ভয় (-দীগন্তকুমাৰ ভটাচাৰ্য্য)

দেওবাৰে দুপৰীয়া দাড়ি কাটিবলৈ ৰেজৰখন বিচাৰি বিচাৰি নাপালোঁ। এওঁক কওতে মোৰ ওপৰতহে চিঞৰ। মই হেনো মোৰ কোনো এটা বস্তু ঠিকমতে ৰাখিব নোৱাৰোঁ। সন্ধিয়া বিয়া এখনলৈ যাব লাগে। দাড়ি কাটিবই লাগিব।
ৰামু নাপিতলৈ ফোন লগালোঁ। এইখিনি সময়ত সি চেলুন বন্ধ কৰি ভাত খাবলৈ যায়। তাৰ তাত মই চুলিহে কটাও, দাড়ি বাহিৰত নাকাটো।
‘মোবাইলটো দি যাবা, মাৰ লগত কথা পাতিব আছে। মোৰটোত জিৰ’ বেলেঞ্চ’। এহ্, দিলে নহয় এওঁ পিছৰপৰা মাতি!

দুপৰীয়া এক বাজি গৈছে। ৰামুৰ চেলুনত আন কোনো নাই। সোনকালেই সি মোৰ দাড়ি কটা শেষ কৰিলে। হঠাতে তাৰ মোবাইলটো বাজি উঠিল। ফোনটো ধৰিয়েই সি মোৰ ফালে চালে। ‘হয়’, ‘ও’, ‘হ’ব, পাৰিম’- সৰু সৰুকৈ কিছুদেৰি এনেধৰণৰ শব্দ কেইটামান মোৰ ফালে চাই চাই কৈ সি ফোনটো ৰাখিলে। আজি কিবা তাৰ মুডটো মই ভাল দেখা নাই। ভালকৈ কথাও পতা নাই। বহু মানুহে তাক পাগল বুলি কয়। এবাৰ হেনো দাড়ি কাটি থাকোতে কিবা খং উঠি এজনৰ ডিঙি ৰেপি দিছিল। পুলিচ কেচ আদিও হৈছিল বুলি শুনিছিলোঁ। পিছত মানুহজন বাচিল অৱশ্যে।
ৰামুৱে মোৰ ফালে চায়েই আছে একেথৰে। হঠাতে মোৰ খুব ভয় লাগিল তালৈ।
‘চাহাব, দুই মিনিট ৰ’ব’।
‘কি হ’ল আকৌ? দাড়ি কটা হ’ল নহয়?’
‘নাই, আৰু এবাৰ ফিনিছিং দিব লাগিব’।
আহিয়েই সি পুনৰ মোৰ গালত ছেভিং ক্ৰীম সানিলে। এখন নতুন ব্লেড উলিয়ালে। সি মোৰ ডিঙিটোৰ ফালে চাই আছে নেকি বাৰু। মই দাড়ি চেলুনত নাকাটোৱেই। তাতে ৰামুক বহুতে চাইক’ বুলিও কয়। কিন্তু সি মোক মাৰিব কিয়? কিবা কথাত বেয়া পাই আছে নেকি বাৰু নে এইমাত্ৰ অহা ফোনটোত কোনোবাই কৈছে মোৰ ডিঙিটোত ৰেপি…উস: মোৰ ভাবিবলৈ কষ্ট হৈছে।
‘ৰামু ও, তোক মই কিবা আগৰ বাকী-চাকী দিব আছে নেকি বাৰু?’
‘নাই’-ৰামুৰ গহীন উত্তৰ।

ৰামুৱে চলাই নিছে খুৰখন। চেলুনখনত এজন মানুহো নাই। চিঞৰিলেও কোনেও শুনা নাপাব। মাঘৰ ঠাণ্ডাতো ঘামিলোঁ মই……..।
‘চাহাব, হৈ গ’ল’। মই এক মূহুৰ্তও তাত নৰ’লোঁ। তাক টকা বিছটা দি দৌৰা-দৌৰিকৈ আহি ঘৰ পালোঁ।
শ্ৰীমতীয়ে মোলৈ চায়েই হাঁহি মাৰি ক’লে-‘আস: এতিয়াহে ভাল লাগিছে।’
‘কি ভাল লাগিলনো? আজি ভাল বাচি আহিলোঁ।’
‘তোমাৰ নামত চৰকাৰে পঞ্চাশ হাজাৰৰ ‘ইনাম’ ৰখা নাই কিন্তু নাকৰ তলৰ সেই চাৰি ইঞ্চিমান দীঘল মোঁচ কোচাৰ কাৰণে আমাৰ ঘৰৰ আশে পাশে যেতিয়া ৰাতি কোনোবা শিশুৱে কান্দে, মাকবোৰে ভয় খুৱায়-‘চুপ হৈ যোৱা, নহ’লে সেই মোঁচ থকা ভয় লগা ‘আংকল’ আহিব’। মোক ইয়াত সকলোৱে চিনাকি দিয়ে ‘মোঁচৰ ঘৈণী’ বুলি। মোৰ কি বেয়া নালাগে? সেই কাৰণেই আজি ৰামুক ফোন কৰি…….’
মই দৌৰি গৈ আইনাৰ সন্মুখ পালোঁগৈ। নোম গুচোৱা মুৰ্গীৰ দুই ঠেঙৰ মধ্যভাগৰ দৰে জিলিকি উঠিছে মোৰ নাকৰ তল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক