ভোজ – গায়ত্ৰী প্ৰান্তিক শৰ্মা

“নাই অ’! গ’ল৷ উলিয়াই আন“

মানুহখিনিৰ মাজৰে কোনোবা এজনে কথাষাৰ কোৱাৰ লগে লগে তেৰ বছৰীয়া সন্তানটি কোলাত কৰি লৈ মানুহটো ওলাই আহিল৷ দুটা মানুহৰ দৰকাৰ ন’হল ধৰোঁতে৷ কোনোবাই হাত এখন আগবঢ়াই দিছিল, তেওঁ আঁতৰাই দিলে

“কালিলৈকে এইখন কোঁচতে খেলিয়েই আছিল আজিনো মৰিলে বুলি গধুৰ হৈ যাবনে?“

তেনে এটা ভাৱত ফেঁকুৰি ফেঁকুৰি অতিকৈ দুখ পোৱা মতা মানুহে অন্তৰৰ পৰা কান্দিলে যেনেকুৱা এটা মূৰ্তি লয় একেই মূৰ্তি এটাৰে দাং কোলাকৈ ল’ৰাকণ লৈ আনি তুলসীজোপাৰ গুৰিতে বাপেকতো বহি ৰ’ল৷ পাছে পাছে আউলি বাউলি হৈ মাকজনী

“কলৈ নিয়ে ঐ মোৰ পোনাক কলৈ নিয়ে ঐ “

বুলি চাদৰৰ আচলখন চোঁচৰাই চোঁচৰাই আধা থিয় হৈ আধা বাগৰি মাটিতে লেটি লৈ লৈ আহি থাকিল৷ “

গোট খোৱা মাইকী মানুহখিনিয়ে নিজেও চাদৰেৰে চকুলো মোহাৰি মোহাৰি মানুহজনীক জোৰেৰে সাবটি ধৰিলে৷

ৰাতুলৰ মাকে নিজৰ সেউজীয়া পাৰিৰ বোৱা চাদৰখনৰ আঁচলখনেৰে চকুহাল মোহাৰি দিলে মানুহজনীৰ, তাৰ পিছত নিজৰ ঘোলা চকু কেইটা মোহাৰি

“সুস্থিৰ হ ঔ আই৷ পুত্ৰশোক লাপি-লুপা বস্তু নহয়, পাই থৈছোঁ ঔ, এই শোক৷ তথাপি চাচোন জীয়ায়েইটো আছোঁ“ বুলি নিজেও হুকহুকাই কান্দি উঠিল৷

তৰুৰ মাকে কানসমনীয়া বান্ধৱীয়ে খুব ভাল বান্ধৱী এজনীক কান্দিলে সাবটি বুজোৱাৰ দৰে মানুহজনীৰ মূৰটো নিজৰ বুকুতে হেঁচি লৈ পিহি পিহি বুজাই থাকিল-

“কমলা অ’৷ নাপায় নহয় তই মাকজনীয়ে এনেকৈ কান্দিলে ল’ৰাকন শান্তিত যাব নোৱাৰিব নহয়৷“

মানুহজনীয়ে বুজনিবোৰত আকৌ দুগুণ জোৰেৰে চিঞৰি উঠে

“লৈ আন অ’ মোৰ ল’ৰাটোক লৈ আন অ’৷ ভোকতে থাকিল৷ গাখীৰ ভাতকণ সানি লৈছিলোঁহে৷ কলটো আনিবলৈ যাওঁতেই…..“

বুলি বুকুৰ চাদৰখন মজিয়াতে এছাৰ মাৰি পেলাই বুকুখন চপৰিয়াই থাকিল৷

তুলসী তলত মৰা ল’ৰাটো কোলাত লৈ একেথিৰে চাই উচুপি উচুপি বহি ৰৈছিল বাপেকতো৷
কোনোবাই কৈ উঠিল-

“দে ধৰণী পাটীখনতে শুৱাই দে৷“

চেপি চেপিয়েই কান্দি থাকি তলৰ ওঁঠখন জোৰেৰে কামুৰি বাপেকটোৱে পাটীখনত খুব লাহেকৈ শুৱাই দিলে, খুবেই লাহেকৈ-

এই যে পাকঘৰতে গাখীৰ খুৱাই থাকোঁতে টোপনি যোৱা কেঁচুৱাটি বাপেকৰ কোলাত দি মাকে কয় শুৱাই দিয়কগৈ চোন৷ চাব দেই সৰিয়হৰ গাৰুটোত মুৰটো লাহেকৈ থ’ব, দুখ পাব!

ঠিক তেনে এটা ভাবত ধৰণীয়ে ল’ৰাকনক শুৱাই দিলে৷ দুখ পালে যেন কান্দিহে উঠিব৷ শুৱাই মুখখন কান্ধত লৈ থকা গামোচা খনেৰে আলফুলে মচি দিলে৷

বাৰাণ্ডাৰ হাতল ভগা বেঞ্চীখনৰ বাওডালতে ধৰি মাকজনীয়ে আকৌ চিঞৰি উঠিল

“কেলেই শুৱাইছ ঐ লেতেৰা মাটিখনত৷ টান মাটিখনত দুখ পাব ঐ! তোচক এখন পাৰি দে অ’ কোনোবাই৷ তাৰ গাৰুটোও আনি দেছোন৷“

কোনোবাই ভিতৰৰ পৰা নাৰিকলৰ টেমাটো আনি ওপৰলৈ চাই বুকু চপৰিয়াই চপৰিয়াই চিঞৰি চিঞৰি কান্দি থকা মানুহজনীৰ মূৰত ঢালি দিছিলহি৷ বৈ অহা তেল আৰু কপালৰ পৰা বেঁকা হৈ সোঁহাতৰ চেলাউৰীডালৰ ওপৰলৈকে বিয়পি যোৱা সেন্দূৰৰ ফোঁটতোৰে কান্দি থকা মানুহজনীক বৰ কিম্ভূত লাগিছিল৷

কান্দি কান্দি উশাহ শেষ হৈ তেতিয়ালৈ মানুহজনীয়ে পাঁচ চেকেণ্ড মান ৰৈ ৰৈ হিকটি এটা পাৰি আছিল৷

কিমান কান্দিব!

আগনিশাৰ পৰা অনৰ্গল কান্দিছে৷

ইতিমধ্যে চোতালত পুৰোহিতৰ কামবোৰ হৈ উঠিছিল৷ পুৰোহিত জনে কাৰোবাক কৈছিল

“বাপেকটোতো ইয়াতেই আছে মাককে আদি কৰি পৰিয়ালৰ আন মানুহবোৰক মাতক৷ মৃতকক সেৱা কৰিব হ’ল৷ “
কোনে জানো গৈ বাৰাণ্ডাত খবৰ তো দিছিল৷ হিকটিয়াই থকা মানুহজনীয়ে প্ৰচণ্ড শব্দৰে আকৌ চিঞৰি উঠিল

“সোণ ঐ মোৰ সোণটো ঐ কলৈ যাৱগৈ অ’৷ ঘূৰি আহঔ৷“

মানুহজনীক কোনোবাই ধৰি আনি শটোৰ ভৰি পথানত বহুৱাই দিছিলহি৷ বাগৰি পৰা মানুহজনীৰ অসংযত চাদৰখন কোনোবাই বাহুটোত তুলি দিছিল৷ অস্ফুট মাত এটাৰে মানুহজনীয়ে কৈয়েই আছিল

“যোৱাবেলি বিহুত বাপেকে দিয়া ৰঙা চোলাটো কোনোবাই তাক পিন্ধাই দেচোন পি..ন্ধা..ই..দে..ছোঁ..ন..“
“ভোকত আছে সি৷ গাখীৰ ভাত অকণ..মা..ন..কে.. খুৱাই দে..ছোঁ..ন৷ ভালপায় সি৷“

কাক উদেশ্য কৰি কথাবোৰ মানুহজনীয়ে কৈ আছিল কোনেও গম পোৱা নাছিল৷

পুৰোহিতে মন্ত্ৰপাঠ কৰিছিল৷

মন্ত্ৰোচ্চাৰণৰ শেষত কৈছিল-

“মৃতকে যাতে মুক্তি পায় তাৰেই কামনা আৰু৷“

ল’ৰাকনৰ বাপেক কাষ চাপি আহিছিল মানুহজনীৰ৷ নিজৰেই অৱস্থা নাছিল, তথাপিও মাত দিছিল কোমলকৈ

“কমলা অ’ ইয়াক নিও নহয়৷ নোচোৱা জানো মুখখন এবাৰ৷ “
মানুহজন নকন্দাকৈ ৰ’বলৈ চেষ্টা কৰিও ’এবাৰ’ শব্দটোত কঁপি কঁপি কান্দি ডিঙিৰ গামোচাখনেৰে মুখখন মোহাৰি উঠিল৷

তেতিয়ালৈ মানুহজনীৰ ’হুছ’ নাছিল৷ কোনোবাই দাঙি নি ভিতৰত শুৱাই দিছিলগৈ৷ কেতিয়া বাপেকটোৱে ল’ৰাকণক নি কেতিয়াও ঘূৰি আহিব নোৱাৰা ঠাই এখনত শুৱাই থৈ আহিলগৈ মানুহজনীয়ে ক’বই নোৱাৰিলে৷

পৰহিলৈ দহা৷ মানুহবোৰে হৈ হাল্লা কিছুমান কৰি কৰি বাহিৰত বগা চাদৰৰ ৰভা এখন দিছে৷ মানুহজনী অ’ত ত’ত জুপুকা লাগি বহি থাকে৷ বেছিভাগ সময় ’নমস্কাৰ’ ভংগী এটাৰে দুয়োখন হাত কোচত লৈ শূন্যলৈ চাই থাকে৷ কথা বতৰাও বৰ বেছি নকয়৷ এবাৰ মাথোঁ মানুহজনক অকলশৰে পাই সুধি পেলাইছিল-

“হেৰি শুনকচোন“

“কিবা ক’বা সোণৰ মাক“

কাষ চাপি আহিছিল তেওঁ৷

তেওঁৰ মুখখনলৈ বৰ আকুলতা এটাৰে চাই মানুহজনীয়ে সুধি পেলাইছিল-

“শ বোৰত জুই লগাই দিয়াৰ পিছতো ঠাইডোখৰত কেনেবাকৈ কিবা চিন থাকি যায় নেকি বাৰু? এতিয়া তালৈ গ’লে কিবা এটা নেদেখিম নে?’’

মানুহজনে উত্তৰ দিয়া নাছিল৷ মাথোঁ বাওঁহাতে মানুহজনীৰ সোঁবাহুটো সাৱটি সোঁহাতেৰে চকুৰ কুম দুটা চকুপানী নোলাওক বুলি জোৰেৰে হেঁচা মাৰি ধৰিছিল৷

বৰষুণ দিলে মানুহজনীৰ ধৰফৰনিবোৰ বাঢ়ে-

“সোণ মোৰ তিতিব! পানী লগা জ্বৰ হ’ব৷ “

খবৰ ল’বলৈ মানুহবোৰ আহিছে-গৈছে৷ মানুহজনীৰ কানষাৰ নাই৷ এতিয়াও নিজকে পতিয়ন নিয়াবই পৰা নাই৷ মানি ল’বই পৰা নাই সেই নিষ্ঠুৰতকৈও নিষ্ঠুৰ সত্য৷

কান্দি কান্দি কান্দিবলৈও বল নোহোৱা মানুহজনীৰ আগত খবৰ লবলৈ অহা মানুহে মাথোঁ ল’ৰাকনৰ কথা কয়৷ কথাবোৰৰ ধৰণবোৰ আছিল প্ৰায়েই আছিল এনেকুৱা –

“দুখ কিয় কৰিছ কমলা? জানিছিলিয়েই দেখোন যাবই বুলি৷ কষ্ট খোৱাতকৈ যাওকগৈ দে৷ “

“একো নহয় দে বয়স যোৱা নাই নহয়৷ ছোৱালী এজনী আছেই, ল’ৰা এটাৰ কথা কাম-কাজবোৰ ভালে কুশলে হৈ যোৱাৰ পিছত আকৌ ভাবি পেলা৷ “

“হ’ব দে অ’ জীয়াই থকা হলে মিছামিছি হাৰমাল হে হ’লহেঁতেন৷ কিমান হগুৱাবি-মুতুৱাবি৷ দেখি থাকোঁ নহয়“

জিতেনৰ মাকে নিজৰ বোৱাৰীয়েকৰ কথা কোনোবা এজনীক কৈ আছিল-

“আমাৰজনীৰো গাত লেঠা, হ’লেও আহিম বুলিছিল৷ মই বোলো নালাগে৷ চুৱা ঘৰ৷ তাতে এইটো বেমাৰত মৰা৷ ভাল নহয় এইবোৰ৷ ভগৱানে নকৰক..“

মানুহজনী কঁপি উঠে৷ একো নকয় মানুহবোৰক৷ মাজৰাতি বহু সময় কান্দি কান্দি এসময়ত আটাহ পাৰি চিঞৰি উঠে৷ বুকুত সামৰি মানুহজনে বুজায়

“মানুহবোৰক একো নক’বা কমলা, নাপায়৷ বিপদৰ সময়ত যে লগত আছে সেয়াই ডাঙৰ কথা৷ “

মানুহজনীয়ে ধৈৰ্য ধৰে৷

জন্মতেই ৰাজহাড়ডাল নাছিল ল’ৰাকণৰ৷ ডাক্তৰে কৈছিল ভাল হোৱাৰ আশাতো নায়েই, বৰ বেছি আঠ-ন বছৰ মানহে জীয়াই থাকিব৷ মানুহজনীয়ে বুকু চপৰিয়াইছিল৷ বাপেকে হাৰ মনা নাছিল-

“ক’লেই হ’ব নে? ইয়াৰ ডাক্টৰে কি জানে হে৷ বাহিৰলৈ নি চিকিৎসা কৰোৱাম৷ ভাল হ’ব চাবা৷ ডাক্টৰে এদিন নিজেই লাজ পাব৷ “

দিন যায়৷
কত ডাক্তৰ!
কত বৈদ্য!
কত তেল!
কত ডোল-ফাঁহতি!
কত বেজ জ্ঞানী!

নাই! ল’ৰা ভাল নহয়!

বাপেকে আশা এৰে৷

মাকে আশা এৰি এৰিও যেন ক’ৰবাত জান-নিজান আশা অকণমান চকুহালত লৈ ফুৰে৷ এই যে বৃদ্ধ মাতৃক বৃদ্ধাশ্ৰমত থৈ যোৱাৰ পিছত মাকজনীয়ে যে পুতেকে নিবহি নিবহি বুলি আশা এটা লৈ থাকে ঠিক সিমানকণ আশা৷

বিছনাত শুই শুই সোণে মাকক কৈ থাকে-

“মা বৰ কষ্ট হয় ন তোমাৰ? কিয় যে এনেকুৱা হ’লো৷ “

মাকে সোপা মাৰি ধৰে মুখতে

“নাইহোৱা সোণ, এয়ানো কষ্ট নে? আৰু হ’লেও নো কি হ’ব? মোৰ সোণ ডাঙৰ হ’ব, মোক সুখত ৰাখিব৷ শুকুলা ঘোঁৰাত উঠি ৰজাৰ দেশলৈ যাব৷ “

“ভণ্টিক টিউচন কৰি আহোঁতে কোনোবাই আমনি কৰিলে ককায়েকে ৰক্ষা কৰিব“

“দেউতাক বজাৰ কৰি দিব“

পোৱালমনিটো মোৰ!

বুলি টপকটপক কৈ গালে মুখে চুমা খায়৷

ল’ৰাই হাঁহে৷

কাষতে খবৰ কাগজ এখন পঢ়ি থকাৰ চলেৰে কথাবোৰ শুনি থকা বাপেকে কোনেও নেদেখাকৈ ছশমাজোৰ খুলি চকুহাল মোহাৰি থয়৷

দেহী! মাকৰ মন৷

দহা হৈ যায়৷

মানুহজনী তেনেকৈয়ে থাকে৷ পিণ্ড দি অহা মানুহটোক বাটতে আগুচি ধৰি সোধে-

“খালে নে বাৰু ভাতকেইটা? আপুনি দেখিছিলে নে? খুৱাই দিলে নে নিজে খালে বাৰু? নিদিলে চাগে নহয় নে? খং উঠিছিল নেকি তাৰ মই নোযোৱা? আপুনি বুজাই ক’লে নে? “

ধুতিৰ আগটোৰে চকুলো মচে মানুহজনে৷ কিবা এটা বিৰবিৰাই মানুহজনী আকৌ বহি পৰে শূন্যলৈ চাই চাই৷
মৎসস্পৰ্শৰ দিন৷ ধুম ধুমকৈ বিধে বিধে টৌ, কেৰাহী পেলাইহি কাৰিকৰে৷ মানুহজনীক কোনোবাই সোধেহি

“নবৌ মাছখন কিহেৰে দিওঁ বাৰু বনাবলৈ, মুৰিঘণ্ট এখন হলে বেয়া নহ’ব নহয় নে?“

কথমপি উশাহকণ থকা মানুহজনিয়ে কৈ উঠে

“হ’ব দিয়া বিয়া নহয়তো!“

ভোজৰ পাতত ৰাইজ বহে৷ মানুহজনে জোৰকৈ বহুৱাই দিয়েহি মানুহজনীক৷ ৰাইজৰ লগতে কিবা অকণ খায় যদি খাওকচোন৷ শাৰী শাৰীকৈ বহি পৰা ৰাইজৰ আগত ৰান্ধনীয়ে আঁঠু লয়-

“ৰাইজ আৰম্ভ কৰক আৰু“

ৰাইজে গোগ্ৰাসে খাই যায়৷ মানুহজনীয়ে নিজৰখিনি লিৰিকি-বিদাৰি ৰাইজখনলৈ চাই থাকে৷ কোনোবাই কৈ উঠে-

“মাছৰ জোলখন বৰ সোৱাদ হৈছে ঔ৷ আমাৰ তুলিকাৰ বিয়াত এইজন কাৰিকৰকে মাতিব লাগিব ৰ“

কোনোবাই কথাটো কাটি ওপৰতে কয়

“লেবেৰা ভাজিখন যে তামাম, মুৰিঘণ্ট ক’বই নালাগে৷ বহুদিনৰ মূৰত খালোঁ হে এনে খানা৷“

কোনোবা দুজনীয়ে হাঁহিত বাগৰি পৰে

“বৰ ডাঙৰ মাছ পৰিলে ঔ তোলে, ৰান্ধনীক হাত কৰি ৰাখিছিলি যেন পাওঁ“

দুখ নে খঙ, নে কাকো একো ক’ব নোৱাৰা প্ৰচণ্ড আক্ৰোশ এটাত মানুহজনীৰ চকুলো সৰিছিল টোপ টোপকৈ৷ ভাতবোৰ মুঠিয়াই ধৰিছিল৷ মাছৰ কাঁইটো আছিল হ’বলা ভাতৰ লগত, হাতত খুচিছিল মানুহজনীক৷

কিন্তু ভ্ৰূক্ষেপ নাছিল৷

কাণত মাথোঁ তেতিয়া ভাঁহি আছিল

“মা পেটৰ মাছডোখৰ সদায় মোকনো কিয় দিয়া, ভণ্টিয়ে খাই ভাল পায় তাইকে দিবাচোন৷“
মা!
মা!
মা!

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
9 months ago

সুন্দৰ গায়ত্ৰী ৷ তোমাৰ গল্পবোৰ পঢ়ি থাকিলে পঢ়ি থাকিব মন যায় ৷ কেনে গভীৰ অনুভৱ তোমাৰ ৷

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক