ভোমোৰা আৰু গোবোৰা পোকৰ সাধু (নয়নমনি হালৈ)

মৰমৰ কণ কণ মইনাহঁত,
আজি মই তোমালোকক যিটো সাধু কম বুলি ভবিছো, সেই সাধুটো সৰুকালত মোক দেউতাই কৈ শুনাইছিল আৰু সাধুটোৱে মোৰ মনত গভীৰভাৱে সাঁচ বহাইছিল| আশাকৰো সাধুটো পঢ়ি তোমালোকেও নিশ্চয় ভাল পাবা |

এদিন এটা ভোমাৰা পোক আৰু এটা গোবোৰা পোকে সখী বান্ধিলে | সখী মানে কি আকৌ, একেবাৰে নলে-লগে লগা সখী, তাতে আকৌ দুইটা দেখিবলৈ প্ৰায় একেই | তোমালোকেতো জানাই,  ভোমোৰাই সদায় ফুলৰ পাহত পৰি থাকে আৰু ফুলৰ মিঠা মৌবোৰ খায় | কিন্তু গোবোৰা পোকে আকৌ লেতেৰা গোবৰৰ দমবোৰতহে থাকে | সেই লৈ ভোমোৰা সখীয়েকৰ মনত দুখ | এদিন গোবোৰা সখীয়েকক কৈয়েই দিলে : ‘সখীও যে আৰু .., এই লেতেৰা গোবৰবোৰত যে কেনেকৈ থাকা ! এদিন মোৰ ঘৰলৈ ওলোৱাচোন | তেতিয়া গম পাবা মই ক’ত থাকো |’

ভোমোৰাৰ কথামতে এদিন গোবোৰাই ভোমোৰাৰ ঘৰলৈ ওলাল | ভোমোৰাটোৱে গোবোৰা সখীয়েকক এটা ধুনীয়া পুখুৰীলৈ লৈ গ’ল | পুখুৰীটোৰ পাৰত কিমান ৰকমৰ যে ফুল, পুখুৰীটোতো আকৌ বিধে বিধে পদুম ফুল ফুলি আছে | সেইবোৰ দেখি গোবোৰাটোৱে ৰ লাগি চাবলৈ ধৰিলে | গোবোৰাটোৱে আচৰিত হৈ ক’লে : ‘সখী তুমি ইমান ধুনীয়া ঠাইত থাকা !’ ভোমোৰাটোৱে ক’লে : ‘এই যে ধুনীয়া পদুম ফুলবোৰ দেখিছা, মই তাতেই থাকো’ | পদুম ফুলবোৰ দেখি পিচে গোবোৰাটোৰো এবাৰ পদুম ফুলৰ মৌ খাবলৈ বৰ মন গ’ল | তেতিয়া ভোমোৰাই গোবোৰাটোক এপাহ ফুললৈ লৈ গ’ল আৰু ক’লে : ‘সখী তুমি ইয়াত বহি যিমান ইচ্ছা সিমান মৌ খাই থাকা| কিন্তু এটা কথা পাহৰি নাযাবা সখী, সূৰ্য অস্ত যোৱাৰ লগে-লগে এই ফুলবোৰৰ পাহিবোৰ জাপ খাই যায় | তাৰ আগতেই কিন্তু তুমি ওলাই আহিবলৈ নাপাহৰিবা দেই | এনেকৈ কৈ ভোমোৰাটো গুচি গ’ল | এইফালে ফুলৰ মৌ খাবলৈ পায় গোবোৰাৰ আনন্দৰ সীমা নাই | সি পিছে পাহৰিয়ে গ’ল সন্ধিয়াৰ আগতেই যে তাক সখীয়েকে ফুলপাহৰ পৰা ওলাই আহিবলৈ কৈ গৈছিল | এইফালে কেতিয়া সন্ধিয়া লাগিল সি ক’বকে নোৱাৰিলে | সন্ধিয়া হৈ অহাৰ লগে লগে ফুলৰ পাহিবোৰ জাপ খাই আহিবলৈ ধৰিলে | গোবোৰাটো সোমাই থকা ফুলপাহৰ পাহিবোৰো জাপ খাই আহিল আৰু বেচেৰা গোবোৰাটো তাতে সোমাই থাকিল |

সেই পুখুৰীটো আকৌ সেইখন দেশৰ ৰজাৰ পুখুৰী | ৰজাই আকৌ কৰে কি, ৰাতিপুৱাৰ লগে-লগে সেই পুখুৰীটোৰ পদুমফুলেৰে ভগৱানক পূজা-অৰ্চনা কৰে | সেইদিনাও ৰজাই ৰাতিপুৱা পুখুৰীটোলৈ আহিল আৰু যিপাহ ফুলত গোবোৰাটো সোমাই আছিল সেইপাহকে চিঙি লৈ গ’ল | সেইপাহ ফুলেৰে ৰজাই মন্দিৰত ভগৱানক পূজা কৰিলে | আৰু যেতিয়া পূজা শেষ হ’ল তেতিয়া ৰজাই সেই ফুল, বেলপাত, পূজাৰ নৈবেদ্য আদি মূৰত তুলি গংগা নদীলৈ লৈ গ’ল | গোবোৰাটোলৈ চোৱাচোন, ৰজাৰ মূৰত উঠা কি ইমান সহজ ! কিন্তু ফুলৰ লগতে গোবোৰাটোকো ৰজাই মূৰত তুলি লৈ গ’ল | আৰু যেতিয়া ফুলপাহ ৰজাই গংগাত উটুৱাই দিলে, তেতিয়া সূৰ্যৰ পোহৰ পৰি পদুমফুলৰ পাহিবোৰ পুনৰ মেল খাই গ’ল আৰু আনন্দেৰে গোবোৰাটো ওলাই আহিল |

ইয়াৰ পিচত যিদিনা ভোমোৰা আৰু গোবোৰা দুয়ো সখী লগা-লগি হ’ল, তেতিয়া গোবোৰাটোৱে কান্দিবলৈ ধৰিলে | কান্দি কান্দি গোবোৰাটোৱে সখীয়েকক কি ক’লে জানা ? ক’লে – ‘সখী মোৰ জীৱন ধন্য হ’ল | তোমাৰ লগত যদি মই সখী নহ’লো হেতেন তেতিয়া মই গোবৰৰ দমটোতে পচি মৰিলোহেতেন | তোমাৰ লগ হোৱাৰ বাবেই মই পদুম ফুলৰ মৌ খাবলৈ পালো, ভগৱানকো দেখিবলৈ পালো, ৰজাৰ শিৰত উঠিলো আৰু গংগাতো স্নান কৰি আহিলো | সখী মোৰ জীৱন সাৰ্থক হৈ গ’ল’ |
গোবোৰাটোৱে এটা গানো গালে | কি গালে জানা?

সজৰ লগত সংগতি কৰিলো, সৎ কাম কৰিলোমধু কৰিলো পান,ৰজাৰ শিৰত উঠিলো, ভগৱান দেখিলোগংগাতো কৰিলো স্নান |
এই সাধুটোৰ পৰা আমি কি শিকিলো কোৱাচোন মইনাহঁত ! মানুহে জীৱনত যেনে সংগ বা লগ বিচাৰে ঠিক তেনে ফলহে পায় | ভাল সংগৰ ফল সদায় মিঠা, আনহাতে বেয়া সংগই তোমাৰ কেতিয়াও উপকাৰ কৰিব নোৱাৰে | গোবোৰাটোৱে ভোমোৰাৰ লগত সখী পতাৰ বাবে দেখিলানে তাৰ কিমান লাভ হ’ল | ঠিক তেনেদৰে তোমালোকেও সদায় সত্‍ বা সাধুলোকৰ লগতহে লগ হ’বা দেই, বেয়া বা দুষ্ট সংগৰ ওচৰত কেতিয়াও নাযাবা |

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক