোঁপা এটা মাৰি দিয়ক । আচল ব্যঞ্জনবিধ একেকোবে মুখৰ ভিতৰ পাবগৈ । অনুমান কৰিব পাৰিছেই চাগৈ । কেনে পালে বুলি সুধিলে ক’ম, ‘ভালেই ।’ পিচে অমুকাৰ ডাইজেষ্টিভ কেপাচিটি বৰ ঠিক নহয় । সেয়ে পুনৰ সেইবিধলৈ মন মেলা নাই আৰু ।

(২)

ভোগালীৰ বতৰ । উৰুকাৰ দুদিন আগতেই আহি ঘৰ সোমালোহি । অৱশ্যে পোনে পোনে আহি ঘৰ সোমোৱা নাই । আগতেই কৈছো নহয়, ভোগালীৰ বতৰ । ফোনা-ফোনি কৰি ঠিক কৰি থৈছিলো, ঘৰৰ আটাইয়ে মিলি পুৰণি ঘৰলৈ যোৱাৰ কথা । মায়ে ফোন কৰি জনালে যে তেওঁলোক ইতিমধ্যে অভিযানত ওলাল । ময়ো ভিনিহিৰ দুচকীয়াখন লৈ লৰ ধৰিলো । যথাসময়ত নিচাদেও (বৰদেউতা)ৰ ঘৰ পালোগৈ । সকলোৰে সৈতে কুশল-বাৰ্তা বিনিময়ৰ অন্তত বৌ কেইজনীৰ সৰল উচ্ছ্বাসৰ মাজেৰে পান-ভোজন পৰ্ব চলি থাকিল । দেউতা-নিচাদেও আৰু ককাইদেউকেইজনৰ সৈতে একেখন মজিয়াতে বহি খোৱাৰ এই আমেজকণ হেৰুৱাব নিবিচাৰো বাবেই বিহুৱে সবাহে যেনেতেনে আহি হাজিৰ হওঁ । বৌহঁতে যিমান পাৰে হাঁহৰ খৰলি, ঔটেঙা দিয়া বাৰে-মিহলি শাকৰ সৰুমাছৰ আঞ্জাখন আৰু শ’লমাছৰ আঞ্জাখন বাতি ভৰাই দি গ’ল । আমাৰ খোৱা-বোৱাৰ অন্তত আটায়ে চ’ৰাঘৰত তামোলেৰে মুহুদি কৰি আছো । বৌ কেইজনীক জোকোৱাৰ মানসেৰে সাউত কৰে জুহালৰ মজিয়াত উপস্থিত হ’লোগৈ । আটায়ে মহানন্দৰে খাবলৈ বহিছে । অৱশ্যে বাতি-কাঁহিবোৰ আমি খোৱাৰদৰে ভৰপূৰ নহয় । তথাপিও সেইবোৰলৈ বিশেষ কাণসাৰ নাই । হাঁহিত জুহাল ৰজনজনাই গৈছে । আনদিনা হোৱা হ’লে হয়তো নিচাদেওৰ গলহেঁকাৰিটোৱে বৌকেইজনীৰ হাঁহিটো মাৰ যোৱালেহেঁতেন । ময়ো তেওঁলোকৰ ৰং-তামাচাত চামিল হৈ দুই-এবাতি ঘৰুৱা সাঁজপানী সৰকালো । লগতে যোৱাৰ পৰত বাটলাখুটিৰ বাবে অলপ তৈলমৰ্দন কৰি থলো ।

অশীতিপৰ নিচাদেওৰ দীৰ্ঘায়ো কামনা কৰি আহি আছো । ৰেল ক্ৰছিংটোৰ ওচৰতে এজন যুৱক ওলাল । মই চহৰৰ দিশত যোৱা দেখি একে লগে যোৱাৰ ইচ্ছা প্ৰকাশ কৰাত উঠাই ললো । গৈ আছো । দুই-এটা কথা পাতিছো । গাঁৱত হেনো আজিকালি ৰং-পানীয়ৰ কদৰ বাঢ়িছে । বিয়া-সবাহৰ সময়ত ডেকাচামৰ বাবে ইয়াৰ চাহিদা খুব বেছি হয়। তাতে ভোগালীৰ বতৰ । সেয়ে অলপ আগতীয়াকৈ মজুত ৰাখিলে হেনো ভাল । অঐ অঅঐঐ..। তত্ ধৰাৰ আগেয়ে মুখখন থেকেচা খোৱা যেন অনুভৱ হ’ল । বুকুখনো বিষাই উঠিল । ততালিকে মোৰ লগত অহা যুৱকজনে বাইকখন উঠাই লৈ ৰাস্তাৰ কাষলৈ ঠেলি লৈ গ’ল । মইয়ো খপজপকৈ উঠি কাষৰ দোকানখনৰ সন্মুখতে বেঞ্চৰদৰে পাৰি থোৱা ফলীয়া বাঁহকেইচটাত বহি দিলো । কিলাকুটি, আঁঠু আৰু পেটত চেকচেকনি এটা হোৱা যেন পালো । মুখৰ ভিতৰতো বালি যেন অলপ কিৰমিৰাই উঠিল । “তোমালোকৰ একো ভুল নাই । আমি দেখিছো নহয়, ছোৱালীজনী হঠাত্ কেনেকৈ আগেদি দৌৰি পাৰ হৈ দিছে ।” ইফালে-সিফালে চালো । ছোৱালী ক’ত ৰৈ থাকিব । একে দৌৰে গৈ কৰবাত ভয়পুলুকা মাৰিলেগৈ । কোনো এজনে ট্ৰেফিক পুলিচ অহাৰ আগেয়ে তাৰপৰা যাবলৈ দিহা দিলে । ক’লে, “বিহুৰ দিন, চিকাৰ বিচাৰিয়েই ফুৰিছে ।” এজনে ডাক্তৰৰ ওচৰত টিটেনাচ এটা লোৱাৰ পৰামৰ্শ দিলে । মোৰো শুভবুদ্ধি উদয় হ’ল । অনতিবিলম্বে সেই ঠাই এৰি ফাৰ্মাচী পালোগৈ । পাচত যুৱকজনে কৈছিল, ৰেল ক্ৰছিংটোৰ পৰা অলপ আহিয়েই হেনো এটা মেকুৰীয়ে আমাৰ বাট কাটিছিল । মোৰ মনত পৰিল, আগ ব্ৰেক আৰু পাচ ব্ৰেকৰ তালমিল নোহোৱাতহে খিচখিচীয়া বালি-বোকা পৰি থকা ৰাস্তাটোত আগ চকা পিছল খাই গৈছিল । অৱশ্যে হয়, বাটলাখুটিও ঠিকেই আছিল ।

(৩)

মাক-বাপেকে হেনো ল’ৰাৰ মুখলৈ চায় আৰু পত্নীয়ে হাতলৈ । বৃত্তিমুখী স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ হৈ থকা দিনৰ কথা । কি উপলক্ষ্যত আহিছিলো পাহৰিছো । মোৰ মানসিক স্বাস্থ্যৰ খতিয়ান লোৱাৰ উদ্দেশ্যে দেউতাই সুধিলে,

– অ’, তহঁতৰ যে এই বৃত্তিমুখী পাঠ্যক্ৰমবোৰ, আজিকালি ল’ৰা-ছোৱালীবোৰে ইয়াক খুব অগ্ৰাধিকাৰ দিছে । পৰম্পৰাগত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰতি লাহে লাহে সিহঁতৰ আগ্ৰহ কমিছে । এনে গতিত গৈ থাকিলে এসময়ত দেশত সংস্থাপনযোগ্য উচ্চশিক্ষিতৰ হাৰ যথেষ্ট বাঢ়িব । কিন্তু তাৰ সমানুপাতিকভাৱে নিয়োগৰ সুযোগ-সুবিধা নাবাঢ়িলে সেই উচ্চশিক্ষিতমখাৰ কি হ’ব । ৱালস্ট্ৰিটৰদৰে ঘটনা পুনৰ সংঘটিত হোৱাৰ সম্ভাৱনাকতো অস্বীকাৰ কৰিব নোৱাৰ ?

-কথাটো নোহোৱা নহয় । কিন্তু পৰম্পৰাগত স্নাতকোত্তৰ পাঠ্যক্ৰমে যুৱচামলৈ ইতিমধ্যে আনি দিয়া হতাশাৰ বিকল্প হিচাপে ঠাই পুৰাইছে এই বৃত্তিমুখী পাঠ্যক্ৰমবোৰে । কিন্তু তাতো প্ৰতিযোগিতাৰ দৌৰ আছে । কিন্তু জীৱন যাপনৰ ক্ষেত্ৰত ন্যূনতম প্ৰয়োজনবোৰতো এতিয়া কেৱল অন্ন, বস্ত্ৰ আৰু আশ্ৰয়তে সীমাবদ্ধ হৈ থকা নাই ! সকলো ক্ষেত্ৰতে বাঢ়ি অহা ব্যয়ৰ ফলত জীৱন ধাৰণ ব্যয়ো দিনক দিনে ঊৰ্ধ্বগামী হ’বলৈ ধৰিছে । তেনেস্থলত জীয়াই থাকিবলৈ এনেবোৰ পাঠ্যক্ৰমৰ প্ৰয়োজন আহি পৰিছে ।

-জীয়াই থাকিবলৈ নে কমফ’ৰ্টৰ বাবে । আজিৰ যুগটো বোলে ভোগবাদৰ যুগ । মানুহৰ বোলে ভোগ প্ৰৱণতা বাঢ়িছে । আৰু এই সমস্তবোৰতো পুঁজিবাদী বণিক গোষ্ঠীৰেই চক্ৰান্তৰ ফচল । আন কথাত আমাৰ মুক্ত বজাৰ ব্যৱস্থা বা অৰ্থনৈতিক উদাৰীকৰণ নীতিৰ পৃষ্ঠপোষক চৰকাৰৰ ষ্ট্ৰেটেজিক ভুলৰেই পৰিণাম ?

-এটা কথা নোহোৱা নহয় পিচে । দেশীয় বজাৰ ব্যৱস্থাৰ উন্মুক্তকৰণৰ ফলত ই লাহে লাহে জনসাধাৰণৰ আৰ্থ-সামাজিক অৱস্থাৰ আমুল পৰিৱৰ্তন সাধিবলৈ ধৰিছে । আৰু এই ষ্ট্ৰাকচাৰেল চেইঞ্জখিনিয়েই নিতৌ মানুহৰ প্ৰয়োজনবোৰ সলনি কৰি আহিছে ।

-অ’, আৰু এটা কথা । আজিকালি এই অত্যন্ত খৰচী বৃত্তিমুখী পাঠ্যক্ৰমবোৰ পঢ়িবলৈতো চৰকাৰী-বেচৰকাৰী বেঙ্ক বা বিত্তীয় প্ৰতিষ্ঠানবিলাকে ঋণ দিয়া আৰম্ভ কৰিছে । এইবোৰ কি বিনিয়োগ নহয় ! চৰকাৰ আৰু বণিক গোষ্ঠী মিলি এটা পাক-চক্ৰ সৃষ্টি কৰা নাইনে ?

মই কি ক’ম । কথাবোৰতো নোহোৱা নহয় । মুক্ত বজাৰ ব্যৱস্থাত চৰকাৰী হস্তক্ষেপৰ দোহাই দি চৰকাৰেও পৰোক্ষভাৱে এই ভোগবাদী মনোবৃত্তিক গভীৰলৈ শিপাবলৈ দিয়া নাই জানো ? দেউতাই কয়, আমিওতো এনেবোৰ বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰি পুঁজিবাদৰ গোলামি কৰিবলৈয়ে আগবাঢ়ি গৈছো । মই কওঁ, শিক্ষাখিনিতো পুঁজিবাদৰ monopoly নহয় ! চীনৰদৰে অৰ্থনীতি এখন গঢ়ি তুলিলেও আমি আমাৰ সেৱা আগ বঢ়াম আৰু এতিয়াও আগবঢ়াই যাম । নহ’লে কি কৰিম ?

(৪)

দেউতাই এইকেইদিন লক্ষ্য কৰিছে । বিহুৰ দিনতো ল’ৰাটো ঘৰৰপৰা বাহিৰ হোৱা নাই । আৰু ঘৰত থাকিলেও নিজৰ কোঠাৰপৰা বৰকৈ বাহিৰ হোৱা নাই । মই ধৰিব পাৰিছো, আলেঙে আলেঙে ঘৰৰ মানুহবোৰে মোৰ গতি বিধি লক্ষ্য কৰি আছে । ময়ো দুৰ্ঘটনাটোৰ কথা কোৱা নাই । এতিয়া বিচনাত পৰি পৰি কথাবোৰ পাগুলি আছো । বুকু আৰু থুঁতৰিটোত বিষ যথেষ্ট হৈছে । আঁঠু আৰু কিলাকুটিৰ ছাল এৰা অংশত চেকচেকনিটো আছেই । হ’লেও লুভীয়া মন, ৰাতিলৈ ওচৰৰে ককাইদেউ এজনৰ ঘৰত চুঙা চাউল, চুঙা মাছ আৰু চুঙা মাংস খোৱাৰ কথা । এভূমুকি মাৰি আহিব লাগিব ।।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক