মই আলেকজেণ্ডাৰ ছেলকাৰ্কে কৈছোঁ.. (উজ্জ্বল ফুকন)

 

 

অকলশৰীয়া মেঘ এটুকুৰাৰ মাজত বহি আছে ছেলকাৰ্ক ।  পৃথিৱীৰ সেই নিৰ্জন দ্বীপটোৰ নিসঙ্গ জীৱনটোৱে যেন তেওঁক আজিও অকলশৰীয়াকৈ থাকিবলৈ প্ৰেৰণা দি আছে ।  আজি এলভীছ আৰু বব মাৰ্লীৰ সাংস্কৃতিক সন্ধিয়া আছে ।  তাকে যাব নে নাযায় ভাবি চিগাৰেটটোত হোঁপা এটা মাৰি তলৰ পৃথিৱীখন চাই আছে ছেলকাৰ্কে ।

“অই কি মূৰটো ভাবি আছ ।  আমিও তোৰ লগত আছো পাহৰি নাযাবি ।  অকলশৰীয়াকৈ থাকি ইমান ভাল পাৱ যে তই কি আলেকজেণ্ডাৰ ছেলকাৰ্ক নেকি? ছিগাৰেটৰ ধোঁৱাবোৰ উৰুৱাই সৌ ডাৱৰ টুকুৰাটোক কিয় ডাঙৰ কৰিছ ?”

ছেলকাৰ্ক বহি থকা ডাৱৰ টুকুৰাটোলৈ আঙুলিয়াই চাৰিআলিৰ পান দোকানত আড্ডা মাৰি থকা ফুকলীয়া দুটামানে লগৰ এটাক ক’লে ।

ছেলকাৰ্কৰ টিঙিছকৈ মূৰটো গৰম হৈ আহিল “হুহ, ইহঁতে মোক কি বুলি ভাবিছে ।  কোনোবাই অকলশৰীয়াকৈ বহি থাকিলে বুলিয়েই মই হৈ যাম নেকি ? কথা নাই বতৰা নাই মোৰ নামত স্কুলৰ কিতাপত গল্প থাকিব ।  আৰু কিবা বোলে তাৰপৰা মই যেন কিবা ৰয়েল্টি পাইছোঁ ।  হেৰৌ এই বুঢ়া আঙুলিটো পাইছোঁ ।  মোৰ কথা পঢ়ি কোনোবাই হাঁহি হাঁহি কয় ‘ভাল পগলা এটা আছিল দেই এইখন পৃথিৱীত । ‘ কোনোবাই আকৌ মই কেনেকৈ ইমানদিন জীয়াই আছিলোঁ তাকে ভাবি হতবাক হয় ।  আন কোনোবাই আৰন ৰালষ্টনৰ ওপৰত আধাৰিত ‘127 আৱাৰচ’ চিনেমাখন চাই নখ কামুৰি দিয়ে ।  তাৰ নিচিনা সাহসী হয়তো বহুত কম আছে ।  কিন্তু মোৰ চাৰি বছৰৰ নিৰ্জন দ্বীপটোত কৰা সংগ্ৰামৰ কথা কিমানে ভাবে ? বা ভাবিলেও কেনেকৈ ভাবে ? কেতিয়াবা এনে লাগে যেন মোৰ জীৱনৰ পৰা অনুপ্ৰেৰণা পাই লিখা ৰবিনছন ক্ৰুছ’ৰ চৰিত্ৰটো মোতকৈ বেছি বিখ্যাত ।  মোক আজি মনত পেলাই হাঁহিবলৈ বা নিসঙ্গতাৰ প্ৰতীক হিচাপে বুজাবলৈ ।  কিন্তু মই জানো জানি বুজি আছিলোঁ তেনেকৈ ? বাধ্যত পৰি তেনেকৈ থাকিব লগা হৈছিলোঁ মই ।  কিন্তু তহঁতটো বাধ্য নহয় ? অ’ মই আলেকজেণ্ডাৰ ছেলকাৰ্কে কৈছোঁ ‘কোনে তহঁতক বাধ্য কৰাইছে ভিৰৰ মাজত অকলশৰীয়া অনুভৱ কৰিবলৈ । ‘”

হঠাৎ ৰিপ ভান উইংকল আৰু এলিছৰ লগত ক’ৰবাৰপৰা ওলালহি ৰবিনছন ক্ৰুছ’ ।  ইহঁত যদিও কাল্পনিক চৰিত্ৰ বুলি জানিছিল ছেলকাৰ্কে তথাপিও ইহঁতে নিজকে জীৱন্ত চৰিত্ৰ বুলি প্ৰচাৰ চলাই নৰক পালেহি ।  ছেলকাৰ্কৰ এটাই প্ৰশ্ন ‘ইহঁতৰ ভোটাৰ লিষ্টত নাম কেনেকৈ উঠিল? আৰু বাৰ্থ চাৰ্টিফিকেট নোচোৱাকৈ যমৰজাই ডেথ চাৰ্টিফিকেট কেনেকৈ ইছ্যু কৰিলে ।  গোটেইকেইটা ভুৱা ।  কিন্তু ছেলকাৰ্কে একো নকয় সিহঁতৰ বিৰুদ্ধে কাৰণ ডকুমেন্ট পক্কা কৰি থৈছে তিনিওটাই ।  আৰু লেমিনেট কৰি কৰ্ণৰ কৱচৰ দৰে লগত লৈ ফুৰে ।  ৰিপ আৰু ক্ৰুছ’ দুয়োটা এলিছৰ প্ৰেমত পাগল ।  ৰিপ মাজতে ছিনড্ৰেলাৰ পিছত দৌৰিছিল কিন্তু তাই চুলিখিনি বয়জ কাট কৰি দিয়াৰপৰা ৰিপে এলিছৰ পিছত আছে ।

সুবিধা পালেই ৰিপে এলিছক প্ৰপ’জ কৰে ।  কিন্তু প্ৰত্যেক বাৰেই এলিছ টোপনিৰ মাজেৰে ৱাণ্ডাৰলেণ্ড পায়গৈ ।

“মোক মনত পেলাইছিলা নেকি ছেলকাৰ্ক ?” ক্ৰুছ’ই মাত লগালে ।

“নাই যুধিষ্ঠিৰৰ কথা ভাবি থাকোঁতে তোমাৰ কথা মনত পৰিল ।  দুয়োজন সত্যৰ ওপৰত প্ৰতিষ্ঠিত যে । ” ছেলকাৰ্কে উত্তৰ দিলে ।

“কিন্তু মই দেখোন তুমি কাৰোবাক গালি পাৰি থকা যেন শুনা পালো । ” এলিছৰ মিঠা মাতটো ভাহি আহিল ।

“মইও শুনিছিলোঁ ।  মইও শুনিছিলোঁ । ” ৰিপে ক’লে ।

“ৰিপ, ৰেষ্ট ইন পিচ ।  যদি এলিছে কৈছে তাই শুনিছে বুলি তেন্তে মইও শুনিছোঁ । ” ক্ৰুছ’ই ৰিপলৈ চাই কলে ।

 

“তহঁতক কোৱা নাই ।  এই পৃথিৱীৰ ভিৰৰ মাজত নিসঙ্গ হৈ থকা মানুহবোৰক কৈছোঁ । ” ছেলকাৰ্কে কলে ।

“সৌ ৰিটায়াৰ্ড মাষ্টৰৰ জীৱনলৈ চা এবাৰ ।  জীৱনটো ল’ৰা ছোৱালী পঢ়াই উপযুক্ত কৰোঁতেই চুলিত ৰূপালী ৰং লাগিল ।  কেটেৰেক্ট পৰা চকু দুটাৰে মাষ্টৰ বাটত উজুটি খালেও আগবাঢ়ি অহা সহায়ৰ হাতখন ৪০ বছৰ পুৰণা চিনাকি হাত ।  শোটোৰা পৰা ছালৰ মাষ্টৰনীয়ে যেন প্ৰতিটো খোজ বুজি পাই মাষ্টৰৰ ।  ল’ৰা ছোৱালী এতিয়া হাজাৰ মাইল দূৰত ।  সপ্তাহত সময় পালে এবাৰ ফোন কৰে ।  কেতিয়াবা মাষ্টৰ বা মাষ্টৰনী যিকোনো এজনক কোনোবা এটাই জোৰ কৰি লৈ যায় ‘বলা কেইদিনমান আমাৰ ঘৰত থাকি আহিবা বুলি । ‘ কিন্তু সেয়া সিহঁতৰ মৰমৰ মুখা বুলি লাহে লাহে দুয়োজনে বুজি পাইছিল ।  ল’ৰা বোৱাৰী চাকৰিৰ নামত দিনটো নাথাকে আৰু পেন্দুকণা ল’ৰা ছোৱালী মাষ্টৰনীৰ কোলাত এৰি থৈ যায় ।  এই বয়সত ইজনে সিজনক এৰি থকাৰ দুখ অকলশৰীয়া হৈ থকাতকৈও বেছি ।  কথাখিনি কৈ ছেলকাৰ্কে মাষ্টৰৰ ঘৰৰ ফালে জুপি চালে ।  বুঢ়া বুঢ়ী জোপোকা মাৰি সন্মুখৰ ৰাস্তাটোলৈ চাই বহি আছে ।  পাৰ হৈ যোৱা প্ৰতিজন মানুহক আশাৰে চাইছে কিজানি কোনোবাই এবাৰ খবৰ লয় ‘চাৰ, বাইদেউ ভালনে আপোনালোকৰ ?’ নাই কাৰো আহৰি নাই ।  দ্ৰুতবেগী পৃথিৱী ।  আগতে মাষ্টৰক সন্মান দেখুৱাই চাইকেলৰপৰা নামি দিয়া যুগটো লোপ পোৱা বহু বছৰ হ’ল ।  হাফ পেডেল মাৰি আঁঠুৰ ছাল ছিগি চাইকেল শিকাৰ যুগটো কাহানিবাই হেৰাল ।  এতিয়া দাড়ি নোলাওঁতেই চেল্ফ ষ্টাৰ্ট দি পালছাৰত উৰাৰ যুগ ।  মাষ্টৰনীৰ চকুৰ কোণত জিলিকি থকা টোপালটোৱে বুজাই দিয়ে ‘উচ্চ শিক্ষাৰ পিছত দৌৰি থাকোঁতে প্ৰাইমেৰী স্কুলৰ নীতিশিক্ষাত ঘুণে ধৰিলে ।  ঘৰৰ মুখত থকা বুঢ়া আঁহতজোপা আৰু তেওঁলোকৰ মাজত পাৰ্থক্য তেনেই কম যেন অনুভৱ হয় ।  মৃত্যুৰ ক্ষণ গণি ইটোৱে সিটোৰ মুখলৈ চাই যেন বহি আছে তিনিওটা ।  মাষ্টৰ, মাষ্টৰনী আৰু বুঢ়া আঁহতজোপা ।  আৰু তহঁতে মোক হাঁহ নিসঙ্গ, অকলশৰীয়া বুলি । ” ছেলকাৰ্কৰ যেন সেই ফুকলীয়া ল’ৰাকেইটাৰ ওপৰত উঠা খঙটো তেতিয়াও মাৰ যোৱা নাছিল ।

“ অ’ মই আলেকজেণ্ডাৰ ছেলকাৰ্কে কৈছোঁ ।  আনলৈ বাট চাই থাকিব নালাগে কোনোবাই তোমাৰ খবৰ ল’ব বুলি ।  নিজে আগুৱাই গৈ মাত লগোৱা ।  এটা ধুনীয়া হাঁহি উপহাৰ দি খবৰ বাতৰি লোৱা ।  দহজনে ভ্ৰূক্ষেপ নকৰিলেও এঘাৰ বা বাৰ নম্বৰ জনেটো সঁহাৰি দিব ।  ভিৰৰ মাজত অকলশৰীয়া হৈ জীয়াই থকাতকৈ ভিৰৰ এজন হৈ জীয়াই থকাই শ্ৰেয় । “

অ’ মইও ৰিপ ভান উইংকলে কৈছোঁ “আমি কেতিয়াও অকলশৰীয়া নহওঁ ।  এলিছ আৰু মই অতি সোনকালে যুগ্ম জীৱন আৰম্ভ কৰিম । “

এলিছে কথাটো শুনি ক্ৰুছ’ৰ গাত ঢলি পৰিল ।  হয়তো হনিমুনৰ ঠাই বিচাৰি ৱাণ্ডাৰলেণ্ড পালেগৈ ।  কিন্তু ছেলকাৰ্কে ঠিক বুজি নাপালে তাই হনিমুনৰ বাবে কাৰ লগত যাব ।

ক্ৰুছ’ই এলিছৰ মূৰটো আলফুলে চুই এটা সাফল্যৰ হাঁহি মাৰিলে ৰিপলৈ চাই ।  হনিমুনৰ ঠাই আৰু আহি থকা ল’ৰাটোৰ নাম ভাবি পেলালে ৰবিনছন ক্ৰুছ’ই “পেৰিছ আৰু ফ্ৰেন্সবীনছন ক্ৰুছ'”

হঠাৎ ছেলকাৰ্কৰ চিঞৰত সিহঁত আকৌ বাস্তৱলৈ ঘূৰি আহিল ।

“আৰু কি ভাবিছ সেই ল’ৰা ছোৱালীবোৰ সুখত আছে বুলি ? না..সিহঁত আৰু অসুখী ।  বছৰে বছৰে লক্ষ্য সলনি হয় ।  প্ৰথম লক্ষ্য এটা ভাল চাকৰি ।  লগে লগে হিয়া দিয়া নিয়া আৰু তাৰপিছত বিয়া ।  ইয়াৰ পিছত দেখা দিয়েহি এটা নম্বৰ আৰু তিনিটা আখৰ ২ bhk বা ৩ bhk ।  ফ্লেটৰ পিছত দৌৰ ।  তুমি মই এদিন ঘৰ সাজোঁতেই মূৰৰ চুলি ধুলি হৈ উৰি যায় ।  নাজানোঁ ইমানকৈ কিহৰ পিছত দৌৰি আছে সিহঁত ।  হয়তো সুখ ।  কিন্তু সুখ জানো বাচমতি চাউলৰ মাজত আছে বা সেই ৩ bhk ফ্লেটটোৰ ভিতৰত ।  সুখ আছে মনে মিলা মানুহ বা মনে কৰি ভাল পোৱা কামৰ মাজত ।  সুখৰ সংজ্ঞা আকৌ মানুহ বিশেষে বেলেগ বেলেগ ।  কাৰোবাৰ মতে সুখ দামী চিগাৰ এটা লৈ ধোঁৱা উৰুৱাই থকাত ।  আন কাৰোবাৰ মতে সুখ কেইটামান ল’ৰাই এটা চিগাৰেটক বেশ্যাৰ দৰে ব্যৱহাৰ কৰি আড্ডা মৰাত । “ঠিক কৈছ ছেলকাৰ্ক । ” ৰিপে ছেলকাৰ্কলৈ চাই কলে ।

“সুখৰ মৰীচিকাৰ পিছত দৌৰি ভাগৰি শেষত ইহঁত সুৰাৰ ৰাগীত পৰে ।  হয়তো অতীতলৈ ঘূৰি চাই আৰু কয় ‘আগৰ দিনবোৰেই ভাল আছিল বুজিছ ।  শুবলৈ কাৰ্লনৰ মেট্ৰেছ নাথাকিলে কি হ’ল টোপনি আহিবলৈ শ্লিপিং টেবলেট খাব লগা নহৈছিল । ‘”

“টুইটাৰ-ফেচবুক-ইউটিউব-ভিডিঅ’ কনফাৰেন্সিং আদিৰ মাজেৰে পৃথিৱীখন আজি তেনেই সৰু আৰু তাতোকৈ সৰু মানুহৰ মনবোৰ ।  জীৱনৰ নামত সৰু শামুকৰ খোলাৰ দৰে কিবা এটা তৈয়াৰ কৰাত ব্যস্ত সকলো ।  মাজে মাজে জুমি লোকৰ জীৱন খোলাটো চাই হিংসাত জ্বলি উঠে আৰু আকৌ নিজৰ খোলাটো ভালকৈ তৈয়াৰ কৰাত ব্যস্ত হয় ।  ‘আই মি এণ্ড মাইচেল্ফ’ এইবোৰত বিশ্বাস কৰা মানুহৰ সমাজত থকাৰ কি প্ৰয়োজন ।  ইহঁত আচলতে ছেলকাৰ্ক বা ক্ৰুছ’তকৈও নিসঙ্গ । ” ৰিপে সেই ফুকলীয়া কেইটালৈ উদ্দেশ্যে ক’লে যদিও পৰোক্ষভাৱে ক্ৰুছ’ যে নিসঙ্গ হৈ থাকি ভাল পায় সেয়া এলিছক বুজাই দিলে ।

ছেলকাৰ্কে আকৌ চিঞৰি উঠিল “মই আলেকজেণ্ডাৰ ছেলকাৰ্কে কৈছোঁ তহঁত নিজৰ ইচ্ছাতে এন্ধাৰত থাকি ভালপোৱা মানুহ ।  তহঁত আচলতে একো একোটা ‘এনি জেণ্ডাৰ চেল্ফ ডাৰ্ক’ ।  জোনাকী পৰুৱাৰ দৰে হ’ব নোৱাৰ নে তহঁত ।  কম হ’লেও কি হ’ল, নিজক জ্বলাই আনক অলপমান পোহৰ কৰি যায় । “

“তই বাৰে বাৰে কথা কোৱাৰ আগতে কিয় ছেলকাৰ্কে কৈছোঁ বুলি কৱ ?” ক্ৰুছ’ই সুধিলে ছেলকাৰ্কলৈ চাই ।

“আৰু ৰিস্ক নলওঁ অ’ জান ।  যি কম বা কৰিম একেবাৰে পেটেণ্ট কৰি যাম যাতে কোনেও নকল মাৰি বিখ্যাত হ’ব নোৱাৰে । ” ছেলকাৰ্কে সুবিধা পাই ভালকৈ দিলে এচাট ক্ৰুছ’ক ।  ৰিপৰ মুখৰ হাঁহিয়ে বুজাই দিছে সি কিমান ভাল পাইছে ক্ৰুছ’ৰ ৰঙা হৈ যোৱা মুখখন দেখি ।

চিগাৰেটটোত শেষ হোঁপাটো মাৰি ফুকলীয়া কেইটাৰ ফাললৈ দলিয়াই ছেলকাৰ্ক মেঘৰ মাজেৰে দূৰলৈ আগুৱাই গৈ থাকিল ।  পিছে পিছে সিহঁত তিনিওটা আগবাঢ়িল ।  ছেলকাৰ্কে সিহঁতলৈ চাই কলে “প্ৰেছলী আৰু মাৰ্লিৰ প্ৰগ্ৰাম চাব যাওঁ ব’ল ।  অলপ মনটো ভাল লাগিব । “

এন্ধাৰে আগুৰি ধৰা আকাশখনৰ কোনোবা এটা মূৰৰ পৰা অলপ পোহৰে দেখা দিছিল ।  হয়তো প্ৰগ্ৰাম আৰম্ভ হৈছে ।

দূৰৰ পৃথিৱীৰ কোনোবা এটা ঘৰৰ পৰা ৰিণিকি ৰিণিকি ভাহি আহিছিল পূলক বেনাৰ্জীৰ এটা চিনাকি গান ।

“মই আজি সঙ্গী বিহীন

উদাসীন.. ক্লান্ত পথিক

এই বিশাল পৃথিৱীত । “

“পৃথিৱীখন মানুহেৰে ভৰি থাকিলেও সিহঁতৰ মনবোৰ নিসঙ্গতাৰ ৰক্তবীজে আৱৰি ৰাখিছে ।  মই ভাল, নিসঙ্গতাক এৰি আহিলো বহু বছৰৰ আগতে । ” ছেলকাৰ্কে হাঁহি হাঁহি তিনিওটালৈ চাই কলে ।

ৰিপ আৰু ক্ৰুছ’ই ছেলকাৰ্কৰ কথাত ইমান গুৰুত্ব নিদি এলিছলৈ চাই প্ৰেচলীৰ গান এটা গুনগুনাই আগবাঢ়িল ………… …….

That love had surely made us all,

and hate would surely make us fall,

So from the cross,

Well he showed the world that dreadful day,

That love could be the only way,

or all is lost of life,

Everlasting life,

For life is love,

And love is life

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক