মই পাঞ্চালী – নিতুল গগৈ

ধৰ্মৰাজ, তুমি ইমান নিষ্ঠুৰ, নিঃসহায়,
স্বৰ্গৰ পথটো দিলা মোক অপবাদ,
নীৰৱে সহ্য কৰি কৰি জীৱনটো কৰিলো পাৰ,
পুৰুষ তান্ত্ৰিক সমাজৰ অন্যায় অবিচাৰ,
অৱলা নাৰীক বাৰে পতি কৰা অত্যাচাৰ, নানা তিৰস্কাৰ৷

ভগৱান নিজেই সাক্ষী আছিল সেই মহেন্দ্ৰ ক্ষণৰ,
ব্ৰাহ্মণবেসী অৰ্জুনে মোক লভিছিল সয়ম্বৰত,
আজন্ম প্ৰেমিক অৰ্জুন আছিল মোৰ হৃদয়ৰ,
আশা, সপোন, কল্পনা, কামনা বাসনা বুকুত বান্ধি
আহিছিলো অৰ্জুনৰ সমে, কিন্তু ধৰ্মৰাজ
তুমি কুন্তী আইৰ আগত সজালাগৈ মোক ভিক্ষাৰ সামগ্ৰী,
ক’লাগৈ “আই আজি আনিছো এক আচৰিত ভিক্ষা“
আইয়ে ক’লে সমানে ভগাই লোৱা,
আৰু তোমালোকে ভিক্ষাৰ সামগ্ৰী সজাই মোক ভাগ কৰিলা,
নাভাবিলা ধৰ্মৰাজ তুমি নাৰীৰ বেদনা, অন্তৰৰ কথা,
এবাৰলৈও সুধিলানে মোক মনৰ বতৰা৷

হে সব্যসাচী, সাক্ষী হৈ ৰ’ল মণিপুৰৰ পৰ্বত পাহাৰ,
নদ- নদী৷ নিজৰা, গছ – লতিকা, চৰাই চিৰিকতি,
আকাশে-বতাহেও ক’ব তুমি যে মোকেই কেৱল মৰম কৰা নাছিলা বুলি,
নাৰীৰ প্ৰতি আছিল তোমাৰ দুৰ্বলতা, কামনাত দগ্ধ তোমাৰ হিয়া,
মনত নপৰিছিল মোলৈ, যেতিয়া পাইছিলা সুন্দৰী নাৰীক তুমি কাষত, পাইছিলা সান্নিধ্য,
তাৰেই প্ৰমাণ উলুপী আৰু চিত্ৰাঙ্গদা৷

মণিপুৰেও তোমাক ৰাখিব নোৱাৰিলে হিয়াৰ আপোন কৰি,
অধিক চঞ্চল তুমি, প্ৰেমিক হৈ যোৱা সহজতে,
কৃষ্ণৰ সহায়ত এইবাৰ তুমি সুভদ্ৰাৰ প্ৰেমত,
এফালেদি বান্ধৱ কৃষ্ণ তোমাৰ,
এফালেদি গুৰু তোমাৰ, তেওঁৰেই ভগ্নীক কৰিলা পত্নী বৰণ৷

সব্যসাচী, মোৰ কেনে লাগিছিল সেইবোৰ জানি, দেখি শুনি,
এবাৰলৈও ভাবিলানে, চেষ্টা কৰিলানে বুজিবলৈ,
জেষ্ঠ ধৰ্মৰাজেও তোমাক নকলে এবাৰো,
বুজিব নকলে মোৰ মৰ্মবেদনা,
মই সঁচা‌কৈয়ে সুখী নে পঞ্চস্বামীৰ লগত?

চন্দ্ৰ, সূৰ্য, গ্ৰহ, নক্ষত্ৰ যিদিনালৈ আকাশত জ্বিলিকি থাকিব,
সিদিনালৈ সকলোৱে ক’ব মোৰ কথা,
কিদৰে মোক পাশাখেলত পণ ৰাখিবলৈ পণ্য সামগ্ৰী সজাইছিলা,
আছিলো মই ধৰ্মত, নোৱাৰিলে কৰিব ব্ৰস্ত্ৰহৰণ,
কিন্তু পৃথিৱীৰ কোনো নাই এনে অৱলা,
স্বামীৰ সন্মুখতে নগ্ন হ’বলৈ দিয়া, মই হ’লো পণ্য যাজ্ঞসেনী৷

ধৰ্মৰাজ, মোক কিয় বাৰে বাৰে কৰিলা অন্যায় অত্যাচাৰ,
দুৰ্যোধন মুৰ্খ, কিন্তু তুমিতো ধৰ্মপৰায়ণ,
অজ্ঞাত বাসত কীচকে খেদি নিলে,
পালোগৈ ৰাজসভা তুমি যেতিয়া বিৰাত ৰজাৰ সমে পাশা খেলিছিলা,
আৰু তুমি মোক দিলা গালি, নটি হৈ ৰাজসভাত হুলস্থূল কৰিছোঁ‌ বুলি,
কি যে বেদনা, ভাবিছানে কেতিয়াবা,
নিজৰ পত্নীক ৰক্ষা কৰিব নোৱাৰাটো অধৰ্ম নহয়?

আৰু অৱশেষত দিলাগৈ মোক অপবাদ,
মই হেনো পত্নী হোৱাৰ ক্ষেত্ৰত পক্ষপাতিত্ব কৰিলোঁ‌,
অৰ্জুনক বেছি ভাল পালো,
দিব পাৰিবানে ধৰ্মৰাজ ইয়াৰ প্ৰমাণ?

যুগ যুগ ধৰি মহাভাৰত পঢ়িব,
বুজিব পুৰুষতান্ত্ৰিক সমাজৰ অন্যায় সহ্য কৰি কৰি,
লাঞ্ছনা, বঞ্চনাৰে ভৰপুৰ এক অসহায় নাৰী,
মই পাঞ্চালী৷

  ☆ ★ ☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments