মই অসমীয়া (-ভৃগু ফুকন ডেকা)

মই অসমীয়া


ভৃগু ফুকন ডেকা

 

 

মই হিন্দু, মই বড়ো, মই
মুছলমান,
মই কাৰ্বি, মই ৰাভা, ময়েই
মিছিং আৰু তিৱা,
সাতো ভনীৰ তেজেৰে গঢ়া মই
অসমীয়া ।।
নালাগে মোক জাতি ধৰ্ম
কোনো সুকীয়া
এয়াই মোৰ
সংস্কৃতি জাতি অসমীয়া।।
বৈ আছে নিৰবধি বুঢ়া লুইত
কালৰ গৌৰৱ মাথোঁ লাচিতৰেই
ভূমিত।
চিফুঙৰ সুৰেৰে মই গাই যাওঁ
স্বদেশৰ গান,
সকলোতে প্ৰসিদ্ধ মই অসম
সন্তান।
শংকৰ, আজানৰে অমিয়া বাণী
একতাৰ ডোলেৰে বান্ধি ৰাখিম
আমি।
মই বড়ো, মই হিন্দু, মই
মুছলমান,
হাতে হাতে ধৰি আমি হওঁ আগুৱান।
পূৰ্বাঞ্চলৰ
জ্যোতি আমি মাথোঁ জ্যোতিষ্
কৰোঁ “অসম”, আমাৰ “অসম”
মহীয়ান।
দেশতকৈ মোমাই মোৰ ডাঙৰ
নহয়
হাতে কামে অসমীয়া মই
নকৰো ভয়।
মই ৰংপুৰীয়া, মই কামৰূপীয়া, মই
কমতাপুৰীয়া,
সকলোতে বিৰাজমান মই
অসমীয়া ।।
সৃষ্টিত মই, দৃষ্টিতো মই, ময়েই
কলা কৃষ্টি,
সুন্দৰৰ ৰূপেৰে মই আনো আশাৰ
বৃষ্টি।
ঝুমুৰ, সত্ৰীয়া, বিহু হুঁচৰি,
দেওধনী আৰু ওজাপালিৰে
সংস্কৃতিৰ বৰভেঁটি ৰখীয়া
ময়ে বৰ অসমৰ খাটি অসমীয়া।
বৰগীত, জিকিৰ, গোৱালপৰীয়া,
ৰচি যাওঁ গীতি অসমৰ
যাউতিযুগীয়া।
মই জ্যোতি, মই বিষ্ণু, ময়েই
হাজৰিকা
ঢোল, মাদল, টকা,
গগণাৰে পৰিপুষ্ট সম্ভাৰ মোৰ
সাতাম পুৰুষীয়া।।
মই কাৰ্বি, মই ৰাভা, ময়েই তিৱা,
সাতোভনীৰ তেজেৰে গঢ়া মই
অসমীয়া।
নিদিও যাবলে খহি;
সভ্যতাৰ এই এনাজৰী
আহ ওলাই আহ সমনীয়া
টঙালী বান্ধি আহ ঐ অসমীয়া,
আদৰৰ জাতিটো ৰাখোগৈ ধৰি
উজলাই ৰাখিম আমি আই অসমী।
মই বড়ো, মই হিন্দু, মই
মুছলমান,
মই কাৰ্বি, মই ৰাভা অসম
সন্তান।
চিঞৰি চিঞৰি গাম স্বদেশৰ গান
একেই আল্লা, একেই নবি, একেই
ভগৱান।
সোণালী দেশ মোৰ এইখন বৰ
অসম,
গৌৰৱে কওঁ মই “জয় আই অসম”

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments