ভ্ৰমণ কাহিনী-কাজিৰঙাৰপৰা অৰুণাচললৈ (দীপা ঠাকুৰীয়া)

ৰাতিপুৱাৰ কোমল ৰ’দজাকৰ উম লৈ আমাৰ বাহন “সোণপৰী” যোৰহাটৰপৰা আগবাঢ়িছিল। আলিৰ দাঁতিৰ জান-অজান গছবোৰত চৰাইবোৰে, মাইল মাইল জুৰি থকা আঘোণৰ উকা পথাৰত চৰণীয়া গৰুবোৰৰ খোজত নৰাবোৰে খচ-মচাই কথা পাতি আছিল। আমি দুপৰীয়া গৈ কাজিৰঙা পালোঁ। পৰ্যটকৰ ভিৰৰ বাবে অৰণ্য, জুপুৰি, বননিত ঠাই নাপাই আমি প্ৰশান্তি ল’জতে কোঠা এটি ল’লোঁ। তিনিদিন ধৰি দিনে-ৰাতিয়ে ALL INDIA RADIO CONFERENCE হৈছিল। মানুহখিনিয়ে দিনে-ৰাতিয়ে হৈ-হাল্লা কৰি স্ফূ্ৰ্ত্তি কৰিছিল। ৰখীয়া-পহৰীয়া সকলো টোপনিত লালকাল। আমাৰ পৰিয়ালটো অলপ সতেজ হৈ কাষৰ ধাবাখনতে দুপৰীয়াৰ আহাৰ খাই উভতি আহিলোঁ।

কাজিৰঙা নামৰ উৎপত্তি সম্পৰ্কে নিশ্চিত তথ্য পোৱা হোৱা নাই, অৱশ্যে বিভিন্ন জনশ্ৰুতি বিৰাজমান। এটা এনে প্ৰবাদ অনুসৰি ৰঙা নামৰ ছোৱালী এজনীয়ে কাৰ্বি ডেকা কাজিক ভাল পাইছিল। কিন্তু সমাজৰ বাধাৰ বাবে দুয়ো এক হ’ব নোৱাৰিলে। এদিন দুয়ো পলাই গৈ কাষৰ হাবিত সোমাল আৰু কেতিয়াও উভতি নাহিল। সেই হাবিখনেই বৰ্তমানৰ কাজিৰঙা। আন এটা প্ৰবাদ মতে, শ্ৰীমন্ত শংকৰদেৱে কাজি আৰু ৰঙাই নামে এহাল অপুত্ৰক দম্পতিক সন্তান লাভৰ বাবে সেই ঠাইত এটা বৃহৎ পুখুৰী খন্দাবলৈ কৈছিল। তেওঁলোকৰ নামৰপৰাই ঠাইখনৰ নাম হ’ল কাজিৰঙা।

কাজিৰঙা নামটোৰ প্ৰাচীনত্ব সম্পন্ধে যথেষ্ট সমল পোৱা যায়। সপ্তদশ শতিকাৰ আহোম স্বৰ্গদেউ প্ৰতাপ সিংহ সেই ফালেৰে যাওঁতে সেই ঠাইৰ মাছৰ সোৱাদত আকৃষ্ট হৈ ঠাইখিনিৰ নাম সোধাত ‘কাজিৰঙা’ বুলি উত্তৰ দিয়াৰ উল্লেখ পোৱা যায়। কাজিৰঙাৰ আন এটা উৎস হ’ব পাৰে কাৰ্বি ভাষাৰ শব্দ ‘কাজি’ (অৰ্থ: ছাগলী) আৰু ‘ৰঙাই’ (অৰ্থ: ৰঙা), অৰ্থাৎ ‘ৰঙা ছাগলীৰ স্থান’ (Land of red goats/deer)।

আবেলি ওচৰৰ পিকনিক স্থান চাবলৈ গ’লোঁ। শিলত ঠেকা খাই খাই জুৰিটোৰ পানীবোৰ খিল-খিলাই হাঁহি নামি আহিছে। মোৰ মনটো অতীতলৈ উৰা মাৰিছিল। যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰপৰা বনভোজ খাবলৈ আহোঁতে প্ৰথম মই মোৰ স্বামীৰ লগত এই ঠাইতে চিনাকি হৈছিলোঁ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিতি অক্ষাংশ ২৬°৩০’ উ. আৰু ২৬°৪৫’ উ.-ৰ মাজত আৰু দ্ৰাঘিমাংশ ৯৩°০৮’ পূ. আৰু ৯৩°৩৬’ পূ.উ.-ৰ মাজত। নগাঁও জিলাৰ কলিয়াবৰ মহকুমা আৰু গোলাঘাট জিলাৰ বোকাখাত মহকুমাত উদ্যানখন অৱস্থিত।

উদ্যাখনৰ দৈৰ্ঘ্য প্ৰায় ৪০ কিমি (পূব-পশ্চিম) আৰু প্ৰস্থ প্ৰায় ১৩ কি.মি. (উত্তৰ-দক্ষিণ)। কাজিৰঙাৰ মুঠ মাটিকালি ৩৭৮ বৰ্গ কি.মি., ইয়াৰে প্ৰায় ৫১.১৪ বৰ্গ কি.মি. বিগত দশককেইটাত গৰাখহনীয়াৰ বুকুত জাহ গৈছে। উদ্যানৰ বৰ্তমান চাৰিসীমাৰ বাহিৰৰ ৪২৯ বৰ্গ কি.মি. কাজিৰঙাৰ লগত সাঙুৰি অইন এখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছে। এই সংযোজনে বন্যপ্ৰাণীৰ বাবে আৱাসিক পৰিসৰ বঢ়োৱাৰ উপৰিও কাৰ্বি আংলং পাহাৰলৈ বন্য জন্তুৰ আহ-যোৱাৰ বাবে নিৰাপদ বাট উলিয়াই দিছে। সমুদ্ৰ পৃষ্ঠৰপৰা কাজিৰঙাৰ উচ্চতা ৪০ মিটাৰৰপৰা ৮০ মিটাৰলৈ বিস্তৃত। উদ্যানৰ পূব আৰু উত্তৰ সীমা ব্ৰহ্মপুত্ৰ নদীৰে আগুৰা। উদ্যানৰ দক্ষিণ সীমা মৰা ডিফলু নৈয়ে আগুৰি ৰাখিছে। কাজিৰঙাৰ মাজেৰে ডিফলু আৰু মৰা ধনশিৰী নৈ বৈ গৈছে। পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এশিঙীয়া গঁড়ৰ বাসস্থান কাজিৰঙা বিশ্ব ঐতিহ্যবাহী স্থান সমূহৰ এখন। কাজিৰঙাতেই সংৰক্ষিত বনাঞ্চল সমূহৰ ভিতৰত সৰ্বাধিক ঘনত্বৰে ঢেঁকীয়াপতীয়া বাঘৰ বসতি আছে। ২০০৬ চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়। এই উদ্যান হাতী (Asian Elephant), ম’হ (Wild Asiatic Water Buffalo) আৰু হৰিণা (Swamp deer)-ৰ এক বৃহৎ প্ৰজনন ক্ষেত্ৰ। ‘আন্তৰাষ্ট্ৰীয় পক্ষীজীৱন’ (Birdlife International) সংস্থাই কাজিৰঙাক পক্ষীকূলৰ সংৰক্ষণৰ বাবে ‘গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ’ (Important Bird Area) বুলি স্বীকৃতি দিছে।

পিছদিনা ল’জৰপৰা আমি হাতীৰে কাজিৰঙা চাবলৈ বাগৰিলৈ গ’লোঁ। ডিচেম্বৰ মাহৰ কুঁৱলীয়ে আচ্ছাদিত কৰি ৰাখিছিল বাট-পথ। ডাৱৰবোৰ আলিবাটলৈ নামি আহিছিল। লাইট জ্বলাই জ্বলাই “সোণপৰী” গন্তব্য স্থানলৈ আগবাঢ়িছিল।

আমাৰ পৰিয়ালটো লক্ষীপ্ৰসাদ নামৰ হাতীটোৰ পিঠিত উঠিছিলোঁ। লগত কাৰ্ত্তিক নামৰ মাউতজন। ইকৰাৰ মাজে মাজে হাতীটো আগবাঢ়িছিল। এক অজান উন্মাদনা লৈ সেউজ অৰণ্যৰ বুকুলৈ লাহে লাহে আগবাঢ়িছিলোঁ। অলপ দূৰ যোৱাৰ পিছত গঁড় দেখিলোঁ। হাতীটো একেবাৰে কাষ পাইছিল। সংমিশ্ৰিত ভয় আৰু আনন্দত মনটো ভৰি পৰিছিল। চাৰিওফালৰ ইকৰা আৰু তৰাগছবোৰ বনৰীয়া লতাবোৰে মেৰিয়াই ধৰি আছিল। মাজে মাজে এজাৰ গছবোৰৰ ৰঙচুৱা পাতবোৰ। দাঁতিয়ে দাঁতিয়ে শিৰিখ-শিমলু, পমা, জামু, ভেলু্, শিলিখা-জলফাই গছবোৰ। ডোঙা বিলৰ চিতল মাছবোৰৰ ছট-ফটনিবোৰ কুঁৱলিয়ে সাৱট মাৰি ধৰি আছিল। লাহে লাহে কুঁৱলিৰ আচ্ছাদন ফালি এচেৰেঙা সোণোৱালী ৰ’দে ভুমুকি মাৰিছিল। আপোনমনেৰে ফুটুকী হৰিণকেইজনীয়ে ঘাঁহ খাই আছিল। সিহঁত মানুহ দেখাত অভ্যস্ত যেন লাগিছিল। বনকুকুৰা, বনগাহৰি, বনৰীয়া ম’হে মেটেকা খাই থকা দেখিছিলোঁ। জাক জাক বান্দৰে ডালে ডালে টলবলাই আছিল। ইকৰাৰ মাজে মাজে এৰাখাটী চৰাইবোৰ! ডিফলু নৈৰ পাৰত জাক জাক শামুকভঙা চৰাই উমলি থকা দেখিলোঁ। এঘণ্টামান বুকুত প্ৰকৃতিৰ স্পন্দন সানি আমি উভতি আহিলোঁ।

প্ৰশান্তি লজত ৰাতিপুৱাৰ জলপান গ্ৰহণ কৰি পুনৰ কঁহৰা অৰণ্যত সোমালোঁ। দাঁতিয়ে দাঁতিয়ে আকাশলঙ্ঘা শিমলু-শিৰিখ গছবোৰ দেখি বিস্ময়ত হতবাক হলোঁ। ইমান বিশাল পুৰণি বুঢ়াগছবোৰে আকাশ-বতাহৰ লগত নিবিড় আলিংগন কৰি নীৰৱ সাক্ষী হৈ চাই আছে কাজিৰঙা। গঁড়বোৰ, হৰিণবোৰ ঘূৰি ফুৰা দেখিছিলোঁ। হঠাৎ এটি গঁড়ৰ তপিনাৰ এবখলা এৰাই তেজ বিৰিঙি থকা দেখিলোঁ। মনটো ইমান বেয়া লাগিছিল যে নামি গৈ প্ৰাথমিক চিকিৎসা কৰিবলৈ মন গৈছিল। স্বামীয়ে থাপ মাৰি হাতত ধৰোঁতেহে সম্বিত ঘূৰাই পাইছিলোঁ। কাষৰ ডিফলু নৈৰ বুকুত উভালি পৰা গা-গছবোৰৰ ওপৰত উঠি কাচবোৰে ৰ’দ পুৱাইছিল। ১০-১৫ খন জীপ গাড়ী ৰৈ মানুহখিনিয়ে সেই দৃশ্য উপভোগ কৰিছিল। জীপৰ ঘৰ্ ঘৰ্ শব্দ আৰু ধূলিৰ ধুমুহা দেখি জীৱ-জন্তুবোৰ অৰণ্যৰ গভীৰতালৈ সোমাই গৈছিল। মাজতে ইকৰাৰ মাজেৰে গুঁইসাপ এজনী মুখ উলিয়াই বিস্ময়ৰে চাই থকা দেখিলোঁ। উভতি আহি বনবিভাগক গঁড়টোৰ কথা অৱগত কৰি ল’জলৈ উভতি আহিলোঁ। ল’জত গা-পা ধুই সোণপৰীত উঠি তেজপুৰ অভিমুখে যাত্ৰা কৰিলোঁ। মাজে মাজে ড৹ ভূপেন হাজৰিকাৰ গীতটো গুণ-গুণাই গলোঁ।

 

কাজিৰঙা

কাজিৰঙা, কাজিৰঙা

কাজিৰঙা ভয়াবহ নহয়

নহয় ই অভয়াৰণ্য

ইয়াতকৈও ভয়াবহ জানা

পৃথিৱীৰ জনঅৰণ্য।
অৰণ্যই যুগে যুগে জন্ম দিলে
সাধনাব্ৰতী ঋষি-মুনি
কত শত জ্ঞানৰ আদৰ্শ দিলে
দিলে কত মনিষী গুণী।
সেয়ে ভাৰত আজি হ’ল ধন্য।

কাজিৰঙা মোৰ সেউজ সপোন
আপোন কঁহৰা বাগৰী
সীমাৰ লুইত আৰু ডিফলু আপোন
আপোন মৰমী কুঠৰী।

মোৰ কাজিৰঙাখনি অনন্য।

কাজিৰঙাৰ চিৰসেউজ পৰিৱেশ
হস্তী-ব্যাঘ্ৰৰে বাস
এক খড়্গৰ গঁড় পৃথিৱীয়ে চায়
পখীৰ সুৱদী প্ৰকাশ।
মোৰ কাজিৰঙা নহয় যে বন্য।

কাজিৰঙাত মিলিজুলি খেলে
গঁড় আৰু হৰিণীৰ জাক
(পিছে) জনৰ অৰণ্যত হিংস্ৰজনে
কাহানি শিকিবনো তাক।
সভ্য মানুহ হেনো মান্য!!

কাজিৰঙা কাজিৰঙা
কাজিৰঙা কাজিৰঙা
আমাৰ কাজিৰঙা ধন্য
প্ৰকৃতিৰ ধুনীয়া কোলাত খেলি
আমাৰ মন হল পুণ্য।।

 

(আগলৈ)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক