ভয়, প্ৰতাৰণা, উপলব্ধি – ৰিম্পী গগৈ

(১) ভয়

দেউতাকৰ বয়সৰ নৰপিশাচটোৰ ভ্ৰণে তাইৰ গৰ্ভত স্থিতি লোৱাৰ কথা গম পোৱাৰ পাছত, নমিতাই সমাজৰ আগত মুখ উলিয়াবলৈ ভয় কৰি নিজৰ শৰীৰটো শোৱনী কোঠাৰ চিলিং ফেনত ওলোমাই দিলে৷ ■■

(২) প্ৰতাৰণা

“প্ৰতাৰণা” নামৰ উপন্যাসখনৰ ৰচনাৰ বাবে মৃত সাহিত্যিক বন্ধুৰ প্ৰাক্তন প্ৰেমিকাই “অসম সাহিত্য সভা”ৰ তৰফৰ পৰা শ্ৰেষ্ঠ ঔপন্যাসিকৰ বঁটা লাভ কৰাৰ বাতৰি শুনি অনিৰ্বাণ চলিহাই সকলো কথাই বুজি পালে, কাৰণ মৃত বন্ধুৱে শয্যাগত অৱস্থাত মুখেৰে বৰ্ণনা কৰি যোৱা আৰু চলিহাই লিপিবদ্ধ কৰি ৰখা কাহিনীটোৰ সৈতে এইখন উপন্যাসৰ কাহিনী সম্পূৰ্ণ একেই, যিখন বহী কাহিনীটো লিখি সম্পূৰ্ণ হোৱাৰ পাছত মৃত বন্ধুৰ শিতানৰ পৰাই হেৰাইছিল৷ ■■

(৩) উপলব্ধি

এসময়ত সাধাৰণ কথাতে মাৰপিট, কাজিয়া কৰি ভালপোৱা উদণ্ড ৰক্তিম আজিকালি সলনি হৈছে৷ ৰক্তিম সেই দিনটোৰ পৰা সলনি হৈছিল যিদিনা ভয়াবহ পথ দুৰ্ঘটনাটো পাছত এসময়ত মুছলিম বুলি ঘৃণা কৰা অৰমানে ৰক্তিমক তেজ দি মৃত্যুৰ দুৱাৰদলিৰ পৰা উভটাই আনিছিল৷ এতিয়া ৰক্তিমে তাৰ সমনীয়া সকলক বুজাই যে মানুহৰ তেজত জাতি-ধৰ্ম নাথাকে৷ সকলো মানুহৰে একেই ৰঙা তেজ৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments