ভ্ৰাম্যভাষ আৰু শিষ্টাচাৰ—নজৰুল ইছলাম

আমাৰ সকলোৰে হাতত বৰ্তমান শোভা বৃদ্ধি কৰা অত্যাৱশ্যকীয় যেন লগা অলংকাৰবিধেই হৈছে ভ্ৰাম্যভাষ অৰ্থাৎ ম’বাইল ফোন৷ কিশোৰ-কিশোৰী, ডেকা-গাভৰু, বৃদ্ধ-বৃদ্ধা, ব্যৱসায়ী, চাকৰিয়াল, কৃষক আদি সকলো লোকৰ মাজত বহুলভাৱে ব্যৱহৃত পৰিচিত সামগ্ৰীবিধেই হ’ল ভ্ৰাম্যভাষ৷ সৌ সিদিনালৈকে ঘৰৰ সকলোৱে এটা দূৰভাষ যন্ত্ৰকে ব্যৱহাৰ কৰিছিল৷ কিন্তু যোৱা কেইটামান বছৰৰ ভিতৰত সকলোৰে হাতত, পকেটত ভ্ৰাম্যভাষে শোভা বৃদ্ধি কৰিলে৷ এতিয়া আমাৰ ব্যস্ত জীৱন যাত্ৰাৰ এঘণ্টা সময়ো ভ্ৰাম্যভাষৰ অবিহনে কটোৱাতো যেন কল্পনাৰ বাহিৰৰ কথা হ’ল৷ লেণ্ড লাইন দূৰভাষ যন্ত্ৰ এতিয়া ইতিহাস হ’ল৷ বিজ্ঞানে আমাৰ জীৱনলৈ আমদানি কৰিলে গতিবেগৰ৷ ভ্ৰাম্যভাষ এই গতিবেগৰ এক অনন্য ৰূপকাৰ৷ ভ্ৰাম্যভাষ কেৱল কথোপকথন প্ৰক্ৰিয়াতে সীমাবদ্ধ হৈ থকা নাই৷ প্ৰতিদিনে ম’বাইল প্ৰযুক্তিত কিবা নহয় কিবা উন্নীতকৰন হৈয়েই আছে৷ এটা সাধাৰণ স্মাৰ্ট ফোনৰ সহায়তে আমি সহজতে ফটো ল’ব পাৰো, গান শুনিব পাৰো, বিভিন্ন প্ৰকাৰৰ ভিডিঅ’ৰ আনন্দ ল’ব পাৰো, ই মেইল কৰিব পাৰো, তথ্য সংৰক্ষণ কৰিব পাৰো, গুগলৰ সহায়ত বিভিন্ন বিষয়ৰ জ্ঞানো আহৰন কৰিব পৰাৰ লগতে চচিয়েল নেটৱৰ্কিং ৱেবছাইটবোৰৰ জৰিয়তে সমগ্ৰ পৃথিৱীখন কাষত পোৱাকে ধৰি ভ্ৰাম্যভাষ হ’ব পাৰে আমাৰ অচিনাকি ঠাইত পথ নিৰ্দেশক আৰু সকলো বিষয়তে আমাৰ প্ৰধান সহায় আৰু নিৰ্ভৰযোগ্য সাৰথি৷ কুৰি শতিকাৰ শেষৰ ফালে আৱিষ্কাৰ হোৱা পৃথিৱীক উপকৃত কৰা এক অন্যতম সেৱা ভ্ৰাম্যভাষে লেণ্ড লাইন দূৰভাষ যন্ত্ৰৰ পৰা হোৱা অসুবিধাবোৰ আতৰ কৰি আমাক সকলো সুবিধা কৰি দিলেও কিছুমান কিন্তু নতুন সমস্যাৰ সৃষ্টি কৰিলে৷

এসময়ত ভ্ৰাম্যভাষ আছিল চহকী লোকসকলে ব্যৱহাৰ কৰা যোগাযোগৰ আহিলা, কিন্তু এই ধাৰণা এতিয়া পুৰনি হ’ল৷ ভ্ৰাম্যভাষৰ মূল্য পূৰ্বৰ তুলনাত বহুত কমি গ’ল, উপযোগিতা বাঢ়িল, তাৰ সৈতে ফেৰ মাৰি সলনি হ’ল জীৱন প্ৰণালী৷ এতিয়া ভ্ৰাম্যভাষ গৈছে প্ৰয়োজনীয় সামগ্ৰীৰ ভিতৰুৱা৷ দিনে দিনে ভ্ৰাম্যভাষবোৰ সৰু, আকৰ্ষণীয় আৰু ব্যৱহাৰ কৰিবৰ বাবে অধিক সুবিধাজনক হৈ পৰিল৷ এটা ভ্ৰাম্যভাষ বা স্মাৰ্টফোন আপোনাৰ হাতত থকা মানে পৃথিৱীখন আপোনাৰ হাতৰ মুঠিত বৰ্তমান৷ চাই থাকোঁতেই সময় বহুত সলনি হ’ল৷ এটা ভ্ৰাম্যভাষ সকলোৰে বাবে পৰিনত হ’ল এটা অত্যাৱশ্যকীয় সামগ্ৰীত৷ এক কথাত ক’বলৈ গ’লে বৰ্তমান প্ৰতিজন মানুহৰ উশাহ-নিশাহ ভ্ৰাম্যভাষৰ সাহায্যত চলে৷ আপুনি -মই কোনো ইয়াৰ ব্যতিক্ৰম নহয়৷ সমালোচনাৰ সমানেই সমাদৃতও যে ভ্ৰাম্যভাষ, ইয়াৰ বিভিন্ন সুবিধাৰ বাবে৷ ই কেৱল প্ৰাসংগিক হৈ থকা নাই, হৈ পৰিল সৰ্বজনীনো৷ আধুনিকতা পৰিৱৰ্তনৰ বাটকটীয়া৷ বৰ্তমান যুগটোৱেই হৈছে আধুনিকতাৰ যুগ৷ এই আধুনিক যুগত আমি জীৱনৰ বহু ক্ষেত্ৰত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দ্বাৰা লাভ কৰা আহিলাৰ সহায়ত আমি পৃথিৱীখনক হাতৰ মুঠিত পোৱাৰ লগতে পৃথিৱীখনৰ ইমূৰৰ পৰা সিমূৰ সংযোগ মাধ্যমেৰে ওচৰ চপাই আনিলে৷ এই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লোৱা মাধ্যমটোৱেই হৈছে ভ্ৰাম্যভাষ৷ সাম্প্ৰতিক সময়ত এইপদ বস্তু আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগৰ দৰে হৈ পৰিছে৷ এনেকুৱা পৰিস্থিতি বৰ্তমান সৃষ্টি হৈছে যে মানুহে এদিন নাখাই থাকিব পাৰিব কিন্তু ভ্ৰাম্যভাষৰ পৰা এদিন দূৰৰে কথা এক মুহূৰ্তও যেন আঁতৰি থাকিব নোৱাৰিব৷ ভ্ৰাম্যভাষ কেৱল যুৱচামৰ মাজত অতিকৈ জনপ্ৰিয় বুলি ক’লে নিশ্চয় ভুল কোৱা হ’ব, এইবিধ বস্তু সকলো বয়সৰ লোকৰ মাজতে সমানে জনপ্ৰিয়৷ নতুন প্ৰজন্মৰ মাজত ভ্ৰাম্যভাষ টিপিক-টাপাক কৰি থকা কৰ্মফেৰাৰ জনপ্ৰিয়তাৰ বহুলাংশে বিদ্যমান সকলো বয়সৰে ব্যক্তিৰ মাজতো৷

সুস্থ পৰিৱৰ্তন নিশ্চয়কৈ সদায়ে গ্ৰহণীয়৷ বৰ্তমান আধুনিক সভ্যতাই গ্ৰাস কৰা পৃথিৱীখনত ভ্ৰাম্যভাষ সহজলভ্যই নহয় ই হৈ পৰিল প্ৰত্যেকৰে জীৱনৰ বাবে অপৰিহাৰ্য অংগ৷ ভ্ৰাম্যভাষৰ এই যাদুকৰী উত্থান ঘটিল বিশ্বৰ ভিন্ন প্ৰান্তৰ অতি ভিতৰুৱা ঠাইতো৷ বিগত সময়চোৱাত টেলিসংযোগ ক্ষেত্ৰখনৰ উত্তৰনে ভ্ৰাম্যভাষ সেৱাৰ দ্ৰুত সম্প্ৰসাৰন ঘটাই হঠাতে লৈ আনিলে এক আমূল পৰিৱৰ্তন৷ এতিয়া কথাটো হ’ল এই “স্মাৰ্ট ফোনৰ যুগ” ত এটা স্মাৰ্ট ফোনৰ হাতত ধৰি এই ভ্ৰাম্যভাষৰ ক্ষেত্ৰখন মানুহৰ জীৱনযাত্ৰাৰ এৰাব নোৱাৰা অংগ হৈ পৰাৰ লগে লগে মানুহৰ জীৱনৰ কিছুমান সামাজিক স্থিতি আৰু সংস্কাৰৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাইছে৷ আজিৰ এই তীব্ৰবেগী পৃথিৱীখনত পুৰণি কথাবোৰ খামুচি ধৰি থকাটো বহুলাংশে অৰ্থহীন যদিও সেইবুলিয়েই নতুনত্বৰ কৱলত আমি আমাৰ সংস্কাৰ, শিষ্টাচাৰ সমূলঞ্চে বিসৰ্জন দিয়াটো বাৰু কিমানদূৰ গ্ৰহণীয়? আধুনিকীকৰন আৰু যোগাযোগৰ প্ৰসাৰতাত চিঠি -পত্ৰৰ এনাজৰীডাল আমাৰ হাতৰ পৰা কোন মুহূৰ্তত হেৰাই গ’ল তলকিবই নোৱাৰাৰ দৰে এতিয়া ভ্ৰাম্যভাষে আমাৰ শিষ্টাচাৰ আৰু সংস্কাৰ নাইকিয়া কৰাৰ পৰিস্থিতি আহি পৰিছে৷ ভ্ৰাম্যভাষৰ যেতিয়া প্ৰচলন নাছিল আমাৰ সমাজত তেতিয়া যিকোনো বিপদ -আপদ, সামাজিক অনুষ্ঠানবোৰত পৰিয়ালৰ মানুহৰ কায়িক উপস্থিতি দেখা গৈছিল, কিন্তু এতিয়া ভ্ৰাম্যভাষৰ যুগত এই আন্তৰিকতাৰ অভাৱ ঘটি ভ্ৰাম্যভাষৰ বাৰ্তালাপতে আমি আমাৰ দায়িত্ব সামৰিছো৷ বিবাহ, আদ্যশ্ৰাদ্ধ আদি যিকোনো মাংগলিক অনুষ্ঠানৰ বাবে ঘৰৰ গৃহস্থই গৈ তামোল পাণ দি মানুহৰ ঘৰত নিমন্ত্ৰণ দিয়াৰ এটা প্ৰথা আমাৰ সমাজত আছিল, কিন্তু ভ্ৰাম্যভাষৰ ব্যাপক সুবিধাৰ বাবে এই প্ৰথাবোৰ বিলুপ্তিৰ দিশলৈ ধাৱমান প্ৰায়৷ প্ৰকৃততে ভ্ৰাম্যভাষে মানুহৰ মাজত আন্তৰিকতাবোধৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাই আপোনত্বৰ ভাৱবোৰ মানুহৰ মনৰ পৰা যেন নাইকিয়া কৰি মানুহক একপ্ৰকাৰৰ যন্ত্ৰ বনাই পেলাইছে৷ বৰ্তমান এই ভ্ৰাম্যভাষৰ কাৰণে বহুতো অপ্ৰীতিকৰ কাৰ্যৰ সন্মুখীন নিশ্চয় সকলোৱে হয়, যিবোৰ ঘটনাই সঁচাকৈয়ে নিৰাশ কৰি তোলে৷ সকলোৰে হাতে হাতেটো ভ্ৰাম্যভাষ আছে, কিন্তু যিকোনো সময়তে সেইটোত ব্যস্ত থকাটো! কাৰোবাক মাত এষাৰ লগালে, যি হয়তো ভ্ৰাম্যভাষৰ পৰা মূৰ তুলি যেনেতেনে মাত এষাৰ দিলে তেওঁৰ মাতষাৰত কিন্তু কিবা এটাৰ অভাৱ অনুভৱ কৰিব আপুনি! আৰু কাৰোবাৰ হয়তো মূৰ তুলি আপোনাৰ ফালে চাবলৈকো সময় নাথাকে! আকৌ কিছুমান এনে ব্যক্তি আছে কাৰোবাৰ ঘৰত ফূৰিবলৈ আহি বহি লৈয়েই প্ৰথমে ভ্ৰাম্যভাষটোহে উলিয়াই লয়৷ আপোনাৰ লগত কথা পাতি থাকিলেও তেনে ব্যক্তিৰ মনতো থাকে কিন্তু ভ্ৰাম্যভাষটিতহে৷ মেছেজ অহাৰ টুং টাং শব্দত বাৰে বাৰে ভ্ৰাম্যভাষতহে চকু থাকে আপোনজনৰ লগত বা পৰিয়ালৰ লগত কটোৱা সময়খিনিতো৷ সুখ-দুখৰ কথা আলোচনা বা যিকোনো কথাৰে আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰি জীৱনৰ বাবে অতি মূল্যৱান কৰি তুলিব পৰা আমাৰ সময়খিনি আমি ভ্ৰাম্যভাষ টিপিক টাপাক কৰি অপব্যয় কৰো৷ ভ্ৰাম্যভাষে আমাৰ একাগ্ৰতা আৰু মনঃসংযোগ হ্ৰাস কৰি পেলাইছে৷ ভ্ৰাম্যভাষে আমাক নিসংগ হবলৈ নিদিয়ে কোনো মুহূৰ্তত, যি নিসংগতাৰ মাজত আমি সন্ধান পাওঁ আমাৰ সৃষ্টিশীল সত্তাৰ৷

প্ৰকৃততে আমি জানো নে ভ্ৰাম্যভাষৰ প্ৰকৃত ব্যৱহাৰ৷ ভ্ৰাম্যভাষৰ বাবে বহুতো সময়ত বিৰক্তিত নাক কোচাবলগীয়া পৰিস্থিতিৰ সৃষ্টিও হয়৷ স্থান-কাল-পাত্ৰ বুলি অসমীয়াত এষাৰ কথা আছে৷ কিন্তু আমি কিমান মনত ৰাখো এইষাৰ কথা! য’তে -ত’তে, যেতিয়াই-তেতিয়াই আৰু যাৰে-তাৰে লগত ভ্ৰাম্যভাষটো উলিয়াই লৈ যি টি কথা পাতি বহুতে এটা বিৰক্তিকৰ পৰিৱেশ সৃষ্টি কৰা দেখা যায়৷ ধুনীয়া ৰিং টনেৰে বহু মানুহৰ মাজত ভ্ৰাম্যভাষটো বাজিলেহে গৌৰৱৰ কথা বুলি ভাবে কিছু ব্যক্তিয়ে৷ সৰু সৰু ল’ৰা-ছোৱালীবোৰৰো হাতে হাতে ভ্ৰাম্যভাষ৷ ভ্ৰাম্যভাষৰ প্ৰয়োজনীয়তা ইমানেই বেছি নে যে স্কুল-কলেজৰ ল’ৰা-ছোৱালীয়েও ইয়াক এৰিব নোৱাৰা হ’ল! এতিয়া সকলো বয়সৰ মানুহৰে আজৰি পৰৰ সংগী কেৱল ভ্ৰাম্যভাষহে৷ এতিয়া আমাৰ ৰাতিপুৱাৰ সুন্দৰ সময়খিনি, মুকলি আকাশ, ধুনীয়া ফুলনিডৰা, পাহাৰৰ সৌন্দৰ্য, এইবোৰ একোকে চকুত নপৰে, এইবোৰৰ দৰ্শনে আমাৰ মনক সতেজ কৰাৰ অনুভূতিবোৰো আমাৰ হেৰাই গ’ল! এতিয়া আমি ৰাতিপুৱা চকু মেলিয়েই চাও ভ্ৰাম্যভাষটোহে, ফেচবুক, ৱাটছআপ আদিবোৰ! ভ্ৰাম্যভাষে আমাৰ বহু আপুৰুগীয়া সময় এনেদৰে কাঢ়ি নিছে আমি গম নোপোৱাকৈয়ে, লোপ পাইছে আমাৰ আৱেগ -অনভূতিবোৰো, বহুত সৃষ্টিশীলতা ধ্বংস হৈছে, এলাহে আগুৰি ধৰিছে আমাক৷ আমাৰ দৈনন্দিন বহুতো কামত হেঙাৰ হৈ থিয় দিছে ভ্ৰাম্যভাষে৷ বহুত মূল্যৱান সময় আমি খৰচ কৰিছো মাথোঁ ভ্ৰাম্যভাষৰ নামত লগতে হেৰুৱাই পেলাইছো শিষ্টাচাৰৰ ন্যূনতম জ্ঞানকনো৷ , আমি এটা ভ্ৰাম্যভাষ বা স্মাৰ্ট ফোন ল’বলৈটো শিকিলো, কিন্তু ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত স্মাৰ্ট হ’ব জানো পাৰিলো ভাবিবচোন! ভ্ৰাম্যভাষটো ক’ত শব্দহীন কৰি ৰাখিব লাগে, ক’ত কথা পাতিব লাগে বা ক’ত নালাগে, এই শিষ্টাচাৰ মানি চলিবলৈ কিন্তু আমি নিশিকিলো৷ বৰ্তমান সকলোতে এখন চিনাকি ছবি, দুজন মানুহ একেঠাইতে বহি থাকিব, তেওঁলোক লাগিলে বন্ধুৱেই হওক বা পতি-পত্নীয়েই হওক বা অচিনাকিয়েই হওক, ইজনে সিজনৰ লগত বাৰ্তা বিনিময় কৰাতকৈ ভ্ৰাম্যভাষৰ লগতহে ব্যস্ত থকা দেখা যায়৷ আমি ভ্ৰাম্যভাষ হাতৰ মুঠিত লৈ পৃথিৱীখনক ওচৰ চপালেও বহুত কিবা কিবি কিন্তু হেৰুৱাবলৈ আৰম্ভ কৰিছো৷ বৰ্তমান সময়ত ভ্ৰাম্যভাষটো যিদৰে আৱশ্যকীয় হৈ পৰিছে সেইদৰে ভ্ৰাম্যভাষ ব্যৱহাৰৰ সাধাৰণ শিষ্টাচাৰকন শিকাটোও সকলোৰে কাৰণে সিমানেই জৰুৰী হৈ পৰিছে যেন মোৰ বোধ হয়৷ যেনে ধৰক, আমি কোনো ধৰ্মীয় উপাসনা স্থান বা কাৰোবাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাগ লবলৈ যাওঁতে ভ্ৰাম্যভাষটো শব্দহীন কৰি ৰাখিব লাগে৷ সভাগৃহ, চিনেমাগৃহ, লাইব্ৰেৰী, বিয়া, অপেক্ষা গৃহ আদি ৰাজহুৱা স্থানবোৰত ভ্ৰাম্যভাষত অতি জৰুৰী নহ’লে কথা নপতাই শ্ৰেয়৷ এইবোৰ স্থানত কিছুলোকে দেখা যায় উচ্চ স্বৰত ভ্ৰাম্যভাষত কথা পাতি আনক বিৰক্ত কৰে৷ হস্পিতালৰ দৰে ঠাইলৈ গ’লে ভ্ৰাম্যভাষ সদাই শব্দহীন কৰিব লাগে৷ ঠিক তেনেদৰে গাড়ী চলোৱাৰ সময়ত ভ্ৰাম্যভাষ ব্যৱহাৰ কৰাৰ পৰা সদায়ে বিৰত থাকিব লাগে৷ গাড়ী চলাই থাকোঁতে ফোনত কথা পাতি যোৱা কৰ্মই আপোনাৰ জীৱনলৈ আন্ধাৰ নমাই আনিব পাৰে৷ কাৰ্য্যালয় বা এনেধৰণৰ ৰাজহুৱা স্থানবোৰত আমি ভ্ৰাম্যভাষত কথা পাতিবলগীয়া হ’লেও আমাৰ বক্তব্য অতি চুটি হোৱাটো বাঞ্ছনীয়৷ এই স্থানত আপুনি যেতিয়া ভ্ৰাম্যভাষত কথা পাতিব, আপুনি আপোনাৰ বক্তব্যক লৈ সচেতন হওক, আৱেগক নিয়ন্ত্ৰণ কৰক লগতে অসংযত শব্দ নক’ব, ইয়ে আপোনাৰ ব্যক্তিত্বৰ ওজন হ্ৰাস কৰিব৷ বহুতে এই সৰু সৰু কথাবোৰ লক্ষ্য নাৰাখে৷ এটা কথা আমি সকলোৱে লক্ষ্য ৰখা উচিত যাতে আমাৰ কথা বতৰাই অনাহকত কাকো যাতে বিৰক্তি নিদিয়ে৷ যদি পৰিয়ালৰ লগত, আপোনজনৰ লগত সময় কটাইছে, সন্তানক পঢ়াত সহায় কৰিছে তেন্তে সেইসময়ত আপোনাৰ ভ্ৰাম্যভাষ বন্ধ কৰি ৰাখক৷ অন্যথা ৰিং হৈ থাকিলেও থাকিবলৈ দিয়ক, সেইসময়ত আপোনাৰ কাৰণে কোনটো গুৰুত্বপূৰ্ণ বিবেচনা কৰক৷ এটা ফোনকল নুঠালে বিশ্বখন স্তব্ধ হৈ নাযায়৷ ভ্ৰাম্যভাষ নিষিদ্ধ ঠাইবোৰত কেতিয়াও ইয়াক ব্যৱহাৰ নকৰিব, বিনা অনুমতিত বেলেগৰ ভ্ৰাম্যভাষ ব্যৱহাৰ নকৰিব, ভ্ৰাম্যভাষৰ ৰিংটনৰ স্বৰ মৃদু আৰু নিম্ন হোৱাটো উচিত, ভ্ৰাম্যভাষত কথা পাতোতে সদাই মাৰ্জিত শব্দৰ ব্যৱহাৰ, এইধৰণৰ শিষ্টাচাৰে আপোনাক এক সচেতন আৰু দায়িত্বশীল ব্যক্তিত্ব হিচাপে সমাজত পৰিচিত কৰাব৷ সচেতন হ’বৰ হ’ল! নহ’লে আমাৰ সকলোবোৰ হেৰাই যাব, হাতত মাথোঁঁ থাকি যাব একোটা ভ্ৰাম্যভাষ অথবা স্মাৰ্ট ফোন!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments