ভৌতিক বা ৰহস্য সাহিত্যৰ সামাজিক মূল্য (টুৱাৰাম দত্ত)

সাহিত্য সদায় সাহিত্যই। সাহিত্যৰ ভাগ থকাটো উচিত বুলি নাভাবোঁ। কিন্তু আমাৰ ধাৰণামতেই বা ভবা ধৰণেই পৃথিৱী নচলে। আৰু সেই গতিকে ভৌতিক সাহিত্য, ৰহস্য সাহিত্য, সামাজিক সাহিত্য ইত্যাদি বিভিন্ন ধৰণৰ সাহিত্যৰ বাচ-বিচাৰ চলি আহিছে। আমাৰ সমাজত সামাজিক সমস্যা বা সামাজিক কথা কাণ্ড বোৰক মূল বিষয়ৰূপে লৈ যি ধৰণৰ সামাজিক সাহিত্যৰ সৃষ্টি হৈ আহিছে সেই সাহিত্যক ভৌতিক বা ৰহস্য সাহিত্যতকৈ আপাতঃ দৃষ্টিত বেছি গুৰুত্ব দিয়া দেখা যায়। সাহিত্য সভা, সামাজিক অনুষ্ঠান আদিবোৰতো এইসকল সামাজিক বা মূল ধাৰাৰ সাহিত্যিকেই আগশাৰীৰ আসন খন পায়। কোনো এটা অঞ্চলৰ সভা সামিতি, উৎসৱ পাৰ্বন আদিত ভৌতিক বা ৰহস্য সাহিত্যৰ সাহিত্যিক এজনে বিশিষ্ট অতিথি, নিদিৰ্ষ্ট বক্তা আদিৰ দৰে আগশাৰীৰ আসন পোৱা কমেইহে দেখা যায়। অসম সাহিত্য সভাৰ দৰে অনুষ্ঠানৰ মজিয়াতো ভৌতিক বা ৰহস্য সাহিত্যৰ সাহিত্যিকসকলৰ কোনোধৰণৰ সন্মান জনক আসন আছে বুলি মনে নধৰে। আপুনি কেতিয়াবা কল্পনাও কৰিব পাৰেনে ৰঞ্জু হাজৰিকা, দীন তামূলী, বাদল চক্ৰৱৰ্তীৰ দৰে সাহিত্যিকে কোনোবা জনমত সাহিত্য সভাৰ সভাপতি হ’ব বা অন্যান্য সন্মানজনক পদবী লাভ কৰিব বুলি?
কিন্তু ভৌতিক বা ৰহস্য সাহিত্য সদায় সাহিত্যই। কোনোবাই এই ধাৰাক বা এই ধাৰাৰ সাহিত্যিক সকলক সন্মান দিয়ক বা নিদিয়ক তাৰ ওপৰত এই ধাৰাৰ অগ্ৰগামী গতি কেতিয়াও থমকি নৰয়।
আইনষ্টাইনে এষাৰ চিন্তনীয় মন্তব্য আগবঢ়াইছিল- “কল্পনাশক্তি অতিশয় শক্তিশালী আৰু কল্পনাৰ ওপৰতে সকলো নিৰ্ভৰ কৰে। জীৱনত আহিব পৰা সকলো আকৰ্ষণৰ পূৰ্বাভাষ কল্পনাই দিয়ে। কল্পনাৰ ক্ষমতা জ্ঞানতকৈ বেছি।”
সেই দিশৰ পৰা বিচাৰ কৰিবলৈ গ’লে ভৌতিক বা ৰহস্য সাহিত্যৰ শক্তি মুঠেই উলাই কৰিব পৰা বিধৰ নহয়। এই ধাৰাৰ সাহিত্য সমূহত কল্পনাৰ আধিক্য বেছি। কিন্তু একেবাৰে বাস্তৱ বিবৰ্জিত বুলিও দলিয়াই দিব নোৱাৰি। বাস্তৱ জীৱনৰ বহুতো জ্বলন্ত সমস্যাৰ সমাধানৰ পথ নিৰ্দেশনা এই ধাৰাৰ সাহিত্যৰ মাজত পোৱা যায়।
আমাৰ কৈশোৰ অৱস্থাত “বিস্ময়”, “ত্ৰিশূল”, “ৰহস্য” ইত্যাদি আলোচনীৰ জনপ্ৰিয়তা আছিল অভাৱনীয়। সেই সময়ত এই আলোচনীবোৰ ভৌতিক বা ৰহস্য সাহিত্যৰ ভঁৰাল আছিল। সেই সময়ৰ লেখক সকল ৰঞ্জু হাজৰিকা, দীন তামূলী, শশী ফুকন, বাদল চক্ৰৱৰ্তী, শান্তনু তামূলী আদিৰ জনপ্ৰিয়তা চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰি। তদুপৰি কিতাপ হিচাপে ৰংমনৰ “ভাস্কৰ চিৰিজ”, পা-ফু চিৰিজ আদিও সাংঘাতিক জনপ্ৰিয় আছিল।
ব্যক্তিগতভাৱে মই ভূত বিশ্বাস নকৰোঁ। মোৰ মতে ভূত ধাৰণাটোৱেই কাল্পনিক। আজিলৈকে ভূতৰ কাহিনী কোৱা যিমান মানুহ লগ পাইছোঁ সকলোৱে তৃতীয় কোনোবা এজন ব্যক্তিয়েহে নিজ চকুৰে ভূত দেখা বুলি কয়। আমাৰ মামা, দাদা, দদাইদেউ (নিজক বাদ দি) আদিয়ে নিজ চকুৰে ভূত দেখা কাহিনী শৈশৱৰে পৰা মানুহৰ মুখে মুখে শুনি আহিছো আৰু হয়তো ভৱিষ্যতেও শুনি থাকিম। কিন্তু এই কাহিনীয়ে যেতিয়া যোগ্যজনৰ কলমৰ আগত সাহিত্যৰ ৰূপ লয় তেতিয়া পঢ়ি ভাল লাগে। বাস্তৱ ভিত্তি যিয়েই নহওক সুখপাঠ্য সাহিত্য আমাৰ সদায় প্ৰিয়। আৰু এটা কথা, সাহিত্যৰ দ্বাৰা যেতিয়া লেখকে এটা যোগাত্মক সাহিত্যিক বাৰ্তা সমাজৰ হিতৰ বাবে দিবলৈ যায়, সি সদায়ে আদৰণীয়। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াই সেই সময়ৰ অসমীয়া সমাজখনক শৃংখলিত কৰিবলৈ সকলো প্ৰকাৰৰ সাহিত্যৰ ধাৰাতেই হাত বুলাইছিল। তেখেতৰ সাধুকথা, গল্প আদিবোৰত গছ, চৰাই, জীৱ-জন্তু ইত্যাদিয়ে কথা কোৱা ধৰণটো অবাস্তৱ যদিও সিবিলাকৰ সাহিত্যিক মূল্য আছিল অপৰিসীম।
সেইদৰে ৰহস্য সাহিত্যতো অন্ধকাৰ জগতৰ আঁৰৰ কাহিনী উন্মোচন কৰা হয়। বাস্তৱৰ সঁচা ছবিৰ পৰাই ৰহস্য সাহিত্যৰ বিকাশ হৈ আহিছে। কিন্তু আমাৰ আৰ্থ-সামাজিক সমস্যা সমূহৰ তাত্বিক সমাধান নাই বাবে ইয়াক সাহিত্য জগতৰ কাণ্ডাৰীসকলে মূল ধাৰাত অন্তৰ্ভুক্ত কৰিবলৈ ইচ্ছা নকৰে। কিন্তু চাবলৈ গ’লে সামাজিক সাহিত্যনো কি? মানৱ মনৰ অন্তহীন ৰহস্যৰ উদ্‌ঘাটনৰ প্ৰচেষ্টাই টো এই সাহিত্যৰ মূল ভেঁটি। গতিকে সেই একে সুৰতে বাস্তৱ জীৱনৰ ৰহস্য উদ্‌ঘাটনৰ প্ৰচেষ্টাৰ বাবে ৰহস্য সাহিত্যও এক প্ৰকাৰৰ সামাজিক সাহিত্যই।
ভৌতিক বা ৰহস্য সাহিত্যৰ সামাজিক মূল্য সদায় আছে। ই কেৱল মনোৰঞ্জনৰ মাধ্যমেই নহয়। সমাজ গঢ়াৰ মাধ্যমো। অসমীয়া সাহিত্যৰ সামগ্ৰিক শ্ৰীবৃদ্ধিৰ বাবে এই দুই ধাৰা শক্তিশালী হ’বই লাগিব।

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
অশোক কুমাৰ নাথ
8 years ago

মুগ্ধ হৈ গলো আপোনাৰ কথাত…..!

Anonymous
8 months ago

ভাল ‌লাগিল

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক