ভোজন বিলাস – ১ -(ভাস্কৰ মজুমদাৰ)

খোৱাৰ লগত আমাৰ বহুতো স্মৃতি থাকে। সেই স্মৃতিবোৰ মনলৈ আহিলে লগতে লৈ আহে সোৱাদ আৰু সুবাস। মই সৰুৰ পৰাই ভোজন বিলাসী। দেশে-বিদেশে কিমান ধৰণৰ যে খাদ্য খালো তাৰ লেখ জোখ নাই। কিন্তু কিছুমান খোৱা বস্তুৰ কথা মই আজিলৈ পাহৰিব পৰা নাই। তেনে কেইটামান অভিজ্ঞতাৰ কথা ক’ব খুজিছো দুটামান খন্ডত৷ খোৱাৰ লগতে আন আন কথাও ওলাব কিজানি।

কোন চনৰ কথা মনত নাই, তেতিয়া মই বহুত সৰু। এবাৰ নাৱেৰে মাজুলীলৈ যোৱা মনত পৰে। সেই যাত্ৰাত নাৱতেই ৰন্ধা, সৰহকৈ তেল দি ভজা আলু আৰু দাইলৰ সৈতে ভাতসাজৰ কথা আজিও অলপ অলপ মনত আছে৷
১৯৮৬ চনত স্কুলত নাম লগাইছিলো, বঙাইগাওত। প্ৰথম দিনা টিফিনত বিস্কুট লৈ যোৱা মনত আছে, লগত আৰু কি আছিল পাহৰিলো। মাজত ক্ৰিম থকা সেই অৰেঞ্জ বিস্কুট কি যে মজাৰ আছিল খাবলৈ। টিফিন ভগাই খোৱাটো নিয়ম আছিল। কিন্তু এদিন মই লোভতে ভগাই খাবলৈ বুলি নিয়া আটাইকেইটা কণী খাই ৰাতিলৈ পেটৰ অসুখ হৈছিল।
১৯৮৭ চনত আমি বঙাইগাওৰ পৰা গুৱাহাটীলৈ একেবাৰে উঠি আহিলো। প্ৰকান্ড ট্ৰাক এখনত সকলো বয় বস্তুৰ লগতে ড্ৰাইভাৰৰ পিচফালে থকা চিটত আমি বহি আহিছিলো। সেইদিনাখন বাটত খোৱা গোল্ডস্পট চৰ্বত আৰু গুৱাহাটীৰ ঘৰ আহি পাই জালি কোমোৰাৰ ভাজিৰে খোৱা দুপৰিয়াৰ সাজ বৰ সোৱাদলগা আছিল।
আমি বছৰি দেউতাৰ অফিচৰ পৰা হোৱা পিকনিকলৈ গৈছিলো। ১৯৯১ চন মানৰ কথা হ’ব চাগৈ, সেইবাৰ কোন ঠাইলৈ গৈছিলো মনত নাই। ৰাতিয়েই আৰম্ভ কৰি ৰাতিপুৱা গৈ পাইছিলো পাহাৰৰ দাতিৰ নৈপৰিয়া ঠাইডোখৰ। কিন্তু খেৰৰ ওপৰত বহি খোৱা সিজোৱা কণী আৰু কমলাৰ কথা মনত আছে।
১৯৯৩ ত বছৰেকীয়া পৰীক্ষা দি উঠি মই আৰু ভাইটি মামাহতৰ গাঁওলৈ গৈছিলো, গোৱালপাৰাত। সেইবাৰ আমি তাত এমাহমান আছিলো। গাঁওৰ ঘৰত তেতিয়া কেবল আবু আৰু মাহী এজনী আছিল, মামাহতে টাউনত চাকৰি কৰে আৰু দেওবাৰবোৰত আহে। সেই এমাহ মোৰ জিবনৰ পাহৰিব নোৱাৰা এটা মাহ। কি কি যে নকৰিছিলো। গাঁওৰ ল’ৰাবোৰক মই আৰু ভাইটিয়ে ক্ৰিকেট খেলিবলৈ শিকালো, কাঠৰ কাটি লোৱা বেট আৰু বাহৰ মুৰাৰে সজা বল। ওপৰত কলপাতৰ চাল আৰু তলত খেৰ পাৰি বহি চোৱা যাত্ৰা গান চাইছিলো সেইবাৰ। আৰু কত যে কি। তেতিয়া খোৱা পানী শিঙৰা, ডিমৰু, বাগানৰ পৰা নিজে চিঙি অনা বেঙেনাৰ ভাজি, নৈৰ ঘাটৰ পৰা জিয়াই জিয়াই কিনি অনা বৰলী মাছ আৰু একেবাৰে সামান্য তেলেৰে আবুই ৰন্ধা চয়াবিনৰ আঞ্জাৰ কথা সদায় মনত থাকিব।
১৯৯৫ মানত এবাৰ বঙাইগাওৰ ঘৰলৈ যাওতে আবুৱে মোৰ প্ৰিয় খাদ্যবিধ কৰিছিল, কলপাতত দি পোৰা কচুৰ আগ। টোপোলাটো তুঁহ জুইত পুৰি তাত মিঠাতেল, জলকীয়া, পিয়াঁজ, আৰু নিমখ দি সানে। কেইবাবাৰো খাইছো যদিও সেইদিনা খোৱা পিটিকাকণৰ সোৱাদেই বেলেগ আছিল।
১৯৯৭ চন। মোতকৈ কেইমাহমানৰহে ডাঙৰ দাদাই (খুৰাৰ ল’ৰা) মেট্ৰিক দি উঠি তাৰ মামাকহতৰ ঘৰলৈ ওলাল, লগত মই। প্ৰথম বাৰৰ বাবে দুয়ো দূৰণিবটিয়া যাত্ৰা অকলে কৰিছো। বাছত দুয়োটাই এনেকৈ শুলো যে এজন মানুহে আমাক জগাই ক’বলগিয়া হ’ল, ওপৰত থোৱা আমাৰ বেগ পৰিল বুলি। সেইবাৰ খোৱা সৰিয়হ বটাৰে ভাপত দিয়া ইলিছ মাছৰ নিচিনা সোৱাদ মই জিবনত আৰু দুনাই পোৱা নাই। ধোৱাই থকা ভাতৰ লগত সৰিয়হ, মিঠাতেল আৰু কেঁচা জলকীয়াৰ গোন্ধেৰে মলমলাই থকা সেই মাছৰ আঞ্জাৰ সোৱাদ এতিয়াও জিভাত লাগি আছে।
২০০০ চনত সৰু মামাৰ বিয়া আছিল। বিয়াৰ পিছদিনা মই, সৰু বা, ডাঙৰ খুৰা আৰু আবু বঙাইগাওৰ ঘৰলৈ আহিবলৈ ওলালো। বাটতে বজাৰ এখনৰ পৰা মিহলি সৰু মাছ এগাল কিনি ললো। দুপৰিয়া ঘৰ পাই দেখো যে দুৱাৰত তলা। সেইসময়ত মবাইল ফোনৰ বৰ প্ৰচলন নাছিল, আৰু ঘৰত থকা ফোনটোও কাম কৰি থকা নাছিল। ইফালে ৰাতি শোৱাও নাই। গতিকে তলা ভাঙি পেলালো আৰু মই চিধাই বিচনাত উঠিলোগৈ। সাৰ পাই উঠি দেখো দাইল আৰু মচমচীয়াকৈ ভজা মাছেৰে ভাতৰ কাঁহী সাজু হৈ আছে। আচাৰৰ তেল, জলকীয়া আৰু নেমুৰে সৈতে সেইসাজ ভাত অমৃতৰ দৰে লাগিছিল।
আন এদিনৰ কথা, দিন-কাল মনত নাই। মায়ে সৰু মাছৰ পিটিকা কৰিছিল। ডৰিকণা জাতিয় সৰু মাছ বতল এটাত সুমুৱাই ভালদৰে বন্ধ কৰি ভাতৰ চৰুতে দি দিয়া হয় সিজিবলৈ। পিয়াঁজ-জলকীয়া সানি কৰা সেইদিনাৰ পিটিকাৰ কথা ভাবিলে এতিয়াও জিভাৰ পানী পৰে। আৰু আন এদিন দাইলত সিজোৱা কঠালগুটিৰ নিমখ-হালধি দি কৰা ভাজিৰ সোৱাদো মনত আছে।

এইখিনিলৈকে লিখি উঠি ভাবিছো, মই ইমানদিনে মাংস খাই ভাল পাও বুলি ভাবিছিলো, কিন্তু এতিয়ালৈ চোন এবাৰো নাহিল। কিন্তু ভাবিলো এয়া মনত থাকি যোৱা খাদ্য হে, ভাল পোৱা খাদ্যৰ কথা নহয়। ২০০১ চনলৈকে মই অসমৰ বাহিৰলৈ যোৱা নাছিলো, দুবাৰমান শ্বিলঙলৈ যোৱাৰ বাহিৰে। গতিকে তেতিয়ালৈ অসমীয়া বা অসমত প্ৰচলিত খাদ্যৰ লগতহে বেছি পৰিচিত আছিলো। আগৰ খন্ডত বাহিৰৰ খাদ্যও থাকিব, মাংসও থাকিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক