ভ্ৰষ্ট দেৱতা :(অভিজিত কলিতা)

হঠাতে তেজ এসোঁতা মূৰলৈ উজাই যোৱা যেন লাগিল শ্যামলীৰ । কাণ দুখন গৰম গৰম হৈ গ’ল, নাকৰ পাহিত এটোপ ঘাম বিৰিঙি উঠা যেন ও লাগিল তাইৰ । নপঢ়োঁ নপঢ়োঁ বুলি ভাবিও, চাবি দিয়া পুতলাৰ দৰে তাই বাতৰিটো পঢ়িব ধৰিলে । কাকত খনৰ দ্বিতীয় পৃষ্ঠাত চপা হৈছে খবৰটো, ছবিৰে সৈতে। “ কাজিৰঙাৰ বিলাসী ৰিজৰ্টত কম বয়সীয়া ছোৱালীৰ স’তে ধৃত ভাৰত চৰকাৰৰ উচ্চ পদস্থ বিষয়া” । লগতে প্লাৱন ৰ ছবি, দুজন পুলিচে দুফালৰ পৰা ধৰি আছে। সি ৰুমালেৰে মুখখন লুকুৱাবৰ চেষ্টা কৰিছিল ছাগে । পুলিচ এজনে জোৰকৈ মুখ খন উলিয়াই দিছে। মুখ খন ঢাকি থাকিলেও তাই তাক ঠিকেই চিনি পালেহেঁতেন । তেনেকুৱা উজ্জল চকু তাৰ বাদে আৰু আন কাৰ থাকিব পাৰে। অলপ বয়সৰ চাপ পৰিছে , কিন্তু একেই আছে সেই বুদ্ধিদীপ্ত চকু, ৰ’দত জিলিকি থকা তাৰ শুভ্ৰ মুখ, তাৰ জোখতকৈ অলপ বেছি পুৰুষ পুৰুষ লগা ব্যক্তিত্ব । সাংবাদিক জনে বৰ আবেগিক বাবে ৰিপৰ্টিং কৰিছে- শ্যামলীয়ে পঢ়িবৰ চেষ্টা কৰিলে “ এই বিলাসী ৰিজৰ্টখনত বিষয়া জনে আগতে বহুবাৰ এনে কাৰ্য্যত লিপ্ত হোৱা স্থানীয় লোকৰ চকুত পৰিছিল। এইবাৰ তেওঁ তাত সোমাওঁতে ওচৰৰ ৰাইজে ৰিজৰ্ট খন বেৰি ধৰে আৰু তেওঁক ওলাই আহিবলৈ বাধ্য কৰে। তেওঁ সেই সময়ত সম্পূৰ্ণ সুৰামত্ত অৱস্থাত আছিল , আৰু তেওঁ ৰাইজক অশ্লীল ভাষাৰে গালি পাৰিবলৈ আৰম্ভ কৰে । লগে লগে ৰাইজ উত্তেজিত হৈ তেওঁক লপাথপা দিয়াৰ লগতে ৰিজৰ্ট খনৰো যথেষ্ট ক্ষতিসাধন কৰে। ইতিমধ্যে ৰাইজে পুলিচক খবৰ দিয়াত পুলিচে আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু শ্ৰীপ্লাৱন  বৰঠাকুৰক জেল হাজোতলৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, লগত উদ্ধাৰ হোৱা ছোৱালী জনী এটি দুখীয়া পৰিয়ালৰ আৰু তাতোতকৈ তাৎপৰ্য্য পূৰ্ণ কথা যে ছোৱালীজনী অপ্ৰাপ্তবয়স্ক; অৱশ্যে পুলিচে ছোৱলীজনীকো নিজৰ জিম্মাত লয়।” শ্যামলীৰ ওকালি অহা যেন লাগিল । ছি: । যেনেতেনে তাই বাতৰিটোৰ পিছৰ অংশ পঢ়াৰ চেষ্টা কৰিলে । “ পুলিচে ইতিমধ্যে অনুসন্ধান কৰি, ছোৱালী জনীক যোগাৰ কৰি দিয়াৰ অভিযোগত গুৱাহাটীৰ মন্মথ ডেকা নামৰ এজন ঠিকাদাৰকো গ্ৰেপ্তাৰ কৰে। পুলিচৰ জেৰাত সকলো কথা স্বীকাৰ কৰি মন্মথ ডেকাই কয় যে তেওঁ এই বিভাগটোৰ এজন ঠিকাদাৰ হিচাপে কাম পাবৰ কাৰণে ছোৱা্লী জনী যোগাৰ কৰি দিয়াতো সত্য। তেওঁ আৰু কয় যে শ্ৰীবৰঠাকুৰৰ লগত কাম টো দিয়াৰ বিনিময়ত এনেকুৱা সুবিধা দিব লাগিব বুলি আগৰ পৰাই বুজাপৰা আছিল। তেওঁ আগতেও বহুবাৰ শ্ৰীবৰঠাকুৰক এনে কাম কৰি দিছে বুলিও ডেকাই নিজৰ স্বীকাৰোক্তিত কয়।” আৰু পঢ়িব নোৱাৰিলে তাই ,তাৰ মানে সি সদায়? কিয় এনে কৰিলে সি? দুয়ো হাতেৰে মুৰতো খামোচা মাৰি ধৰি , স্থানুৰ দৰে বহি ৰ’ল শ্যামলী।

ৰাতিপুৱাটো সাধাৰণতে বৰ ব্যস্ততাৰে পাৰ হয় শ্যামলীৰ, তাই বৰ সোনকালে উঠি ভাল নাপায়, কাৰণ ৰাতি প্ৰায়ে দেৰি হয় শুবলে যাওঁতে । উঠিয়েই ল’ৰা ছোৱালী দুটাৰ টিফিনৰ পৰা আৰম্ভ কৰি , সমীৰৰ, ব্ৰেকফাস্ট, গা ধোৱা, কাপোৰ কেইটা ৱাছিং মেচিনত দি মেলি দিয়া, ঘৰ টো সাৰি , থাপনাত ধূপ এডাল জ্বলাইহে তাই নিজৰ খোৱা-বোৱাৰ কথা চিন্তা কৰে। কাম কৰা মানুহজনী পিছ বেলাহে আহে, তাইলৈ বেছি কাম নাথাকেই, তথাপিও মানুহজনী থাকিলে অলপ সাহসটো থাকে , কিবা কাম থাকি গ’লে তাই আহি কৰিবহি। মাজে মাজে তাইৰ দুখো লাগে নিজলৈ, কি কাম বোৰ কৰি সময় নষ্ট কৰি আছে তাই, তাই আচলতে কি কৰি থাকিব লাগিছিলে এতিয়া? এই প্ৰাত্যাহিক কামবোৰ কৰি কৰি এদিন বুঢ়ী হৈ মৰি থাকিবলৈ জন্ম লৈছিল নেকি তাই? যি কি নহওক, সমীৰৰ পৰা পিছে কোনো অসুবিধা নাই, তাৰ কোনো দাবীও নাই, আপত্তিও নাই, তাইক সহায় কৰি দিবলৈ পালে সি ভালহে পায়; নিজৰ চাহ জলপান কেইটা নিজে কৰি লোৱাটো সি নিজৰ কাম বুলিয়েই ভাবে। তাইলৈ ৰৈ নেথাকে। নিজৰ দৈনন্দিন কাম কেইটা সুকলমে কৰি যোৱাটোৱেই যেন তাৰ জীৱনৰ একমাত্ৰ উদ্দেশ্য। আচৰিত লাগে তাইৰ , কেনে ধৰণৰ মানুহ সমীৰ; পইচা কেইটামান ঘট, ল’ৰা ছোৱালী জন্ম দে, ঘৰ এটা সাজ , গাড়ী এখন কিন, পেট ভৰাই খা আৰু এদিন মৰি থাক। বচ, কাম সিমানেই । কিন্তু ভাবি লাভ নাই , তাই চিনি পোৱা বা লগ পোৱা প্ৰায় সকলো মানুহেই তেনেকুৱা। মাত্ৰ কিছুমান মানুহেহে জীৱনটো অলপ অৰ্থপূৰ্ণ কৰি তুলিবলৈ চেষ্টা কৰে, জীয়াই থাকিবলৈ কৰিব লগা নূন্যতম কাম বোৰৰ উপৰিও, কিবা এটা কৰিব বিচাৰে , নিজৰ মনটোৰ বাবে, সমাজ খনৰ বাবে, পৃথিবী খনক কিবা এটা দি যাবৰ বাবে ; যাতে পৃথিবীত জন্ম লোৱাৰ কিবা অৰ্থ এটা ওলাওক, সকলো যোগ বিয়োগ শেষ হোৱাৰ পাছত, শেষ উত্তৰতো শূন্য নহওক । কিন্তু তেনেকুৱা মানুহ একেবাৰে কম, খুব কমেই লগ পোৱা যায় । তাৰে এজনী হ’ল শ্যামলী নিজে, তাৰ কাৰণে কোনোবাই তাইক অহংকাৰী বুলি কলেও কোনো আপত্তি নাই।  হয়, আজিলৈকে একো ডাঙৰ কাম তাই কৰিব পৰা নাই , কিন্তু আশাও এৰি দিয়া নাই। তাইৰ প্ৰতিভা, তাইৰ কষ্টসহিষ্ণুতা, তাইৰ মনোবলেৰে তাই এদিন নহয় এদিন কিবা এটা কৰিব পাৰিব ; পাৰিব নহয়, পাৰিবই লাগিব। আৰু এজন মানুহ আছিল সি প্লাৱন  ; জীয়াই থকাৰ অৰ্থ বিচাৰিবলৈ তাইক যদি কোনোবাই শিকাইছিল, সি প্লাৱন  । অন্তত: আজি এই বাতৰিটো পঢ়াৰ আগলৈকে । কত গণ্ডগোল হ’ল বাৰু ?
চহৰ হ’বলৈ উন্মুখ হৈ থকা গাঁও এখনৰ ছোৱালী তাই , য’ত চহৰৰ সুবিধা বোৰো আছিল , গাঁৱৰ অকৃত্ৰিমতাও আছিল। দেউতাক অঞ্চলটোৰ সকলোতকৈ পুৰণি হাইস্কুল খনৰ হেডমাস্টৰ হোৱাৰ সূত্ৰে সৰুৰে পৰা একধৰণৰ সুকীয়া গুৰুত্ব পাইছিল তাই,সমাজত সকলোৰে পৰা । তাতে মাক দেউতাকৰ একমাত্ৰ সন্তান। তাইক ভাল মানুহ কৰাৰ বাদে মাক দেউতাকৰ কোনো আকাংক্ষা নাছিল ; মৰম আদৰেৰে পূৰ্ণ কৰি দিছিল তাইৰ শৈশৱ , কৈশোৰ আৰু যৌৱনৰ প্ৰতিতো মুহূৰ্ত । আৰু , তাই সৰুতেই বুজি পাইছিল কথাটো, মাক দেউতাকে যাতে সদায় তাইৰ বাবে গৌৰৱ কৰিব পাৰে তাৰ বাবে যত্নৰ ত্ৰুটি কৰা নাছিল তাই। পঢ়াশুনা, গান বাজনা, নাচ –অভিনয় , খেলা ধুলা, কি কৰা নাছিল শ্যামলীয়ে । মানুহে নিজৰ লৰা ছোৱালীক তাইৰ উদাহৰণ দেখুৱালে, মাক দেউতাকৰ চকুত গৌৰৱৰ ছাঁ দেখিলে , বাটত খোজ কাঢ়ি যাওঁতে বদমাচ, উৎপতীয়া কেইটাই সম্ভ্ৰমেৰে বাট এৰি দিলে, তাইৰ মনত ভৰাই তুলিছিল কৰিছিল এক অতুলনীয় পৰিতৃপ্তিয়ে । আৰু মনে মনে সংকল্প লৈছিল , আৰু ওপৰলৈ যাব লাগিব তাই , আৰু বহুত কিবা কিবি কৰিব লাগিব । সকলোকে দেখুৱাই দিব লাগিব, গাঁৱৰ পৰা আহিও, তাতে এজনী ছোৱালী হৈয়ো , তাই কি কি কৰিব পাৰে। ইতিমধ্যে কেইবাখনো বাতৰি কাকত, আলোচনীত তাইৰ কবিতা , প্ৰৱন্ধ নিয়মীয়াকৈ প্ৰকাশ পাবলে আৰম্ভ কৰিছিল । তেতিয়া তাই প্ৰথম বিভাগত মেট্ৰিক পাছ কৰি স্থানীয় কলেজ খনত নাম লগাইছিল হে মাত্ৰ। মাকে দেউতাকে একমাত্ৰ জীয়েকক দূৰৈত পঢ়িবলৈ পঠোৱাৰ সাহস কৰিব নোৱাৰিলে। তেওঁলোকে ভালদৰে জানিছিল, লগতে তাইও; য’তেই নপঢ়ক, যিয়েই নপঢ়ক, নিজৰ জীৱন গঢ়াৰ পথ ইতিমধ্যে আৱিষ্কাৰ কৰি লৈছে । তাইৰ মনত পৰিলে হাঁহি উঠে এতিয়া, হায়াৰ চেকেণ্ডেৰী দ্বিতীয় বৰ্ষত থাকোঁতেই কেনেকৈ তাই যাব লগা হৈছিল তৰ্ক প্ৰতিযোগিতাৰ বিচাৰক হ’বলৈ । সৰু ঠাই খনৰ সাধাৰণ মানুহ বোৰৰ কাৰণে যেন তাই আছিল এক অদ্ভুত প্ৰতিভাৰ ভঁৰাল; চাইল্ড প্ৰডিজি । হ’লেও তাই লক্ষ্যৰ পৰা বিচলিত হোৱা বিধৰ মানুহ নাছিল , প্ৰতিক্ষণে তাই মনত ৰাখিছিল, তাইৰ বহুত কাম কৰিব লগা আছে, বহুত কষ্ট কৰিব লগা আছে, এইয়া আৰম্ভণিহে মাত্ৰ।

আৰু এটা বস্তু আছিল তাইৰ , কেৱল সেই বস্তুটো থাকিলেও এটা মোটামুটি ভাল জীৱন কটাব পাৰিলেহেঁতেন শ্যামলীয়ে । গোটেই অঞ্চলটোৰ ভিতৰতে ধুনীয়া ছোৱালী বুলিলে তাইৰ নামটোৱেই প্ৰথমতে আহিছিল ছাগে। বেছি বগা নহ’লেও আকৰ্ষণীয় গাৰ ৰং, বৈ পৰা চেলাউৰি, জোঙা নাক, লগতে তাইৰ সকলোকে ভুলাব পৰা হাঁহি, সকলোৰে মাজত জিলিকি থাকিব পৰা উচ্চতা, মাৰ্জিত কথা বতৰা, আৰু কি লাগে। আৰু এনে নহয় যে তাই নিজৰ ৰূপ সম্বন্ধে সচেতন নাছিল। কোনো ক্ষেত্ৰতে পিছ পৰি থকা তাইৰ স্বভাৱ বিৰুদ্ধ, নিজকে দেখিবলৈ ধুনীয়া কৰি তুলিবলৈও তাই যত্নৰ ত্ৰুটি কৰা নাছিল , তাতে তাইক উৎসাহিত কৰিছিল তাইৰ মাকে। গোটেই অঞ্চলটোৰ ভিতৰত সদায় লিপষ্টিক লগোৱা ছোৱালী তায়েই চাগৈ প্ৰথম, চকুত কাজল নলগোৱাকৈ তাইক নিজৰ বাদে কোনেও দেখা পোৱা নাই সেইটো নিশ্চিত। গতিকে তাই এটা সৰু , অলপ ভাললগা সমস্যাৰ সন্মুখীন হৈছিল …তাইৰ অলেখ প্ৰেমিক বিলাকৰ পৰা । ইমান খিনি বুদ্ধি তাইৰ আছিল যে কেনেকৈ এই বিলাক বস্তু নিজৰ পৰা দূৰ ৰাখিব পাৰি, আধা সংখ্যক টো তাইৰ ওচৰ চাপিবলে কে সাহস কৰা নাছিল , বাকীখিনিক দূৰতে ৰাখিবৰ কাৰণে তাইৰ বান্ধৱী বিলাকেই যথেষ্ট আছিল। মাজে মাজে ৰাতি অকলে তাই বিচনাত পৰি পৰি দুই এটা এইজাতীয় প্ৰাণীৰ কথা ভাবিছিল, ওঁঠত খেলি উঠিছিল এটা মিচিকিয়া হাঁহি, ..তুমি কি আৰু মই কি ?? যোৱা মোৰ বাবে হুমুনিয়াহ কাঢ়ি জীৱনটো বৰবাদ কৰা গৈ…….মোক পাবলৈ তুমি আৰু বহু কেইটামান জনম ধৰিব লাগিব। সিহঁতৰ নিৰ্বুদ্ধিতা দেখি মাজে মাজে পুতৌ উপজিছিল অলপ, পিছ মুহুৰ্ততে আকৌ নিজকে চম্ভালি লৈছিল তাই।

এনে এটা সময়তে তাই তাক লগ পাইছিল ; প্লাৱন বৰঠাকুৰ, ৰে’লৱেৰ , সিহঁতৰ ঘৰৰ ওচৰতে হব লগা প্ৰজেক্টটোত নতুনকৈ জইন কৰা আই ই এচ বিষয়া, যোৰহাটৰ এটা বিখ্যাত পৰিয়ালৰ সন্তান । কিন্তু কেৱল সেয়েই নহয়, প্লাৱন  আছিল সাহিত্যনুৰাগী, সমাজ সচেতন, নতুনকৈ কিবা এটা কৰাৰ উৎসাহ আৰু লগতে সকলো সলনি কৰি দিয়াৰ সাহস থকা এটা ল’ৰা। সি ইংৰাজীতে লিখা মেলা কৰা বুলি সকলোৱে জানিছিল , আৰু অসমৰ ইংৰাজী কাকত কেইখনত তাৰ নামতো ইতিমধ্যে চিনাকি নাম হৈ পৰিছিল । লগতে আছিল তাৰ বংশগত সুপুৰুষ চেহেৰা। আৰু তাইৰ আটাইতকৈ ভাল লগা বুদ্ধিদীপ্ত চকুহাল। মুঠতে তাইৰ বান্ধৱী বিলাকে সপোনতো প্লাৱনক লৈ কিবা কল্পনা কৰিবলৈ ভয় কৰিব সেই বিষয়ে তাই নিশ্চিত। এনিগমেটিক মানুহ এটা। কলেজত কিবা এটা ফাংচন আছিল, নৱাগত আদৰণি বোধহয়; তালৈকে নিমন্ত্ৰণ কৰা হৈছিল প্লাৱন ক। ছাত্ৰ একতা সভাৰ সম্পাদিকা হিচাপে আদৰণি ভাষণ তো শ্যামলীৰ দায়িত্বত আছিল, গতিকে প্লাৱন ৰ বিষয়ে অলপ কথা তাই কষ্ট কৰি গোটাই লৈছিল। আগদিনা ৰাতি ভাষণটো সাজু কৰি থাকোঁতে , তাই বহুতো কথা গম পাইছিল তাৰ বিষয়ে। যিমানে পঢ়িছিল সিমানে আগ্ৰহ বাঢ়ি গৈছিল তাইৰ, ইমান প্ৰতিভা থাকিব পাৰেনে মানুহৰ,ইমান সৌভাগ্যৱান হব পাৰেনে ?? যেন ৰূপকথাৰ ৰাজকোঁৱৰহে, যি ঠাইলৈকে গৈছে , বিশ্ব জয় কৰি আহিছে; ভিনি , ভিদি , ভিচি ! জীৱনত প্ৰথমবাৰৰ বাবে নিজকে দীন বুলি অনুভৱ কৰিলে শ্যামলীয়ে । দুখ লগা নাছিল কিন্তু তাইৰ, মনতো ভৰি উঠিছিল; আলেকজেণ্ডাৰে পুৰুক লগ পোৱাৰ দৰে । পিছদিনা মিটিঙত বৰ জুখি মাখি কথা ক’লে তাই, জীৱনত প্ৰথম বাৰৰ বাবে ভৰি কঁপিছিল, কাৰণ সমুখত বহি আছিল তাইৰ, হয়তো, যৌৱনৰ প্ৰথম প্ৰেম । তালৈ নোচোৱাকৈ যেনে তেনে ভাষণ সামৰি নামি আহিছিল শ্যামলী, লগৰ কেইজনীয়ে সুধিছিল,

-“কি হ’ল তোৰ?”

– “একো হোৱা নাই, মুৰটো ঘুৰাইছে অলপ”-

মিছাকৈ কৈ জিৰণি কোঠাত বহিলে গৈ তাই, তাৰ পৰা স্পষ্টকৈ শুনা যায়, হলঘৰত হৈ থকা মিটিং । লগৰকেইজনীয়ে ইতিমধ্যে হয়তো প্লাৱনক লৈ অশ্লীল মস্কৰা কৰা আৰম্ভ কৰি দিছে। তেনেতে প্লাৱন  উঠিল মঞ্চলৈ, তাই কাণ থিয় কৰি ৰ’ল । সম্বোধন কৰিয়েই গুৰু গম্ভীৰ মাতেৰে সি আৰম্ভ কৰিলে

– “মই আজি যিখিনি কথা কম বুলি ভাবি আহিছিলোঁ, আপোনালোকৰ শ্যামলী বুঢ়াগোঁহাইয়ে গোটেই কথা খিনি আগতীয়াকৈ কৈ দিলে, গতিকে মোৰ এতিয়া ক’ব লগীয়া একো নাই; সকলো নৱাগতাকে আদৰণি জনালোঁ , আপোনালোক ভাগ্যৱান , শ্যামলীৰ দৰে অগ্ৰজ আপোনালোকক বাট দেখুৱাবলৈ এইখন কলেজতে আছে।”

প্ৰথমতে তাই ভুল শুনা বুলি ভাবিছিল , সি সঁচাকৈ তাইৰ কথা কৈছে নেকি?? ইতিমধ্যে ৰীমা আৰু অনসুয়া দৌৰি আহিল তাইৰ ওচৰলৈ…”শ্যামলী !! প্লাৱন  বোলাটোৱে তোৰ কথা বাৰে বাৰে কৈছে…, পতিলে দেই তোৰ লগত, আহা….কি বস্তু পালি ৰে তই, ………চা…. তই তালে নাযাওঁ বুলি ভাবিলে ..মোৰ কথাটো উলিয়াবি কিন্তু…নহ’লে সতিনীকে বনাই ল’বি… প্লীজ…….তাক দেখিলে ইমান ৰোমাণ্টিক যেন লাগে…উহহ…বিচনাত কিমান ৰোমাণ্টিক হব ছাগে…তই বাজীমাৎ কৰি দিলি দেই ….!!!!!!!”

তাই মুহূৰ্তৰ দুৰ্বলতাৰ পৰা নিজকে মুকলি কৰি হলঘৰলৈ আগবাঢ়ি গ’ল। ইতিমধ্যে মিটিং শেষ হ’ল । চাহ-ভোজনৰ পৰ্ব চলি আছিল। তাই পোনে পোনে গৈ তদাৰক কৰা আৰম্ভ কৰিলে । সাধাৰণ সম্পাদিকা হিচাপে তাইৰ দায়িত্ব পালন কৰাত যাতে কোনো হীনদেৰি নহয় । তাই প্লাৱন কো সুধিলে – কিবা অসুবিধা হৈছে নেকি?অকণমান আশা এটাও আছিল মনত, প্লাবনে ছাগে তাইক প্ৰশংসা কৰিব, তাতে তাইৰ চেহেৰাকো জানো সি আওকাণ কৰিব পাৰিব। কিন্তু, নুসুধিলে সি, তাৰ চকুত অকণমান জিলিকনি বিচাৰিও শ্যামলী হতাশ হ’ল। সেই মুহুৰ্ততে তাইৰ মনত জন্ম হ’ল এই জেদ, যি জেদে তাইৰ জীৱনৰ গতি পথ নিৰ্ধাৰণ কৰি আহিল , আজিলৈকে।

সেইদিনাৰ পাছত, সিহঁতে ইটোৱে সিটোক সঘনাই লগ পাই থকা হ’ল বিভিন্ন কাৰণত। কেইবাবাৰো প্লাৱন সিহঁতৰ ঘৰলৈও আহিল। লাহে লাহে আৰম্ভ হ’ল ঘণ্টাৰ পাছত ঘণ্টা একেলগে কথা পতা । কেতিয়াবা কবিতাৰ কথা, কেতিয়াবা ৰাজনীতিৰ কথা, কেতিয়াবা খেলৰ কথা, আৰু কেতিয়াবা হয়তো জীৱন দৰ্শনৰ কথা । যিমানে প্লাৱনৰ ওচৰ চাপি গ’ল, সিমানে আচৰিত হ’ল তাই, কেনেকৈ মানুহৰ মনৰ কথা ইমান মিলিব পাৰে । বহুবাৰ ভয়ংকৰ তৰ্কও কৰিলে তাই, কিন্তু প্ৰায়ে তাৰ যুক্তিত হাৰ মানি ল’ব লগা হ’ল । যিমানে হাৰিল, সিমানে তাৰ প্ৰতি আকৰ্ষণ বাঢ়ি গ’ল । তাই উপলব্ধি কৰিলে প্লাবনে, শ্যামলীৰ দৰে প্ৰতিভাৱান ছোৱালী এজনীৰ লগতহে জীৱন কটোৱা উচিত, আৰু সেই ছোৱালী জনী তাই নিজেই হ’বলেও তাইৰ কোনো আপত্তি নাই । দুয়োটা একে ধৰণৰ মানুহ …জীৱনক নতুন দৃষ্টিৰে চাব পৰা মানুহ, জীৱনত কিবা কৰি যোৱাৰ হেঁপাহ আৰু প্ৰতিভা থকা মানুহ।

কিন্তু সমস্যাতো হ’ল তাতেই, কোনো আগবাঢ়ি নিজকে হেয় কৰা মানুহ নহয়। গতিকে বন্ধুত্বৰ মাজতে সীমাবদ্ধ হৈ থাকিল সিহঁতৰ সম্পৰ্ক । যেতিয়া তাৰ বিয়া ঠিক হোৱা বুলি তাই গম পালে, সাধাৰণ ছোৱালীৰ দৰে ঈৰ্ষাত জ্বলি পুৰি নমৰিল শ্যামলী, সিহঁত দুইটাৰ বিয়া হোৱা বৰ সম্ভৱ নহয় বুলি তাই আগতেই অনুমান কৰি ল’ব পাৰিছিল , বুঢ়াগোঁহাই আৰু বৰঠাকুৰৰ সমস্যাতো আছেই , তাতে দুয়োটা অদৰকাৰত গণ্ডগোল গোটাই লোৱা ধৰণৰ মানুহ নহয়, তাৰো ওপৰত দুয়োৰে আত্মসন্মান । কিন্তু তাইৰ সম্পূৰ্ণ বিশ্বাস আছিল – সি এদিন নহয় এদিন ক’বই…উপলব্ধি কৰিব তাইৰ প্ৰয়োজনীয়তা, সাধাৰণ মানুহৰ লগত তাইৰ পাৰ্থক্য । সেইদিনা সি তাইৰ ওচৰলৈ আহিব, নিজৰ সকলো ইগ’ পৰিত্যাগ কৰি , হাতযোৰ কৰিব তাইৰ ওচৰত, আৰু সেইদিনাই…শ্যামলীয়ে তাক পৰিপূৰ্ণ কৰি দিব , সাঁচতীয়া সকলো মৰমেৰে..পাৰ ভঙা সকলো আবেগেৰে । আৰু এই সাহচৰ্য্যৰ বাবে দুয়োটা একেখন চালৰ তলতে থকাৰ প্ৰয়োজন আছে বা ভবিষ্যতে কেতিয়াবা হব বুলি শ্যামলীয়ে নাভাবে। এনেধৰণৰ চিন্তাই তাইৰ দৰে মানুহক শোভা নিদিয়ে।

কিন্তু সেই দিনটো বৰ সোনকালে নাহিল। প্লাৱনো ট্ৰেন্সফাৰ হৈ আঁতৰি গ’ল, বিবাহিত মানুহৰ বহুত সমস্যা থাকে । লাহে লাহে তাৰ লিখা মেলা কমি আহিল,এসময়ত নাইকিয়া হ’ল । বাতৰি কাকত আলোচনীৰ পাঠকে তাৰ নাম পাহৰিব ধৰিলে। সকলোৱে ভাবিলে, কৰ্ম ব্যস্ততাৰ বাবে হয়তো সি এইবিলাক কামত সময় দিব নোৱাৰা হ’ল । কিন্তু শ্যামলীয়ে জানে আচল কথা কি? মানুহক সৃষ্টিৰ বাবে প্ৰেৰণা লাগে, এক অতৃপ্তি লাগে । আৰু এই মুহূৰ্তত প্লাৱনৰ পত্নীয়ে সেই প্ৰেৰণা, সেই অতৃপ্তি দিব পৰা নাই । সেই বস্তুকেইটা পৃথিবীত মাত্ৰ এজনী ছোৱালীৰ হাতত আছে, তাই সযতনে লুকুৱাই থৈছে। যিদিনা প্লাবনে উপলব্ধি কৰিব , সি তাইৰ ওচৰলৈ ভিক্ষাৰী হৈ আহিব, আৰু তেতিয়াহে তাই প্লাৱন ক দিব, তাৰ সৃষ্টিৰ উৎসৰ ঠিকনা !!

সাধাৰণ দৃষ্টিত প্লাৱন  আৰু শ্যামলী-প্ৰেমিক প্ৰেমিকা কেতিয়াও নাছিল , আৰু দুয়োটাই এই পেনপেনীয়া প্ৰেম জাতীয় বস্তুটোক মনে প্ৰাণে ঘৃণা কৰিছিল। সেইকাৰণে, মাক দেউতাকে তাইৰ বিয়াৰ সম্বন্ধটো লৈ আহোঁতে তাই বিশেষ উচ্চবাচ্য নকৰিলে । শ্যামলীয়ে জানিছিল তাই হয়তো এই সামাজিক বিবাহ নামৰ সকলোৱে কৰা কামটো তাইও এদিন কৰিব লাগিব, কোনোবা সাধাৰণ মানুহৰ লগতে জীৱনটো কটাবও লাগিব । হলেও কথা নাই, নিজৰ ভিতৰৰ পৃথিৱীখনত তাই সদায় প্লাৱনৰ লগতে থাকিব, সিয়ো থাকিব তাইৰ লগত , তাইৰ সকলোতকৈ ভাল বন্ধু আৰু আটাইতকৈ ভয়ংকৰ প্ৰতিদ্বন্দী হৈ ।

তাইৰ ধাৰণা অমূলক নাছিল । তাইৰ স্বামী সমীৰৰ শিক্ষা-দীক্ষা আৰু জ্ঞান কেৱল তাৰ ডিগ্ৰীটোতে সীমাবদ্ধ , মানুহটো একেবাৰে নিৰহ-নিপানী, অসম চৰকাৰৰ চাকৰিয়াল। জীৱনত মাক-দেউতাক, পত্নী, ল’ৰা ছোৱালী আৰু চাকৰিটোৰ বাদে একো সি চিন্তা কৰি পোৱা নাই। চিলেবাচত নথকা এখনো উপন্যাস , এটাও কবিতা সি পঢ়ি পোৱা নাই, বাতৰি কাকত খনো লোকক দেখুৱাই হেডলাইন কেইটাৰ বাদে আৰু বেছি পঢ়া যোৱা বাৰ বছৰে শ্যামলীয়ে দেখা নাই। তাই যেনে অনুমান কৰিছিল ঠিক তেনে, খাই বৈ জীয়াই থকাৰ বাদে আৰু একো চিন্তা কৰাৰ ক্ষমতা নথকা সাধাৰণ মানুহ । এনেই সি মানুহটো সকলো ফালৰপৰা ভাল, দেখাই শুনাই , দৰমহাই পাতিয়ে, ব্যৱহাৰ, মৰম চেনেহ , দায়িত্ববোধ; সমীৰ বহুতৰে বাবে আদৰ্শ স্বামী আৰু পিতৃ। কিন্তু তাইৰ বাবে নহয়, তাইক মানসিক খোৰাক দিব পৰাকৈ সমীৰৰ একোৱেই নাই । তাইৰ আগ্ৰহ জন্মোৱা, তাইৰ লগত ফেৰ মাৰি দুআষাৰ কথা পতা তাৰ বাবে সুদূৰ পৰাহত। তাক হয়তো তাইৰ বাবে এটা কবিতা শুনাবলৈ জেদ ধৰিলে, সি ঘৰ বাৰী এৰি বৈৰাগী হ’ব গৈ , তাৰ বাবে সেইটো ভাবিব নোৱাৰা কথা।

কিন্তু কথাটো এনেকুৱাও নহয় যে শ্যামলী বৰ দুঃখত আছিল, হয়তো তাই আগতীয়াকৈ অনুমান কৰিব পাৰিছিল, সেই বাবে । তাই আজিলৈকে কতো কেতিয়াও হাৰ মনা নাই,প্লাৱন ৰ ওচৰতো, গতিকে, গৃহিণীৰ ৰূপতো তাই জিকিবই লাগিব। বিয়াৰ পাছতে, এগৰাকী সফল গৃহিণী হ’বৰ বাবে তাই সৰ্ব শক্তি প্ৰয়োগ কৰিলে । তাই বাবে বৰ টান কাম নহয়, মানুহক কেনেকৈ ভাল লগাই ৰাখিব লাগে সেই বিষয়ে তাই বহু অভিজ্ঞ মানুহ। তাই কাকো আপত্তি কৰাৰ সুবিধা দিব নিবিচাৰে- নিজৰ মাক দেউতাককো দিয়া নাই। সমীৰৰ ট্ৰেন্সফাৰ বোৰ, দুটাকৈ কেঁচুৱা, শহুৰেকৰ মৃত্যু, -সকলোতে শ্যামলীয়ে নিজৰ ভাওটো ঠিকেই দি গ’ল, – ভিতৰত যিয়েই নহওক, বাহিৰত সকলো ঠিক থাকিব লাগিব, কোনেও তাইলৈ আঙুলি টোঁৱাব নোৱাৰিব লাগিব । বাস্তৱৰ সন্মুখীন হোৱাৰ সাহস তাইৰ সৰুৰে পৰাই আছিল, আৰু বাস্তৱৰ লগত যুঁজি নিজৰ কাম কৰি যোৱাৰ মানসিকতাও । আজি যিদৰে তাই ভালকৈ ৰান্ধিব পাৰে, ল’ৰা ছোৱালী দুটাৰ পঢ়াৰ যতন ল’ব পাৰে, এনে ধৰণৰ কাম কৰি জীৱন কটাম বুলি তাই কেতিয়াও ভবা নাছিল। হলেও তাইৰ আপত্তি নাই , যি কৰে তাকে পাৰফেক্ট কৈ কৰিব লাগিব । আবেগ অনুভূতিৰ কথা পিছত আহিব।

ভিতৰি ভিতৰি তাই জানে, সমীৰক বা এই জীৱনটোক তাই কেতিয়াও ভাল পাব নোৱাৰে, – আচলতে সমীৰৰ তাইৰ মৰম পোৱাৰ যোগ্যতাই নাই। সকলো কাম তাই যান্ত্ৰিক ভাবেহে কৰি আছে, আৰু তাৰ বাবে তাইৰ কোনো দুঃখবোধো নাই । কাৰণ তাইৰ মৰম আৰু শ্ৰদ্ধাৰ যোগ্য গৰাকী এজনেই আছে পৃথিৱীত , যি তাইৰ দৰে প্ৰতিভাৱান , তাইৰ দৰে তেওঁৰো দুচকুত পৃথিৱীখন সলনি কৰি দিয়াৰ সপোন। প্লাৱন ৰ প্ৰতি তাইৰ আগ্ৰহ দিনক দিনে বাঢ়িহে গৈছিল এই সময়ছোৱাত । তাই অপেক্ষাত আছিল সেই দিনটোৰ, যিদিনা, প্লাবনে তাইক ক’ব তাৰ মনৰ কথা, তাৰ অপ্ৰাপ্তিৰ কথা, আৰু সেইদিনাৰ পৰাই , এই বান্ধোনবোৰৰ মাজত থাকিও তাই আকৌ হব প্লাৱনৰ সৃষ্টিৰ প্ৰেৰণা। আৰু তাইৰ মনৰ মাজত প্লাৱন ৰ উপস্থিতি ধৰা পেলাব পৰাকৈ সমীৰৰ বুদ্ধি নাই সেই বিষয়ে তাই এশ শতাংশ সুনিশ্চিত ।

কেতিয়াবা তাইৰ সমীৰলৈ পুতৌ ওপজে, যেতিয়া সি তাইক আৰু পৰিয়ালটোক সুখত ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰি থকা দেখে । যেতিয়া দেখে সি তাইৰ সকলো দোষ নেদেখা ভাও ধৰি, তাইৰ ওপৰত একো দাবী নৰখাকৈ, কেৱল কাম কৰি যায়- এনে লাগে তাইৰ যেন সি , তাইক উপাসনাহে কৰিছে, ক’ব নোৱাৰাকৈ এক তৃপ্তিৰ ভাব জাগি উঠে মনত । তাইৰ সকলো প্ৰয়োজনৰ খবৰ ৰাখে সি, তাই বেয়া পালে নিজকে সলনি কৰি পেলাই লগে লগে, কেৱল তাইক আনন্দত ৰাখিবৰ কাৰণে। কিন্তু সমীৰৰ প্ৰতি এইবোৰ কৰিবলৈ একো প্ৰয়োজন বোধ নকৰে তাই । শ্যামলীয়ে জানে, এই সৰু সুৰা কথাবোৰত সময় নষ্ট কৰিবলে তাই জন্ম হোৱা নাই , তাই কিবা ডাঙৰ কাম কৰিব লাগিব, আৰু তাই কৰিবই, মাথো সময় আৰু সুযোগৰ অপেক্ষাত ৰৈ আছে তাই, সকলো শক্তি সঞ্চয় কৰি; যিদিনা তাইৰ লগত থাকিব প্লাৱন , তাইৰ প্ৰেৰণা আৰু পথপ্ৰদৰ্শক হৈ।

কিন্তু আজি সকলো ওলট পালট কৰি গ’ল। এই বাতৰিটো পঢ়াৰ আগ মুহূৰ্তলৈকে সকলো ভবা মতেই হৈ আছিল, ঘটনাটোৱে যেন নিঃস্ব কৰি গ’ল শ্যামলীক। যিটো ভেঁটিৰ ওপৰত ইমান দিনে তাই তিল তিলকৈ জীৱনৰ সৌধ গঢ়ি তুলিছিল , তাই ক’ব নোৱাৰাকৈয়ে ভেঁটিতো কেতিয়াবাই উঁয়ে খাই ফোঁপোলা কৰি পেলালে। আৰু আজি তাচপাতৰ ঘৰৰ দৰে ভাঙি পৰিল তাইৰ সপোন, তাইৰ লক্ষ্য, জীয়াই থকাৰ উদ্দেশ্য। কেনেকৈ হব পাৰে ই, ইমান ভুল হব পাৰেনে তাইৰ হিচাপ। কোনখিনিত ভুল কৰিলে তাই? প্ৰচণ্ড ঘৃণা ওপজিল নিজৰ ওপৰতে। বেশ্যা যেন লাগিল নিজকে; যিটো মানুহক দেৱতা বুলি উপাসনা কৰিছিল, যাৰ চকুত প্ৰতিষ্ঠা লাভ কৰিবলে ইমান দিনে নিজকে সাজু কৰি তুলিছিল, তাৰ প্ৰকৃত ৰূপটো কল্পনা কৰি থুৱাই দিবলে মন গ’ল তাইৰ । ইমান মূৰ্খ আছিলনে তাই, যে তাৰ সুন্দৰ চেহেৰা আৰু গুৰু গম্ভীৰ কথাৰে লুকুৱাই ৰখা পশুটোক কেতিয়াও দেখা নেপালে ! সি তাইক আগৰে পৰা চাগৈ সেই চকুৰেই চাইছিল, যি চকুৰে প্লাৱনে লেহন কৰিছিল সেই অকণমানি দুখীয়া ছোৱালীজনীৰ দেহ । আহহ…তেজবোৰ উজাই আহিল তাইৰ ..বুকুখন সোপা মাৰি ধৰা যেন লাগিল। এই লম্পট টোৰ কাৰণেই তাইক নিজকে সাজু কৰি আহিছিল গোটেই জীৱন। তাইৰ নিজৰ সৰু পৰিয়ালটোৰ লগত কেতিয়াও একাত্ম হব পৰা নাছিল । ছি: । সমীৰৰ মুখখন বাৰে বাৰে তাইৰ মনলৈ আহিল, পাৰিবনে তাই তাৰ সমুখত থিয় হব আজি, ক’ব পাৰিবনে তাইৰ মনৰ সকলো কথা । পাৰিবনে ল’ৰা-ছোৱালী দুটাক সকলো আন্তৰিকতাৰে বুকুত সুমুৱাই ল’ব? বিছনাখনত পৰি ৰ’ল শ্যামলী; ঘৃণা, দুখ , অভিমান, লাজ, খং, সকলোৱে যেন হেঁচি ধৰি উশাহ বন্ধ কৰিবৰ চেষ্টা কৰিলে তাইৰ।

গেটখন খিটিং কৰি খোলাৰ শব্দ হ’ল; সমীৰ আহিছে দুপৰীয়া ভাত খাবলৈ। প্ৰথমতে বাহিৰতে ভৰি হাত ধুব, তাৰ পাছতহে ক’লিং বেল বজাব। পৰ্দাৰ কাষেৰে, হয়তো জীৱনত প্ৰথম বাৰৰ বাবে, তালৈ আগ্ৰহেৰে চালে তাই। শ্যামলীৰ এনে লাগিল যেন সকলো পথ ৰুদ্ধ হৈ যোৱাৰ পাছতো, এখন বন্ধ দুৱাৰ খুলি তাইক আগবঢ়াই লৈ যাবলৈ সমীৰ ৰৈ আছে; মগজু নথকা, নিজৰ বাদে একো চিনি নোপোৱা, কবিতা পঢ়িব নজনা, সমীৰ ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments