মই অহল্যাই কৈছোঁ (ৰশ্মি কাশ্যপ)

মই অহল্যাই কৈছোঁ
বিশ্বাসহীনতাৰ যন্ত্ৰণাত আজিও কঁপে
মোৰ পাষাণ শৰীৰ।
ৰামৰ চৰণ স্পর্শ নালাগে
উভতি যাব নোখোজোঁ সেইখন সমাজলৈ
য’ত
চলনা, প্ৰতাৰণা আছে।
নাৰীৰ কান্দোন য’ত কোনেও নুশুনে
য’ত যুগৰ পৰা যুগলৈ অভিশাপৰ পোতাশালত পৰি ৰয় নাৰীসত্তা।
ঋষি গৌতমৰ পত্নী হোৱাৰ মিথ্যা মর্যদা নিবিচাৰোঁ।
পঞ্চসতীৰ পৰা কর্তন কৰা হওক মোৰ নাম।
কি পালো মই সেৱাৰ প্ৰতিদান
ত্যাগৰ মূল্য !
ইন্দ্ৰই কৰিলে চলনা
স্বামীয়ে তিৰস্কাৰ ।
অভিশপ্ত হৈ পৰি ৰ’লোঁ এটুকুৰা শিল হৈ ।
অপেক্ষা
অযোধ্যাৰ নৃপতি আহিব
মই আকৌ উশাহ ল’ম।
সেইজন ৰামেই মোৰ জীৱনদাতা হ’ব
যি বিশ্বাসহীনতাৰ বাবেই অন্তঃসত্বা সীতাক দলিয়াই দিছিল নির্জন অৰণ্যত ।
সকলোৱে ভাৱে
মই নুবুজোঁ
নেদেখোঁ একো।
প্ৰতিবাদৰ ভাষাহীনা নীপিড়িতা নাৰী।
মোৰ শৰীৰটোহে শাপিত শিল।
মোৰ আত্মা
মোৰ হৃদয়ক জানো ৰোধিব পাৰিব কোনো শক্তিয়ে?
ইযে নিষ্পাপ
নিস্কলুষ
সেউজীয়া।
মই উচুপি উঠোঁ
নাৰী সত্বাৰ অপমান দেখিলে।
দুচকু সেমেকে
মৌন প্ৰতিবাদ নৰজিলে
কোনে বুজিব
এইয়া যে পুৰুষৰ সমাজ
য’ত পদে পদে লাঞ্চিতা নাৰী।
সেয়ে হয়তো আজি মোৰ মুক্তিৰ আশা নাই।
নালাগে আহিব ৰাম
নালাগে মুক্তি।
এনেকৈয়ে সুখী মই
পৰি ৰ’ম অদূৰত
ৰ’দে পোৰা শিল হৈ
উচুপি উচুপি
মই অহল্যা।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক