ভোজনং খাবলে’ গচ্ছামি – পাৰ্থ প্ৰতীম চৌধুৰী

 

ভোজৰ কলপাত পাৰিবৰ হ’ল । ইয়াৰ আগতে এটা পোষ্টত মিঠাই আৰু গাখীৰৰ অভিজ্ঞতা লিখিছিলো যি বুজা গ’ল অসমৰ ৰাইজৰ দুগ্ধজাত বস্তুৰ প্ৰতি ইচ্ছা-আগ্ৰহ কম । সেয়েহে এইবোৰ বাহুল্য বাদ দি একেবাৰে ভোজৰ খানাত ধৰো । ভোজ মানেই “খানা” । গতিকে, আপামৰ অসমীয়া বাপতিসাহোন ব্যঞ্জনবোৰক বহিৰাগত “খানা” নাম নিদিবলৈ আহ্বান জনালোঁ । বৰভোজ, বনভোজ, শ্ৰাদ্ধ, ভাত মুখতদিয়া, বৰবিয়া, শান্তি বিয়া, আঠমঙ্গলা, লগুণ দিয়নী আদি কত কি ! আফটাৰ অল আমি “এংলো-আছামিজ”

অসমীয়া সকাম-নিকামত দিয়া মাছ-মাংস এতিয়াও মুখৰ আগত ভাঁহি থাকে । মাছ মানে এনে মাছ আনিছিল যে প্ৰকাণ্ড বাহু, বৰালি, চিতল, আঁৰি । মাছ নহয় মাংস খোৱা হেন পায় ! এনে মাছৰ তেল-পেটু কোনো পাকৈত ৰান্ধনীয়েহে কিবা এখন কৰিব পাৰিব । এটা সময়ত এইবোৰ মাছ আমাৰ ঘৰলৈ উজান বজাৰৰ ঘাটৰ পৰা কিনা হৈছিল । কেতিয়াবা সৰু চাইজৰ চিতল, বৰালি ঘৰতো দিয়া মানুহ আছিল । গুৱাহাটীত “মাছঅলা”ই আপোনাক ঘৰতে যিমান ডাঙৰ মাছ লাগে দি থৈ যাব । চেঙা, দীপৰবিল, চাৰণবিল…

উজান বজাৰত ৰাতি দুই-আঢ়ৈ বজাৰ পৰা মাছ লৈ খদমদম হয় । বৰ্তমান উজান বজাৰখন “সংবাদ মাধ্যম”ৰ জোৰত আৰু ওপৰলৈ উঠি গ’ল । ফলত হোৰাহোৰে দাম বাঢ়িছে । তথাপি এতিয়াও শ্ৰাদ্ধ‌ই ভোজে ডাঙৰ মাছৰ ভাগ পৰে । ভোজৰ শেষত থাকি যোৱা কেঁঁচা মাছৰ আকৌ এটা ভাগ পৰে ! আমাৰ জেঠপেহাজন এইবোৰ কামত বৰ ওস্তাদ আছিল । পেছাত ডাক্তৰ হ’লেও পূজা-নাম-সকামৰ বিধি-প্ৰণালী, ভোজৰ মাছ-পাঠাৰ হিচাপ তেওঁ সুন্দৰকৈ কৰিছিল । ককাহঁতৰ নিজৰ চোতালত ডাঙৰ মাছ চোঁচৰাই নিয়াতো বিলাসিতা আছিল… এইবোৰ স্মৃতি নতুনকৈ বৰষুণ পাই বাঢ়ি অহা লাই-পালেং-মৰিচাৰ দৰেই সজীৱ হৈ যায় !

ভোজত ভাত খোৱা বন্ধ কৰি কাঁইট বাছি থাকিলে বিলনীয়াই যে সোধে “ক্ষান্ত হ’ল যে ! কাঁইট হেৰি !” সেয়েহে বহুতে মাছৰ পেটী ভাল পায় । খাব জানিলে ফিছাখনেৰেও ভাত ঠেলিব পাৰি । ভকতে আঁঠুৰ মূৰলৈ চুৰীয়া কোঁচাই হাতত পিতলৰ বাল্টি লৈ বিলাই যায় । দুই এজন মেট্ৰিক ফেইল ডেকাই ক’লা পেণ্টটো আঁঠুলৈকে কোঁচাই কঁকালত গামোচা মাৰি বিলাই যায় !

সৰুতে ঘৰত উৰুকাত হাঁহ মাৰিছিল । হাঁহ মাংস সিজোৱা কামটো দীঘলীয়া । তাতে বুঢ়া হ’লে নিসিজালে খাব নোৱাৰি । কাঠচলি হেন পায় ! আঘোণত নতুন ধান খাই ডাঙৰ হোৱা হাঁহ আৰু কণী বৰ সোৱাদ হয় । হাঁহ মানেই লগত কোমোৰা কিন্তু মাটিমাহেৰে কৰা খন সকলোৱে মনত ৰাখিব । চীনাহাঁহৰ পাখি গুচোৱাৰ পিছত জুইত সেক দিলে চাবলগীয়া হয় । এনেই চীনাহাঁহবিলাকে জীৱন্ত কালত ফোঁচ ফোঁচাই খেদি আহে । কেতিয়াবা উৰিও আহে…

গাঁৱৰ পৰা অহা মতা পাতিহাঁহ কেইটাই যেতিয়া এখন ঠেং গুপুত কৰি থিয় হৈ সিপুৰীলৈ যাবলৈ ৰেডি হৈ থাকে, হাঁহ কেইটা বৰ দেখনিয়াৰ হয় । তল চুঁচৰি যোৱা, নেজত এটা ঘূৰণীয়া পাক । “পেক্ পেক্” কৈ মাজে মাজে মাত দিয়ে । মূৰটো বৰ কায়দাৰে ঘুৰাই মুটকীয়াই মৰা হয় । হাঁহৰ জীৱ লিকতা …সহজে নমৰে ।

পৈতৃকসূত্ৰে সত্ৰৰ সৈতে সংযোগ আছে যদিও মোৰ গাত শাক্তগুণহে বিৰাজ কৰে । চিঞৰ-বাখৰ কৰি মাৰি খাই যিটো আনন্দ পোৱা যায় সেয়া ৰেষ্টুৰেণ্টত লুকাই-চুৰকৈ খাম নাখামকৈ খোৱা গাহৰি, হাঁহৰ জুঁতিত পোৱা নাযায় !

সৰুতে ডাঙৰ ৰৌমাছৰ ছালখন বৰ ভাল পাইছিলোঁ । টেঙাই দিয়ক বা বিলাহী দিয়ক বা পিঠাগুৰি দি কৰক । ৰৌমাছৰ মূৰ ধোঁৱাচাঙত শুকুৱাই লাইপাতেৰে এখন কৰিবচোন ! বৰালি মাছ আমাৰ ঘৰত সৰুতে প্ৰায়ে দেখিছিলো । এলুমিনিয়ামৰ চৰিয়াত একচৰিয়া ধৰি যায় । বৰালি মাছ তেঁঁতেলীৰে ৰন্ধা মনত আছে । তেতিয়া ৫/১০ বছৰ বয়সত কিনো মাছৰ জুঁতি বুজি পাইছিলোঁ ?!

সৰু মাছৰ গুড়াকৈ ভজাৰ সোৱাদ ! তাতে আদা দি অকণ ৰঙাকৈ ভাজক । সৰু মিছামাছ দুটামান পৰিলে আৰু ভাল হয় । মিছামাছৰ ভাজিখন ৰঙচুৱাকৈ কৰকচোন ! কেঁকোৰাৰ জুইত পুৰি কৰা গুড়ি ভাজিখন আপুনি কিহৰ লগত খাব সেয়া আপোনালৈ থ’লো ।

শিলঘৰীয়া/কুঁহি মাছৰ সোৱাদ লাগি আছে । কেৱল কাঁইট বেছি ! ডাঙৰ মাছ গোলগোলকৈ পিছ কৰি ঢেঁকী থোৰাৰ জোখৰ কাঠ‌আলু গোলকৈ কাটি এখন ৰান্ধক । ধান জলকীয়া, ধনীয়া দিব ।

চিতল মাছৰ কাঁইট বাচিব জনাটো শিল্প ! মুখত জোলে ভাতে এগৰাহ সুমুৱাই মাছৰ এমূৰে অকণমান খহাই হাতৰ টিপতে কাঁইটৰ আগটোত ধৰি বাকিখিনি দাঁতৰ চেঁপাত সুমুৱাই কাঁইট কেইডাল কাঁহৰ কাঁহীৰ ঘেৰত ওলমাই দিয়ক !!

জঁপিয়াই জঁপিয়াই নিজৰ খিলঞ্জীয়া অস্তিত্ব জাহিৰ কৰিব বিচৰা ১ কিলো ওজনৰ শ’লমাছটো পকাত পেলাই ধৰাশায়ী কৰাৰ পিছত আপুনি নতুন খেতিৰ মূলা ঘুৰণীয়াকৈ কাটি ধনীয়া পাত দি “শাকখন” পাতল সেউজীয়া হোৱাকৈ ৰান্ধক । ৰান্ধিব জনা জন বা জনীক মোৰ ইয়াৰ পৰাই নমস্কাৰ ! মাছ কেইডোখৰ ঘুৰণীয়াকৈ কাটে যেন !

ডাঙৰ মাছৰ তেল-পেটুত এবাতি ভাত পেলাই খাটি সৰিয়হৰ তেলেৰে যেতিয়া তৰা জিলিকি থকাৰ দৰে ভাজিব । সেইখন হয়তো ডাকেও ক’ৰবাত ক’বলৈ থাকি গৈছে । কণীসোপা বেচন লেটিয়াই ভাজি থ’ব ।

ভোজ বুলিলে বৰ বেলেগ “চেণ্টিমেণ্ট” আহে । দহজনৰ কাৰণে ৰন্ধা ভাত আৰু ৮০/১০০ জনৰ ৰন্ধা ভাতসাঁজ একে নহয় । মাছৰ মূৰৰ মুড়িঘণ্ট কৰিলে সামান্য গুড়ি মছলা দিব লাগে । ডাঙৰ মাছৰ মূৰখনত ওলোৱা চকু, প্লেট জাতীয়খন, ঠাল-ঠেঙুলিসোপা মই অনায়াসে দাঁতৰ চেপাত ভাঙি নাইকিয়া কৰিব পাৰোঁ । লাগে মাথোন ঠাণ্ডা ভাত ! মাছৰ মূৰত পোৱালি কঁঠালৰ মুচি এটা কাটি দিবচোন !

বেয়া দিনো আহে দিয়কচোন ! মৰাপাটৰ পাতবোৰ গাঁঠি দিয়া কামটো বৰ সুন্দৰ । ৰ’দাই-তপতাই গুড়ি কৰি আঞ্জা কৰাৰো মজা আছে । লেবেৰা বা লাব্ৰাখনেও সুখ নিদিয়া নহয় । দুখৰ দিনত, তেল নিদিয়াকৈ বন্ধাকবি সিজাই খোৱাৰ কথা মনত ৰাখক !

কোনো গৰমকালত ক’ৰবাৰ পৰা অহাৰ পিছত নৰসিংহ, মানিমুণি, মধুশেলেং, ভেদাইলতাৰে এখন মাছ পালে দিনটোৰ অৱসাদ শাম কাটে । বহুদিন ডাঙৰ মাছ “মগজ” দি খোৱা নাই ! এইবাৰ গৈয়েই হেতা ধৰিম ।

মাজু আকাৰৰ উজানৰ সময়ত জীয়ন দি থোৱা কাৱৈ কেইটা সৰু পিয়াঁজ অলপ বেছিকৈ দি চৰ্চৰীৰ দৰে কৰি পেলাৱক । প্ৰশংসা পিছত কৰিব ।

গাহৰি বুলিলে এক-ডেৰ কিলোকৈ ঘৰত খাবলৈ অনা হয় । বেছিভাগ মোৰ ভাগতেই পৰে । খোৱা মানুহ নায়েই । কিন্তু কিনিবলৈ গৈ এটা বস্তুত সদায় চকু গাহৰিৰ “চুপাৰি” । চুপাৰি মানে গাহৰিৰ নাক, কাণ, কলিজা, পেটু, নেজ, ঠেং সকলো লগলাগি যি বাকী থাকিল সেয়াই । কেনেকৈ ৰান্ধিব পাৰি সুধীজনে জনাই যেন ! গাহৰি মাংস ঔটেঙাৰে সিজোৱা, তিলেৰে ক’লা কৈ সিজোৱা, গাঁঁজেৰে, কলপচলাৰে এখন, কলডিলেৰে এখন, ৰঙালাওৰে, টেঙামৰাৰে (মেস্তা) এখন, আদা-নহৰু দি খাৰেৰেও এখন, বিলাহী এটাৰে শুকানে ভজা । সিজালে মাংসৰ চৰ্বি-তেলকণ লোকচান নহয় । ফুল ওলোৱা বৰলাইৰে আৰু চুপাৰহিট হয় ! এহাত দীঘল বৰলাই আপুনি হাতেৰে ভাঙি চিঙি চুৰমাৰ কৰি কেৰাহীত এৰি দিয়ক ! গাহৰি মাংস বৰ লক্ষী “জিনিছ” কিন্তু ! না বঠী, না শিলপটা, না পাচলি মিহিকৈ কুটাৰ কাম !

আলহীৰ ঘৰত বা কাচিৎ নিজৰ ঘৰতো লাচিম-ভাঙোন বুলি মিৰিকা পোৱালি, ৰৌ পোৱালি দি থৈ যায় । সেই মাছকে দুটামান মিথি গুটি দি কৰকৰীয়াকৈ ভজাৰ পাছত কাগজ কাগজ লাগে । দেখাত ডাঙৰ হ’লে কি হ’ব ? একো সা-সোৱাদ নাথাকে ।

খোৱাজনেহে জানে পেট নহয় গভীৰ কুঁৱা !

কেৱল পাটখৰি, লাগনী খৰি ভাল হ’লেই নহ’ব । ডাঙৰ ডেক্সিত ভাত সিজাই চালনীত মেলি দিলে ভাত কেইটা শেৱালি ফুলৰ দৰে হয় !

যি মাছেই নকৰক ভজামাছ দুডোখৰমান কাঢ়ি থৈ পুৰণি গাঁজটেঙা নাপালে খৰিচা দি পিটিকি ল‌ওঁক । অকণমান কাঁহুদী দি ল‌ওঁক । গঙ্গাজলৰ দৰে নিয়মটো কৰিবলৈ দুইখিলামান ধনীয়া দি দিয়ক । পুৰণি কাঁহুদীৰ ৰস চেপিবলৈ কোৱাৰ কাৰণে নিন্দা নকৰে যাতে …!!!

কলডিলেৰে পাৰমাংস নৰিয়াত খোৱাৰ কাজ ! জালুকিয়া খনো । তুলনী বিয়াত বামুণক ৰাজহাঁহ, কাছ দিয়াৰ নিয়ম আছে । সৰুতে ছাগলীৰ ঠেং, জিভা সিজোৱা দেখিছিলো । গোন্ধ পাই সদায় আঁতৰিছিলো ।

কুকুৰাৰ ৰঙা কণী ৰঙা কাঠৰ ছাঁইত সিজালে বৰ সোৱাদ হয় । ডাউকৰ মাংস বেঙেনাৰ সৈতে খোৱাৰ আশা থাকিল !

আগতে মূৰে গায়ে কাপোৰ লোৱা বোৱাৰী মানুহে কাঁহৰ কাঁহী-বাতিত এবিধ এবিধকৈ শাক যতনাই থাকে । মানে মাছ টুকুৰা উঠাই আনিলে অকণ জোল বাকি দিয়ে । মাংসৰ বাতিৰ পৰা মাংস শেষ হ’লে হাঁহৰ কলিজাটো, ভালকৈ চাফা কৰা মলভাণ্ডটো পৰেহি !

ধূপৰ পেকেটেৰে বনোৱা বিচনীখন লৈ বহি যাওক । মুহুদি কৰিবলৈ গাত ধৰি যোৱাকৈ তামোল এখন ভৰাই ল‌ওক ।

খাবলৈ-ক’বলৈ লাজ কৰিব নাপায় । অসম মুলুকৰ বাসিন্দা আমি । নে কি কয় ? ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments