মই আই.চি.ইউ.ৰ পৰা কৈছো-(অংশুমান বৰা)

সেইদিনা খুব জ্বৰ উঠিছিল মোৰ। ভীষণ জ্বৰ…সহ্য কৰিব নোৱাৰা জ্বৰ। এই বয়সত কোনোবাই কন্দা বুলি ক’লে হয়তো মানুহে হাঁহিব। কিন্তু মই স্বীকাৰ কৰিছোঁ, মই কান্দিছিলোঁ সেইদিনা। চিঞৰিবলৈ শকতি নাছিল । উচুপি উচুপি কান্দিছিলোঁ… মাৰ বুকুত মুৰ গুজি কৈছিলোঁ, “মা… মোৰ গাটো বৰ বেয়া লাগিছে।” মায়ে চিঞৰি দেউতাক মাতিছিল… মাৰ চকুজুৰিও চলচলিয়া হোৱা দেখিছিলোঁ । মোৰ কপালত হাত ফুৰাই কৈছিল, “চিন্তা নকৰিবি বাবা, মই আছো নহয়। তোক এতিয়াই ডাক্তৰৰ ওচৰলৈ লৈ যাম। সকলো ঠিক হ’ব।”- এয়াই মই সেইদিনা মাৰ মুখৰ পৰা শুনা অন্তিম বাক্য। তাৰ পাছ্ত মোৰ চকুৰ আগলৈ আন্ধাৰ নামি আহিছিল, ঘোপমৰা আন্ধাৰ ।
চকু মেলিয়েই নিজকে এটা বিশেষ কোঠালিত আৱিষ্কাৰ কৰিছিলোঁ। কোঠালিটোৰ গোন্ধটো চিনাকি। ক’ত পাইছিলো বাৰু??… অ’… দহ বছৰ আগতে ককাদেউতাৰ দুয়োটা বৃক্ক বিকল হোৱাত দেউতাই ইয়ালৈ আনিছিল তেওঁক। লগতে মা আৰু ময়ো আহিছিলোঁ। কোঠালিটোৰ ভিতৰলৈ সোমাবলৈ দিয়া নাছিল আমাক। নিৰ্দিষ্ট সময়ত এক বিশেষ পোছাক পৰিধান কৰি সোমাইছিলোঁ দেউতা আৰু মই । ককা শুই থকা বিচনাখনৰ দুই কাষে থকা কিছুমান অদ্ভুত শব্দ কৰা যন্ত্ৰ আৰু মুখত লগাই থোৱা এক প্লাষ্টিকৰ টুকুৰা দেখি ভয়তে দেউতাক সাৱটি ধৰিছিলোঁ।দেউতাক সুধিছিলোঁ, “এইটো কি বস্তু দেউতা?” “অক্সিজেন মাস্ক … কোনো মানুহৰ উশাহ নিশাহত কষ্ট হ’লে ডাক্তৰে অক্সিজেন মাস্ক লগাই দিয়ে”, দেউতাই কৈছিল। বহুদিন ধৰি কোঠালিটোত থকাৰ পাছতো ককা সুস্থ হৈ ঘৰলৈ উভটি যোৱা নাছিল। কি নাম আছিল কোঠালিটোৰ? …. আই.চি.ইউ. নেকি!! হয়..হয়…. “ইণ্টেণ্চিভ কেয়াৰ ইউনিট” । “মোৰো কিবা বেয়া বেমাৰ হৈছে চাগে, সেয়েহে ইয়াত ৰাখিছে” – মই ভাৱিছিলোঁ তেতিয়া ।
বগা চাদৰ পাৰি থোৱা বিচনা এখনত শুৱাই থৈছিল মোক। বিচনাখনৰ মোৰ মূৰৰ ফালটো অকনমান ওখ কৰি থোৱা আছিল। খুব জোৰ কৰিও নিজৰ হাতখন দাঙিব নোৱাৰিলোঁ, মুৰটোও দেখোন লৰাব পৰা নাই! কোঠাটোলৈ মা আৰু দেউতা সোমাই আহিছিল। মা বুলি মাতিবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু পৰা নাছিলোঁ। “আপোনাৰ ল’ৰাই সকলোঁ কথা শুনিব পাৰিব, চাবও পাৰিব, কিন্তু তেওঁৰ পৰা আপোনালোকে একো প্ৰত্যুত্তৰ নাপাব।”-ডাক্তৰ এজনে মা-দেউতাক কৈছিল । মায়ে দেউতাৰ কান্ধত মূৰ থৈ কান্দিছিল। দেউতাৰ চকুৰ একোণত জিলিকি থকা চকুলোৰ টোপালটো স্পষ্টভাৱে ধৰিব পাৰিছিলো মই। মায়ে মোৰ কাষতে বহি বহু সময় ধৰি মোৰ চকুলৈ চাই আছিল। হয়তো মই কিবা কোৱাৰ আশাত! পাছ্ত কপালত এটা চুমা খাই লাহেকৈ মোৰ ওচৰৰ পৰা আঁতৰি গৈছিল। আজি হয়তো প্ৰায় দুসপ্তাহ মানেই হ’ল এনেকৈ থকা। এতিয়া আগৰ দৰে মানুহবোৰ নহা হ’ল মোৰ খবৰ কৰিবলৈ। কেৱল মা আৰু দেউতা আহে এটা নিৰ্দিষ্ট সময়ত। দেউতাই একো নামাতে, মাত্ৰ মোৰ মূৰত হাত ফুৰাই আঁতৰি যায়। মায়ে মোৰ কাষতে বহি বহুত কথা কয়— ঘৰৰ খৱৰ, মামা-মামীৰ খৱৰ, মামাৰ ছোৱালী টিকলীজনীৰ খৱৰ। মোৰ পৰা একো উত্তৰ নাপাই বুলি জানিও মাৰ কথা কৈ ভাগৰ নালাগে। মাৰ এটাই আশা, মই সুস্থ হৈ উঠিম আকৌ । মা বুলি চিঞৰি মাতিম ।
যদি ভগৱান সঁচাকৈ আছে, তেন্তে সেই নিৰাকাৰলৈ মোৰ এটাই প্ৰাৰ্থনা…মোক সুস্থ কৰি তোলা মা-দেউতাৰ সেই সপোনবোৰৰ খাতিৰত যিবোৰ মই বাস্তৱ কৰিব নোৱাৰিলোঁ। সেই আশাবোৰৰ খাতিৰত, যিবোৰ পুৰণ কৰিবলৈ মই এতিয়া অসমৰ্থ। ভগৱান … শুনিছানে তুমি? দেখিছানে মাৰ চকুলোবোৰ, দেউতাৰ সেই ফাটি যোৱা কলিজা? এইফালে চোৱা ভগৱান… মই কৈছো… আই.চি.ইউ.ৰ পৰা কৈছোঁ।
(গুৱাহাটীৰ এখন আগশাৰীৰ হাস্পতালৰ আই.চি.ইউ.ত দেখা এজন ৰোগীৰ মনৰ কথাৰে)
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments