মই গোটোৱা অভিজ্ঞতা কেইটামান (দীপা ডেকা)

মই গোটোৱা অভিজ্ঞতা কেইটামান


দীপা ডেকা

ভাল লগা আৰু বেয়া লগা দুয়োটা অনুভূতিৰ মাজত মই ভাল লগা অনুভৱবোৰৰ বিষয়ে কৈ ভাল পাওঁ। বেয়া লগা অনুভৱবোৰ ইমান বেয়া লগা যে সেইবোৰৰ কথা আলোচনা কৰিবলৈ মন নাযায়। মই প্ৰকাশ নকৰিলেও সেই বেয়া লগা অনুভৱবোৰ মই কেতিয়াও পাহৰিব নোৱাৰো, কিন্তু সেই বেয়া লগা অনুভৱবোৰ সুঁৱৰি থাকিবও নিবিচাৰোঁ।
প্ৰাথমিক বিদ্যালয়ত দেউতাই দাদা আৰু মোৰ একে লগে নামভৰ্তি কৰাই দিছিল। জিৰণিৰ সময়ত খাবলৈ দুয়োকে সদায় মায়ে টিফিনত কিবা কিবি দি পঠিয়াই। বাহিৰত একো খোৱা মানা। পইচাও নাথাকে লগত। স্কুলৰ সন্মুখৰ ৰাস্তাত কিমান যে বেপাৰী নানা বস্তু লৈ বহি থাকে। কিন্তু দুখৰ কথা একোৰে সোৱাদ লৈ পোৱা নাছিলো। স্কুলত ৰাতিপুৱাই মায়ে থৈ আহে আৰু ছুটিত আনিবলৈ যায়। স্কুলৰ সন্মুখত বিক্ৰী কৰি থকা ৰং-বিৰঙৰ আইচক্ৰীমবোৰ মোৰ প্ৰধান আকৰ্ষণ আছিল। দাম খুব সম্ভৱ ৫০ পইচা আছিল। এতিয়া মনত পৰিলে মাৰ ওপৰত খঙেই উঠে। কিমান যে খাবলৈ মন আছিল এটা ৰঙা আইচক্ৰীম। এদিনো মায়ে কিনি দিয়া নাছিলতো নাছিলেই, লগতে কৈ থৈছিল এই আইচক্ৰীমবোৰ হেনো নলাৰ পানীৰে বনায়। মোৰতো নলাৰ পানী হ’লেও খাই চাবলৈ মন গৈছিল। ইমান ধুনীয়াকৈ ধোঁৱা ওলাই থাকে আইচক্ৰীমবোৰৰ। জিৰণিৰ সময়ত লগৰ ছোৱালীবোৰৰ আইচক্ৰীম খাই উঠাৰ পিছত ওঁঠবোৰ কিমান ধুনীয়াকৈ ৰঙা হৈ থাকে আৰু মই টিফিন বক্স খুলি ব্ৰেড-জেলী নহ’লে কেক্ খাই শুকান ওঁঠ দুটা লৈ বহি থাকো। সেইসময়ত নিজকে পানী কেঁচুৱা যেন অনুভৱ হৈছিল। এদিন কিবা কাৰণত আমাক সৰুমামাই স্কুললৈ থবলৈ গৈছিল। সেইদিনাও দাদা আৰু মোৰ টিফিন বক্সত কেইটামান কেকৰ টুকুৰা আৰু চানাৰ সৰু সৰু বগা খুৰ্মা আছিল। স্কুলৰ দুৱাৰমুখত মামাই সুধিলে কিবা খাবা নেকি? ইছ ৰাম……..!! মই যে জপিয়াই দিছিলো। লগতে ভাবিছিলো মোৰ আইচক্ৰীম খোৱাৰ হেঁপাহ আজি পূৰ হ’ব তাৰমানে কাৰণ মামাইতো নাজানে এই আইচক্ৰীমবোৰ নলাৰ পানীৰে বনায় বুলি। সময় নষ্ট নকৰি তপৰাই ক’লো “আইচক্ৰীম খাম”। মামাই দাদা আৰু মোক দুটা ৰঙা আইচক্ৰীম কিনি দিলে। আমি শ্ৰেণী কোঠাত সোমোৱাৰ অলপ পিছতেই প্ৰাৰ্থনা আৰম্ভ হ’ব। দাদা আৰু মই আইচক্ৰীম খাবই পৰা নাই। ইমান ঠাণ্ডানে এই নলাৰ পানীৰ আইচক্ৰীমবোৰ! দাদাক ক’লো মই আইচক্ৰীম খাব নোৱাৰো, পেলাই দিম বাহিৰত। কিন্তু সি মোক বুদ্ধি দিলে “নেপেলাবা, টিফিনত ভৰাই থোৱা, মইও থও, জিৰণিৰ সময়ত খাম দিয়া একেলগে।“ সেইসময়ত মোৰ দাদাক পৃথিৱীৰ সকলোতকৈ বুধিয়ক দাদা যেন লাগিছিল। জিৰণিৰ আগৰ সময়খিনি কি পঢ়ালে শ্ৰেণীত মন দিয়া নহ’ল। জিৰণিত টিফিন খাবলৈ লৈ দুয়োৰে অৱস্থা নাই। কেকৰ টুকুৰা আৰু চানাৰ খুৰ্মা ৰঙা পানীত ভাহি আছিল। এনেকৈয়ে আমি দুয়ো শিকিছিলো আইচক্ৰীম টিফিন বক্সত থৈ জিৰণিত খোৱা বস্তু নহয়।
সৰুৰে পৰা স্থানীয় কুইজ প্ৰতিযোগিতাত যোগদান কৰি খুব মজা পাইছিলো মই। সদায় প্ৰতিযোগিতাৰ মাজত প্ৰশ্নৰ উত্তৰক লৈ বিচাৰকৰ লগত এবাৰ হলেও তৰ্ক লাগিবই। বেছিভাগেই মই দিয়া উত্তৰটো শুদ্ধ হয়। কি যে ফুৰ্তি লাগে মোৰ! নিজকে সৰ্বজান্তা যেন অনুভৱ হয় সেইসময়ত। এতিয়া মনত পৰিলে লাজ লাগে। লাহে লাহে ডাঙৰ হৈ অহাৰ পিছত ব্যস্ততাৰ বাবে প্ৰতিযোগিতাত যোগদান কৰাটো কমি আহিল।
এই প্ৰসংগতে কৈ থও কুইজ প্ৰতিযোগিতাত পুৰস্কাৰ পোৱা বহুতো কিতাপ মোৰ বন্ধুসকলে পঢ়িবলৈ নি ঘুৰাই নিদিলে। বন্ধুসকল এতিয়াও আছে কিন্তু মোৰ কিতাপকেইখন তেওঁলোকৰ ওচৰত আছে নে নাই নাজানো!
আৰু এটা অভিজ্ঞতাৰ কথা সুঁৱৰিব বিচাৰিছো। আমাৰ ঘৰৰ ওচৰতে থকা উদেষ্ণা চিনেমা হলটোলৈ হিন্দী চিনেমা একোখন নতুনকৈ ওলোৱাৰ কেইমাহমান পিছতহে আহিছিল। উদেষ্ণালৈ আমি খোজ কাঢ়িয়েই যাওঁ। সেইবাৰ ৰিফুজী নামৰ হিন্দী চিনেমাখন চাবলৈ ভণ্টি আৰু মই ঘৰত মিছা কথা কৈ গৈছিলো। উদেষ্ণাত অসমীয়া চিনেমা আহিলেই আমি চাবলৈ যাঁও। কিয় জানো হিন্দী চিনেমা চাবলৈ অনুমতি দিয়া নাছিল আমাক। সেইদিনা কিবা কাৰণত ভণ্টিৰ স্কুল বন্ধ। দুয়ো ঠিক কৰিলো আমি সেইদিনাই ৰিফুজী চাবলৈ যাম। চিনেমা চাম, তাতে হিন্দী চিনেমা, ঘৰত কেনেকৈ সোধো। ৰিফুজীৰ গানবোৰ শুনিছো, ইমান শুনি ভাল লগা গান! চিনেমাখন চাবলৈ খুব মন গৈছে আমাৰ। সময়বোৰ গৈ আছে। দুঘণ্টামান পিছত চিনেমা আৰম্ভই হব। ঘৰত সোধাৰ সাহস আমাৰ নহ’ল। এইবাৰ দুঃসাহস কৰিলো। মোৰ লগৰ ছোৱালী এজনী সৰুমটৰীয়াত থাকে। তাইৰ নাম মনোৱাৰা। ভণ্টি আৰু মই সিহঁতৰ ঘৰলৈ মাজে মাজে যাওঁ। মাক ক’লো যে এইমাত্ৰ ফোন কৰি মনোৱাৰাই সিহঁতৰ ঘৰলৈ আমাক দুয়োকে ভাত খাবলৈ মাতিছে। মাজে মাজে আমাৰ এনেকুৱা অহা-যোৱা চলি থাকে। মায়ে মানা নকৰিলে। ধামধুম দুয়োজনী ওলাই ৰাস্তাৰে অলপ দূৰ দৌৰি (বেগাই নহয় কিজানি) বাকী খিনি ৰিক্সাৰে গৈ উদেষ্ণা পালো। দেখিলো ছোৱালীৰ টিকট দিয়া শাৰীটোত ছয়জনীমান ছোৱালী আছে। আমি দুয়ো সিহঁতৰ পিছফালে থিয় হৈ শাৰী পাতিলো। অলপ পিছত টিকট দিবলৈ আৰম্ভ কৰিলে। ল’ৰাৰ শাৰীটোত ব্লেকাৰ আৰু শাৰীত থকা মানুহৰ মাৰপিট লাগিলেই। আমাৰ শাৰীটোলৈয়ো কেইগৰাকীমান অলপ ভয়লগা চেহেৰাৰ মহিলা আহি আমাৰ আগত থিয় হ’ব বিচাৰিলে। মোৰ ভয় লাগিল। ভণ্টিক ক’লো সিহঁতক টিকট কাটিবলৈ দিয়া। তাই নামানে কোনোপধ্যে। এইবাৰ তাই টিকট ব্লেক কৰা মহিলা কেইগৰাকীৰ লগত কাজিয়া কৰিবলৈ আৰম্ভ কৰিলে। নামত মাৰপিট নহয় কিন্তু ভন্টিয়ে যেনেকৈ ঠেলা-ঠেলি কৰিছিল সেইয়া কামত মাৰপিটেই আছিল। তাই ব্লেকাৰকেইগৰাকীক ব্যস্ত ৰাখোতেই আমাৰ টিকট দুটা মই কাটিলো। টিকট কটা হোৱাৰ পিছত ভন্টিয়ে আমাৰ পিছফালে থকা ছোৱালীবোৰক সকীয়াই দিলে ব্লেক কৰা মহিলাকেইগৰাকীক যাতে সুবিধা নিদিয়ে। এইবাৰ ব্লেকাৰ মহিলাকেইগৰাকীয়ে ভণ্টিক আৰু মোক ধমকি দিলে চিনেমা শেষ হ’লে চাই ল’ম বুলি। মোৰ ভয় লাগিল। তাই বিন্দাছ চিনেমা হলৰ ভিতৰত সোমাই লৈ আমাৰ ঘৰৰ ওচৰৰ মানুহ বিচাৰিবলৈ ধৰিলে আৰু পালেও কেইজনমানক। বন্দবস্ত কৰিলে চেনেমা শেষ হোৱাৰ পিছত জি.এছ ৰোডৰ আমাৰ ঘৰলৈ সোমোৱা চ’কটোলৈ অন্ততঃ তেওঁলোক আমাৰ লগত থাকিব। বাকী আমাৰ ৰাস্তাটোত সোমোৱাৰ পিছত আমাৰ এৰিয়া যেতিয়া চিন্তা নাই। মোৰ যে ভয়তে চিনেমাত বিশেষ মন দিয়া নহ’ল। ইপিনে ঘৰত মিছা কথা কৈ গৈছিলো। সেইটো ভয় আছেই। চিনেমা শেষ হোৱাৰ পিছত আগতেই বন্দবস্ত কৰি থোৱা আমাৰ ওচৰৰ ল’ৰা কেইজনে আমাক আগবঢ়াই থৈ গ’ল। ঘৰলৈ আহি থাকোতে দুয়োৰে বৰ ভোক লাগিছিল । কিন্তু যিহেতু আমি ঘৰত ভাতখোৱাৰ নিমন্ত্ৰণ আছে বুলি কৈ ওলাই গৈছিলো এতিয়া এই ভোকত ঘৰত আমি কি খাম ভাবি পোৱা নাছিলো। খোজ কাঢ়ি আহি আবেলি ২:৩০ মান বজাত ঘৰ পাইছিলো। ঘৰ আহি পোৱাৰ লগে লগে মায়ে চোতালতে সুধিলে “চিনেমা চালি?” দুয়ো ইমান ভয় খালো যে মুখৰ মাত নোলোৱা হ’ল। দেখিলো মায়ে দুপৰীয়াৰ ভাত তিনিখন কাঁহীত বাঢ়ি আনিছে। তাৰমানে তেতিয়ালৈ মায়েও ভাত খোৱা নাছিল। আমি দুয়ো চুপ-চাপ ভাত খালো আৰু বিচনাত উঠি টোপনিৰ ভাও ধৰি পৰি থাকিলো।
তাৰ পিছত আজিলৈ মায়েও আমাক সোধা নাই আমি কি চিনেমা চাবলৈ গৈছিলো আৰু আমাৰ দুজনীৰ বাবেও দুৰ্বোধ্য হৈ ৰ’ল মায়ে কেনেকৈ গ’ম পালে আমি চিনেমা চাবলৈ যোৱা বুলি!! সেয়াই আছিল ভণ্টি আৰু মোৰ মাৰ আগত কোৱা প্ৰথম আৰু শেষ মিছা কথা!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক