মই এটা কবিতা লিখিব খুজিছোঁ …! (প্ৰাঞ্জল প্ৰাঞ্জল)

মই এটা কবিতা লিখিব খুজিছো …!



মই এটা কবিতা লিখিব খুজিছোঁ,

শব্দবোৰ গোটাই লৈছোঁ,
ভাববোৰ যতনাই থুপাই লৈছোঁ
কিছুমান ডাঙৰ ডাঙৰ শব্দ,
ভাববোৰো গধুৰ ।
কিছুমান সৰু সৰু শব্দ
স্পষ্ট আৰু মধুৰ ।

দৃশ্য এক
 
বাৰিষা ব্ৰহ্মপুত্ৰৰ বুকুত উঠা ঢৌবোৰৰ দৰে,
বৰষুণৰ টোপালবোৰে একোকে কৰিব নোৱাৰা
কেৱল সৰু সৰু বৃত্ত কিছুমানযে
সৃষ্টি কৰে তাৰ ওপৰত,
ঠিক তেনেকুৱা।
 
কেন্দ্ৰৰ পৰা আঁতৰি গৈ থকা,
বৃত্তবোৰৰ পৰিধি,
ধৰি ৰাখিব নোৱাৰে ।
 
অপলক দৃষ্টিৰে চাই থকা পোহৰজাকে
তাতে খুন্দা খাই খাই উভতি আহিছে,
পোহৰবোৰৰ বিচ্ছুৰণ হৈছে,
এবাৰ এইখিনিত এবাৰ সেইখিনিত চিকমিকাইছে,
চকুত মাজে মাজে চাট মাৰি ধৰিছে;
কিবা যেন আনন্দৰ লহৰহে তুলিছে ।
 
কাঠৰ চলিখৰি এডাল
তাতে হেন্দোলনি খাই খাই আছে ।
বেছি দূৰলৈ যাব পৰা নাই ।
মোৰ কলমটো যেন
ভাবৰ ঢৌবোৰৰ মাজত
এবাৰ ইফালে, এবাৰ সিফালে লৱৰি ফুৰিছে ,
যেন এটা কবিতা লিখিব খুজিছে ..!
 
দৃশ্য দুই
 
আৰোহণৰ পাছত ৰাঙলী বেলিটোৱে যেন
পাহাৰৰ দাঁতিয়েদি লাহে লাহে নামি আহিছে,
লুইতৰ বুকুত খেলি থকা ঢৌবোৰ,
প্ৰত্যেকটোৱেই যেন একো একোটা ৰঙা বেলি ;
শৰতৰ আবেলি উদ্ভাসিত কৰি
আকাশত উমলি থকা শুকুলা ডাৱৰবোৰ,
লাজত যেন ৰঙা-ছিঙা পৰিছে ।
 
কাঠৰ চলিখৰি এডাল
তাতে হেন্দোলনি খাই খাই আছে ।
বেছি দূৰলৈ যাব পৰা নাই ।
মোৰ কলমটো যেন
ভাবৰ ঢৌবোৰৰ মাজত
এবাৰ ইফালে, এবাৰ সিফালে লৱৰি ফুৰিছে ,
যেন এটা কবিতা লিখিব খুজিছে …!!!


 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments