মই গুচি যাওঁ নিজৰ বাটে – কৌস্তুভমণি শইকীয়া দত্ত

মানুহবোৰ কেতিয়াবা মাছ হ’ব খোজে
কেতিয়াবা চৰাই৷
সিহঁতক দেখি মই এশাৰী অস্পষ্ট কবিতা লিখোঁ৷
কোনেও লিখিব নোৱাৰে তাৰ সাৰাংশ৷
শব্দই চুব নোৱাৰে
নীৰৱতায়ো সামৰিব নোৱাৰে
যিদৰে মানুহ হ’ব নোৱাৰে মাছ বা চৰাই৷
মই গুচি যাওঁ নিজৰ বাটে৷
অপ্ৰকাশ্য তোলপাৰবোৰে অঁকিয়াই মোৰ বুকু
বিৰিঙি উঠা তেজেও বুজাব নোৱাৰে মানুহক
ডেউকা নথকা উৰণ আৰু ফানহীন সাঁতোৰৰ
নীৰৱ যন্ত্ৰণা৷
মই গুচি যাওঁ
নিজকে হেৰুৱাৱ খোজা মানুহবোৰৰ
বহু দূৰলৈ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments