মই অন্যন্যা……… তোমাৰেই আন্মনা………(অনামিকা বৰা)

কি-লিং …. কি-লিং …. কি-লিং …. কি-লিং …….
বাহিৰত চাইকেলৰ বেলৰ শব্দ শুনি অভিনৱ ওলাই আহিল বাহিৰলৈ। হয়, সি ভবাৰ দৰেই পিয়নজন আহিছে। আজি দুদিনমানৰ পৰা সি এখন চিঠিলৈ অপেক্ষা কৰিয়েই আছিল। চিঠিখন হাতত লৈয়েই তাৰ মুখত এক হাঁহি খেলি গ’ল। হয়, সি বিচৰা চিঠিখনেই। তলত লিখা আছে, আন্মনা। মনটো ভাল লাগি গ’ল তাৰ।

সি খৰধৰকৈ ভিতৰলৈ আহি চিঠিখন পঢ়ি চালেহি। এক উৎসাহভৰা, প্রেৰণাভৰা চিঠি। শিহৰিত হৈ যায় তাৰ মন। কোন বাৰু এই আন্মনা, তাৰ শুভাকাংক্ষী! আচৰিত হৈ যায় সি। সি যোৰহাট, শিৱসাগৰ, ডিগবৈ, তিনিচুকীয়া, ডিব্রুগড় য’তেই তাৰ গানৰ অনুষ্ঠান নকৰক কিয় এই আন্মনাই সেই অনুষ্ঠান নিশ্চয় চাইছে । অলপতে সি ডুলীয়াজানত এক গানৰ অনুষ্ঠান কৰি আহিছে। আজিৰ এই চিঠি সেই অনুষ্ঠানক কেন্দ্র কৰিয়েই। কিন্তু এয়া কেনেকৈ সম্ভৱ বাৰু, এজনী ছোৱালীৰ পক্ষে যিকোনো ঠাইতেই গৈ তাৰ অনুষ্ঠান উপভোগ কৰাটো! প্রথমতে সি কোনোবাই এনেই বদমাচি কৰা বুলিয়েই ভাবিছিল । কিন্তু তাৰ মনৰ কথা যেনিবা সেই আন্মনাই বুজিহে পাইছিল। পিছলৈ তাই লিখিছিল, সেইদিনা আপোনাৰ “মায়াসনা তোমাৰ দুচকতে…” ইমান ভাল লাগিল। “আপোনাৰ অমুকতো গানে দৰ্শকক বেছ নচুৱাই দিলে দেই।“ “অমুক গানটো কিয় নাগালে? ইমান জনপ্রিয় গান আছিল”, ইত্যাদি ইত্যাদি। আচৰিত হৈ যায় সি কথাবোৰ ভাবি।
৹ ৹ ৹ ৹ ৹ ৹ ৹ ৹ ৹ ৹ ৹ ৹

ক্রিং ———— ক্রিং ———— ক্রিং ———— ক্রিং ————
“হেল্ল’ …… কোনে কৈছে ?”
“হেল্ল’ … অনন্যা,  মই অভিনৱে কৈছোঁ । ভাল তোমাৰ? অঞ্জন আছে নে ?”
“অ’ — অভিনৱদা, দাদা ঘৰত নাই নহয়। এইমাত্র ওলাই গৈছে। কিবা কামত ফোন কৰিছিলা নে ?”
“অঁ, কথা এটা আছিল। তোমাকো ক’ব পাৰি অৱশ্যে।”
“বুজিছোঁ । অলপতে অনুষ্ঠান কৰি আহিছা নহয়, আকৌ পালা হ’বলা এখন ?”
“ঠিকেই ধৰিছা ।”
“আচলতে কি জানা, তাই চাগৈ দেখিবলৈ বৰ ধুনীয়া নহয়। সেয়ে হয়তো তোমাৰ সন্মুখলৈ অহা নাই কেতিয়াও। জানোচা তোমাৰ ‘মুড্ অফ্’ হৈ যায়।” নিজৰ কথাত নিজেই হাঁহি উঠে আন্মনাই।
“জোকাইছা নহয়, ৰ’বা ককায়েৰাক কৈ দিম।” কৃত্রিম খঙেৰে কৈ উঠে অভিনৱে।
“বাৰু বাৰু কৈ দিবা। এই অভিদা, ক’বা নেকি কি কি লিখিছে আন্মনাই ?”
“নাই নকওঁ। আকৌ জোকাবাহে।”
“তেনেহ’লে থওঁ দিয়া। দাদা আহিলে ক’ম বাৰু তোমাৰ কথা।”
“অঁ — ক’বা, মই গধূলিলৈকে এপাক যাম বাৰু।”

অঞ্জন অভিনৱৰ বাল্যবন্ধু। আন কথাত ক’বলৈ গ’লে অঞ্জন আৰু অভিনৱ দুয়ো এটা মুদ্রাৰ ইপিঠি-সিপিঠি। স্নাতক তৃতীয় বৰ্ষৰ ছাত্র দুয়ো। অভিনৱ বৰুৱা যেনেদৰে এজন শিল্পী তথা গায়ক, তেনেকৈয়ে অঞ্জন দত্তও এজন সুনিপুণ গিটাৰ বাদক। বেচ ভাল গিটাৰ বজায় সি। তাৰ হাতত গিটাৰে যেন প্রাণ পাই উঠে। দুয়ো সদাই একেলগেই অনুষ্ঠান পৰিৱেশন কৰি আহিছে আৰম্ভণিৰে পৰাই। কেতিয়াবা যদি অঞ্জন যাব নোৱাৰে কিবা কাৰণত তেনে সেই অনুষ্ঠান আগতেই বাতিল কৰি দিয়ে অভিনৱে। ইমান বন্ধুত্ব সিহঁত দুটাৰ মাজত। অনন্যা এই অঞ্জনৰেই ভনীয়েক। উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্রী তাই। তায়ো ভাল গান গায়। কেতিয়াবা অভিনৱৰ সতে অনুষ্ঠানত একেলগে গীত পৰিৱেশনো কৰে। তাৰোপৰি তাই প্রায় সদায়েই যায়, সিহঁতৰ গ্ৰুপটোৰ সতে অভিনৱৰ অনুষ্ঠান উপভোগ কৰিবলৈ। ককায়েকো লগত থাকেই যেতিয়া চিন্তা নাই।
৹ ৹ ৹ ৹ ৹ ৹ ৹ ৹ ৹ ৹ ৹ ৹

গধূলি পৰত অভিনৱ ওলাই গ’ল অঞ্জনহঁতৰ ঘৰলৈ বুলি।
“অ’— অভিনৱ, আহ আহ। ভণ্টীয়ে কৈছিল তই আহিবি বুলি। বহচোন।” অঞ্জনে ক’লে অভিনৱলৈ চাই।
“কি কৰি আছিলি?” সুধিলে অভিনৱে।
“তোৰ বাবেই ৰৈ আছিলোঁ । পলম হোৱা দেখি নাহিবি বুলিয়েই ভাবিছিলোঁ । বাৰু বহচোন”
“অ’… হেৰি নহয়, ভন্টীয়ে কিবা এটা কৈছিল মোক। আকৌ হেনো………?”
“অঁ – অঁ, আজি পাইছোঁ এখন চিঠি। এই আন্মনাই দেখিছোঁ মোৰ চকুৰ টোপনি, পেটৰ ভোক নাইকিয়া কৰিহে এৰিব বুজিছ!”
“কিয় কি হ’লনো ? মই জনাতটো তাই বৰ উৎসাহভৰা চিঠিহে দিয়ে তোলৈ।”
“সেইবোৰতো ঠিকেই আছে। কিন্তু এইবাৰ কি লিখিছে জান! তাই হেনো আমাৰ কলেজতে পঢ়ে। মইযে তাইৰ বিষয়ে জানিব খুজিছোঁ সেয়াও তাই জানে । তহঁতি কিবা এটা কৰ ভাই। মই কিন্তু পগলা হৈ যাম এই আন্মনাৰ লগত।”
“ৰ-চোন ৰ, পগলা হ’ব নালাগে। আন্মনা নামৰ সেই তোৰ শুভাকাংক্ষীজনীযে তোলৈ চিঠি দিয়ে যাক তই চিনি নাপাৱ। গতিকে তোৰ মনত যে এটা কৌতুহল হ’ব, তাইক জানিবলৈ মন যাব সেইটো স্বাভাৱিক। তাকেই তাই বুজি পাইছে আৰু লিখিছে। অৱশ্যে আমাৰ কলেজতে পঢ়ে আৰু আমি চিনিব পৰা নাই আজিলৈকে সেয়াহে আচৰিত কথা!”
“চিঠিখনো নিজৰ হাতৰ আখৰেৰে নিলিখে নহয়। কম্পিউটাৰতহে লিখে। গতিকে আখৰ দেখি বোলে কেতিয়াবা চিনি পাওঁ সেয়াও অসম্ভৱ।”
“ভন্টিকে ধৰিব পাৰোঁ দেখোন আমি। তাইকে সুধিম ৰ। তাইৰ ক্লাচত আন্মনা নামৰ কোনোবা আছে নেকি সুধিব লাগিব। নতুনকৈ অহা ছোৱালীও হ’ব পাৰে অৱশ্যে। অথবা মিছাকৈয়ে কৈছে তাই আমাৰ কলেজৰ বুলি।”
“অনন্যাকেই সুধিব লাগিব ৰ।”
“ভন্টি নাই এতিয়া। তাইৰ বান্ধৱী মনালিচাৰ ঘৰলৈ গৈছে। তাইৰ বাৰ্থডে’ হেনো আজি। আহোঁতে পলম হ’ব বাবে মোক যাবলৈ কৈছে আঠটামান বজাত। মানে মই গ’লেহে আহিব পাৰিব তাই।”
“বৰ ভাল লাগে নহয় নে মনালিচাৰ ঘৰলৈ গৈ ? পিছে বাৰ্থডে’ হেনো বুলি ক’লি যে, তোক হ’বলা নামাতিলে ?”
“ঐ চুপ থাক দেই। বেছি হৈছে ………….”
“ঐ কৈ দে বুজিছ।”
“কি ?”
“তই বৰ কিবা দেই। কি আৰু, কৈ দে … মনালিচা …. আই লাভ ইউ। মই তোমাক ভাল পাওঁ ….. ”
“তই চুপ থাকিলিনে এতিয়াই ……… ”
“হাঃ ….. হাঃ ….. হাঃ ….. লাজতো চোৱা তাৰ! হাঃ ….. হাঃ ….. অ’কে অ’কে, মনে মনে ৰৈছো মই। কিন্তু পস্তাবি পিছত, কৈ থ’লো এতিয়াই। সময়ৰ শৰ সময়তে মাৰিব লাগে বুজিছ বন্ধু।”
“হ’ব বাৰু ধন্যবাদ।”
“ঐ অঞ্জন, বহুত দেৰি হ’ল দেখোন অ’। তই ওলা নহ’লে, ময়েই নমাই থৈ যাম তোক মনালিচাৰ ঘৰত।”
“তোৰ লগত গৈ মোৰ কি লাভ! আন্মনাৰ কথা ভাবি ভাবি তোৰ মগজে কাম নকৰা হ’ল যেন পাইছো। তোৰ লগত গৈ এই ৰাতিখন মই ভন্টিৰ সতে কিহেৰে ওভতিম! খোজকাঢ়ি ?”
“দিলি নহয় এপাট নহয়জানো ? ৰ, এবাৰ তাইক বিচাৰি উলিয়াওঁ, তাৰপিছত ……….”
“তাৰপিছত কি ?”
“এঃ, বহুত কিবাকিবি আৰু …………। বাৰু, মই তেনে এতিয়া যাওঁ, তয়ো ওলা। কাইলৈ কলেজত লগ হ’ম।”
“যা বাৰু। মই গৈছো ৰ বাহিৰলৈকে।”
৹ ৹ ৹ ৹ ৹ ৹ ৹ ৹ ৹ ৹ ৹ ৹

পিছদিনা কলেজত সোমায়েই অভিনৱে চাৰিওফালে চোকা দৃষ্টি ৰাখিলে। কোনোবা ছোৱালীয়ে বাৰু তাৰ ফালে চাই আছে নেকি জানিবলৈ। হঠাৎ সি দেখিলে দূৰৈত সেয়া অনন্যা। মনালিচা আৰু লগৰ দুজনীমানৰ সৈতে কথা পাতি আছে। ক্লাচ নাই চাগে এতিয়া সিহঁতৰ।
“এই অনন্যা ………….” অভিনৱে মাত লগালে।
“অ’… অভিদা,” আহিলা। ৰাতি টোপনি গ’লাতো ভালদৰে ?” অনন্যাই আগবাঢ়ি আহি সুধিলেহি তাক।
“কিয়, কি হৈছেনো মোৰ ?” আচৰিত হৈ সুধিলে অভিনৱে।
“নহয় মানে কালি দাদাই কৈছিল। তোমাৰ হেনো ৰাতিৰ টোপনি নোহোৱা হ’ল, পেটৰ ভোক……….”
“বদমাচটো।”
“কোন ?”
“কোন আৰু। তোমাৰ দাদা, মোৰ বন্ধু।”
“বৰু কোৱাচোন মোক কিয় মাতিছিলা ?”
“এই অনন্যা, তোমাৰ লগৰ কোনোবা আন্মনা নামৰ ছোৱালী আছে নেকি হে ?”
“আমাৰ ক্লাচতটো নাই। পিছে কিয় নো ?”
“নহয় মানে জানিব খুজিছিলোঁ। প্লিজ, তুমি অলপ সহায় কৰা না। হয়তো নতুনকৈ কলেজলৈ অহা ছোৱালীও হ’ব পাৰে। আমি ল’ৰাবোৰেনো কেনেকৈ বিচাৰোঁ। তুমিয়েই বিচাৰি চাবা নেকি এবাৰ ?”
“হ’ব বাৰু। বিচাৰিম মই তোমাৰ সেই আন্মনাক। পিছে এটা কথা নহয় ………….”
“আকৌ কি কথা হ’ল ?”
“তোমাৰ সেই আন্মনাজনীক তুমি ইমান বুৰ্বক বুলি কিয় ভাবিছা বাৰু ?”
“মানে ………. ?”
“মানে আৰু কি। যিজনী ছোৱালীয়ে নিজৰ হাতৰ আখৰকে তোমাৰ সতে চিনাকি কৰাই নিদিলে, তাই বাৰু তোমালৈ তাইৰ সঁচা নামটোকে লিখিব নে ? তাতে আকৌ কৈ ও দিছে একেখন কলেজতে পঢ়ে বুলি। তাই চাগে তোমাৰ ওচৰে-পাজৰে থকা কোনোবা ছোৱালীয়েই হ’ব। তথাপি মই বাৰু বিচাৰি চাম আন্মনাক। অ’, সৌৱা দাদা আহিছেই, তোমালোকৰ চাগৈ ক্লাচ আছে। ময়ো যাওঁ দিয়া, মনালিচাহঁত ৰৈ আছে।”
“অঁ যোৱা।”
৹ ৹ ৹ ৹ ৹ ৹ ৹ ৹ ৹ ৹ ৹ ৹

সেইদিনা ৰাতি পঢ়াৰ টেবুলত অভিনৱৰ অনন্যাই কোৱা কথাকেইটা বাৰে বাৰে মনত পৰি থাকিল। ঠিকেইতো কৈছে তাই। ইমান সাধাৰণ কথাটো তাৰ মনত কিয় নেখেলালে বাৰু ? আন্মনা নামটো সঁচা নাম নহ’বও পাৰে। সঁচাকৈয়ে তাৰ ওচৰে-পাজৰে থকা কোনোবা ছোৱালীয়েই হ’ব আন্মনা। যাৰ আখৰ দেখিলেও হয়তো সি চিনি পাই যাব। কোন হ’ব পাৰে বাৰু ? আচৰিত। ভাবি ভাবি তত নাপায় সি। পঢ়া টেবুলত বহি আছে যদিও বাৰে বাৰে অনন্যাৰ কথাকেইটাহে মনত পৰি আছে তাৰ। হঠাৎ তাৰ মুখত এক হাঁহি খেলি যায়। তাৰমানে ………… তাৰমানে ………… সঁচাকৈ সি এটা মস্ত বুৰ্বকহে! ইমানদিনে উঃ ……… “Yes, I got it, I find her.” …….. হঠাৎ তাৰ মুখৰ পৰা ওলায় যায় কথাকেইটা।

কিয় বাৰু সি ইমানদিনে বুজা নাছিল এই অকণমান কথাটিকে। অনন্যায়েইতো তাৰ প্রতিটো অনুষ্ঠানতে উপস্থিত থাকে, ককায়েকৰ লগে লগে গৈ। অনন্যাৰ আখৰো চিনি পায় সি। গতিকেই ……..। সদাই তাৰ ওচৰে-পাজৰে থাকি উৎসাহ দিয়া, কেতিয়াবা তাৰ গীতৰ কথাৰ কোনো শব্দ ইফাল-সিফাল কৰি “এনেকৈ গালেহে বেছি ভাল লাগিব নেকি” বুলি কোৱা কথাবোৰ এটা এটাকৈ মনত পৰি আহে তাৰ। এই সৰু সৰু কথাবোৰ সি বাৰু কেনেকৈ পাহৰি থাকিল ইমানদিন! অনন্যাৰ আগত সি এদিন কৈছিল আন্মনা নামটো তাৰ খুউব ভাল লাগে বুলি। আৰু সেয়ে হয়তো তাই সেই নামেৰেই ………। হাঁহি উঠি যায় তাৰ। তাইতো নাজানে, তাইলৈও কিমান মৰম লুকুৱাই থৈছে সি তাৰ অন্তৰত, কোনেও নজনাকৈ অতি সংগোপনে। অনন্যাৰ মৰমলগা মুখখন ভাঁহি উঠে তাৰ দুচকুত। কথা পাতিবৰ মন যায় তাৰ এই মূহুৰ্ত্তত অনন্যাৰ সতে। ফোন এটাকে কৰিব নেকি ভাবে সি মনতে। সময় চায় ৰাতি দহ বাজি গৈছে। নাই, নকৰে ফোন এতিয়া সি। তাই চাগৈ এতিয়া পঢ়াত ব্যস্ত, পঢ়ক। কাইলৈ কলেজতে ভাল চাৰপ্রাইজ এটাকে দিব লাগিব তাইক। ইমানদিন ভাল বুৰ্বক সজালে তাক আন্মনাই, অ’ …….. নহয় ….. তাৰ মৰমৰ …… অতি মৰমৰ অনন্যাই।
৹ ৹ ৹ ৹ ৹ ৹ ৹ ৹ ৹ ৹ ৹ ৹

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments