মই বা আমি- গিতালী দাস

জীৱনৰ সৰু বৰ আলিয়েদি আহ-যোৱা কৰোঁতে আমি প্ৰতিটো ক্ষণতে পাই অহা আৰু এৰি অহাৰ অভিজ্ঞতাই শিকাই থৈ যায় কিছু নতুন কথা৷ এইবোৰে আমাক যেনেকৈ সমৃদ্ধ কৰে তেনেকৈ কেতিয়াবা খালী কৰি থৈ যায় আমাৰ হৃদয়ৰ কৰণি৷ প্ৰতিজন মানুহেই প্ৰতিজন মানুহৰ কাৰণে একো একোটা ডাঙৰ অভিজ্ঞতা৷ কেতিয়াবা আনন্দৰ কেতিয়াবা দুখৰ৷ এই সৰু ডাঙৰ স্মৃতিবোৰেই আমাক জীয়াই থকাৰ ইন্ধন যোগায়৷ কিছুমানৰ কথাই আৰু কিছুমানৰ কামে যিদৰে আমাক দি যায় প্ৰেৰণা তেনেকৈ দি যায় হতাশা৷ কিন্তু সেইবুলিয়েই আমিতো এৰি দিব নোৱাৰো মানুহক ভালপাই থকাৰ আখৰা৷ পৃথিৱীখন সেউজীয়া এই সৰু বৰ ভাল ভাল মানুহৰ কাৰণেই৷ মানুহৰ এই মিছিলত আমি সকলোৱে সকলোৰ সহযাত্ৰী৷ আপোনাক বাদ দি মই যেনেকৈ আধৰুৱা, মোক বাদ দিও আপুনি হয়তো হ’ব অকলশৰীয়া৷ সৰু সৰু আঘাতবোৰে যিদৰে বুকুৰ মাজত একোটা দাগৰ সৃষ্টি কৰে তেনেকৈ সৰু সৰু মৰমবোৰেও দি থৈ যায় নিজক জীয়াই ৰখাৰ অযুত বাসনা৷ তেনে কিয় আমি কিছুমান অৰ্থহীন কথাত লাগি সময়বোৰক কৰি তোলো বিষময়? কিয় লাগি থাকোঁ অনবৰতে পোৱা-নোপোৱাৰ হিচাপবোৰত? আপুনি আৰু মই মিলিয়েইতো আমি৷ তেনেহ’লে কিয় আমি আমাক ভাল পাবলৈ এৰি মোক ভালপোৱাৰ প্ৰতিযোগিতাত নামিছোঁ? আমিবোৰ লগ হৈ পাৰোঁ দেখোন আমাৰ মৰমৰ পৃথিৱীখন সেউজীয়া কৰিবলৈ৷ আহকনা, কিমান আৰু মই হৈ থাকে এবাৰ আমি হৈ চাওকচোন আমাৰ লগত৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments