মই উশাহ ল’লে পপীয়া তৰা এটা খহি পৰে ডিক্ৰঙত! ( অ’দিত্য দত্ত )

 

মই উশাহ ল’লে পপীয়া তৰা এটা খহি পৰে ডিক্ৰঙত!

ডিক্ৰং মোৰ বুকুৰ উশাহ
নীলাবোৰ নৈ হৈ বিয়পে তাত৷

মোৰ বুকুৰ কতনা হুমুনিয়াহ
পপীয়া তৰা হৈ খহি পৰে ডিক্ৰঙত!

মানুহে কোৱা-কুই কৰে,
আঘোণতো হেনো বান আহে ডিক্ৰঙলৈ!
সেইছাটি বান, শৰতৰ সেওঁতা ফলা বান!

স্কুলৰ পৰা আহি মই ৰৈ থাকোঁ দলংখনৰ এমূৰে,
তাই আহে
তাই হাঁহে
তাই যায়!
মোৰ বুকুলৈয়ো বান আহে, এহেজাৰ বান!
ডিক্ৰঙৰ পাৰৰ বালিত মই যেন এটি দহিকতৰা!!
শুকান ঝাওবনৰ পাতত কিছু
টুকুৰা-টুকুৰা সময়,
আজিও শেষ নোহোৱা কিছুমান সময়!

তেনেতে কেওঁট খুৰা আহি পায়৷
মোক পাছফালৰ কেৰিয়াৰখনত উঠাই কয়,
বেগতে ব’ল ডাঙৰ মাইনা,
দেউতাৰ বানত উটিল, বিচাৰিবগৈ লাগে!

তাইক এৰি গুচি আহোঁ মাৰ কাষলৈ!
মায়ে কথা ক’ব নোৱাৰা হয়৷
বগা সাজযোৰত কিছু চকুপানী, কিছু তেজ!
মোৰ বুকুৰ ডিক্ৰঙত উটি গ’ল পিতাই!!
বৰশিত খোঁট দিয়া জলপৰী এজনীয়ে টানি লৈ গ’ল পিতাইক!!

নিশাবোৰ উজাগৰী হ’ল!
তাই হেনো স্কুললৈ নাযায় আজিকালি!
মুধচৰ খুঁটা এটাত ওলমি তাই এজনী জলপৰী হ’লগৈ৷
জলপৰীজনী হ’লগৈ পপীয়া তৰা,
আৰু মই উশাহ ল’লেই ভুটুংকৈ পপীয়া তৰা এটা ডিক্ৰঙলৈ খহি পৰে!!

আইয়েও আজিকালি পিতাইৰ কথা নকয়৷
কেওঁট খুৰাৰ লগতে দিনটো বৰশি বাই থাকে৷
জলপৰী এজনী বিচাৰি ফুৰে মায়ে!

ইপিনে ক’ৰবাত কোনোবাই কোৱা-কুই কৰে,
কেওঁট খুৰাই হেনো জলপৰীৰ ভাও ধৰিব জানে!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments