মই এটা প্রায়শ্চিত্ত কৰিবলৈ বিচাৰিছো (দিগন্ত যাদৱ শৰ্মা)

তৃতীয় শ্ৰেণীত পঢ়ি থকা, পিন দহোটা মান মাৰি ৰং যোৱা নীলা ‘স্কাৰ্ট’ এটা পিন্ধি থকা ছোৱালীজনী কৰবাত দেখো নেকি, মনত পৰিলেই পথৰ দাতিঁৰ সৰু সৰু চাহ দোকান বোৰত চকু ফুৰাওঁ। উৱলি যোৱা এযোৰ চাদৰ মেখেলাৰে খীণকাই শৰীৰেৰে সেই ছোৱালী জনীৰ মাককো কৰবাত পাওঁ নেকি চাই ফুৰো । ১৮-২০ বছৰ আগতে দেখা চেহেৰাৰ লগত তেওঁলোকৰ এতিয়াৰ চেহেৰাৰ সাদৃশ্য নিশ্চয় নাপাম, দেখিলেও চিনিব নোৱাৰিম ! ওহো, চিনিব যে নোৱাৰিম, এইটো ময়ো জানো । গতিকে বিচাৰি ফুৰাৰ কোনো অৰ্থ নাই । কিন্তু কথাবোৰ তেনে নহয় । প্ৰকৃততে মই তেওঁলোকৰ দৰে অইন যিকোনোকে বিচাৰি ফুৰো । প্ৰকৃততে মই এটা প্রায়শ্চিত্ত কৰিবলৈ আগবাঢ়িছো।

 

১৮-২০ বছৰ আগৰ কথা । হোষ্টেলৰ জীৱন; বহুত কিবাকিবি, আনন্দৰ লগতে মিঠা মিঠা বিশাদবোৰ আছেই । মাহৰ প্রথমতে দেউতাৰ পৰা পইচা কেইটা আনো । তাৰ পৰা অলপ বচাবলৈও চেস্টাও নকৰা নহয় । আবেলিৰ ‘ক্লাছ’ শেষ কৰি হোস্টেল সোমোৱাৰ আগতে প্ৰায়ে আমাৰ কলেজৰ সন্মুখৰ ‘চিটি বাছ স্টেন্ড’ টোত থকা সৰু চাহ দোকানখনত চাহ খাওঁ । লগত থাকে নিমকি, ‘পেটীচ’ বা ‘বিস্কুট’ । দোকানখনৰ গৰাকী হৈছে খীণকাই শৰীৰৰ কম বয়সীয়া তিৰোতা এগৰাকী । তাত তেওঁ তামোল, ধপাত, চুৰট আদিও বিক্ৰী কৰে ।‘চিটি বাছ স্টেন্ড’ হোৱা হেতুকে বাছৰ ‘কন্ডাক্তৰ’ ‘হেন্দিমেন’ ‘ড্ৰাইভাৰ’ আদিয়েও তামোল, ধপাত এইবোৰ ক্ৰয় কৰে । কেতিয়াবা মন কৰো কোনোবা দুই-এজনে খুচুৰা পইচা খিনি তিৰোতা গৰাকীৰ তাত থৈ যাবলৈ বা এনেয়ে দিৱলৈ ইচ্ছা কৰে । ভাবিছিলো দুখীয়া হোৱা হেতুকে তেনে কৰিছে । কিন্তু সেই মানুহখিনিৰ চাল-চলন, চকুৰ চাৱনীয়ে কিন্তু অন্য কথাৰহে ইংগীত দিছিল । সেয়ে বোধকৰো তিৰোতা গৰাকীয়েও অতিৰিক্ত খিনি লবলৈ অমান্তি হৈছিল । ওচৰতে আমাৰ কলেজ আৰু হোষ্টেল থকা বাবে কোনোৱে একো বেয়া সুবিধা কৰিবও নোৱাৰিছিল । পিছলৈ জানিছিলো সদায়ে উৱলি যোৱা এযোৰ চাদৰ মেখেলা পিন্ধা তিৰোতা গৰাকীৰ স্বামীৰ দুবছৰৰ আগতে মৃত্যু ঘটিছিল । এজনী ছোৱালী, তাইক লৈ মাকে কোনোমতে পেটে-ভাতে চলিছিল । ছোৱালীজনীক মাকে ওচৰৰে চৰকাৰী স্কুলখনত পঢ়ুৱাইছিল । স্কুল ছুটিৰ পিছত তাই বেছিভাগ মাকৰ ওচৰতে কটাইছিল । কিতাপবোৰ লুটিয়াই বগৰাই চাই থাকিছিল । অপলক নেত্ৰে মাকে তাৰ মাজতে এইবোৰো লক্ষ্য কৰিছিল । হয়তো এটা সুন্দৰ ভৱিষ্যতৰ কল্পনাতো তাইৰ মাক মাজে মাজে বিভোৰ হৈ পৰিছিল । মোৰ চকুতো এইবোৰ ধৰা দিছিল কেতিয়াবা চাহ-বিস্কুট খাই থাকোতে ।
এদিনাখনৰ কথা । অসম বন্ধ । বাছবোৰ নাই, অন্য গাড়ীবোৰো কম । ৰাতিপুৱাৰ ১০-১১ বজাত আমি দুজনে এনেয়ে ওলাই আহিছিলো হোস্টেলৰ পৰা । তিৰোতা গৰাকীৰ দোকানখন খোলা আছিল । (দোকান নো কি আৰু, দীঘে পথালীয়ে দুই-আঢ়ৈ ফুটমানেই আছিল কিজানি । মূঢ়া এটা পাৰি বহে ।) তৃতীয় শ্ৰেণীত পঢ়ি থকা ছোৱালী জনীও মাকৰ কাষতে কিবা থেনথেনাই সজল নয়নে ঠিয় হৈ আছিল । আজিও সেই স্কুলৰ ৰং যোৱা নীলা ‘স্কাৰ্ট’ টোৱে পিন মাৰি পিন্ধি আছিল । আজি তাইৰ স্কুলো বন্ধ । চাহ দিলে, খালো । ছোৱালীজনীয়ে ইতিমধ্যে কান্দিবলৈ আৰম্ভ কৰিছিল । কৌতূহলবশতঃ সেইফালে গুৰুত্ব দিয়াত বুজিলো স্কুললৈ নিবলৈ আৰু পঢ়িবলৈ তাইক চাৰিখন নতুন কিতাপ লাগে । কিনিবলৈ মূল্য ২২ টকা । যদি অহা কাইলৈ কিতাপ চাৰিখন স্কুললৈ নিব নোৱাৰে; তাইক শ্ৰেণীত বহিবলৈ নিদিয়ে । মাকৰ হাতত কিতাপৰ বাবে খৰচ কৰিব পৰাকৈ মাত্ৰ ১০ টকাহে আছে । মাকে ছোৱলীজনীক বুজনি দিলে দুদিন অপেক্ষা কৰিবলৈ । কিয়নো ৰাতি খাবৰ বাবেও কেইটামান টকা লাগিব, তাতে আজিৰ দিনটোত বিক্ৰীও নাই । ছোৱলীজনীৰ পিছদিনা স্কুললৈ যোৱাৰ স্পৃহাই তাইক আৰু বেছি ক্ৰন্দনাৰূতহে কৰিলে । আমাৰো বৰ দুখ লাগিল । মাত্ৰ কেইটামান টকাৰ বাবে আজিৰ দিনটোত তেওঁলোকৰ এই দুখ-দুৰ্গতি । হঠাতে মোৰ লগত অহা বন্ধুজনে নিজৰ পকেট খুচৰিবলৈ ধৰিলে । খুচৰি সৰ্বমুঠ ৮ টকা পালে (আমি ইতিমধ্যে চাহৰ পইচা দিছিলো ।) বন্ধুৱে মোক পাচঁ টকামান আছে নেকি দিবলৈ অনুৰোধ জনালে । মই কিবা এটা চিন্তা কৰি একেকোবে নাই বুলিলো । বন্ধুৱে ছোৱলীজনীৰ মাকক ৮ টকাটো জোৰ কৰি দিলে আৰু যেনেতেনে বাকী টকা চাৰিটা জোগাৰ কৰি আৱেলিলৈ কিতাপ চাৰিখন কিনি দিবলৈ অনুৰোধ কৰিল । জোৰ কৰি কৈছো এইবাবেই যে মাকজনীয়ে ৮ টকাটো একেবাৰে লবৰ ইচ্ছা কৰা নাছিল । ছোৱলীজনীয়েও মাকক লগে লগে কলে “মা আ্মি আজি ভাত নাখাওঁ দে, তেতিয়াহলে সেই পইচা খিনিৰেও লগ লগাই কিতাপ চাৰিখন কিনিব পাৰিম” । তৰ্কিব নোৱাৰাকৈ ছোৱলীজনীএ হঠাৎ মোৰ বন্ধুৰ চৰণ স্পৰ্শ কৰিলে । চকুত আনন্দৰ চকুপানী, মাকৰো চকু চলচলীয়া, একো কবই নোৱাৰিলে । মোৰ বন্ধুৰ ফালে চকু গ’ল, তাৰ চকুৱে মুখে যেন এক স্বৰ্গীয় সুখৰ সমাহাৰ, তাৰ কিন্তু কোনফালে ভ্ৰুক্ষেপ নাই । এই গোটেইবোৰৰ মাজত মই নিৰ্বাক, নিস্তব্ধ হৈ আছিলো । “অ’ই হোষ্টেললৈ নাযাৱ, ব’ল” বন্ধুৰ মাতষাৰতহে সম্বিত ঘূৰাই পালো ।
ৰাতি টোপনি নাহিল । অন্তৰ খুলি খুলি খালে । সেই স্বৰ্গীয় সুখৰ অনুভূতিখিনিৰ ভাগ মইও লবলৈ পাৰিলোহেতেন । কি হৈ গ’ল মোৰ সেই মুহুৰ্তটোত । পকেটতো তেতিয়া ১৫-২০ টকা মানটো আছিলেই । কি হেৰুৱাবলৈ আছিল মোৰ, মাত্ৰ ৪ টকা । আৰু এতিয়া, যি হেৰুৱালো তাক মই লাখ টকা দিলেও ঘুৰাই নাপাও, স্বৰ্গীয় সুখৰ কিছু অনুভূতি, যেন কোনো পৰীয়ে ‘সেই দূখীয়া ছোৱালীজনীৰ’ বেশত মোৰ পৰীক্ষা লৱলৈহে আহিছিল । তাৰ পিছত মই কেতিয়াও সিহঁতৰ অৱস্থাৰ বুজ লোৱা নাছিলো, কিবা এটা দোষে মোক খুলি খুলি খাইছিল । কিছুদিন পিছত পঢ়া শেষ হ’লত হোষ্টেল-কলেজ জীবন এৰি ঘৰলৈ গুছি আহিলো
সেইবাবেই আজিও চাওঁ কৰবাত দেখো নেকি তৃতীয় শ্ৰেণীত পঢ়ি থকা পিন দহোটা মান মাৰি ৰং যোৱা নীলা ‘স্কাৰ্ট’ পিন্ধি থকা ছোৱালীজনী, মনত পৰিলেই পথৰ দাতিৰ সৰু সৰু চাহ দোকান বোৰত চকু ফুৰাওঁ। উৱলি যোৱা এযোৰ চাদৰ মেখেলাৰে খীণকাই শৰীৰেৰে সেই ছোৱালী জনীৰ মাককো কৰবাত পাওঁ নেকি চাই ফুৰো । এইবাৰ মই কেতিয়াও নকওঁ মোৰ পকেটত টকা নাই বুলি, এতিয়া মোৰ হাতত বহুত টকা । ৪ টকা কিয় মই ৪০০০ টকা দিম, মোক মাত্র সেই তৃতীয় শ্ৰেণীত পঢ়া পিন দহোটা মান মাৰি ৰং যোৱা নীলা ‘স্কাৰ্ট’ পিন্ধা ছোৱালীজনীক বিচাৰি আনি দিয়া । নোপোৱা যদি তাইৰ দৰে অইন যিকোনোকে বিচাৰি আনা । কাৰণ মই এটা প্রায়শ্চিত্ত কৰিবলৈ বিচাৰিছো ।

————–***———————

“ঈশ্বৰক প্রাৰ্থনা কৰিবলৈ শিকা, সত্যইহে মানুহ আৰু সম্ভ্রান্ত কৰে।” – ড° বাণীকান্ত কাকতি

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments