মই আৰু মোৰ শকত শৰীৰটো – পৰীশ্যামলী ভূঞা

পুৱাই পুৱাই উঠি মৰ্নিং ৱাক যে মোৰ দ্বাৰা আৰু নহব নানান সমস‍্যাৰে জৰ্জৰিত হৈ শেষত সিদ্ধান্ত ল’লো য়োগায়েই কৰা যাওক‌, কিমান আৰু পুৱাই উঠিয়ে সদায় একে ঠাইতে পকাই পকাই ঘূৰি ফুৰিম, সেই একে ঠাইতে দিন সপ্তাহ মাহ ধৰি পকাই পকাই ঘূৰি থাকিম । একে ঠাইত বিনা কামত এনেকৈ ঘূৰি থাকিবলৈযে ভাল মগজুৰ মানুহৰো বিজুটি ঘটিব তাত সন্দেহ নাই । পৰুৱা ভূতে পোৱা মানুহৰ বোলে এনেকুৱা হয় আগতে আইতাহঁতৰ মুখত শুনিছিলোঁ। একে ঠাইতে ঘূৰাই ফুৰে। মোকতো পৰুৱাই পোৱা নাই আৰু মগজুৰো বিকৃতি ঘটা নাই যে পুৱাই উঠিয়েই একে ঠাইতে সদায়েই পাক ঘুৰুণী দি থাকিম। শুই উঠি মানুহে মুখত তাজা চাহ একাপ দি বেলকণিত বহি পুৱাৰ আনন্দ লয় , নতুবা কোনো কোনোৱে শুই উঠাৰ ভাগৰ মাৰে, শুই উঠাৰ এলাহৰ আনন্দ লয়। আৰু মই ? খীণাবৰ কাৰণেই জীৱনৰ এই যুঁজ। নাই নালাগে য়োগাকেই কৰিম। যোগাসনেই শ্ৰেষ্ঠ।

কেইদিনমান জিমলৈ গৈছিলোঁ ,পিছে জিমত যোৱা মানুহৰো এটা বদনাম থাকে ,বোলে খাব বাটাৰ ঘী , কাম বন নকৰি দিনটো থাকিব গা ঢেলাই পৰি ,ফেট নাবাঢ়ি হ’ব কি ,আৰু হাজাৰ টকা খৰচ কৰি জিমত ঘণ্টা কটাব। সেই কেইঘণ্টা যদি ঘৰুৱা কামতে খটায় শকতে পাট্টাই বা ক’ত পাব ? সময়ো ৰাহি হ’ব। দিন হাজিৰা কৰা মানুহে কেতিয়াবা ক্ষীণ হবলৈ হাবাথুৰি খোৱা দেখা যায় জানো । ঘৰৰ গোটেই কামবোৰ সঁপি দিয়া বন কৰা মানুহ এজনীক কেতিয়াবা জিম , মৰনিং ৱাক এইবোৰত সময় নষ্ট কৰা দেখা যায় জানো? আৰাম কৰিবি, খাবি, শুবি আৰু সময় নষ্ট কৰি গাড়ীৰে , চাইকেলেৰে গৈ জিমত ঘণ্টা ঘণ্টা পাৰ কৰিবি। জিমত যোৱা মানুহৰ কলিযুগত এইবোৰ বদনাম ,সেয়েহে জিম এৰি য়োগাত কৰা এশ শতাংশই নিৰ্ভৰযোগ্য। তাৰোপৰি জিমত একে ঠাইতে খোজ কাঢ়ি ফুৰাতো পৰুৱা ভূতৰো বাপেক। এক ঠাইতে শ্লিপ হৈ হৈ আধা ঘণ্টামান গৈয়ে থকা গৈয়ে থকা কম কষ্টৰনে ? দুজনী তিনিজনীমানে একেশাৰীতে আদ্দা মাৰি থাকিব পালে বাৰু অলপ বেলেগ কথা । সকলো বাদ সেয়েহে য়োগাহে শ্ৰেষ্ঠ। বহু ভাবি চিন্তি য়োগাতে ধৰিলো। য়োগাত ধৰাৰ কথা ভাবি মনটো কিছু শান্তি লাগি আহিল। এনে ঠাইতে বহি বহি আৰাম কৰি কৰি য়োগা কৰিম অনাই বনাই ঘূৰিও নুফুৰো আৰামতে সুস্বাস্থ্যও হ’ব শ্লিম ফিগাৰো হ’ব।

য়োগা আৰম্ভ কৰিলোঁ । চকু বন্ধ কৰা, উশাহ লোৱা , উশাহ এৰা । আহঃ কি শান্তি ! পিছে এতিয়া ব্ৰেকফাষ্টত কি ৰান্ধিম । উশাহ এৰিলোহে উশাহ ঘূৰাই লবলৈয়ে পাহৰিলো ব্ৰেকফাষ্টৰ চিন্তাত । আলু- পিয়াঁজকেইটা কাটি থৈ অহাহ’লে কামটো আগবাঢ়ি থাকিল হয়। পটককৈ এওঁক খোৱাই পঠাব পৰা গল হ’লে। আলু পিয়াঁজৰ চিন্তাত উশাহবোৰ কেনেকৈ শৰীৰৰ ভিতৰলৈ গৈ কি নিয়মেৰে ওলাই আহিল গোটেই পদ্ধতিটোৱেই খেলি মেলি লাগি আহিল। নাই এনেকৈ নহ’ব। মেডিটেচন কৰা যাওক। হায়! মেডিটেচন কৰিছোহে হয় ঘৰৰ লেতেৰা কাপোৰসোপাহে মনলৈ আহিছে , ইছ… ৰ’দটো বৰ ধুনীয়াকৈ ওলাই আহিছে। কাপোৰ কেইটা ৰ’দটো থাকোতেই মেলি দিব পৰা হ’লে । ধুবলৈ কোনবোৰ কাপোৰ আছিল বা ! সূৰ্য্য নমস্কাৰ কৰিলে বহুতেই ক্ষীণাব পাৰি। দুয়োহাত জুৰি প্ৰণাম ধৰিলোহে হয় মগজুত থুপ খাই পৰা চিন্তাবোৰ এটা এটাকৈ ওলাই আহি দপদপাই উঠিল। আজিৰ বজাৰৰ লিষ্টখন কি ? ঘৰত আদা নাই , ধনীয়া নাই বিস্কুটো শেষ। লিষ্টখন মনলৈ আহোতে ঘপককৈ লিখিয়ে লওঁচোন নহ’লে আকৌ পাহৰিয়ে পেলাম । সকলো এৰি লিষ্ট লিখাত ধৰিলোঁ। সময়বোৰচোন এনেয়ে পাৰেই হৈ গ’ল। হে হৰি মোৰ য়োগা কৰাই নহ’লচোন ব্ৰেকফাষ্টৰ কামটোকে লেঠা মাৰি লওঁচোন। য়োগা ঘৰতে হ’ব যেতিয়া পাছে পৰেও আৰামতে আজৰি সময়ত কৰা যাব।

কেইটামান দিন য়োগা এনেদৰেই পাৰ হৈ গ’ল। কামৰ মাজে মাজে মগজুত এসোপা চিন্তা জপিয়াই জপিয়াই। নাই এনেকৈ নহ’ব , বহু ভাবি চিন্তি ঠিক কৰিলোঁ য়োগা আবেলি ভাগতে কৰা যাওক। পিছে য়োগা কৰা সময়বোৰ বৰ বৰিং। সময়বোৰ চোন নাযায় নুপুৱায়। য়োগাৰ নামত একেঠাইতে বহি থকাও কম শাস্তিনে ? টি ভিটোকে অন কৰি লোৱা যাওক। টি ভিৰ ভাল লগা চিনবোৰৰ নিচাত বেছিখিনি সময় প্ৰাণায়াম কৰিয়েই পাৰ কৰি পেলালো। কন্দা কটা চিনবোৰ চাই সূৰ্য নমস্কাৰ হাতখনো নমাবলৈ পাহৰিলো। নাই নহ’ব মিউজিক চেনেল লগাই লোৱা যাওক। সেয়াও একেই দশা মিউজিকৰ কোবত য়োগা কৰিছো কিন্তু নাচিছো যেনহে ৰূপ পালেগৈ। নাই গধূলীলৈ কৰিম, থাকক। গধূলী ধুনীয়াকৈ যোগাখনৰ সময়বোৰ পাৰ হ’ব ধৰোঁতেই ল’ৰা – ছোৱালীৰ পঢ়াৰ চিন্তা হোমৱৰ্কৰ চিন্তাত লেচনবোৰহে মগজুত ঘূৰিবলৈ ধৰিলে। চকুত আগত কিতাপবোৰ ভাঁহি উঠি যোগাসনৰ কোনখন হাত কোনফালে গৈছে, কোনটো পজিচনত বহিছোঁ সকলো খেলিমেলি হৈ সময় বহু এনেয়েই পাৰ কৰি পেলালো। তাৰ মাজতে আকৌ ৰাতিৰ সাজৰ চিন্তা। মগজুত বিলাহী পিয়াঁজে আহি একেলগে প্ৰাণায়াম কৰিবলৈহি ধৰিলেহি। নাই নোৱাৰি দেই কেইদিনমানতে য়োগা বাদ দি শকত দেহাটোকে শেষত আদৰি ল’লো।

ডায়েটৰ কথাও ভাবিছিলো কেইদিনমান। পিছে এই কলিযুগত ডায়েটেও বোলে বৰ বেয়া ফল দিয়ে। ডায়েট কৰা মানুহ বোলে শেষলৈ বৰ বেয়াকৈ লুভীয়া হৈ উঠে। অনবৰত খোৱা বস্তুতে চকু ঘূৰি ফুৰে। ইমানেই খকুৱা হৈ উঠে আগতকৈও বোলে ডাবোল শকত হৈ উঠে। আনেও হেনো ডায়েটত থকা ৰোগী দেখিলে লুকাই চুৰকৈ খাব ধৰে। আলহী বন্ধু আদিৰো হেনো ঘৰলৈ অহা কমি আহে। যি দেখিছো ইমান অত‍্যাচাৰ সহাতকৈ মোৰ এই কুৎচিত শকত শৰীৰটোৱেই সকলোতকৈ শ্ৰেষ্ঠ। যি হ’লেও শান্তি আছে স্বাধীনতা আছে।

শেষত সিদ্ধান্ত ল’লো আজিৰ পৰা মই শকতকে হম । মোৰ শকত শৰীৰটো, মোৰ মনৰ ইচ্ছাবোৰ, মোৰ স্বাধীনতা আৰু মই একেলগে থাকিম

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক