ভয় ( the fear) — মানস গগৈ

(১)
এতিয়াও কেতিয়াবা মাজে মাজে ভাৱো৷ তাই বাৰু এতিয়া কেনে আছে..? আগৰ দৰেই আছে নে? নে শকত হ’ল, বা ক্ষীণ? বিয়া বাৰু হ’লনে? এনেও চাগে’ হ’ল৷ ল’ৰাছোৱালী বা কেইটা৷ তাইৰ ল’ৰা ছোৱালীকেইটা বাৰু দেখিবলে কেনেকুৱা…? ? তাইৰ নিচিনাই হৈছেনে বাৰু? অলপ চাগে বয়সৰ আচোৰ পৰিছে৷ দেখিবলেও চাগে’ আগতকৈ অলপ বেয়া হ’ল৷ চুলিকোছা বাৰু আগৰদৰেই আছেনে..? নে পাতল হ’ল বাৰু? আলফুল ওঠঁ জুৰি চাগে অলপ শোঁতোৰা পৰিছে৷ চকুৰ গুৰিত চাগে……নাই মোৰ আৰু ভাবিবলে মন নগ’ল৷ তাই যেনেকৈ মোৰ মানস পটত জীৱন্ত হৈ আছে, তেনেকৈয়ে থাকক৷ কিছুমান বস্তু কেৱল স্মৃতিতেই ধুনীয়া৷ মোৰ প্ৰিয় মেঘালী চুলিকোছা, কলম কামোৰা আলফুল ওঁঠ জুৰি, ডাঙৰ ফ্ৰেমৰ চচমাযোৰ৷ তাই তেনেকৈয়ে থাকক৷ সদায়৷ চিৰন্তন৷ মই নাজানো তাই কোন আছিল, ক’ত আছে বা মোৰ জীৱনত এতিয়া কি গুৰুত্ব বহন কৰে? মোৰ বাবে তাই এতিয়া এটা দিঘল বাট অতিক্ৰম কৰি পিছলৈ ঘূৰি চাওতে ৰিণিকি ৰিণিকি দেখা পোৱা এটা মাইলষ্টন মাঁথো৷ যাৰ নিচেই কাষেৰে এদিন মই পাৰ হৈ আহিছিলো…..৷
(২)
কলেজৰ ফাইনেল পৰীক্ষাৰ আজি শেষ পৰীক্ষা৷ ল’ৰাবোৰৰ বেয়া লাগিছে যদিও তেনেকে একো নাই৷ ছোৱালী দুজনীমানে কিন্তুু বেছ চকু তিয়ালে৷ বেয়া লাগিছে৷ লাগিবৰে কথা৷ জীৱনৰ আটাইতকৈ মধুৰ সময়ছোৱাৰ সংগী এই মুখকেইখন আজি চাগে অন্তিম বাৰৰ বাবে একেলগে দেখিছে৷ বাকীকেইজনীৰো চকু সেমেকা৷ অৱশ্যে আমাৰো বেয়া লাগিছে৷ আজিৰ পাছত আৰু জীৱনত কাহানিও চাগে’ আমিবোৰ এনেকে একেটা ক্লাচত বহি উৎপাত কৰিবলৈ, কাজিয়া কৰিবলৈ একেলগ নহ’ম৷ যিবোৰ মানুহে আটাইতকৈ বেছি হঁহুৱাই, সেইবোৰেই বৰ সহজে আমাৰ চকু সেমেকাই যায়৷ জীৱনৰ বৰ আজৱ লজিক৷ মেঘালীয়েও কান্দিলে৷ তাইৰ চকুত দুটুপাল চকুপানী দেখিছিলো৷ তাই ৰুমালেৰে মচি লৈছিল যদিও চকিজুৰি সেমেকা৷ যেন আৰু অকণমান কথা ক’লেই চকুপানী ওলাই আহিব৷ নাকটোও ৰঙা হৈ পৰিছে৷ প্ৰিয়ংকা৷ তাই হাহিঁলে অকলে নাহাহে, লগত আৰু দুই তিনিটা ক্লাচ লৈ হাঁহে৷ কেতিয়াবা ভাবো, এইজনীৰ আচলতে মেটেলটো কি? যিটো কথাত কোনেও হাঁহিব লগা একো বিচাৰি নাপায়, তাতো তাই এষাৰ কথা নিজে লগাই সকলোকে হহুৱাব পাৰে৷ কেতিয়াবা তাই কোৱা কথাতকৈ তাইৰ হাঁহিটো দেখিও হাঁহি উঠি যায়৷ আজি তাইও নিশ্চুপ৷ চকুদুটা চলচলীয়া৷ সৰু সৰুকৈ কথা পাতিছে মাজে মাজে৷ মেঘালী আজি অলপ সময় কলেজতে ৰৈছে৷ নিবলৈও কোনো নাহে৷ খোজকাঢ়িয়েই যাব৷ যেন সকলোৱে যিমান সময় পাৰি সিমান সময় কলেজত ৰৈ যাব বিছাৰিছে৷ শেষবাৰৰ বাবে৷ মেঘালীয়ে ৰাতিপুৱা ধুই অহা চুলি৷ ভালকৈ শুকুৱা নাই৷ তাই মেলি থোৱা সেমেকা চুলিকোছৰ পানী লাগি তাইৰ পিঠিৰ ওচৰৰ ইউনিফৰ্মটোও তিতি গৈছে৷ একেদৰেই যেন তাইৰ তিতি থকা চকু দুটাই তাইৰ গাল খনো সেমেকাই পেলাইছে৷ উদাস৷ আজি যেন কলেজখনেই উদাস৷
মেঘালী বৰুৱা৷ ফাৰ্চট ইয়েৰ৷ মনত আছেনে…? ?
কিয় নাথাকিব? মোৰ লগত কথা পাতি চাৰ্ট ৰঙা কৰা ল’ৰা সদায় পোৱা নাযায়টো…! ! সামান্য হাঁহি৷
আজি শেষ পৰীক্ষা৷ মোৰ মাতত অস্থিৰতা স্পষ্ট৷
ওম৷ কেনেকুৱা হল? তাই যেন সহজ হ’বলৈ চেষ্টা কৰিছে৷
ভালেই আৰু৷ তোমাৰ?
বিন্দাচ।
তুমি মোৰ কলেজৰ প্ৰথম বন্ধু আছিলা৷ মোৰ মাতটো কঁপিছে৷
বন্ধু…? ?
চ’ৰি মানে আই মিন বান্ধবী৷
ওমমম তেতিয়াহ’লে মোৰো বন্ধু আৰু…৷ মোৰো প্ৰথম বন্ধু তুমিয়ে আছিলা……..
ছ’ আজি লাষ্ট দে৷ ইমান সোনকালে পাৰ হৈ গ’ল ন?
ইয়াহ…….
অলপ সময় নীৰৱে পাৰ হৈ গ’ল৷ ক’বলে যেন বহু কথা আছে কিন্তুু কাৰো মুখৰ পৰা এটা শব্দও ওলাই অহা নাই৷ মনটো উচপিচ লাগিছে৷ নাই একো ক’ব নোৱাৰিলো মই……..
বাই
বা…বাই….
তাই খোজ কাঢ়ি গৈ আছে৷ মোৰ পৰা ক্ৰমান্বয়ে আঁতৰি৷ মোৰ কাণত বাৰে বাৰে বাজি আছে…..৷ ‘তেতিয়াহলে মোৰো বন্ধু আৰু’’
ফেয়াৰৱেল আয়োজন কৰিছিল৷ মই যাব নোৱাৰিলো৷ লগৰ দুটাই বেলেগ বেলেগকে ক’লে-“তই নাহিলি কিয়? মেঘালীয়ে পাৰ্টী দিলে৷ তোক বিচাৰিছিল৷ তাই সেইদিনা ৰাতিয়েই গ’লগৈ শিৱসাগৰলৈ৷
যোৱাৰ সময়ত তাই সামান্য ষ্টাইলত কোৱা বাই টো বহু সময়লৈকে মোৰ কাণত এটা ব্যৱধানৰ অন্তৰৰে অন্তৰে বাজি থাকিল৷ কিজানি আজিও বাজি থাকে …… মাথো ব্যৱধানটো অলপ বেছি হৈছে৷
(৩)
মতা মানুহটো হোৱাৰ পাছতো মোৰ ভয় লাগে৷ হয় কিছুমান ভয়ে যেন মোক অনবৰতে খেদি থাকে৷ পিছ নেৰে৷ অৱশ্যে মই ইমান কাপুৰুষো নহয়৷ পিছে বজৰুৱা পুৰুষত্ব দেখুৱাই মই আনৰ আগত জহ মাৰিব নোৱাৰো৷ কেতিয়াবা লগৰবোৰে এই কথাকে লৈ মোক নগুৰ নাকতি নকৰাও নহয়৷ পিছে মোৰ চিধা কথা৷ মানুহে কোৱাৰ দৰে তিৰোতাৰ ওপৰত হাত উঠাই, হোটেলৰ বয়টোক তৰ্জন-গৰ্জন কৰি পৌৰুষ দেখুৱাত মই নাই৷ অৱশ্যে সকলো ক্ষেত্ৰতে মোৰ ভয় নালাগে৷ মই ৰাতি দুই বজাতো অকলে তিনিখন গাওঁ পাৰ হৈ ভাঁওনা চাই ঘৰলৈ ওভতিব পাৰো৷ ৰাতি বাহিৰত খুট খাট শুনিলে টৰ্চটো লৈ অকলে এপাক মাৰি আহিব পাৰো৷ কিন্তুু তথাপিও যেন সকলো সময়তে বুকুখন কিবা উচপিচাই থাকে৷ নাম নথকা ভয় এটাই সকলো সময়তে যেন মোৰ পিছ নেৰে৷ হৃদয়ৰ কোনোবা এটা চুকত যেন মোৰ দৰেই আৰু এটা মানুহ লুকাই আছে৷ মই তাক হেঁচামাৰি থৈ দিছো৷ ওলাবলে’ দিয়া নাই৷ কেতিয়াবা সেই মানুহটোৱেই যেন মোৰ চকুৱে মুখে অভিব্যক্তি হৈ মোৰ সকলো বিৰোধ ফালি চিৰি ওলাই আহিব খোজে৷ মই অসহায় হৈ পৰো৷ তেতিয়া মোৰ ভয় লাগে এনে সময়ত মোক কোনেও দেখি থকা নাইতো? ?
ৰাতি কেতিয়াবা সাৰ পাই মোৰ বুকুতে ভৰ দি শুই থকা বিৰিণাক যেতিয়া দেখো, হঠাৎ মোৰ মনত অহেতুক ভয় এটাই নৃত্যনাটিকা কৰিবলে আৰম্ভ কৰে৷ তাইৰ এই নিৰ্ভয় টোপনিটো, প্ৰাঞ্জল মুখখন, মই বাৰু সদায় এনেকৈ ৰাখিব পাৰিমনে…? তাইৰ কঁকাললৈকে অসাৱধানভাৱে খহি থকা গাওনটোৰ এই বিশ্বাস মই সদায়ে তাইৰ ওচৰত ধৰি ৰাখিব পাৰিমনে…? মোক মেৰিয়াই ধৰি থকা এই আলফুল হাত দুখনৰ বান্ধোনটো, মই বাৰু সদায় অটুট ৰাখিব পাৰিমনে…? এনেই ভাবো, কেতিয়াবা যদি তাই সিটো ৰূমৰ বিছনাখনত শোৱেগৈ, নাইবা মই এইটো মূৰে আৰু তাই যদি বিছনাৰ সিটো মূৰে শোৱে, মোৰ বাৰু সেইদিনা টোপনী আহিবনে…? ? ? বিৰিণাই যেতিয়া প্ৰাণখুলি হাঁহে, মই তাইক আলেঙ আলেঙে চাওঁ, তেতিয়াও মোৰ ভয় লাগে৷ এই হাহিঁটো কেতিয়াবা কেৱল স্মৃতি হৈ নাযায়টো? এক অহেতুক ভয়ে অজানিতে মোক কঁপাই যায়৷
মোৰ ঘৰৰ কাষৰে আনোৱাৰ আলি৷ তাৰ সৰু দোকান এখন আছে টাউনত৷ আগতে নলবাৰীত আছিল৷ তাত হেনো কোনোবাই তাৰ ঘৰ বাৰী জ্বলাই দিলে৷ সি ইয়ালৈ গুছি আহিলে৷ এইডোখৰ মাটি কিনোতে ময়েই তাক ভালেখিনি সহায় কৰিছিলো৷ মোৰ মনত আছে, ঝৰ্ণাৰ জন্মৰ সময়ত সি নিজৰ পৰিবাৰক ঘৰত অকলে এৰি পূৰা তিনিৰাতি মোৰ লগত হস্পিতেলত টোপনি খতি কৰিছিল৷ আনকি ঘৈণীয়েকে আমাৰ চোতাল সাৰি কেইবাদিনো মোক ভাত বনাই খোৱাই অফিচলৈ পঠাইছিল৷ এতিয়াও ঝৰ্ণা বাৰান্দাত ওমলি থাকিলে জীভাখন সিয়াঁৰি বা চোলাতো টান মাৰি থৈ নগ’লে তাৰ হেনো কিবা ভাল নালাগে৷ কেতিয়াবা তাই কান্দি দিয়ে৷ বিৰিণা কাম কৰাৰ পৰা দৌৰি আহে, সি অৱশ্যে তেতিয়ালৈ পলায়৷ বিৰিণাৰ গালিকেইটা শুনিবলে আৰু ৰৈ নাথাকে৷ কেতিয়াবা আনোৱাৰৰ ঘৰৰ ফালে চাই ভাবো, এতিয়ালৈকে জীৱনত এৰি অহা আন বহু সম্পৰ্কৰ দৰে এই নিস্পাপ সম্পৰ্ককেইতাও এদিন হেৰাই নাযায়টো? এয়াওতো এটা ভয়েই……
কেতিয়াবা আৰু কিছুমান ভয় লাগে৷ ঘৰৰে কুকুৰ চিক্কু৷ মানুহে কয় বোলে কুকুৰ যিমান বলিয়া হলেও নিজৰ মালিকক নাকামুৰে৷ কিন্তুু কেতিয়াবা ঝৰ্ণাক সি কামুৰি নিদিয়েতো..? ক’বতো নোৱাৰি একেলগে খেলি থাকে৷ আপোন বস্তু বোৰৰ পৰাহে বেছি ক্ষতি হয়৷ আকৌ কেতিয়াবা ভয় লাগে৷ ছোৱালী তুলিছো হয়, তাই বা আগলৈ কেনেকুৱা হয়গৈ…? তাই বাৰু ডাঙৰ হৈ আমাক পাহৰি যাব নেকি? আজিকালি যিবোৰ হে কথা ওলায় থাকে আমাৰ ঝৰ্ণাও যদি….উস…..৷ ৷ বুকুখন দহি যায়৷ কেতিয়াবা আগন্তুকৰ ভয়৷ দেউতাৰ বছৰে বছৰে শকত হৈ অহা চচমাযোৰ মাজে মাজে চাও৷ মোৰ তেতিয়াও ভয় লাগি যায়৷ দেওতাই বাৰু আজিকালি আমাক ধুঁৱলি কুঁৱলী দেখে নেকি? ময়োতো এদিন এই অৱস্থালৈ যাম৷ মোৰ বাৰু কেনে লাগিব তেতিয়া…?
কিছুমান বাস্তৱৰ ভয়৷ মোৰ সংসাৰখন থিকেই চলি আছে৷ মোৰ বাবে সেয়াও যেন ভয়৷ কেতিয়াবা কিবা অঘটন নহয়টো…? ? ৰাস্তাইদি গৈ থাকোতে সঠাৎ যদি মোৰ কিবা এটা হয় তেন্তে বিৰিণাৰ বাৰু কি হ’ব? ইয়াৰোটো একো নিশ্চয়তা নাই৷ এধানমান ছোৱালীজনী ঝৰ্ণাক এতিয়াৰে পৰাই শিকাও কোনোবা অচিনাকি খুৰা আৰু টুটু দাদাৰ নিচিনা মানুহে মৰ্টন দি কাষলে মাতিলে নাযাবা দেই৷ ৷ আগফালৰ যে ৰাস্তাটো আছে, তালে বলটো গুছি গ’লেও তুমি আনিবলে নাযাবা দেই৷ কেতিয়াবা বিৰিণা বিৰক্ত হৈ পৰে৷ ইমান নো চিন্তানে? তাই বাৰাণ্ডাত খেলি থাকিলেও তোমাৰ আপত্তি৷ অনবৰতে ঘৰত সুমুৱাই ৰাখিলেহে হ’ব৷ খেলাৰ বয়সত খেলিওবই৷ মোৰ খং উঠি যায়৷ মাক জনী হৈ কেনেকে ইমান নিশ্চিন্ত মনে থাকে বাৰু৷ মোৰচোন অফিচৰ পৰাও চেৰেং চেৰেংকে মনত পৰি থাকে৷ বিৰিণা অসা‌ৱধান হৈ থাকোতে তাই মোৰ তলতে থকা চাৰ্জাৰ পিনৰ বোৰ্ড খনত আঙুলি ভৰাই নিদিয়েটো? নাইবা কেনেবাকে গেট পাৰ হৈ বেৰ দি নোথোৱা আগফালৰ পুখুৰীটোলৈ গুছি নাযায় টো?
বিৰিণাৰটো একো খবৰেই নাই৷ কিমান কওঁ তাইক যে কি লাগে এদিন গৈ বজাৰ কৰি লৈ আনিবা৷ এই ফেৰীৱালা হৰেক মালৰ পৰা একো কিনিব নালাগে৷ এইবোৰক চল দিয়া ভাল নহয়৷ কিন্তুু তাই সেইদিনা বেছিবলে অহা মানুহ এটাৰ পৰা বেদ-কভাৰ আৰু কিবাকিবি কিনিছে৷ ঘৰত অকলে থকা গম পাই যদি পানী এগিলাচ খোৱাৰ চলেৰে সোপা দি ধৰে৷ ক’বতো নোৱাৰি সেইবোৰ মানুহ৷ কিমান তেনেকুৱা ঘটনা হৈয়ে থাকে৷ নিউজত দিয়ে থাকে৷ এইবোৰ মনত পৰিলে ভয় লাগিবৰে কথা৷ ক’লে আকৌ মই ভয়াতুৰ৷ আমুক তামুক যাহাতাহা কথা৷ মই অস্থিৰ হৈ পৰো৷
কোনোবা এটা ষ্টপেজত বাচ খন ৰ’ল৷ মুদি অহা চকুকেইটা মেলি এনেই ইফালে সিফালে চালো৷ মানুহ এজনীয়ে বজাৰ কৰিছে৷ কিবা কিনিছে৷ মোৰ ফালৰ পৰা মুখ খন দেখা নাই৷ মোনাতো পাতি হাউলী দিয়াত ফিৰফিৰিয়া চুলিকোছা তললৈ নামি আহিছে৷ মানুহজনীয়ে কাণৰ কাষেৰে চুলিকোছা আকৌ উঠাই লৈছে৷ হঠাৎ গাতো জিকাৰ খাই উঠিল৷ এক বিজুলী প্ৰবাহ যেন সৰ্বশৰীৰত সঞ্চাৰ হৈ গল৷ এই এই মিহি চুলিকোচা, এই লাহী হাতখন, মই যেন ক’ৰবাত দেখিছো৷ মোৰ যেন যুগ যুগান্তৰ চিনাকি৷ মানুহ জনী মোৰ ফালে ঘূৰাৰ আগতেই মই বেলেগ ফালে চালো৷ বুকুৰ ভিতৰত হেজাৰ ধুমুহা বলিছে৷ মোৰ ভয়টোৱে যেন আকৌ উক দি উঠিছে৷ বাচখন লাহে লাহে আগবাঢ়িছে৷ মোৰ সত যোৱা নাই পিছলৈ ঘুৰি মানুহজনীক এবাৰ চাবলৈ৷ এবাৰ বিৰিণাৰ এবাৰ ঝৰ্ণাৰ মুখ খন চকুৰ আগলৈ ভাহি আহিছে৷ চকু দুটা মুদি দিলো৷ টুকুৰাটুকুৰ কিন্তুু স্পষ্ট অন্য এখন মুখ লাহে লাহে চকুৰ আগলে ভাহি আহিছে৷ হেজাৰ চেষ্টা কৰিও মই বাধা দিব পৰা নাই……৷
(৪)
কলেজৰ প্ৰথম দিন৷ মনত শংকা আৰু অলেখ কিবাকিবি চিন্তা ভাৱনা কিছুমান৷ সেমেকা পুৱাটোত কলেজৰ প্ৰকাণ্ড গেট খনৰ সন্মুখত চুচুক-চামাককৈ ৰৈ আছো৷ সকলো নিজৰ নিজৰ কামত ব্যস্ত৷ কোনোবা এনেই থাকিবও পাৰে, কিন্তুু মোৰ ফালে কাৰো অকণো ভ্ৰুক্ষেপ নাই সেইবুলি৷ স্কুলত মই ষ্টেণ্ডত চাইকেলখন থোৱাৰ পাছতে চিঞঁৰ-বাখৰ আৰু হুৱাদুৱা এসোপা কাণত পৰেহি৷ লগৰ কিছুমানে আহি জোকাবলেই লাগে, কিছুমানে মই কাৰ লগত বহিম, কোন খিৰীকীৰ কাষত বহিব সেয়া ঠিক কৰাত লাগে৷ কেইটামানে আহি আকৌ আগদিনা আধৰুৱা হৈ ৰোৱাৰ পৰা কাজিয়াখন আকৌ আৰম্ভ কৰেহি৷ কাষেৰে পাৰ হৈ গ’লে চাৰ বাইদেও হঁতেও মাত এষাৰ লগাই যায়৷ ইয়াত মানে কলেজত সেইবোৰ একো নাই৷ কাষেদি চুট টাই পিন্ধা কেইজন মান লোক পাৰ হৈ গ’ল৷ প্ৰফেচাৰ হ’ব চাগে৷ নহ’বও পাৰে৷ নাজানো৷ মইটো কাকো চিনি নাপাও৷ লগৰ চিনাকিও নাই তেনেকে৷ এডমিচনৰ দিনা ল’ৰা এজনৰ লগত চিনাকি হৈছিলো, নামটো বা কি আছিল! ! দেখিলেহে চিনি পাম৷ এতিয়ালৈকে দুপাক অনাই বনাই কেম্পাচত হেবাংটোৰ নিচিনাকে ঘুৰি ফুৰিছো যদিও নিজৰ ক্লাচটোকে বিচাৰি উলিয়াব পৰা নাই৷ দাদা এজনক সুধোতে এইখিনিতে বুলি কৈছিল যদিও ইয়াতচোন দুটা হল আছে৷ কোনটো বা ফাৰ্চট ইয়েৰৰ৷ ইফালে ক্লাচো চলি আছে৷ সোমাই পেলাই সোধাৰ সাহস এতিয়ালৈকে নাইহোৱা মোৰ কলিজাত৷ উপায়হীন হৈ অসহায় ভাৱে ইফালে সিফালে চাই আমন যিমনকৈ বাৰান্দাতে খুটাটোতে আওজি ক্লাচ শেষ হোৱালৈ বাট চালো৷ ৷
ছোৱালীজনীৰো অলম’ষ্ট একেই অৱস্থা৷ তাইক কলেজৰ সন্মুখত কোনোবাই বাইকেৰে নমাই যোৱা দেখিছিলো৷ সম্ভৱ বাপেক হ’ব চাগে৷ তায়ো অকলশৰে ঘূৰি ফুৰিছে৷ মই ভাবি আছো ক্লাচতো শেষ হ’লেই কাৰোবাক ফাৰ্চট ইয়েৰৰ ক্লাচ এইটো হয় নে নহয় সুধিম৷ যদি নহয় বুলি কয়, তেন্তে আজি আৰু বিচাৰি নুফুৰো৷ যামগৈ৷ নকৰো ক্লাচ ফ্লাচ৷
ফাৰ্চট ইয়েৰৰ ক্লাচ কোনটো জানা নেকি?
ওম…. আচলতে ময়ো সেইটোৱেই বিচাৰি ফুৰিছো…! !
অ’ হয়নেকি? এইখিনিতে বুলি চাৰে দেখুৱাই দিছিলে, এইটোৱেই হ’ব লাগে৷
উস……. কি সাংঘাতিক ছোৱালী৷ প্ৰথম দিনা আহিয়েই চাৰৰ লগত কথা পাতিছে৷ মইটো তেতিয়ালৈকে চাৰহতঁৰ লগত কিবা কথা পতাৰ কথাটো কল্পনাই কৰিব পৰা নাছিলো৷
খুটাটোত আওঁজি নিদিবা৷ নতুনকৈ ৰং কৰা আছে, গোটেইখন ৰং লাগিব চাবা৷
অ হয়নেকি? ইয়ে লাগিলেই চোৱাচোন হাতত৷ মই মনেই কৰা নাছিলো৷ থেংকচ হা
ওম৷ ছ’ তুমিও ফাৰ্চট ইয়েৰলৈ আহিছা?
ওম৷ তোমাৰ নাম?
মানস৷ আৰু তোমাৰ? ? জীৱনত প্ৰথম ৰৰ বাবে এনেকুৱা লাগিল মোৰ নামটো ইমান বেয়া৷ কবলেকে লাজ লাগে৷
মেঘালী৷ মেঘালী বৰুৱা৷
তোমাৰ ঘৰ ইয়াতে?
নহয়৷ মোৰ ঘৰ শিৱসাগৰত৷ ইয়াত মামাৰ ঘৰৰ পৰা অহাযোৱা কৰিছো৷
কিয়? ? মই যেন অবাক্!
কাৰণ শিবসাগৰৰ পৰা ইয়ালৈ অহা যোৱা কৰি পঢ়িব নোৱাৰি আকৌ৷
কথাষাৰ কওঁতে সামান্য হাঁহি কৈ উঠা দেখিহে মই বুজি পালো যে কি বেলপুংৰ নিচিনা কথা সুধিছো মই৷ নিজৰ গালতে চৰিয়াও যেন লাগিল৷ বেল পৰিল৷
ক্লাচ কৰিবানে?
ওম কৰিম৷ ব’লা৷ তাইৰ মাতত মই যেন অলপ অপ্ৰস্তোত হৈ পৰিলো৷
আৰু শুনাচোন৷ তুমি মোক কলা খুটাৰ পৰা ৰং লাগিব বুলি, পিছে তুমি চোন নিজেই আওজি আছা৷ তোমাৰ খুটাটোতো ৰং লাগি আছে৷ এবাৰ নিজৰ চাৰ্টটোলৈ মন কৰিছানে? তাই কৈ কৈ খুকখুকাই হাহি উঠিল…..
ধেই ….. এবাৰ নিজৰ বগা চাৰ্ট টোলৈ চালো৷ ৰঙা ইটাগুৰি নিচিনা ৰঙেৰে ইতিমধ্যে চোলাটোৰ এটা ফাল চাব নোৱাৰা অৱস্থা..
(৫)
এফাল ৰঙা চাৰ্টটোৰে বহি আছো৷ বুকুত হেজাৰ ধুমুহা একেলগে বলিবলৈ লৈছে৷ এনে লাগিছে যেন সকলোৱে মোৰ চোলাটোৰ ফালেহে চাই আছে৷ লুকুৱাবলেও কোনো উপায় নাই৷ মেঘালীয়েও দুবাৰ চাইছে৷ মই নাৰ্ভাচ হৈছো৷ কিবা এটা লিখিবলেও যেন হাঁতত কপনি উঠিছে৷ খৰকৈ উশাহ ল’বলৈয়ো যেন ভয়, জানোছা চাৰে শুনা পাই দবিয়ায়৷ আলেঙে আলেঙে মেঘালীলৈ চালো৷ তাই ব্যস্ত হৈ আছে৷ মাজে মাজে খৰকৈ বহীত কিবা লিখে৷ ছোৱালীজনী ধুনীয়া৷ মানে বহুত ধুনীয়া নহলেও ধুনীয়া বুলি একেষাৰে কব পৰা ধৰণৰ ধুনীয়া৷ চিম্প’ল চুইত ধুনীয়া৷ পিঠিৰ আধালৈকে পৰা চুলি৷ চকুত কম পাৱাৰৰ এযোৰ চচমা৷ হাঁহিলে সামান্য দুটা দিম্পল পৰে৷ চকুযোৰ সামান্য পৰা পৰা৷ লিখি থাকোতে মাজে মাজে চাৰৰ ফালে চায়৷ চাই থাকি থাকিও কিবা লিখে৷ হাতত কেইযোৰ মান খাৰু আৰু এদাল সৰু সৰু মনি থকা ব্ৰেছলেট৷ মাজে মাজে চচমা যোৰৰ কাষেৰে বাৰে বাৰে নামি অহা চুলি কেইডাল মান উঠাই লয়৷ মোৰ ক্লাচত মন বহা নাই৷ কিয় জানো বাৰে বাৰে তাইলৈকে চকু যায়৷ এবাৰ চকুৱে চকুৱে পৰিল৷ তাই সামান্য হাঁহিলে, নে হঁহা যেন কৰিলে নাজানো৷
ছে: কথাতো বেয়া হল নেকি বাৰু? ? সঠাৎ সচকিত হৈ পৰিলো৷
কিন্তুু ইমান বছৰৰ পাছতো সেই হাঁহিতো মনত আছে৷ হাঁহো নেহাঁহোকৈ মৰা সেই হাঁহিটো৷ মোৰ বুকুত বলি থকা হেজাৰ ধুমুহা প্ৰশান্ত কৰা সেই হাঁহিটো৷ যিটো হাঁহিতে ৰ’দে হাঁহে৷ ফুল ফুলে, গছে কথা কৈ উঠে৷ সেই হাঁহিৰ মাজতেই বিমূৰ্ত হৈ পৰে সৃষ্টিৰ অপৰূপ সৌন্দৰ্য্যৰ কথ হেজাৰ সংযত কৰিব খুজিলেও কলেজত সকলো সময়তে মোৰ চকুজুৰি বৰ অবাধ্যভাৱে তাইলৈ যাব খোজে৷ গৰম দিনৰ গছৰ তলত মই৷ মেঘালী কেণ্টিনৰ ওচৰৰ পৰা ফিল্ডৰ মাজভাগত থকা লগৰ এজনীৰ কাষলৈ লাহেকৈ দৌৰিছে৷ মৃদু বতাহজাকত তাইৰ চুলিকোছা বাউলী হৈ পৰিছে৷ তাই খন্তেক ৰৈ সৰি পৰা চুলিৰ ক্লিপটো হাউলী বুটলিছে আৰু লগৰজনীক কিবা এটা কৈ কৈ অবিন্যস্ত চুলিচোছা দুই হাতে পিছফালে বান্ধিছে৷ চুলিকোছা বান্ধি থাকোতে তাইক যেন অলপ বেছি ধুনীয়া দেখাইছে৷ সামান্য ওপৰলৈ উঠি যোৱা তাইৰ আঁত খোৱা ইউনিফৰ্মটো, কোমল ৰ’দছাটি পৰি চিকমিকাই উঠা চুলিচোছা, আৰু কাটা এদাল কামুৰি ধৰি থকা আলফুল ওঁঠজুৰি…৷ চকু মুদিলেই এটা এটাকৈ সকলোবোৰ চকুৰ আগলৈ ভাহি আহে৷ এনে লাগে যেন সময়ক সাক্ষী কৰি সকলো হেৰুৱাই আজীৱন তাইৰ চৰ্তহীন প্ৰেমিক হৈ ৰৈ যাম……..
(৬)
নিয়মমাফিক চাৰি বজাত অফিচ বন্ধ হয় যদিও বছৰৰ প্ৰায় ৩০০ টা দিনেই ৬ মান বজালৈকে অফিচতে থাকিব লগা হয়৷ অৱশ্যে আক্ষেপো নাই তাৰ কাৰণে৷ আজিকালি অভ্যাস হৈ গৈছে৷ আক্ষেপ থাকিবলে হ’লে জীৱনত ৰং লাগে৷ নতুনত্ব লাগে৷ গতানুগতিক জীৱনত আক্ষেপৰ স্থান নাই৷ অফিচৰ পদূলিতে শেৱালি ফুল এজোপা আছে৷ চৰকাৰী অফিচ বাবে কোনেও নেসাৰে৷ গতিকে সৰা শেৱালিবোৰ কেতিয়াবা আবেলিলৈকে তলৰ ঘাঁহ দৰাতে পৰি থাকে৷ কেতিয়াবা আবেলিৰ চাহকাপ লৈ ফুলবোৰলৈ চাই অফিচৰ বাৰাণ্ডাতে বহো৷
কলেজৰ দুটা থিয়ৰীত একেৰাহে প্ৰায় ২০ পেজ লিখাৰ পাছত গেলা গৰমত দুঘণ্টা কেতিয়াবা তিনিঘণ্টা প্ৰেক্টিকেল ক্লাচত মূৰতো সিজাই লৈ যেতিয়া কেণ্টিনৰ ফালে আহো, তেতিয়া প্ৰায়ে মেঘালী গেটৰ ওচৰত মোমায়েকলৈ ৰৈ থাকে৷ কেতিয়াবা ৰাস্তাত ৰয়, কেতিয়াবা গছৰ তলত৷ কেতিয়াবা মোৰ ফালে চায়, কেতিয়াবা নাচায়৷ কেতিয়াবা আলেঙে আলেঙে চায় যদিও নাজানো৷ তাই বাইকত এফলীয়াকৈ বহি যায়গৈ৷ তাই যোৱা বাতেৰে যেন এজাক সেউজীয়াই পৃথিৱীখনক জীপাল কৰি নিয়ে৷ আজি কেতিয়াবা আবেলি বাৰান্দাত চাহকাপ লৈ ভাবো, মেঘালী বাৰু এতিয়া এইফালে আহিবনে? সেই এফলীয়াকৈ বাইকত বহি৷ নিজৰ চুলিকোছা পিতিকি পিতিকি৷ আৰু যদি আহে, তেন্তে আবেলিৰ এই মৰহা ফুল কেইপাহ তাই অহাৰ খবৰ পাই আকৌ জীপাল হৈ পৰিবনে…? ?
(৭)
তাই শেষৰ দিনা মোক কিয় লগ ধৰিব বিছাৰিছিল বাৰু? মই কাহানিও এই কথা জানিবলৈ চেষ্টা নকৰিলো৷ মোৰ ভয় লাগিল, কিজানি এনেকুৱা কথা এটা গম পায় যাওঁ যাৰ বাবে মোৰ বৰ্তমানটো বৰ অতৃপ্ত হৈ পৰে, সেই অনামী ভয়তে যেন মই পলাইছো৷ জীৱনৰ বাটত কিমান যে এৰি থৈ আহিলো৷ কিমান যে হেৰাই গ’ল৷ কেতিয়াবা ফেচবুকত চাৰ্চ কৰিব খুজিও ৰৈ যাও৷ নতুন ফ্ৰেণ্ড ৰিকুৱেষ্ট এটা আহিলেও গাটো জিকাৰ খাই উঠে৷ তাইৰ বাৰু মোৰ কথা মনত আছেনে তাই বাৰু এতিয়া কেনে অৱস্থাত আছে৷ ৷ যদি যদি এইবোৰ কথা বিৰিণাই গম পায় তেতিয়া….৷ নাই নাই মই অৰু ভা‌ৱিব নোৱাৰো৷ মোৰ ভয় লাগে৷ মই কেতিয়াও তাইৰ সন্মুখীন হব নিবিছাৰো৷ বজাৰ কৰোতে, যাত্ৰা কৰোতে, ট্ৰেইনত, বাচ ষ্টেচনত সকলোতে মোৰ চকুৱে কাৰোবাক বিচাৰি ফুৰে৷ ভয়ে ভয়ে৷ আলেঙে আলেঙে৷ কাৰোবাক বিচাৰি ফুৰে, যাক মই লগ পাবলৈ ভয় কৰো…৷ ৷ ভয় এনেকৈও লাগে………..
সঁচাকৈয়ে মই বৰ ভয়াতুৰ……….

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments