ভ্ৰাম্যমান থিয়েটাৰত আধুনিকতাৰ পৰশ (নয়ন দেৱ চৌধুৰী)

“ইহঁতে দি গৈছে নহয় এই দুটা৷“- টিকট দুটা টেবুলখনৰ ওপৰত থৈ মাই ক’লে৷ দুটা ৰংচঙীয়া চিজন টিকট৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ৷ বন্ধু মহলৰ একাংশই ভ্ৰাম্যমাণ থিয়েটাৰ এখন আমন্ত্ৰণ কৰিছে৷ তাৰেই টিকট৷ পুচিং চেল৷ দামো একেবাৰে কম নহয়; দুটা মিলি প্ৰায় এহেজাৰেই৷ পূজাৰ বন্ধত মই গৈ ঘৰ পোৱাৰ আগতেই মোৰ নামত টিকট আহি ঘৰ পাইছেহি৷ তাৰিখ কেইটা চালোঁ৷ থিয়েটাৰ আৰম্ভ হোৱাৰ এদিন আগতেই মই গুৱাহাটীলৈ ঘূৰি আহিব লাগিব কৰ্তব্যৰ তাগিদাত৷ গতিকে চোৱাৰ প্ৰশ্নই নাই৷ কিন্তুু ঘৰত থাকিলেও মই কিজানি এদিনো নাটক চাবলৈ প্ৰেক্ষাগৃহৰ ভিতৰলৈ নোসোমালোহেঁতেন৷ অচলতে ভ্ৰাম্যমাণ থিয়েটাৰ চোৱাৰ উৎসাহ আৰু আগ্ৰহ দুয়োটাই মই কাহানিবাই হেৰুৱাই পেলাইছোঁ৷ অথচ এসময়ত কিন্তুু ভ্ৰাম্যমাণৰ নাটকৰ বাবে মই পাগল আছিলোঁ৷
ভ্ৰাম্যমাণৰ প্ৰাণকেন্দ্ৰ বজালীতেই পাৰ কৰিছোঁ গোটেই শৈশৱ আৰু যৌৱনৰো এচোৱা৷ গতিকে নাটকৰ লগত সম্পৰ্ক খুব ওচৰৰ৷ প্ৰতি বছৰে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিলোঁ নাটকৰ দিন বোৰলৈ৷ কোনখন চাম, কোন খন ভাল গৈছে এইবোৰ লৈ সৰব আলোচনা চলিছিল৷ ডাঙৰ সৰু সকলোকে দেখিছিলোঁ নাটক চোৱাৰ কি উৎসাহ…! মনত পৰে ভ্ৰাম্যমাণৰ মঞ্চতেই চাইছিলো ’বেন-হাৰ’ ৰ নাট্যৰূপ৷ লিও ৱালেছৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা, এঘাৰটাকৈ অস্কাৰ বিজয়ী হলিউডৰ ক্লাচিক চিনেমা ’বেন-হাৰ’ খন চাইছিলো বহু পিচত৷ কলেজত পঢ়াৰ বহু আগতেই ভ্ৰাম্যমাণৰ মঞ্চতেই চাইছিলোঁ শ্বেইক্সপীয়েৰৰ ’হেমলেট’; চ’ফ’ক্লিচৰ ’ইডিপাচ’৷ চাবলৈ পাইছিলোঁ ’বিষ্ণু ৰাভা’, ’ অনুৰাধাৰ দেশ’ আৰু কত কিমান সুন্দৰ সুন্দৰ নাটক…! আৰু ড. ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ নাটকখন … ’দীনবন্ধু’, ’নীলকণ্ঠ’, ’স্বৰ্ণ জয়ন্তী’ ’ বৰ্ণ মালা’ … কোনো কাৰনতে মিছ নকৰিছিলোঁ৷ পঢ়া-শুনা, জীৱিকাৰ সন্ধানত গুৱাহাটীবাসী হোৱাৰ পাচৰ পৰাই ভ্ৰাম্যমাণৰ লগত মোৰ সম্পৰ্কও আগৰ নিচিনা হৈ নাথাকিল, বহুখিনি স্তিমিত হ’ল৷ লাহে লাহে ভ্ৰাম্যমাণৰ সেই টিপিকেল একঘেয়েমি উচ্চগ্ৰামৰ অভিনয়, চিঞৰ বাখৰ, কানতাল মাৰি ধৰা আৱহ সংগীত, এইবোৰ ভাল নলগা হৈছিল৷ চিনেমাৰ নিচা এটা আছিলেই আগৰ পৰা; গুৱাহাটীলৈ অহাৰ পিচত সি দুৰ্ঘোৰ প্ৰেমলৈ ৰূপান্তৰিত হ’ল৷ মুঠৰ ওপৰত থিয়েটাৰ চোৱাটো একেবাৰে কমি গ’ল৷ তথাপিও মাজে মধ্যে খুব ভাল হৈছে বুলি শুনা দুই এখন নাটক চাওঁ৷ এবাৰ গুৱাহাটীৰ পৰা ঘৰলৈ গৈ বাচৰ পৰা নামিছোঁ; বন্ধু এজনে লগ ধৰিলে নাটক চাবলৈ৷ বন্ধুক সুধিলোঁ “ নাটক কোন খন? “ বন্ধুৰ পৰা উত্তৰ আহিল “বেনজীৰ ভুট্টো “ ভাবিলোঁ, চাব পাৰি৷ অন্ততঃ দুখীয়া আদৰ্শবান শিক্ষক, ইঞ্জিনিয়াৰ পুত্ৰ, ধনী ঘৰৰ বদমাছ বোৱাৰী এনেধৰণৰ টিপিকেল কাহিনী নহ’ব৷ বাহিৰে বাহিৰেই সোমালোঁ প্ৰেক্ষাগৃহত৷ নাটক আৰম্ভ হ’ল৷ সেই সময়ৰ এগৰাকী ’গ্লেমাৰাচ’ অভীনেত্ৰীয়ে বেনজীৰ ভুট্টোৰ চৰিত্ৰটোত অভিনয় কৰিছে৷ লগত আন এগৰাকী ’গ্লেমাৰাচ’ অভিনেতাও আছে৷ বেনজীৰ ভুট্টোৰ জীৱনৰ ওপৰত কৰা নাটক খনত প্ৰচুৰ আৰ্টিষ্টিক লিবাৰ্টি লৈছে নাট্যকাৰে৷ এজন ভাৰতীয় যুবকক দেখুওৱা হৈছে যি অক্সফোৰ্ডত পঢ়ি থকা সময়ত বেনজীৰৰ বন্ধু তথা প্ৰণয়প্ৰাৰ্থী৷ এটা দৃশ্যত এই যুবকজন বেনজীৰৰ কথা ভাবি ভাৱত বিভোৰ হ’ল৷ লগে লগে আনখন মঞ্চত আৱিৰ্ভাৱ ঘটিল বেনজীৰ ভুট্টোৰ৷ পিন্ধনত এইবাৰ চলৱাৰৰ ঠাইত ব্লেক জীনচ আৰু ৰেড টি-চাৰ্ট! ; পিছফালে এদল নৰ্তক – নৰ্তকী৷ তাৰ পাচত আৰম্ভ হ’ল বেনজীৰ ভুট্টোৰ নৃত্য! একেবাৰে ঝেং ঝেং নৃত্য৷ মাজতে মঞ্চৰ এটা অংশ মূল মঞ্চখনৰ পৰা ওলাই প্ৰথম শাৰী দৰ্শকৰ প্ৰায় মুৰৰ ওপৰেদি ঘূৰি গ’ল; ওপৰত নৃত্যৰত বেনজীৰ ভুট্টো! পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰীৰ এনে বিস্ফোৰক আইটেম নাম্বাৰ দেখি মেল খাই যোৱা মোৰ মুখখন কোনোৰকম বন্ধ কৰি বন্ধুক কলোঁ “পাকিস্তানে গম পোৱা নাই চাগে নহ’লে এসোপামান সন্ত্ৰাসবাদী পঠিয়াই দিলেহেঁতেন ইয়ালৈ৷ “
যিমানদূৰ মনত পৰে ভ্ৰাম্যমাণৰ প্ৰেক্ষাগৃহত সেয়া মোৰ শেষ প্ৰৱেশ আছিল৷ তাৰপিছত আৰু সাহসেই গোটাব পৰা নাই আজিকোপতি৷ ভ্ৰাম্যমাণৰ খবৰ ৰখা বন্ধু মহলৰ পৰা গম পাওঁ এতিয়াৰ পৰিস্থিতি আৰু ভয়াবহ৷ টিভিৰ পৰ্দাতো দেখোঁ নৃত্য, গীত, এক্সন, ৰোমাঞ্চেৰে ভৰপূৰ নাটকৰ প্ৰ’ম’৷ থিয়েটাৰৰ গানৰ ভিডিও৷ নাটক নহয় যেন কমাৰ্চিয়েল চিনেমাহে৷
ভ্ৰাম্যমাণ থিয়েটাৰ এটা ব্যক্তিগত খণ্ডৰ ব্যবসায় বা উদ্যোগ৷ প্ৰতিটো নাট্যদলৰ লগত অভিনেতা অভিনেত্ৰীৰ পৰা পেণ্ডেল বনোৱা ল’ৰাটোলৈ নাই কমেও দুশ মান মানুহৰ জীৱন আৰু জীৱিকাৰ কথা জড়িত হৈ আছে৷ প্ৰতিযোগিতাও আছে৷ খৰচ আছে৷ দৰ্শকৰ চাহিদাৰ কথাও আছে৷ সেই বাবেই সকলো ধৰণৰ দৰ্শকৰ ভাল লগাকৈ নাটক বোৰত লোৱেষ্ট কমন ডিন’মিনেটৰৰ সূত্ৰ প্ৰয়োগ কৰা হৈছে বহুল ভাবে৷ মুঠতে টিকট বিক্ৰী হ’ব লাগিব সেইটোৱেই মূল কথা৷ বুজি পাওঁ কথাবোৰ৷ মই নিজেও ব্যক্তিগত খণ্ডৰ উদ্যোগৰ এজন উগ্ৰ সমৰ্থক৷ কিন্তুু বিশ লাখ টকীয়া নৃত্যত পাৰ্গত ’গ্লেমাৰ’ শিল্পী এজন আছে বুলিয়েই হওক বা টিকট বিক্ৰীৰ কৰাৰ বাবেই হওক সকলো নাটকৰ সকলো চৰিত্ৰই গান গাই, জপিয়াই নাচিবই লাগিব নে? ’আইটেম নাম্বাৰ’ৰ এই আতিশয্যৰ পৰা ’বেনজীৰ ভুট্টো’ৰ চৰিত্ৰটোকো ৰেহাই দিব পৰা নাযায় নেকি?
কেতিয়াবা ভাৱো; যদি আজিৰ সময়ত ভ্ৰাম্যমাণৰ মঞ্চত সেই পুৰণি নাটকবোৰ মঞ্চস্থ কৰা হ’লহেঁতেন সেইবোৰ ঠিক কেনেকুৱা হ’লহেঁতেন… এটা দৃশ্য কল্পনা কৰোঁ মই… মঞ্চত সেয়া প্ৰিন্স অব ডেনমাৰ্ক হেমলেট লগত অফেলিয়া; সেয়া অথেলো আৰু ডেচডিমোনা; সেয়া ক্লিওপেট্ৰা; ইডিপাচ; সেয়া শইকীয়া ছাৰৰ আপোন আপোন লগা চৰিত্ৰ বোৰ… উচ্চস্বৰত বাজি উঠিছে সংগীত… গান… জনপ্ৰিয় সেই গানৰ তালে তালে সেয়া সকলোৱে নাচিবলৈ আৰম্ভ কৰিছে… বনৰীয়া আমি বনৰীয়া… আমি এজাক…
( বহুদিনৰ আগৰ কথা৷ পাহৰিছোঁ বহুত৷ অলপ ইফাল সিফাল হ’ব পাৰে৷ )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments