ভ্ৰাম্যভাষত ওপজা মাটিৰ গন্ধ (অনুপমা বৰগোহাঁই)

(এটা ফোন, অসমৰ আপোনজনৰ পৰা অহা মৰম সনা এটা ফোন কলৰ কিমান যে অভাৱ অনুভৱ কৰোঁ! কাক ক’ম, কোনে বুজিব! দিনটোত দহটামান ফোন পাওঁ ! সকলো যান্ত্রিক। অসমৰ আপোনজনৰ মিঠা ফোন কলটোত মোৰ মাৰ মৰমৰ গন্ধ পাওঁ ! মোৰ মাটিৰ গন্ধ পাওঁ !)

পুহমহীয়া আবেলিৰ ঠেঁটুৱৈ লগা ঠাণ্ডাত লেপৰ তলৰ পৰা হাত উলিয়াবলৈ মন নাযায়। তথাপি কোনোমতে হাতখন উলিয়াই ফোনটো ধৰি নম্বৰটো চালোঁ।অচিনাকি নম্বৰ। হ’ব চাগে কোনো বিজিনেছ কল এটা! নিৰস স্বৰেৰে সঁহাৰি দিলোঁ—হেল্ল’। সিফালৰ পৰা মৌসনা অচিনাকি মাত এটা ভাহি আহিল—“অনুপমা বা নেকি?’
: হয়, মই অনুপমা। তুমি কোনে কৈছা বাৰু?
: মই ময়ূৰী, ধৰিব পাৰিছেনে?
: আৰে ময়ূৰী! জাৰৰ নিহালি পেলাই জাঁপ মাৰি উঠিলোঁ। যেন মোৰ আইৰে আন এগৰাকী ছোৱালী! নিবিড় আত্মীয়তাৰে বহু কথা পাতিলোঁ। ময়ূৰীৰ ফোনটো থোৱাৰ পিচত বহু সময়লৈকে মই আপোন ভাৱত বিভোৰ হৈ থাকিলোঁ। তাৰ পিচত লেপটপটো উলিয়াই খটখটকৈ কী-ব’ৰ্ডত হাত বুলাবলৈ ললোঁ।

২০০৫ চনতে মোৰ মাক হেৰুৱালোঁ। শাহুআইক দেখাই নাই। দেউতাতকৈয়ো বেছি মৰম কৰা শহুৰ দেউতাক হেৰুৱালোঁ মাক হেৰুৱাৰ বছৰটোতেই। মাক হেৰুৱাৰ পিচত আচৰিত ধৰণৰ অকলশৰীয়াবোধ এটাই যেন প্রতিটো ক্ষণতে মোক খেদি ফুৰিবলৈ ধৰা হ’ল। মোৰ দুখ-সুখ, ভাল-বেয়া আদি বিভিন্ন দিশৰ কথা চিন্তা কৰিবলৈ কোনো নোহোৱা হ’ল। সামান্য জ্বৰ হ’লেও মোৰ ওচৰলৈ দৌৰ মাৰি গুচি আহিব বিচৰা মোৰ মাজনীয়ে মোক একেবাৰে অকলশৰীয়া কৰি গুচি গ’ল! সেই সময়ত মই মোৰ দ্বিতীয় সন্তানক পৃথিৱীলৈ আনিবলৈ প্রস্তুত হৈছিলোঁ। অসুস্থ মায়ে মোক পঞ্চামৃত খুৱাবলৈ অসমলৈ মাতি নিলে। মায়ে সেই সময়ত মোক কৈছিল—“মই হয়তো তোৰ সন্তান জন্মৰ সময়ত যাব নোৱাৰিম। চিন্তা নকৰিবি, তোৰ ৭টাকৈ ডাঙৰ ককায়েৰ আৰু বায়েৰ আছে। সকলোৱে তোক চাব। আৰু যদি কোনেও নাচায়, ভগৱান আছে নহয়, বিশ্বাস ৰাখিবি, তেৱেঁ তোক চাব।’ আৰু সঁচাকৈয়ে সময়ত মোক ভগৱানেই মাত্র চাইছিল। এটা ফোন কলৰ সৈতে এইবোৰ কি কথাৰ যোৰা দিছোঁ বাৰু মই! নহয়, এই সকলোবোৰ কথা এটা ফোন কলৰ লগত জড়িত আছে। অন্ততঃ মোৰ ক্ষেত্ৰত।

শহুৰ দেউতাৰো অসুখ বেছি হোৱাত সেইখন ঘৰৰ পৰাও কোনো আহিব পৰা নাছিল। তেওঁৰ মৃত্যুৰ পিচত সেইখন ঘৰৰ পৰা “তহঁতৰ ভালনে ?’ “ঘৰলৈ কেতিয়া আহিবি ?’ “আজি ন খালোঁ, তহঁতলৈ বৰ মনত পৰিছিল অ!’—এনেকৈ অহা ফোনৰ সলনি ‘মাটি এডোখৰ ল’ব খুজিছোঁ, পাৰিলে অলপ পইছা পঠিয়াই দিবিচোন’, “ভতিজাজনী ডাঙৰ হ’ল, আহিব নোৱাৰিলেও তাইৰ বাবে তহঁতৰ নামত সোণৰ বস্তু এটা গঢ়াই দিম। পইছা পঠিয়াই দিবি’, “ঘৰটোৰ চাট ঢালাই কৰিম, গাড়ী এখন নল’লে ঘৰৰ সন্মান নাথাকে, পইচা অলপ দিবি, “অ তহঁতৰ সৰু ল’ৰাটো, চেহ্ কি নাম আছিল তাৰ, কিমান ডাঙৰ হ’ল বাৰু ??’- এনদৰে ফোন আহিবলৈ ল’লে।

২০১২চনৰ ৫ এপ্রিলত মোৰ দেউতাৰো মৃত্যু হ’ল। আৰু লগে লগে মৃত্যু হ’ল মা-দেউতাই ডাঙৰকৈ গঢ়ি থৈ যোৱা পৰিয়াল এটাৰ ককাই, বাইসকলৰ পাৰস্পৰিক মৰম, দায়িত্ববোধ! পৰিয়ালৰ সৰু, মা-দেউতাৰ আলাসৰ লাড়ু এই অনুপমাজনী অণু-পৰমাণু হৈ সকলোৰে স্মৃতিৰ পৰা হেৰাই গ’লোঁ! ডাঙৰ বা আৰু ডাঙৰ নবৌৰ বাহিৰে সকলোৰে জীৱনৰ ব্যস্ততা আৰু যান্ত্রিকতাত পৰিয়ালৰ সকলোৰে চিনাকি দিবলৈ লাজ লগা অষ্টম সন্তানগৰাকী হেৰাই গ’ল! মা-দেউতা, শহুৰ দেউতায়ো সদায় কৈছিল “তহঁতি সৰু, সৰু হৈয়ে থাকিবি।কাৰো লগত বাগী নধৰি আগেয়ে সকলোকে মাতিবি।’ কিন্তু সেইষাৰ কথা পালন কৰাটোও যেন আমাৰ বাবে টান হৈ পৰিছে! কাৰণ সকলোৰে ইমান সময়ৰ অভাৱ যে আমি ফোন কৰিলেও সিফালে বিৰক্ত হোৱাৰ উমান পাওঁ!

এটা ফোন, অসমৰ আপোনজনৰ পৰা অহা মৰম সনা এটা ফোন কলৰ কিমান যে অভাৱ অনুভৱ কৰোঁ! কাক ক’ম, কোনে বুজিব! দিনটোত দহটামান ফোন পাওঁ ! সকলো যান্ত্রিক। অসমৰ আপোনজনৰ মিঠা ফোন কলটোত মোৰ মাৰ মৰমৰ গন্ধ পাওঁ ! মোৰ মাটিৰ গন্ধ পাওঁ ! মোৰ জীৱনৰ প্রয়োজনীয়তা উপলব্ধি কৰোঁ !
অ ক বই মোক এটা পৰিয়াল দিলে। নতুন পৰিয়াল। অতি আপোন পৰিয়াল! ইয়াত মোৰ অস্তিত্ব সৰু ভনীৰ নহয়। ডাঙৰ বায়েক, মাজু বায়েক আদিৰ দৰে অস্তিত্ব থকা, দায়িত্ব থকা! মোৰ মৰম মোৰ সকলোবোৰ অ ক বৰ ভাইটি, ভন্টিলৈ…জীৱন থকালৈকে… মই মোৰ পৰিয়ালৰ হাজাৰ সমস্যাৰ মাজতো কাকো নাপাহৰোঁ। সকলোকে যিমান পাৰোঁ নিস্বাৰ্থভাৱে মৰম দি যাম।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments