ভোলাৰামৰ জীউটো মূলঃ হৰিশংকৰ পৰসাই – ভাৱানুবাদঃ উৎপলা কৌৰ

 

এনেকুৱা আজৱ ঘটনা কস্মিনকালেও ঘটা নাছিল৷ ধৰ্মৰাজে অযুত বছৰৰ আগৰেপৰা মানুহৰ কৰ্ম আৰু ‘চিফাৰিছ’ অনুসৰি অসংখ্য মানুহক স্বৰ্গ বা নৰকত ঠাই ‘এলট’ কৰি আহিছে৷ কিন্তু এনেকুৱা আজিলৈকে হোৱা নাছিল৷ সন্মুখত চিত্ৰগুপ্তই বাৰে বাৰে বিতচকুযোৰ মোহাৰি, আঙুলিত ‘থু’ লগাই ৰেজিষ্টাৰৰ পাছত ৰেজিষ্টাৰৰ পাত লুটিয়াই চাই আছিল৷ তথাপি ক’ত কেৰোণ লাগিছে ধৰিব পৰা নাছিল৷ শেষত তেওঁ হতাশ হৈ ইমান জোৰেৰে বহীখন জপাই থ’লে যে তাত উৰি থকা মাখি এটা বহীখনৰ মাজত চেপা খাই সোমাই ৰ’ল৷ মাখিটো তাৰপৰা উলিয়াই তেওঁ যমৰজাক ক’লে, “মহাৰাজ, ৰেকৰ্ড সকলো ঠিকে আছে৷ ভোলাৰামৰ জীউটোৱে পাঁচদিনৰ আগতেই দেহত্যাগ কৰিছে আৰু যমদূতৰ সৈতে ইয়ালৈ ৰাওনাও হৈছিল, কিন্তু এতিয়ালৈকে আহি পোৱা নাই৷” “সেই দূতজন ক’ত আছে এতিয়া?” যমে সুধিলে৷ “মহাৰাজ, সেই দূতজনো নিৰূদ্দেশ হৈ আছে৷”

ঠিক সেইখিনি সময়তে কোঠাৰ দুৱাৰখন খোল খালে আৰু ভ্ৰমবশতঃ সোমোৱাৰ দৰে দূতজনে প্ৰবেশ কৰিলে৷ পৰিশ্ৰম, দুশ্চিন্তা আৰু ভীতিবশতঃ কুৰূপ দূতজনৰ চেহেৰাটো আৰু বিকৃত হৈ পৰিছে৷ তাক দেখাৰ লগে লগে চিত্ৰগুপ্তই চিঞৰি উঠিল, “আৰে! তই ক’ত আছিলি ইমানদিনে?”
যমদূতজনে হাতযোৰ কৰি ক’লে, “প্ৰভু! কি বুলিনো কওঁ কি হ’ল! আজিলৈকে কাৰো ঠগ খোৱা নাছিলোঁ জীৱনত, কিন্তু ভোলাৰামৰ জীউটোৱে কেনেকৈ মোক ছলনা কৰি থৈ গ’ল৷ পাঁচদিনৰ আগতে ভোলাৰামৰ জীউটোৱে যেতিয়া দেহত্যাগ কৰিছিল তেতিয়াই মই তাক ধৰিছিলোঁ আৰু এই ধামলৈ গতি কৰিছিলোঁ৷ চহৰৰ বাহিৰ ওলোৱাৰ লগে লগে তীব্ৰ বায়ু তৰংগৰ প্ৰভাৱত সি মোৰ হাতৰপৰা এৰ খাই গ’ল আৰু অদৃশ্য হৈ গ’ল৷ এই পাঁচদিনত মই তাক গোটেই বিশ্ব-ব্ৰহ্মাণ্ডত বিচাৰি চলাথ কৰিলোঁ কিন্তু ক’তো বিচাৰি নাপালোঁ৷”

যমৰাজে কথাবোৰ শুনি খঙেৰে ক’লে, “মুৰ্খ! জীউ আনি আনিয়েই বুঢ়া হ’লি, তথাপি এটা সাধাৰণ বুঢ়া মানুহৰ জীউৱে তোক ছলনা কৰি পলাই গ’ল৷” দূতজনে তলমূৰ কৰি ক’লে, “মহাৰাজ, মই চেষ্টাৰ ত্ৰুটি কৰা নাছিলোঁ৷ মোৰ এই অভ্যস্ত হাতৰপৰা আজিলৈকে ডাঙৰ ডাঙৰ উকীলৰ জীউয়ে সৰকি যাব পৰা নাছিল৷ এইবাৰ কি যাদু হ’ল জানো!” ইমান দেৰি টলকা মাৰি থকা চিত্ৰগুপ্তই ক’লে, “মহাৰাজ, আজিকালি পৃথিৱীত এনেকুৱা কাৰবাৰবোৰ খুউব চলিছে৷ মানুহে ৰেলত বন্ধুলৈ বস্তু পঠিয়ায়, বাটতে ৰেলৱে’ৰ মানুহে ‘হৰপ’ কৰি দিয়ে৷ কাপোৰৰ বেপাৰীৰ পাৰ্চেলৰ ভিতৰত থকা মোজা ৰেলৱে’ৰ অফিচাৰে পিন্ধি থাকে৷ মালগাড়ীৰ দবাকে দবা বাটৰ পৰা কাটি লৈ যায়৷ আৰু এটা কথা হৈ আছে৷ ৰাজনৈতিক দলৰ নেতাক বিৰোধী দলৰ নেতাই উঠাই নি বন্দী কৰি থয়৷ ভোলাৰামৰ আত্মাটোকো বিৰোধীয়ে কিবা বেয়া কাম কৰিবলৈ উঠাই নিয়া নাইতো?”

ইতিকিংসূচক চাৱনি এটা চিত্ৰগুপ্তৰ ফালে নিক্ষেপ কৰি যমৰাজে ক’লে, “তোমাৰ অৱসৰ লোৱাৰ সময় হৈ গৈছে আৰু৷ ভোলাৰমাৰ নিচিনা নগণ্য, দৰিদ্ৰ মানুহ এজনৰ সৈতে কাৰ কি ‘লেনা-দেনা’ থাকিব?”

ঠিক সেইসময়তে নাৰদমুনি কৰবাৰ পৰা আহি ওলালহি৷ ধৰ্মৰাজক মনে মনে বহি থকা দেখি নাৰদে সুধিলে, “কি হে ধৰ্মৰাজ? কি চিন্তা কৰি আছে? নৰকত থকা ঠাইৰ সমস্যাটোৰ সমাধান হোৱা নাই নেকি আজিও?” যমে ক’লে, “সেইটোতো কেতিয়াবাই সমাধান হ’ল৷ নৰকলৈ যোৱাবাৰ বহুত পাকৈত কাৰিকৰ আহিল৷ তাৰে কিছুমান ঠিকাদাৰ, যি বিল্ডিং বান্ধিম বুলি পইচা ঠিকেই আদায় কৰিলে কিন্তু কেতিয়াও বিল্ডিং নাবান্ধিলে৷ ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ আহিল যি ঠিকাদাৰৰ লগত মিলি পঞ্চবৰ্ষীয় পৰিকল্পনাৰ পইচাবোৰ খাই থ’লে৷ ‘অভাৰচিয়াৰ’ আহিল যি কেতিয়াও কামলৈ নহা বনুৱাৰো হিচাপ দেখুৱাই সিহঁতৰ ভাগৰ হাজিৰাৰ পইচা খালে৷ সিহঁতে আহি নৰকত কেইবাটাও অট্টালিকা থিয় কৰি পেলালেহি৷ সেইবোৰ সমস্যা কেতিয়াবাই সমাধা হ’ল৷ এতিয়া অইন এটা অদ্ভুত সমস্যাইহে বিপত্তিত পেলাইছে৷ ভোলাৰাম বুলি মানুহ এজনৰ পাঁচদিনৰ আগতে মৃত্যু হৈছে৷ তাৰ জীউটো আমাৰ দূতে লৈ আনি থাকোঁতে দূতৰ চকুত ধূলি দি পলাই গ’ল৷ দূতজনে গোটেই বিশ্ব-ব্ৰহ্মাণ্ড বিচাৰি চলাথ কৰিলে, কিন্তু ক’তো বিচাৰি নাপালে৷ এনেকৈ হ’বলৈ হ’লে পাপ-পুণ্যৰ চিন-চাবেই নাথাকিব পৃথিৱীত৷”
নাৰদে সুধিলে, “সি কেনেবাকৈ ’ইনকাম টেক্স’ দিবলৈ বাকী আছিল নেকি? কিজানি সেইকাৰণে ইনকাম টেক্স বিভাগৰ মানুহে ধৰি লৈ গ’ল৷” “যাৰ ইনকাম আছে ইনকাম টেক্স তাৰহে লাগিব! এইটো একেবাৰে ডাল্ দৰিদ্ৰ আছিল”, চিত্ৰগুপ্তই ক’লে৷

নাৰদে বৰ ৰস পালে কথাটোত, ক’লে, “বৰ সাংঘাতিক কথা দেখোন! বাৰু মোক তাৰ নামটো কোৱাচোন, মই এপাক পৃথিৱীলৈ বিচাৰি যাওঁ৷” চিত্ৰগুপ্তই ৰেজিষ্টাৰখন মেলি তাৰ নামটো চাই ক’লে, “ভোলাৰাম আছিল তাৰ নাম৷ জব্বলপুৰ অঞ্চলৰ ধমাপুৰ নামৰ পথৰ কাষৰ নলা এটাৰ কাষত এক-ডেৰটা ভঙা-চিঙা কোঠাৰ ঘৰত সিহঁত থাকিছিল৷ তাৰ পৰিয়ালত পত্নীৰ উপৰিও দুটা ল’ৰা আৰু এজনী ছোৱালী আছিল৷ বয়স ষাঠি বছৰ আৰু চৰকাৰী চাকৰি কৰিছিল৷ পাঁচ বছৰৰ আগতে অৱসৰ গ্ৰহণ কৰিছিল৷ যোৱা এবছৰৰ পৰা ঘৰভাড়া দিব নোৱাৰাৰ কাৰণে ঘৰৰ মালিকে ঘৰৰ পৰা উলিয়াই দিব খুজিছিল৷ তেনেতে ভোলাৰামে সংসাৰে ত্যাগ কৰি দিলে৷ আজি পাঁচদিন হ’ল৷ যদি ঘৰৰ মালিক কঠুৱা হয়, তেনেহলে ভোলাৰাম মৰাৰ পাছতে কিজানি তাৰ পৰিয়ালক ঘৰৰ পৰা উলিয়াই দিলে৷ সেইকাৰণে আপুনি এতিয়া তাৰ পৰিয়ালক বিচাৰিবলৈ বহুত ঘূৰিব লাগিব৷”

মাক-জীয়েকৰ সমবেত ক্ৰন্দনত নাৰদে অতি সহজে ভোলাৰামৰ ঘৰটো বিচাৰি উলিয়ালে৷ দুৱাৰমুখত থিয় হৈ “নাৰায়ণ! নাৰায়ণ” বোলাৰ লগে লগে ছোৱালীজনীয়ে কৈ উঠিল, “আগুৱাই আহক মহাৰাজ৷” নাৰদে ক’লে, “মোক ভিক্ষা নালাগে৷ মই ভোলাৰামৰ বিষয়েহে দুই-এটা কথা সোধ-পোচ কৰিবলৈ আহিছোঁ৷ তোমাৰ মাৰাক বাহিৰলৈ পঠিয়াই দিয়াছোন আইজনী৷”
ভোলাৰামৰ পত্নী বাহিৰলৈ ওলাই আহিল৷ নাৰদে তেওঁক সুধিলে, “ভোলাৰামৰ কি বেমাৰ হৈছিল?” “কিনো কওঁ! দাৰিদ্ৰ্যই আছিল তেওঁৰ ৰোগ৷ পাঁচ বছৰ হৈ গ’ল অৱসৰ পোৱা৷ পেঞ্চন পাব লাগিছিল, কিন্তু আজিলৈকে পেঞ্চন নাপালে৷ প্ৰতি দহ-পোন্ধৰ দিনত এখনকৈ দৰখাস্ত দিয়ে, কিন্তু তাৰপৰা হয় কোনো উত্তৰ নাহে আৰু আহিলে পেঞ্চনৰ আবেদনৰ বিচাৰ-বিবেচনা হৈ আছে বুলি আহে৷ যোৱা পাঁচবছৰত মোৰ গোটেই গহনাবোৰ বেচিবলগীয়া হ’ল খাবলৈ৷ তাৰ পাছত বাচনবোৰ বিকিলোঁ৷ এতিয়া আৰু বেচিবলৈ আমাৰ একো নাই৷ চিন্তা আৰু ভোকেই মানুহটোক মাৰি পেলালে৷”

নাৰদে কথাখিনি শুনি ক’লে, “কিনো কৰিবা আই! তেওঁৰ ইমানেই আয়ুস আছিল৷” “এনেকৈ নক’ব মহাৰাজ, তেওঁৰ আয়ুস বহুত আছিল৷ পঞ্চাশ-ষাঠি টকা পেঞ্চন পালেহেঁতেন যদি বাকী অলপ কাম কৰি আমি চলি থাকিব পাৰিলোহেঁতেন৷ কিন্তু এই পাঁচবছৰে পেঞ্চনৰ নামত ফুটাকড়ি এটাও নাপালে৷”

নাৰদৰ এনেকুৱা দুখৰ কথা শুনিবলৈ সময় নাছিল৷ সেয়ে তেওঁ চিধাই মূলকথালৈ আহিল৷ “আইজনী, এটা কথা কোৱাচোন৷ তেওঁৰ কাৰোবাৰ প্ৰতি বিশেষ অনুৰাগ আছিল নেকি মানে কাৰোবাৰ প্ৰতি বিশেষ মানসিক টান?” “টানতো থাকিবই মহাৰাজ, সকলোৰে নিজৰ সন্তানৰ প্ৰতি টান থাকে৷” “নহয় মানে, কোনোবা অইন স্ত্ৰীৰ প্ৰতি?” ভোলাৰামৰ পত্নীয়ে ক্ষন্তেক ঘোপাকৈ নাৰদৰ ফালে চালে৷ “মুখলৈ যি আহে তাকে নক’ব মহাৰাজ৷ আপুনি সাধুহে, লোকৰ কথা ইমান জানিবলৈ আপুনি সৰৱজান নহয় নহয়! তেওঁ গোটেই জীৱন অইন কোনো নাৰীলৈ চকু তুলি চোৱা নাছিল৷”

নাৰদে হাঁহি এটা মাৰি ক’লে, “তুমি তোমাৰ ঠাইত ঠিকেই আছা আইজনী৷ এখন সুখী গৃহস্থীৰ বাবে এনেকৈ ভবাটো জৰুৰী৷ ঠিক আছে আই, মই এতিয়া উঠোহে!”

ভোলাৰামৰ পত্নীয়ে লগে লগে ক’লে, “মহাৰাজ, আপুনিতো সাধু, সিদ্ধ পুৰুষ৷ এনেকুৱা কিবা কৰিব নোৱাৰেনে যাতে আমি পেঞ্চনটো পাওঁ? কিছুদিন অন্ততঃ এই ল’ৰা-ছোৱালীকেইটাৰ পেট ভৰক?” কথাখিনি শুনি নাৰদৰ মনত পৰিয়ালটোৰ প্ৰতি দয়া উপজিল৷ ক’লে, “আমাৰ নিচিনা সাধুবোৰৰ কথা কোনেনো শুনিব? মোৰ ইয়াত কোনো মঠ-মন্দিৰো নাই৷ তথাপি মই চৰকাৰী অফিচলৈ যাম আৰু চেষ্টা কৰিম৷”

ভোলাৰামৰ ঘৰৰ পৰা ওলায়েই নাৰদ চৰকাৰী অফিচলৈ গ’ল৷ তাত বহি থকা অফিচাৰ এজনৰ লগত বহি ভোলাৰামৰ কথা আলোচনা কৰিলে৷ অফিচাৰ বাবুৱে বৰ ধ্যানপুৰ্বক নাৰদক লক্ষ্য কৰিলে আৰু ক’লে, “ভোলাৰামে দৰ্খাস্ত দিয়াটো হয়, কিন্তু তাৰ দৰ্খাস্তত কোনো ওজন নাছিল৷ তেনেকুৱা ওজন নথকা দৰ্খাস্ত ক’ৰবালৈ উৰি যোৱাটো একো ডাঙৰ কথা নহয়৷” নাৰদে কথাটো শুনি টেবুলৰ ওপৰত থকা ‘পেপাৰ ৱেইট’কেইটালৈ চাই ক’লে, “ইমানগাল পেপাৰ ৱেইট আছে, তাৰে এটা তাৰ ওপৰত থৈ নিদিলে কিয়?” নাৰদৰ কথা শুনি অফিচাৰ বাবুয়ে হাঁহিলে আৰু ক’লে, “আপুনি সাধু মানুহ, আপুনি ‘দুনীয়াদাৰি’ বুজি নাপায়৷ দৰ্খাস্তবোৰ এইবোৰ ‘পেপাৰ ৱেইটে’ৰে উৰি নোযোৱাকৈ ৰাখিব নোৱাৰি৷ বাৰু, আপুনি সেইটো কোঠাত থকা বাবুক লগ ধৰক৷” নাৰদ সেইজন বাবুৰ ওচৰ পালেগৈ, তেওঁ আন এজনৰ কাষলৈ পঠিয়াই দিলে, সেইজনে অইন এজনৰ ওচৰলৈ, অইনজনে বেলেগ এজনৰ ওচৰলৈ, মুঠতে পঁচিশ-ত্ৰিশজন বাবু আৰু টেবুল ঘুৰাৰ পাছত অফিচৰ পিয়ন এজনে নাৰদক ক’লে, “মহাৰাজ, আপুনি এই জঞ্জালত কিয় সোমালে? আপুনি গোটেই বছৰ ইয়াত ঘূৰি থাকিলেও আপোনাৰ কাম নহয়৷ আপুনি চিধাই অফিচৰ মূল বছক লগ ধৰক, তেওঁক ‘খুচ’ কৰি দিয়ক, আপোনাৰ কাম এতিয়াই হৈ যাব৷”

নাৰদ অফিচৰ মুৰব্বীজনৰ কোঠাত সোমালগৈ৷ বাহিৰত বহি চাপ্ৰাছীজনে টোপনিয়াই আছিল৷ সেয়ে তেওঁ নিৰ্বিঘ্নে সোমাবগৈ পাৰিলে৷ নাৰদক ‘ভিজিটিং কাৰ্ড’ নোহোৱাকৈ সোমোৱা দেখি মুৰব্বী বাবু অত্যন্ত বিৰক্ত হ’ল, “এইটো কি মন্দিৰ-চন্দিৰ বুলি ভাবিছে নেকি যে চিধাই সোমাই আহিল আপুনি? আগতে এপইণ্টমেণ্ট কিয় লোৱা নাই?”

“কেনেকৈ ল’ম? ছাপ্ৰাছী শুই থাকিলে?” “কি কাম আছে কওক!”

নাৰদে ভোলাৰামৰ পেঞ্চনটোৰ কথা উলিয়ালে৷ মুৰব্বী বাবুয়ে ক’লে, “আপুনি বৈৰাগী মানুহ, অফিচৰ নীতি-নিয়ম নাজানে৷ আচলতে ভোলাৰামৰে ভুল৷ আৰে ভাই! এইটোওটো এটা মন্দিৰেই হয়৷ ইয়াতো দান-বৰঙনি দিব লাগে৷ আপোনাক ভোলাৰামৰ সম্বন্ধীয় মানুহ যেন লাগিছে৷ ভোলাৰামৰ দৰ্খাস্তবোৰত কোনো ওজন নাই৷ আপুনি ওজন ৰাখক, কাম হৈ যাব৷”

পুনৰ ওজনৰ প্ৰসংগটো উত্থাপিত হোৱাত নাৰদ বৰ বিবুদ্ধিত পৰিল৷ মুৰব্বী বাবুৱে পুনৰ ক’লে, “আৰে চৰকাৰী পইচাৰ কথা৷ পেঞ্চনৰ ফাইল দহটা অফিচ ঘূৰিব লাগে৷ সময় লাগি যায়৷ একেটা কথাকে বিশবাৰ বিশ জেগাত লিখিব লাগে তেতিয়াহে কাম হয়গৈ৷ ইমানগালে পেঞ্চন পায়, বজাৰ যেন হৈ যায়৷ সময়টো লাগিবই৷ অৱশ্যে সোনকালেও হ’ব পাৰে, কিন্তু..!” মুৰব্বী বাবুৰ কথা ৰৈ গ’ল৷ নাৰদে সুধিলে, “কিন্তু কি?” কুটিল হাঁহি এটা মুখত ফুটাই মুৰব্বী বাবুৱে ক’লে, “কিন্তু ওজন লাগিব৷ আপুনি বুজা নাই৷ যেনে আপোনাৰ হাতত থকা এই বীণাখনকো এটা ওজন হিচাপে ভোলাৰামৰ দৰ্খাস্তখনৰ ওপৰত ৰাখিব পৰা যায়৷ মোৰ ছোৱালীয়ে গান-বাজনা শিকি আছে৷ এইখন মই তাইক দিম৷ সাধু-সন্তৰ বাদ্যযন্ত্ৰ পালে তাইৰ কণ্ঠত আৰু বেছি সৰস্বতীৰ বসতি হ’ব৷” নিজৰ বীণাখন হেৰুওৱাৰ ভয়ত নাৰদ চকিত হৈ উঠিল৷ কিন্তু পাছমুহূৰ্ততে নিজকে চম্ভালি লৈ বীণাখন সন্মুখৰ মেজৰ ওপৰত থৈ ক’লে, “এইয়া লওক আৰু সোনকালে পেঞ্চনৰ কামটো কৰি দিয়ক৷” নাৰদৰ এই কাৰ্যই প্ৰসন্ন কৰি তোলা অফিচৰ মুৰব্বীজনে নাৰদক বহিবলৈ চকী এখন দেখুৱাই দিলে, নিজে উঠি বীণাখন কোঠাৰ চুক এটাত আউজাই থৈ কলিং বে’লত হেঁচা দিলে৷ বে’লৰ শব্দ শুনি কোঠালৈ সোমাই অহা চাপ্ৰাছীজনক হুকুম দিলে, “বৰবাবুৰ টেবুলৰ পৰা ভোলাৰামৰ ফাইলটো লৈ আন!” ক্ষন্তেক পাছতে চাপ্ৰাছীয়ে শ-ডেৰশ দৰ্খাস্তৰে ভৰা ফাইলটো লৈ আহিল৷ তাতেই পেঞ্চনৰ নথিবোৰো আছিল৷ মুৰব্বীজনে নামটো পঢ়িলে আৰু পুনৰ এবাৰ নিশ্চিত হ’বলৈ নাৰদৰক সুধিলে, “নামটো কি বুলি কৈছিল আপুনি?” নাৰদে গম পালে মুৰব্বী অফিচাৰজনে জানিও নজনাৰ ভাও ধৰিছে, সেয়ে ডাঙৰকৈ মাতটো উলিয়াই ক’লে, “ভোলাৰাম!” আৰু ঠিক সেইখিনি সময়তে ফাইলটোৰ ভিতৰৰপৰা কোনোবাই কৈ উঠিল, “কোনে মাতিছে মোক? পোষ্টমেন নেকি? মোৰ পেঞ্চনৰ অৰ্ডাৰটো ওলাল নেকি?” ঘটনা দেখি প্ৰথমাৱস্থাত নাৰদ হতভম্ব হৈ পৰিল, কিন্তু পিছ মুহূৰ্ততে প্ৰকৃত ঘটনা বুজি উঠিল৷ তেওঁ লাহেকৈ কৈ উঠিল, “ভোলাৰাম! তুমি কি ভোলাৰামৰ জীউটোৱে কৈছা নেকি?” উত্তৰ আহিল, “হয়৷” নাৰদে পুনৰ ক’লে, “মই নাৰদ৷ তোমাক নিবলৈ আহিছোঁ৷ ব’লা, স্বৰ্গবাসী তোমাৰ অপেক্ষাত আছে৷” এইবাৰ উত্তৰ আহিল, “মই নাযাওঁ৷ এই পেঞ্চনৰ দৰ্খাস্তবোৰত মোৰ জীউটো ফঁচি আছে, মই কেনেকৈ যাম?”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক