মই, পূজাৰীবা আৰু কুমাৰীপূজা (দীপক দাহাল)

দীপক দাহাল

আমাৰ গাওঁত এটি প্রায় নব্বৈ বছৰীয়া শিৱ মন্দিৰ আছে। মন্দিৰৰ পূজাৰী জনৰ বয়সো প্রায় ষাঠি বছৰৰ ওচৰা-ওচৰি হ’ব। আমি চবেই তেখেতক ‘পূজাৰী বা’বুলিয়েই মাতো। ‘বা’মানে নেপালী ভাষাত ককা। তেখেতে নজনা কথা একোৱেই নাই। দেশৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি ৰামায়ণ,মহাভাৰত,ভাগৱত-গীতা সকলো তেখেতৰ নখর্দপনত। মাজে মাজে ইংৰাজী শব্দ মিহলাই পতা তেখেতৰ কথাবতৰাবোৰত আমি ৰসপাওঁ। আমাৰ তিনিআলিটোৰ(চেন্টাৰৰ)ওচৰত যোৱা কেইবাবছৰ ধৰি ৰাইজে দুর্গাপূজা পাতি আহিছে। যোৱাবাৰ ঘৰলৈ যাওঁতে “পূজাৰীবা”ক মন্ডপত অকলে পাই অলপ ৰং কৰাৰ মানষেৰে পূজাৰীবাৰ কাষ চাপিছিলো আৰু সৰু ল’ৰাৰ দৰে দেৱী দুর্গাৰ সম্পর্কে প্রশ্ন সুধি সুধি হায়ৰান কৰিছিলো। কিন্তু পূজাৰীবায়ে মোৰ প্রতিটো প্রশ্নৰে যথাযথ উত্তৰদি বহুতো নজনা কথা জনাৰ সুযোগ দিছিল।তেখেতৰ সৈতে হোৱা মোৰ কথা-বতৰা আপোনালোকলৈও আগবঢ়ালোঁ :

:পূজাৰীবা, এই দেৱীনো কোন আচলতে?
:দেৱী দুর্গা আক’। অতি শক্তিশালী। সমস্ত দেৱ-দেৱীৰ গুণেৰে সৃস্ট। দুর্গা ব্রহ্মাণ্ডৰ মাতৃৰূপে পূজিত। “মাদাৰ অব্ দা গডেচেছ্.”.
:কিন্তু, যোৱাবাৰ পূজা বন্ধত কলিকতালৈ যাওঁতে তাতেহে বেছি হৈ-হাল্লা শুনিলোঁযে?
:হওঁতে হয় দে। পশ্চিম বংগ আৰু দুর্গাপূজা বিশ্বতে অভিন্ন ৰুপতে প্রতিষ্ঠিত। “ভেৰি ফেমাচ্”। অপৰাজেয় শক্তিৰ প্রতিক দেৱী অতি সাধাৰণ উমা হৈ বছৰি মাকৰ ঘৰলৈ ফুৰিবলৈ আহে, লগত আহে পুতেক আৰু জীয়ৰী।
:পুতেক আৰু জীয়ৰী মানে?
: গনেশ,কার্তিক,লক্ষ্মী,আৰু সৰস্বতী।“এ হেপ্পি ফেমিলী..”
: লক্ষ্মী কোন?
:দুর্গা আৰু শিৱৰ বৰজীয়ৰী আক’। লক্ষ্মী হৈছে ধন-বিত-ভাগ্যৰ দাতা, ভেৰি ৰিচ্। ধকধকীয়া বগা ফেঁচা এটাত উঠি ঘুৰি ফুৰে। লক্ষ্মীক সুযোগ্য চাই শিৱই নাৰায়ণলৈ বিয়া দিছিল। এই নাৰায়ণো এজন “ছূপাৰ-গড‌”।
:শক্তিমান আৰু স্পাইডাৰমেনৰ দৰেই নে?
:এ সিহতঁকিটাতকৈও “টেলেন্টেড”। সিহঁতবোৰতো “ফেন্টাচি” হে। দেৱীৰ পৰিয়ালৰ “ইনট্র’টো শুনি ল’।সৰুজনী জীয়ৰী হ’ল সৰস্বতী। জ্ঞান,সংগীত আৰু নৃত্যৰ দেৱী। “দা মোষ্ট ৱাইছ গডেচেছ”।
:গনেশ আৰ কার্তিক?
:পুতেক। ডাঙৰটো কার্তিক। মৰা চৰাইক বাহন কৰি ঘূৰিফুৰা কার্তিক সৌন্দর্য্য আৰু যুদ্ধৰ দেৱতা। নুমলীয়া গনেশ, দ্রুতবেগী লেখক হিচাপে বিশ্ববিখ্যাত। “এ সুপাৰর্ফাষ্ট ৰাইটাৰ”।
:কিন্তু পূজাৰীবা, গণশেৰ মূৰটো হাতিৰ যে?
:এহ্ নকবি বুইছ। মোমায়েকে খালে তেওঁৰ মুৰটো।
:মোমায়েকে খালে মানে?
:মানে দেৱীৰ ভায়েক হ’ল শনি, তোৰ ৰন্টু মামাৰ দৰে(মামা প্রায়ে আমাৰ ঘৰলৈ আহি থাকে, পূজাৰীবায়ে দুবাৰ মান ল’গ পাইছে সেয়েহে চিনিপায়)। শনিয়ে ‘কাৰোবালৈ দৃষ্টিপাত কৰিলেই ব্যক্তিজনৰ মূৰটো ভূপতিত হ’ব’বুলিশাপগ্রস্থ। গণেশ উপজিলত, মৰমতে মোমায়েকে সকলো পাহৰি গৈ লোদোৰ-পোদোৰ গণেশৰ গালত চিকুটি দিব খোজোতেই মুৰটো সৰিপৰিল। “ফল ডাউন”।
:তাৰ পাছত পূজাৰীবা?
:তাৰ পিছত বায়েক দুর্গাৰ গালি-শপনিৰ ভয়ত বিতত হৈ নাৰায়ণৰ সহায়-ভিক্ষা কৰিলত উপায় যেনিবা ওলাল। সেইমতে ঘৰলৈ ওভোতাৰ পথত প্রথমেই ভেটাভেটা হোৱা শুকুলা বৰণৰ গজৰাজৰ সৰিপৰা মূৰটো আনি গণেশৰ দেহত স্থাপন কৰিলে। পিচে নুমলীয়া পোৰ এই ৰুপ দেখি দেৱী মর্মাহত হৈ পৰাত নাৰায়ণে দেৱীৰ মন ৰাখিবলৈকে বৰ দিলে যে সকলো দেৱতাৰ আগতে আৰু যিকোনো কর্মকৰাৰ পূর্বে গণেশৰ স্মৰণ কৰা হ’ব। ওম গণেশায় নমঃ বুলি।
:বাহঃ পূজাৰীবা কি সুন্দৰ কাহিনী। কিন্তু পূজাৰীবা, ইমান শক্তিশালী দেৱীক আকৌ আঠখন ‘এক্সট্রা’ হাতৰ কেলেই প্রয়োজন হ’ল?
:দুষ্টক দমন কৰিবৰ বাবে কেতিয়াবা অধিক শক্তিৰ প্রয়োজন হয় বুইছ। “চাৰপ্লাছ এনার্জি”লাগে।
:মানে?
:শুন। অসুৰ অর্থাৎ বেয়াৰ শক্তি সদায় খন্তেকীয়া কিন্তু অধিক। সেই সময়ত মহিষাসুৰ নামৰ ৰাক্ষকে বৰউৎপাত কৰিছিল। গতিকে মহিষাসুৰক বধ কৰাৰ বাবে দেৱীক অধিক শক্তিৰ প্রয়োজন হোৱাত শিৱই পত্নীক দশভূজা হোৱাৰ বৰ দিলে আৰু আন আন দেৱতাই এপাত এপাত নিজৰ “হাথিয়াৰ” দি সহায় কৰিলে।
:পূজাৰীবা এইবাৰ পূজা চাবলৈ আমি কামাখ্যা মন্দিৰলৈ যোৱাৰ কথা আছিল। কিন্তু যোৱা নহ’লগৈ। শুনিছোঁ কামাখ্যাৰ র্দুগাপুজা হেনো বিখ্যাত?
:অ’তই ঠিকেই কৈছ।কামাখ্যাৰ দুর্গাপূজা জগত বিখ্যাত। শক্তি পীঠ এয়া,দেৱীৰ যোনীপতিত হৈছিল বাবে ইয়াত দেৱী উপস্থিত বুলি ধৰিলৈ মূর্তিপূজা কৰা নহয়। কাগজৰ প্রতিমা সাজি পূজা কৰা হয়। হাজাৰ হাজাৰ পাৰ ছাগলী ম’হ আদি বলি দিয়া হয়।পূর্বৰ নৰবলিৰ পৰিবর্তে আজিকালি প্রতীকী নৰবলি হয়। দূৰ-দূৰণিৰ পৰা মানুহ আহে কামাখ্যাৰ পূজা চাবলৈ। কামাখ্যাত কুমাৰী পূজাও কৰা হয় এই সময়ত।
:কুমাৰী পূজা? এইটো আকৌ কি বস্তু পূজাৰীবা?
:কুমাৰী পূজা হ’ল দেৱীৰ অৱতাৰ বুলি ভবা পুষ্পিতা নোহোবা কুমাৰীসকলক কৰা পূজা। দেৱীৰ অৱতাৰ বুলি ভবা হয় পুষ্পিতা নোহোৱা কুমাৰী সকলক। অৱশ্যে কুমাৰী পূজা মহা আড়ম্বৰেৰে আৰু অত্যন্ত ভক্তিসহকাৰে নেপালতহে কৰা হয়। আমাৰ কামাখ্যাত অৱশ্যে বৰ অনুষ্টুপীয়াকৈ কৰা হয়। নেপালত কুমাৰী সকলক জীৱন্ত দেৱী বুলি ভবা হয়।
:জীৱন্ত দেৱী? আপুনি কোনোবা খিনিহে পালেগৈ দেখোন পূজাৰীবা?(এই খিনিতে তেখেতে মোৰ ফালে ঘোপাকৈ চালত মই এখন্তেক ভয়ো খাইছিলো, কিন্তু আমাৰ কথাবতৰাৰ ইমানতে ইতি পৰিব পাৰে বুলি ভাবি মই বিনীত হৈ ক’লো)নহয় মানে মই এই বিষয়ে ক’তো পঢ়িব পোৱা মনত নাই সেয়েহে…
:হেৰৌ মুখস্থ কৰি পৰীক্ষাত পাছকৰ তহতেঁ, আজিকালিৰ পঢ়াও পঢ়া হ’লনে? সেই “কল” নে “আপেল” বোলা মোবাইল হাতত লৈ “আই এম গ্রেজুৱেট” বুলি কৈ ফুৰ’ তঁহতি…অলপ ইতিহাস-বুৰঞ্জীৰ “গুগলিং”ও কৰিবিচোন…
:হয়,হয় পূজাৰীবা আপুনি ঠিকেই কৈছে। মই কথাটো মনত ৰাখিম। অঁ’ আপুনি নেপালৰ কুমাৰী পূজাৰ কথা কৈ আছিল..(মই পূজাৰীবাক মনত পেলাই দিলো)।
:অভাৰ র্স্মাট, হেঁ!!! (বুলি কৈ পূজাৰীবায়ে আকৌ আৰম্ভ কৰিলে)।
:কুমাৰী পূজাৰ এই পৰম্পৰাৰ আৰম্ভ হৈছিল ১৬ শতিকাত, নেপালৰ শেষগৰাকী মল্ল সম্রাট প্রকাশ মল্লৰ দিনত। কূমাৰী পূজাৰ আৰম্ভনিকলৈ অনেক কিম্বদন্তীও আছে। নেপালৰ নেপালীসকলৰ বিশ্বাস কুমাৰী হ’ল দেৱী দূর্গাৰ বাল্যৰুপ(টালেজু ভৱানী)। ছেপ্টেম্বৰ-অক্টোবৰ মাহত অনুষ্ঠিত ইন্দ্রযাত্রাৰ সময়ত কুমাৰী দর্শনক কেন্দ্রকৰি অনুষ্ঠিত উৎসৱ নেপালৰ অন্যতম গুৰুত্বপূর্ণ উৎসৱ। লাখ-লাখ ভক্ত, আনকি স্বয়ং নেপালৰ ৰজাও কুমাৰী দর্শনৰ বাবে উদিগ্ন হৈ থাকিছিল। কুমাৰীৰ আশীসধন্য হ’বলৈ ৰজা-প্রজা সকলোৱে ৰুদ্ধশ্বাসে অপেক্ষা কৰে সেই দিনাখন। পিচে ইমান সন্মান পালে কি হ’ব, কুমাৰী নির্বাচিত হোৱা ধেমালি কথা নহয়।
:আচ্ছা!!অলপ ক্লিয়াৰলি কওঁক চোন।
:কুমাৰী বা দেৱীৰ অৱতাৰগৰাকীক বিচাৰি উলিওৱা প্রক্রিয়া সহজ নহয়। বহু কঠিন পৰীক্ষাৰ সন্মুখীন হ’ব লাগে তেওঁ। নেপালৰ কেৱল “নেৱাৰী” সম্প্রদায়ৰ পৰাহে কুমাৰী নির্বাচনৰ বিধান আছে, গতিকে এটা নির্দিষ্ট দিনত জ্যেষ্ঠ ৰাজপুৰুহিতসকলে চাৰি বছৰীয়া কন্যাসন্তানৰ মাজৰ পৰা কেইগৰাকীমান সাম্ভাব্য কুমাৰী প্রথমতে নিবার্চিত কৰে আৰু একত্রিত কৰি যোগ্যতা বিচাৰ কৰে।“কুমাৰী দেবী” হ’বলৈ কমেও ৩২টা বিশেষ শাৰীৰিক চিহ্ন থাকিব লাগিব যেনে দাঁতৰ আকৃতি, কন্ঠস্বৰ, চকুৰ মণিৰ ৰং, ভৰিৰ জোখ, দেহৰ বৰণ ইত্যাদি। তেওঁৰ শৰীৰত কোনো ক্ষত চিহ্ন বা কোনো বিসংগতি থাকিব নোৱাৰিব। সেই ৰাতি সাম্ভাব্য কুমাৰী সকলক আন্ধাৰ কোঠা এটাত আবদ্ধ কৰি থৈ ম’হৰ কটামূৰ, জীৱ-জন্তুৰ ৰক্তাক্ত অৱশিষ্ট, প্রচণ্ড শব্দ-ধ্বনি আদিৰে ভয় খুওৱাৰ চেষ্টা কৰা হয়। যি গৰাকী প্রকৃত কুমাৰী বা অৱতাৰ গৰাকীয়ে এনে অৱস্থাত সামান্যও বিচলিত নহয়, তেনে কন্যাসন্তান গৰাকীয়েই কুমাৰী নিবাচিত হয়। কিন্তু কুমাৰী নির্বাচন প্রক্রিয়াৰ ইয়াতেই অন্ত নপৰে।
:মানে?
:তাৰ পিছত নির্বাচিত কুমাৰীয়ে তেওঁৰ পূর্বৱতী কুমাৰীগৰাকীৰ পোছাক যোৰ র্নিভুলভাবে বাচি উলিওৱাৰ পৰীক্ষাতো অৱতীর্ণ হ’ব লাগে। আকৌ, একেবাৰে শেষত নির্বাচনত উঠা কুমাৰীগৰাকীৰ কোষ্ঠী নেপালৰ ৰাজবংসৰ সৈতে মিলাই চোৱা হয়। আৰু এনেকৈয়ে এজনী চাৰিবছৰীয়া সাধাৰণক ছোৱালী জীৱন্ত দেৱী ৰুপত প্রতিষ্ঠা কৰি পূজা কৰা হয়।
:ওৱাঅ’…সঁচাকৈ পূজাৰীবা,এনে ধৰণৰ সাধাৰণ ছোৱালীক “জীৱন্ত দেৱী” ৰুপত প্রতিষ্ঠা কৰি পূজা কৰা পৰম্পৰা জগততে বিৰল।
:অঁ’..কিন্তু হ’লে কি হ’ব ! তেওঁলোকৰ পাছৰছোৱা জীৱন অত্যন্ত মৰ্মান্তিক।
:মর্মান্তিক মানে??
:কুমাৰীসকল দেৱীৰ অৱতাৰ, গতিকে সাধাৰণ মানুহৰ সৈতে তেওঁলোকৰ একেলগে থকাৰ প্রশ্নই নুঠে। কুমাৰী দেৱীৰ বাৰ-তেৰ বছৰত ভৰি থোৱাৰ সময়ত তোলনি বিয়া হয়, লগে লগে তেওঁ দেৱী হৈ থকাৰ যোগ্যতা হেৰুৱাই পেলায়। কেৱল তোলনি বিয়া হোৱাৰ বাবেই নহয়, দুর্ঘটনাবশতঃ শৰীৰৰ পৰা ৰক্তপাত হ’লেও কুমাৰী হৈ থকাৰ যোগ্যতা লোপ পায় আৰু এই বাৰ-তেৰ বছৰ বয়সৰ পৰাই তেওঁলোকৰ যন্ত্রণাদায়ক জীৱনৰ আৰম্ভ হয়। কাৰো ঘৰলৈকে তেওঁক মুকলি মনেৰে আদৰণি জনোৱা নহয়, কাৰণ “দেবীত্ব” হেৰুৱাৰ পাচত তেওঁক শাপগ্রস্ত ধাৰণা কৰাহয়। আৰু প্রাক্তন কুমাৰীয়ে বিয়া বাৰু কৰাও নিষেধ।
:ইচ্!!কিয়?
:কাৰণ প্রাক্তন কুমাৰীৰ পাণি গ্রহণ কৰাজনৰ মৃত্যু অৱধাৰিত বুলি ধৰা ভবা হয় আৰু পাণি গ্রহণ কৰোতাও কোনো নোলায়।
:বৰ আচৰিত প্রথা।এতিয়াও এই প্রথা পালন কৰা হয়নে নেপালত?
:অ‌’।কিন্তু আগতে এই প্রথা পালন কৰা সময়ত স্বয়ং নেপালৰ ৰজা উপস্থিত থাকিছিল আজিকালি নেপালৰ প্রধান মন্ত্রী-ৰাষ্ট্রপতি আদিও উপস্থিত থাকে। আৰু প্রাক্তন কুমাৰীক বিদায় দিওঁতে ভালেমান সা-সম্পত্তি, আ-অলংকাৰ আদিপ্রদান কৰা হ’য়।
:কিন্তু পূজাৰীবা, কুমাৰীৰ পাছৰছোৱা জীৱন কিয় ইমান র্মমান্তিক? ইয়াত তেওঁৰনো কি দোষ?
:এৰা অ’ বেচেৰী কুমাৰীৰ নো কিদোষ? কিন্তু কি কৰিবি, সকলো মানু্হৰ হাতত। মানুহেই পাতে, মানুহেই ভাঙে। কেৱল উদ্দেশ্য সাধন হ’লেই হ’ল।তই এই দেৱীৰ প্রতিমা বির্সজনৰ ফলত হোৱা প্রদূষণৰ কথা নাজান হ’বলা?
:প্রতিমা বির্সজনৰ ফলত হোৱা প্রদূষণ?(পূজাৰীবায়ে আকৌ প্রসংগসলনি কৰি মোক পৰাস্ত কৰিছিলেই, কিন্তু এইবাৰ বাঁচিলো যেনিবা)অ’..অ’..সিদিনাখন কোনোৱা এখন পেপাৰত পঢ়িব পাইছিলোঁ, বোলে বিশাল-বিশাল প্রতিমাসমুহত ব্যবহাৰ কৰা সীহ, ধাতু আৰু জৈৱ ৰাসায়নিক দ্রব্যবোৰে নদীৰ পানী প্রদূষণ কৰে।
:তেন্তে?..দেখিছনে,কেনেদৰে পৰমপূজ্য আৰাধ্য দেৱীৰ প্রতিমাও জনস্বাস্থ্যৰ প্রতি ভাবুকি হৈপৰে। অনিষ্টকাৰী সীহ, ধাতু আদিৰ ব্যৱহাৰেৰে দেৱীৰ প্রতিমা সজাৰ কি দৰকাৰ? তাৰ বিকল্পেৰে দেৱীৰ প্রতিমা সাজি আৰাধনা কৰিব নোৱাৰিনে?চবতে “বিজনেছ্” ..বুইছ্,টকা..ইয়াত মানুহেই পাতে মানুহেই ভাঙে..ঈশ্বৰৰ গাত একো দোষ নাই।
:আপুনি ঠিকেই কৈছে,সকলো মানু্হৰ হাতত। ঈশ্বৰে পাতে, মানুহে ভাঙে… এই বুলি পূজাৰীবাক সেৱা এটি কৰি গুচি আহিলোঁ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments