ভ্ৰাম্যমানত ভাল নাটক? (উদ্দীপ তালুকদাৰ)

আজি ভ্ৰাম্যমান থিয়েটাৰৰ নাটক এখন চালোঁ। কি নাটক সেইটো এই আলোচনাৰ বিষয় নহয় বাবে, নামটো নকওঁ। প্ৰথম দৰ্শনী দৰ্শকেৰে পৰিপূৰ্ণ। ওলাই আহোঁতে দেখিলো, দ্বিতীয় দৰ্শনীৰ বাবে ৰাইজ শাৰী পাতি আছে। গতিকে থিয়েটাৰ দলটোৰ লাভ ঠিকেই থাকিব। নাটকখনৰ বিষয়ে বিশেষ কবলগীয়া নাই। গতানুগতিক কাহিনী, যথাযথ অভিনয়, অলপমান নাচ-গান, বেছি কাৰী-কৰি কলাকৌশল নাই। মুঠৰ ওপৰত সাংঘাতিক ভাল নাটক নহয়, বেয়াও নহয়। এইখিনি অকল মোৰ মতামত বুলি নধৰিব, কাৰণ গোটেই সময়খিনি নাটক চায়ো, এটা দৃশ্যতো কোনেও হাত-তালি দিয়া নাছিল, আনকি নাট্যাভিনয় শেষ হোৱাৰ পাছত যে এটা নিয়মমাফিক হাত-তালি পৰে, সেইটোও নাই। ইফালে পেক্ষাগৃহ পৰিপূৰ্ণ। তাৰ মানে ইমান মানুহ আহিল, কোনেও আচলতে নাটকখন সাংঘাতিক ভাল পোৱা নাই। তথাপিও নাটকখন চলিছে ভালেই।
গতিকে আমি যদি ভালকৈ পৰ্যবেক্ষণ কৰোঁ, আচলতে ভ্ৰাম্যমানৰ নাটক চাবলৈ মানুহ আহে এটা সুযোগৰ বাবে, বছৰত মাত্ৰ ১২খন নাটক আহিব, তাৰে কেইখনমান মানুহে চাবই, পূজা চোৱাৰ নিচিনাকৈ। তাৰ বাবে নাটকখন সাংঘাতিক ভাল হোৱাৰ কোনো প্ৰয়োজন নাই। বেছি কাৰীকৰি কলা-কৌশল থকা নাটকবিলাক চোৱাৰ আগ্ৰহটো আকৌ সৰু সৰু ল’ৰা-ছোৱালীকেইটাৰ বেছি। গতিকে নাটক অহা কেইদিনত তেওঁলোককো এবাৰ নাটক দেখুৱাবলৈ লৈ যাব লাগে। মুঠৰ ওপৰত গোটেই আয়োজনটো মেলা এখন চোৱাৰ নিচিনা হয়।
সেয়ে ভ্ৰাম্যমানৰ বাবে ভাল নাটকৰ প্ৰয়োজন আচলতে নায়েই। ল’ৰা-ছোৱালী ভুলাবপৰা নাটক হ’লেই তেওঁলোকৰ চলি যায়। গতিকে ভ্ৰাম্যমানে কেতিয়াবা প্ৰয়োজনৰ খাতিৰত ভাল নাটক কৰিব বুলি আশা কৰিব নোৱাৰি।
গতিকে কোনোবা প্ৰযোজকে নাটকৰ স্বাৰ্থতেই ভাল নাটক কৰিব লাগিব। ভাল নাটক কৰিবলৈ গলে ব্যৱসায় কমে বুলি ভ্ৰাম্যমানৰ প্ৰযোজকে কোৱা লক্ষ্য কৰোঁ। কিন্তু ভাল নাটক বিনোদন-ধৰ্মী নহয় বুলি ধাৰণাটো কেনেকৈ আহিল মই বুজি নাপাওঁ, ‘টাইটানিক’তকৈ ‘তাজমহল কা টেণ্ডাৰ’ বা ‘ঘাচিৰাম কটোৱাল’ৰ বিনোদনমান কেনেকৈ কম হ’ব পাৰে, সেয়া মই বুজি নাপাওঁ। কিছুমান ভাল নাটকে খুব আমনি দিয়ে সেইটো মি্ছা নহয়, কিন্তু বেছি ভাল নাটকেই ভাল শিল্পীৰদ্বাৰা উপস্থাপিত হ’লে পূৰ্ণমাত্ৰাত বিনোদন ধৰ্মী হৈ পৰে। অৱশ্যে সৰু চামক বাদ দিব লাগিব। ইয়াত মূল অসুবিধাটো কিজানি ভাল নাটক লিখা মানুহৰহে অভাৱ। এবাৰ ভাবি চাওঁকচোন, ভ্ৰাম্যমানৰ নিচিনা পেছাদাৰী অনুষ্ঠান কেইবালাখ টকা খৰছ কৰি, কাৰিকৰী কৌশল খটুৱাই এটাই ৰং, আহাৰ, কুকুৰনেচীয়া মানুহ আদিৰ দৰে নাটক পৰিবেশন কৰিছে, মানুহে চাবলৈ নাহিব নেকি?
শেষত ভ্ৰাম্যমানে এটা কাম কৰিব পাৰে যেন বোধহয় মোৰ, চাৰিখনৰ ভিতৰত এখন নাটক অন্তত: পৰীক্ষামূলক নাটক ৰাখক। সেই ধৰণৰ নাটকৰ বাবেও এটা বিশেষ শ্ৰেণীৰ দৰ্শক চব ঠাইতে আছে। তেওঁলোকে সেইখন নাটক চাব, লগতে অভিনেতা, পৰিচালকেও নিজৰ সৃষ্টিশীলতাক আকৌ এবাৰ পৰীক্ষা কৰি চোৱাৰ সুযোগ পাব। তেনেকুআ কেইখনমান নাটক অসমৰ ৰাইজে চিৰদিনলৈ মনত ৰাখিব সেয়া ধূৰূপ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক