ভ্ৰাম্যমান থিয়েটাৰ আৰু এটা আঁৰৰ কাহিনী (নৱজ্যোতি বড়ো)

DEWAPRATIM_sutigalpa2

দলগাওঁ পাৰ হৈ(গুৱাহাটীৰ পৰা তেজপুৰ লৈ) বেচিমাৰী চ’কৰ পৰা ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বাওঁ ফালে কিছু কি.মি. গৈ দৈপাম নামে এখন সম্পুৰ্ণ সংখ্যালঘু ভাই বন্ধুৰে পৰিপুৰ্ণ এটা বৃহত অঞ্চল। তাতেই যোৱা তিনি দিনৰ বাবে হেঙুল থিয়েটাৰ আমন্ত্ৰণ কৰাত এসময়ত মই দৰঙীয়া হোৱা(এতিয়া গুহেটীয়া) হেতুকে দৰং জিলাত তিনি দিন থাকিব পাম বুলি বৰ উত্সাহী হৈ পৰিছিলো।

সৰভোগৰ পৰা দৈপাম লৈ আমাৰ ভ্ৰমণ সূচী থকা বাবে আমি কিছু আগতীয়াকৈ মানে ৰাতিপুৱা ৯:৩০ মান বজাত সৰভোগৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলো। প্ৰথম শ্ৰেণীৰ থিয়েটাৰ হোৱা হেতুকে সাধৰণতে ১০ পৰা ১২:৩০ বজা পৰ্য্যন্ত আমাৰ বাছ খন কোনো কাৰণত নিহিলেই। তাতে যোৱা কেটামান পেণ্ডেলৰ পৰা বাছ খনত লগ দিয়া ঠেলিলে ষ্টাৰ্ট হোৱা বেমাৰতো টো আছেই। চাগৈ, বাছ খনে ভাৱে সদায় মই তহতক লৈ ফুৰো আজিৰ পৰা মোকো অকণমান লৈ যাহ..!!
থিয়েটাৰত দুৰণিবটীয়া যাত্ৰা থাকিলে ১০ টকাকৈ বাটত চাহ খাবলৈ দিয়া এটা ব্যৱস্থা আছে। পিছে, আগতে মই থকা সময় চোৱাত (২০০১ পৰা ২০০৪ চন মান লৈ) সেই টকাৰ পৰিমাণ ৫ টকা কৈ নিৰ্ধাৰিত আছিল। এতিয়া সেই টকাৰ পৰিমাণ ১০০% বাঢ়ি ১০ টকা হৈছে গৈ। কিন্তু আজিলৈকে মই গ’ম নাপালো যে দুৰণিবটীয়া যাত্ৰা বুলি কওঁতে কিমান কি.মি. দুৰত্বৰ পাছত সেয়া “দুবণিবটীয়া” যাত্ৰা বুলি ধৰা হয়?

যি কি নহওঁক সৰভোগৰ পৰা দৈপাম লৈ আমাৰ যাত্ৰাটো দুবণিবটীয়া হোৱা হেতুকে ১০ টকাকৈ আন আন শিল্পী সকলে পোৱা ধৰণে ময়ো পাইছিলো। আৰু তাৰ সদব্যৱহাৰ কৰিবৰ বাবে বাছ খন ছিপাঝাৰত ৰখাই দিয়াত যাত্ৰা কালত যি কোনো পৰিস্থিতি চম্ভালিবলৈ দাযিত্বত থকা ব্যক্তি জনে সমুখৰ চিটত বহি থকাৰ পৰা মুহুত্বৰ ভিতৰত থিয় হৈ সকলো শিল্পীলৈ চাই আৰু শুনা কৈ এজন গাইডৰ দৰে ঘোষণা কৰিলে সময় ১৫ মিনিট বুলি….
ছিপাঝাৰৰ পৰা চাহ খায় আকৌ যাত্ৰা আৰম্ভ কৰিছোহে, বৰদৌলগুৰি পাইছো কি পোৱা নাই পিছফালৰ বাওঁ চকাৰ ভিতৰৰ টায়াৰটো…….

শাকতোলাৰ পেট্ৰল ডিপ’টোৰ গাতে লাগি থকা টায়াৰ ৰিপিয়াৰিং দোকান খনত পামচাৰ হোৱা টায়াৰটো ৰিপিয়াৰিং কৰিবলৈ ৰখোৱা হ’ল। তেতিয়া ১ বাজিছিল।
১ ঘন্টা সময় খৰছ কৰি পুনৰ বাছ খন চলিব পৰা কৰোৱালে।
চাৰে তিনি বজাত দৈপাম।

আন আন ঠাইত মই টিফিনত ভাত লৈ ৰূমত খোৱা অভ্যাসটো সেই দিনা পৰিহাৰ কৰি ততাতয়াকৈ থিয়েটাৰৰ পাকঘৰত লৈ লৰ দিলো। পলিথিনৰ পেকেট এটাত লংপেন্টৰ পকেটতে সমোৱাই লৈ যোৱা কেচা বুট মাহ কেইটামানেৰে আমাৰ গায়ক জনৰ লগত থিয়ৈ থিয়ৈ ভাত কেইটামান নাকে মুখে সোমোৱাই দি থকা ঠাই ক’ত দিয়ে সেয়া জানিবলৈ যথাস্থানত উপস্থিত হ’লো।
ইতিমধ্যে কাৰোবাক কৰোবাক তেওঁ লোকৰ থকা ঠাই চাবলৈ পঠিয়াইছেই।
পিছে, এয়া কি? যি সকলক থকা ঠাই চাবলৈ পঠিয়াইছিল তাৰে চাৰি জনীয়া ছোৱালীৰ দলটোৰ বাদে আন কোনো এজনো তেওঁলোকক নিৰ্ধাৰণ কৰি দিয়া ঠাইত থকাত অসন্মত। চাগৈ, সেই ৰুম বোৰত সুবিধাৰ অভাৱ!!
মই বোলো, আজি হৈছে আৰু! ৰূমত নগৈ পোনে পোনে পেণ্ডললৈ শ্ব’ কৰিব যোৱাই হয় নেকি?

সন্ধিয়া ঠিক ৫ বজাত উপায়হীন হৈ থাকিবলৈ অনুপযোগী ৰূম এটাত আমাৰ দুজনৰ বস্তু বাহানি থলো। জেকা মজিয়াৰ
এচালীয়া টিনপাটেৰে তৰ্জা বেৰৰ দুখন বিচনা থকা কোঠাটোত মাজ মাৰলী ডাল মোৰ মুৰ টো যেনেকৈ লাগো নালাগো ঠিক তেনেকৈ চাৰ্ট এটা পিন্ধিবলৈ হাত খন দাঙি দিলে বেৰ খনত লাগো নালাগো। কাপোৰ-কানি বোৰ আৰি থব ৰচি বান্ধিবলৈ কোনো সুবিধাটো নাইয়েই, মোৰ ট্ৰেভেলিং বেগ দুটা কোনো মতেহে টিনৰ বাকচ এটাৰ ওপৰত থলো। তাৰে এটা বেগত থকা ষ্ট’ভ, বাচন বৰ্তন বোৰ এতিয়া থও ক’ত?
মোৰ লগত থকা সহকৰ্মী বাঁহি বাদক জন হেনো যোৱা বছৰ সেই ৰূমটোতেই আছিল। আৰু সেয়ে সি প্ৰায় উত্ফুল্লিত। কিয়নো একে ঠাইতে, একেটা কোঠেতেই পুনৰ থাকিব পোৱাটো থিয়েটাৰত থকা কৰ্মী সকলৰ বাবে কম সৌভাগ্যৰ কথা নে?
সেয়ে, বিভিন্ন ঠাইলৈ শ্ব’ কৰিবলৈ গৈ থকোতে কোনো শিল্পীয়ে বাটত পোৱা আগতে শ্ব’ কৰা ঠাই বা থকা ঠাই বোৰ গৈ থকা বাছৰ খিড়িকিৰে আঙুলিয়াই দেখুৱাই দি কিমান উত্ফুল্লিত হয় সেয়া চাগৈ দেখোৱা জনে ভাষাৰেই বুজাই দিব নোৱাৰিব!
ৰাতি শ্ব’ কৰি আহি বিচনাত পলিথিন এখন পাৰি তাৰ ওপৰত ভাত অনা টিফিনটো আৰু থাল খন থৈ গাল্ফ মবিলৰ বাল্টি টোত ঢাকনি খন লগাই মুড়া লেখিয়া কৰি ভাত কেইটা পেট ভৰাই খালো। মোৰ মবিলৰ বাল্টিটো প্ৰায়েই মুড়া কৰো, তেনে বাল্টি বিৰাট নিৰ্ভৰযোগ্য সোনকালে নাফাটে। সেই কাৰণেই তেনে বাল্টি মই থিয়েটাৰত থাকিলে ব্যৱহাৰ কৰো। থিয়েটাৰত মাল্টি পাৰপাছ বস্তু লৈ আহিলে বৰ সুবিধা।

থাল বাচন বোৰ সামৰি বিচনা খনত বহি তামোল খন চোবাই চিগাৰেট টোত হুপ এটা দিছোহে মাত্ৰ….
আঠুৱাৰ ফুটা খৰকি এটুপাল পানী মোৰ গাত পৰাত মোৰ গা শিয়ৰী উঠিল। ইফালে আন খন বিচনাত ভাগৰে জোগৰে বাঁহি বাদক জনৰ এতিমধ্যে নাক বাজিছিল। তত্ক্ষাণাত ওপৰলৈ চকু তুলি চোৱাত মোৰ চকু কপালত উঠিল।
নিয়ৰ পানীৰে টিনপাট এক্কেবাৰে চপচপিয়া হৈ আছে। বেগৰ পৰা গামোচা খন উলিয়াই আঠুৱা খনৰ ওপৰত দীঘল কৈ দি বেৰৰ ফাক বোৰেৰে ৰুমতো সোমোৱা ঠাণ্ডা বতাহৰ বোৰৰ পৰা হাত সাৰিবলৈ মুৰে গায়ে ডবল কম্বল লৈ প্ৰথম নিশাটো পাৰ কৰাৰ দৰে তিনি দিন পাৰ কৰি দৰঙীয়া হিচাবে উত্ফুল্লিত হোৱাৰ পৰিবৰ্ত্তে হতাশ মন এটা লৈ আন এটা থিয়েটাৰ যাত্ৰা সমৰি দৈপাম এৰিলো।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments