মই ভাবি ভালপাওঁ (১) – ( ত্ৰিদীপ কুমাৰ বৰুৱা)

মই ভাবি ভালপাওঁ (১)

-ত্ৰিদীপ কুমাৰ বৰুৱা

 

ময়ো ‘ভগৱান’। ‘ভগৱান’ মোৰেই নিচিনা।

অকলে থাকি কিবাকিবি ভাবি থকা মোৰ সৰুৰে পৰা অভ্যাস। মই ভাবি ভাল পাওঁ। কিবা নহয় কিবা উপায়েৰে দিনটোৰ ভিতৰত অলপ সময় ভাবিবৰ কাৰণে উলিয়াই লওঁ। এই যে মোৰ ভাবা অভ্যাসটো মুঠেও ভাল নহয়, বহু সময় নষ্ট হয়। কিন্তু কি কৰিম, নোৱাৰোঁ, মই যে ভাবি বৰ ভাল পাওঁ, সময় নষ্ট হলে হওঁক। কেতিয়াবা ভাবো সচাঁই জানো মোৰ এই ভাবা অভ্যাসটোৰ কাৰণে মোৰ সময় নষ্ট লৈছে। মানুহে সময়ক মাৰিবৰ কাৰণে (time kill) বা সময় অতিবাহিত কৰিবৰ কাৰণে (time pass) ক’ত কি কৰে। টি-ভি, চিনেমা, খেলা আদি চাই নতুবা ফুৰিবলৈ যাই আৰু ক’ত কি কৰে। গাঁঠিৰ ধন ভাঙিও মানুহে এনে বিভিন্ন মনোৰঞ্জনৰ আহিলাৰ যোগেদি দিনটোৰ কিছু সময় অতিবাহিত কৰে। শাৰীৰিক আৰু মানসিক ভাবে এটা সুস্থ জীৱন যাপনৰ বাবে মনোৰঞ্জন যে অপৰিহাৰ্য সেই কথা কোনেও নুই কৰিব নোৱাৰে। পিছে মনোৰঞ্জনৰ কাৰণেও টো সময় ব্যৱহাৰ হয়। সময় খৰচ নকৰাকৈ মনোৰঞ্জন কৰিব পৰা লোক নিচেই তাকৰ। শাৰীৰিক আৰু মানসিক ভাবে এটা সুস্থ জীৱন যাপনৰ বাবে অপৰিহাৰ্য এই মনোৰঞ্জনৰ বাবে খৰচ কৰা সময় কেতিয়াও সময়ৰ অপচয় হ’ব নোৱাৰে। পিছে যিকোনো বস্তুৰ অতিৰিক্ত সাধাৰণতে, যদিও সদায় নহয়, বেয়া। মোৰ জীৱনৰ সকলোতকৈ বেচি ভালপোৱা আৰু মৰমৰ মনোৰঞ্জনৰ আহিলাটো হ’ল মোৰ এই ভাবা অভ্যাসটো। সেয়েহে মোৰ যুক্তি যে মোৰ এই ভাবা অভ্যাসটোৰ কাৰণে মোৰ অলপো সময় নষ্ট হোৱা নাই। এই দুৰ্জেয় যুক্তিৰ দূৰ্গৰ ভিতৰত মই মোৰ এই ভাবা অভ্যাসটোক অতি যতনে লালন-পালন কৰি ডাঙৰ দীঘল কৰি আহিছোঁ।

এদিন সন্ধিয়া হেলেম বাগিচাৰ অতিথি কোঠাত অকলে বহি থাকোঁতে বহু বছৰৰ পৰা মই চিন্তা চৰ্চা কৰি থকা ‘ভগৱান’ কি বা কেনেকুৱা’, ‘মই কোন আৰু মোৰ কাম কি?’ আদি বিষয়ে এনেয়ে কিছু কথা মনলৈ আহিব ধৰিলে। ভাবোতে-ভাবোতে কোনোবাখিনি পালোঁ গৈ। বহু কথা ভাবিলোঁ। এবাৰ ভাবিলোঁ এনেই ভাবি থকাতকৈ লিখি পেলাওঁ। সেয়েহে লিখি পেলালোঁ।

ভগৱাননো কি বা কোন ? (ভগৱানক মই কি ৰূপত উপলব্ধি কৰোঁ।)

ভগৱান নো কি বা কোন এই বিষয়ে মই বহু সৰুৰে পৰা ভাবিবলৈ আৰম্ভ কৰিছিলোঁ। এই বিষয়ে ভাবি বহু নিশা উজাগৰে কটাইছিলোঁ আৰু লাহে লাহে ভগৱান নো কি বা কোন সেই বিষয়ে একেবাৰে নিজস্ব এটা সুস্পষ্ট ধাৰণা বা বিশ্বাস গঢ়লৈ উঠিল। মই উপলব্ধি কৰা এই ভগৱানৰ ৰূপটো সম্পূৰ্ণ মোৰ নিজা কল্পনা শক্তিৰে গঢ় দিয়া এটা নিজস্ব বিশ্বাস।মোৰ বিশ্বাস ভগৱান কোনো এজন ব্যক্তি নহয় বা ভগৱান কোনো এটা বিশেষ বস্তু নহয় নতুবা ভগৱান কেৱল মাত্ৰ এটা শক্তিও নহয়। মোৰ বোধেৰে ভগৱানৰ সংজ্ঞা হল “এটা ব্যৱস্থাৰ (system) নিয়ন্ত্ৰণৰ আৰু পৰিচালনাৰ ওপৰত বহু পৰিমাণে প্ৰভাৱ পেলাব পাৰা আৰু সেই ব্যৱস্থাটোৰ নিয়ন্ত্ৰণৰ আৰু পৰিচালনাৰ ফলত যি কাৰ্য্য সম্পন্ন হয় সেই কাৰ্য্যৰ পৰা পোৱা ফলাফল ভোগ বা অনুভৱ কৰিব পৰা এটা স্বয়ংসম্পূৰ্ণ সত্বাই হ’ল ‘ভগৱান’”। এনে একোটা ব্যৱস্থা নিয়ন্ত্ৰিত আৰু পৰিচালিত হয় সেই ব্যৱস্থাটোৰ নিয়ন্ত্ৰণ কক্ষত থকা নিয়ন্ত্ৰণ আৰু পৰিচালনা প্ৰণালীৰ দ্বাৰা। এনে ব্যৱস্থাবিলাকৰ ভিতৰত থাকে বহুতো উপ-ব্যৱস্থা। এটা ব্যৱস্থাৰ ভিতৰত থকা এনে উপ-ব্যৱস্থা বিলাকে নিজৰ-নিজৰ ধৰ্ম (নিয়ন্ত্ৰণ আৰু পৰিচালনা প্ৰণালী) অনুযায়ী নিজ কাৰ্য সম্পন্ন কৰাৰ জৰিয়তে অভিভাৱক ব্যৱস্থাটোৰ নিজৰ কাৰ্য সম্পন্ন কৰাত সহায় আগবঢ়ায়। এটা ব্যৱস্থাৰ ভিতৰত থকা বিভিন্ন উপ-ব্যৱস্থাবিলাকৰ সকলো বিলাকেই যে অভিভাৱক ব্যৱস্থাৰ সহায়ক ৰূপে কাম কৰে তেনে নহয়। এটা ব্যৱস্থাৰ ভিতৰত এনে কিছুমান উপ-ব্যৱস্থা থাকে যিয়ে অহৰহ নিজৰ কৰ্মৰাজিৰ জৰিয়তে অভিভাৱক ব্যৱস্থাটোৰ অনিষ্ট সাধন কৰি থাকে। এটা ব্যৱস্থাৰ ভিতৰত থকা এই বিভিন্ন উপ-ব্যৱস্থা বিলাকে নিজৰ কাৰ্যৰ জৰিয়তে যে অভিভাৱক ব্যৱস্থাৰ কাৰ্য সম্পন্ন কৰা সহায়ক ৰূপে বা অসুবিধা সৃষ্টি কৰিবৰ কাৰণে কাম কৰি আছে সেই বিষয়ে অৱগত নহয় বা ধাৰণা কৰিব নোৱাৰে। এনেবোৰ ব্যৱস্থা আৰু সেই ব্যৱস্থাটোৰ অন্তৰ্গত প্ৰতিটো উপ-ব্যৱস্থাৰ নিজৰ কাৰ্য কৰি যোৱাৰ কিছুমান ব্যক্তিগত নতুবা  আন এটা বহল উদ্দেশ্য থাকে। এটা ব্যৱস্থা বৰ্তি থকাৰ ব্যক্তিগত উদ্দেশ্যৰ ভিতৰত দুটা প্ৰধান উদ্দেশ্য প্ৰায় সকলো বিলাক ব্যৱস্থাত সাৰ্বজনীন ভাবে পোৱা যায়। এই দুটা সাৰ্বজনীন উদ্দেশ্যৰ ভিতৰত প্ৰধান আৰু অতি গভীৰ ভাবে ক্ৰিয়া কৰা উদ্দেশ্যটো হ’ল নিজৰ অস্তিত্ব বজাই ৰখা বা নিজকে জীয়াই ৰখাৰ গভীৰ প্ৰবণতা আৰু দ্বিতীয় উদ্দেশ্যটো হ’ল নিজৰ বংশ বৃদ্ধি কৰা প্ৰৱণতা। এই প্ৰৱণতা দুটা সকলো বিলাক ব্যৱস্থাতে সাৰ্বজনীন ভাবে বিৰাজমান। এই দুটা উদ্দেশ্যৰ বাহিৰেও প্ৰতিটো ব্যৱস্থা বা উপ-ব্যৱস্থাৰ হয়তো একেবাৰে ব্যক্তিগত উদ্দেশ্য কিছুমানো থাকে যিবিলাক উদ্দেশ্য আগত ৰাখি এই ব্যৱস্থা বিলাকে নিজৰ নিজৰ কৰ্ম কৰি যায়। কিন্তু এটা ব্যৱস্থাৰ অন্তৰ্গত এই উপ-ব্যৱস্থা বিলাকৰ নিজৰ-নিজৰ কৰ্মৰ যোগেদি আচলতে অভিভাৱক ব্যৱস্থাটোক উপকাৰ বা অনিষ্ট কৰাৰ এটা বহল উদ্দেশ্য থাকে যাক এই ব্যৱস্থাবিলাকে দেখা নাপাই বা অনুমান কৰিব নোৱাৰে। ওপৰত উল্লেখ কৰিছোঁ যে এই ব্যৱস্থাবোৰ নিয়ন্ত্ৰণ আৰু পৰিচালিত হয় সেই ব্যৱস্থাটোৰ নিয়ন্ত্ৰণ কক্ষত থকা নিয়ন্ত্ৰণ আৰু পৰিচালনা প্ৰণালীৰ দ্বাৰা, আৰু এনে ব্যৱস্থাৰ নিয়ন্ত্ৰণৰ আৰু পৰিচালনাৰ ওপৰত বহু পৰিমাণে প্ৰভাৱ পেলাব পৰা আৰু সেই ব্যৱস্থাটোৰ নিয়ন্ত্ৰণৰ আৰু পৰিচালনাৰ ফলত যি কাৰ্য্য সম্পন্ন হয় সেই কাৰ্য্যৰ পৰা পোৱা ফলাফল ভোগ বা অনুভব কৰিব পৰা এটা স্বয়ংসম্পূৰ্ণ সত্বাই হ’ল ভগৱান।

মই কোন ?

এই মাজৰাতি এইবিলাক মই কি ভাবি আছো। মই পিছে নিৰুপায়, মই যে ভাবি ভাল পাওঁ। মই নো কোন ? মই হ’লো এটা ব্যৱস্থা। অসংখ্য সৰু সৰু ব্যৱস্থাৰ সমষ্টিয়েই মই বা মোৰ আকৃতি। মইতো মোৰ আকৃতিটো নহওঁ। মোৰ আকৃতিটো অসংখ্য উপ-ব্যৱস্থাৰ সমষ্টিৰে গঠন হোৱা এটা ব্যৱস্থা মাথোন। বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তু বা সত্বাইটো একো একোটা ব্যৱস্থা। মোৰ এই বাহ্যিক আকৃতিটোৱেই হ’ল মোৰ শৰীৰ ব্যৱস্থা। মোৰ এই শৰীৰ ব্যৱস্থাটো পৰিচালিত হয় মোৰ শৰীৰ ব্যৱস্থাটোৰ পৰিচালনাৰ কাৰণে থকা নিয়ন্ত্ৰণ আৰু পৰিচালনা প্ৰণালী ব্যৱস্থাৰ দ্বাৰা বা সাধাৰণ ভাষাত মগজ (নিয়ন্ত্ৰণ কক্ষ)ৰ দ্বাৰা। মই হ’লো মোৰ শৰীৰ ব্যৱস্থাৰ নিয়ন্ত্ৰণৰ আৰু পৰিচালনাৰ ওপৰত বহু পৰিমাণে প্ৰভাব পেলাব পৰা আৰু সেই ব্যৱস্থাটোৰ নিয়ন্ত্ৰণৰ আৰু পৰিচালনাৰ ফলত যি কাৰ্য্য সম্পন্ন হয় সেই কাৰ্য্যৰ পৰা পোৱা ফলাফল ভোগ বা অনুভব কৰিব পৰা এটা স্বয়ংসম্পূৰ্ণ সত্বা। তাৰমানে ময়েই মোৰ শৰীৰ ব্যৱস্থাটোৰ সৰ্বে-সৰ্বা, মোৰ শৰীৰ ব্যৱস্থাটোৰ ময়েই ‘ভগৱান’। মই যেন ‘ভগৱান’ক লাহে লাহে বুজি পোৱা হৈ উঠিলোঁ ; মোৰ এই শৰীৰ ব্যৱস্থাটো সম্পূৰ্ণ ভাবে মোৰ, মানে শৰীৰ ব্যৱস্থাটোৰ ‘ভগৱান’ৰ, ওপৰত নিৰ্ভৰশীল। মই মোৰ শৰীৰ ব্যৱস্থাটোৰ জৰিয়তে যি কাৰ্য-কালাপ কৰোঁ তাৰ ওপৰত মোৰ নিজৰ শৰীৰ ব্যৱস্থাটোৰ ভবিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰে। পিছে ওলোটাকৈ চালে আন এটা কথাহে দেখা যাই। মই, মানে স্বয়ং মোৰ শৰীৰটোৰ ‘ভগৱান’, নিজেই আকৌ নিজৰ শৰীৰ ব্যৱস্থাটোৰ ওপৰত নিৰ্ভৰশীল। মোৰ এই শৰীৰ ব্যৱস্থাটোৰ অবিহনে জানো এই ‘মই’ বোলা ‘ভগৱান’ জন বৰ্তি থাকিব পাৰিব। শৰীৰ ব্যৱস্থাটো আৰু সেই ব্যৱস্থাটোৰ ‘ভগৱান’ যেন ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল। এটা অবিহনে যেন আনটোৰ অস্তিত্ব নাই। এটা কথা মই উপলব্ধি কৰিব পাৰিছোঁ যে মোৰ (মোৰ শৰীৰ ব্যৱস্থাটোৰ ‘ভগৱানৰ’) ইচ্ছা অনিচ্ছা অনুযায়ী মই মোৰ শৰীৰ ব্যৱস্থাটোৰ অন্তৰ্গত বিভিন্ন উপ-ব্যৱস্থাৰ সহায়ত যি কাৰ্য সম্পন্ন কৰো আৰু তাৰপৰা পোৱা ভাল বা বেয়া ফল মই নিজেই ভোগ কৰো। মোৰ শৰীৰ ব্যৱস্থাৰ অন্তৰ্গত অসংখ্য সৰু-সৰু উপ-ব্যৱস্থাই (শৰীৰ ব্যৱস্থাৰ উপ-ব্যৱস্থা বিলাক আমাৰ শৰীৰত থকা অসংখ্য কোষ বিলাক বুলি ধাৰণা কৰিব পাৰি) নিজক জীয়াই ৰখা আৰু বংশবৃদ্ধিৰ (reproduction) উদ্দেশ্যে কাম কৰি যোৱাৰ জৰিয়তে অজানিতে মোৰ ইচ্ছা-অনিচ্ছা বোৰো পূৰণ কৰাৰ এটা বহল উদ্দেশ্যৰ হকে অহৰহ কাম কৰি আছে। মোৰ শৰীৰ ব্যৱস্থাৰ স্বয়ং ‘ভগৱান’, এই যে ‘মই’টোৱে, আচলতে নিজাববীয়াকৈ কোনো কাৰ্য সম্পন্ন কৰিব নোৱাৰে। সঁচাকৈয়ে মোৰ অস্তিত্ব মোৰ শৰীৰ ব্যৱস্থাৰ এই ক্ষুদ্ৰ পৰা ক্ষুদ্ৰতম উপ-ব্যৱস্থা (কোষ) বিলাকৰ ওপৰত নিৰ্ভৰশীল। ভাবিলে আচৰিত লাগে যে এটা ক্ষুদ্ৰ কোষৰো নিজৰ কৰ্মৰাজিৰ এটা বহল উদ্দেশ্য আছে তেনেক্ষেত্ৰত মোৰ এই বৃহৎ শৰীৰ ব্যৱস্থাটো বৰ্তি থকাৰ তেনে এটা বহল উদ্দেশ্য থাকিব নালাগেনে বাৰু?
মোৰ শৰীৰ ব্যৱস্থাটোৰ অন্তৰ্গত প্ৰতিটো উপ-ব্যৱস্থাই যে মোৰ শৰীৰ ব্যৱস্থাটোৰ উপকাৰৰ হকে কাম কৰি আছে তেনে নহয়। মোৰ শৰীৰ ব্যৱস্থাত এনে বহুটো উপ-ব্যৱস্থা আছে যিবিলাকে অহৰহ মোৰ শৰীৰ ব্যৱস্থাটোৰ অনিষ্ট সাধন কৰাত ব্ৰতী হৈ থাকে। কত যে সংঘৰ্ষ চলি থাকে মোৰ শৰীৰ ব্যৱস্থাটোৰ অন্তৰ্গত অগণন উপ-ব্যৱস্থা বোৰৰ মাজত! মোৰ শৰীৰ ব্যৱস্থাটোৰ হকে কাম কৰা উপ-ব্যৱস্থা বিলাকে অহৰহ শৰীৰ ব্যৱস্থাটোৰ অনিষ্ট কৰিব খোজা উপ-ব্যৱস্থাবোৰক ধংস কৰিব বাবে সংঘৰ্ষত লিপ্ত হয়। এই সংঘৰ্ষত ফলত অজস্ৰ উপ-ব্যৱস্থাৰ অৱসান হয় আৰু একে সময়তে অগণন নতুন উপ-ব্যৱস্থাৰ সৃষ্টি হয়। কিমান যে কাৰ্য আৰু ঘটনা সংঘটিত হৈ আছে মোৰ এই নিজৰ শৰীৰ ব্যৱস্থাটোৰ ভিতৰত, পিচে মই মোৰ শৰীৰ ব্যৱস্থাটোৰ স্বয়ং ‘ভগৱান’ হৈও এই ঘটনা বিলাকৰ বিষয়ে একোৱেই গম নাপাওঁ। আচৰিত লাগে কেতিয়াবা ভাবিলে। তেন্তে মোৰ ভগৱান নো কোন ? হয়তো মোৰ শৰীৰ ব্যৱস্থাটো আন এটা অকল্পনীয় ভাবে বৃহৎ ব্যৱস্থাৰ অন্তৰ্গত কোনো উপ-ব্যৱস্থাৰ পৰমাণুৰ সংৰচনাৰ এতিয়ালৈকে মানুহে আবিষ্কাৰ কৰিব নোৱাৰা কোনো এটা অতি ক্ষুদ্ৰ ব্যৱস্থাৰ ভিতৰৰ এটা উপ-ব্যৱস্থা। মই মোৰ শৰীৰ ব্যৱস্থাটোৰ ভগৱান হোৱাৰ দৰে সেই বৃহৎ ব্যৱস্থাটোৰ ‘মই’ বোলা সত্বাটোৱেই হ’ল মোৰ ‘ভগৱান’। মই মোৰ শৰীৰ ব্যৱস্থাটোৰ জৰিয়তে কৰা কাৰ্য-কলাপৰ পৰা এই বৃহৎ ব্যৱস্থাটোৰ উপকাৰ বা অনিষ্ট সাধন কৰি আছো আৰু সেইটোৱেই হ’ল মোৰ শৰীৰ ব্যৱস্থাটোৰ জীয়াই থকাৰ বহল উদ্দেশ্য। যদি মোৰ শৰীৰ ব্যৱস্থাটোৰ ক্ষুদ্ৰ পৰা ক্ষুদ্ৰতম উপ-ব্যৱস্থা এটাৰো নিজক কৰ্মৰাজিত মোৰ শৰীৰ ব্যৱস্থাটোৰ উপকাৰ বা অনিষ্ট সাধনৰ এটা বহল উদ্দেশ্য অন্তৰ্নিহিত থাকে তেন্তে মোৰ এই বৃহৎ শৰীৰ ব্যৱস্থাটোৰো নিজৰ কৰ্মৰাজিত আন এটা অকল্পনীয় ভবে বৃহৎ ব্যৱস্থাৰ উপকাৰ বা অনিষ্ট  সাধনৰ এটা বহল উদ্দেশ্য অন্তৰ্নিহিত থাকে বুলি ভাবিলে ভুল কৰা নহ’ব। এই বিশ্বব্ৰহ্মাণ্ডত কোনো বস্তুৱেই এনেই সৃষ্টি হোৱা নাই। সকলো সৃষ্টিৰে একোটা বিশেষ উদ্দেশ্য থাকে আৰু মইও তাৰ ব্যতিক্ৰম নহওঁ। মই ভাবো ‘ভগৱান’ হ’ল এই ‘মই’ বোলা সত্বাটোৰ নিচিনা। যিদৰে ‘মোৰ’ (মোৰ শৰীৰ ব্যৱস্থাটোৰ ‘ভগৱান’) ইচ্ছা-অনিচ্ছা, ভাললগা-বেয়ালগা আদিৰ পূৰণৰ অৰ্থে মোৰ নিজৰ শৰীৰ ব্যৱস্থাটোত থকা অসংখ্য উপ-ব্যৱস্থাই অহৰহ কাম কৰি আছে ঠিক তেনেদৰে মই মোৰ ‘ভগৱানৰ’ ইচ্ছা-অনিচ্ছা, ভাললগা-বেয়ালগা আদিৰ পূৰণৰ অৰ্থে মোৰ শৰীৰ ব্যৱস্থাটোৰ ব্যৱহাৰ কৰি অহৰহ কাম কৰি আছো। নতুবা মই মোৰ অকল্পনীয় ভাবে বৃহৎ অভি্ভাৱক ব্যৱস্থাটোৰ অন্তৰ্গত এনে এটা ব্যৱস্থা যি হয় টো প্ৰতি ক্ষণে অভিভাৱক ব্যৱস্থাটোৰ অনিষ্ট সাধনত লিপ্ত আছোঁ। ‘মই’ আৰু মোৰ ‘ভগৱানৰ’ মাজত বৈশিষ্টৰ যেন বিশেষ পাৰ্থক্য নাই। মই নিজেই নিজকে চিনি পালেই, বুজি পালেই, বিচাৰি পালেই যেন মোৰ ‘ভগৱানক’ মই চিনি পাম, বুজি পাম, বিচাৰি পাম। সচাঁই জানো মোৰ ‘ভগৱান’ মোৰেই নিচিনা ভাবিব পৰা, অনুভব কৰিব পৰা, ভাললগা, বেয়ালগা, ইচ্ছা-অনিচ্ছাৰ আদিৰ দাৰা পৰিচালিত হোৱা এটা সত্বা ? মোৰ তেনে  যেনেই লাগে দেখোন। মোৰ ‘ভগৱানৰ’ ধাৰণাটো ভুলো হ’ব পাৰে কিন্তু আজিলৈকে যিমান বিলাক ‘ভগৱানৰ’ অস্তিত্বৰ বিষয়ে ধাৰণাৰ বিকাশ হৈছে সেইবিলাকো যে শুদ্ধ সেইটো নো কোনে ডাঠি ক’ব পাৰিব। …….বহু ৰাতি হ’ল। ভাত-আঞ্জা ঠাণ্ডাই হ’ল। ভাবিব ধৰিলে ভাবৰ অন্তই নপৰে। বেছি ভাবা বেয়া, সময়ৰ অপব্যয়। আজিলৈ মোৰ কল্পনাৰ ‘ভগৱান ব্যৱস্থাৰ’ চিন্তন ইমানতে সামৰিলোঁ। এই লেখাটো মোৰ কল্পনাৰহে সৃষ্টি, ই কোনো তথ্য ভিত্তিক গৱেষণা পত্ৰ নহয়। কল্পনাই কোনো যুক্তি নামানে।

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক