মই, মহেশ্বৰ,মিনু আৰু ৰিক্সাচালক (যুগলচন্দ্ৰ বৰা)

মই, মহেশ্বৰ,মিনু আৰু ৰিক্সাচালক

বাছৰ পৰা নামি মোৰ পত্নী মিনু আৰু মই ঘৰলৈ যাবলৈ ৰিক্সা এখনৰ বাবে ৰৈ আছো৷ ইখন সিখনকৈ কেইবাখনো ৰিক্সা আমাৰ সন্মুখেদি পাৰ হৈ গ’ল৷ তাৰে কোনোখনত যাত্ৰী আৰু কোনোখন ৰিক্ত৷ কোনোৱে ভাৰা আছে বুলি কৈ , কোনোৱে ৰিক্সা বেয়া হোৱা বুলি কৈ গুছি গৈছে৷ মোৰ আক’ ধাৰণা হ’য়—পথালি গা ধৰা মিনুজনীক দেখি ওজনৰ ভয়তে ৰিক্সাচালকবোৰে তেনেদৰে কৈ আঁতৰি যায়৷

“ ঐ ৰিক্সা, ঐ ৰিক্সা , যাবা নেকি ?” মিনুৱে কিছু দূৰত ৰিক্সা এখন দেখি চিঞৰি উঠিল৷

ৰিক্সাচালকে ৰিক্সা আনি আমাৰ ওচৰ পোৱালেহি৷

“কাক মাতিছিল বাইদেউ ?”—ডেকা ৰিক্সাচালকে মিনুক সুধিলে৷

“তোমাকে মাতিছোঁ৷”—বুলি কৈ মিনুৱে হাতত থকা বেগটো ৰিক্সাত থৈ নিজেও উঠিব খুজিলে৷

“ৰ’ব বাইদেউ ,ৰিক্সাখনে আপোনাক নিনিয়ে, মইহে ৰিক্সাখন চলাই নিব লাগিব৷ সেয়ে মোক ৰিক্সা ৰিক্সা বুলি চিঞৰিব নালাগিছিল৷ হয়নে নহয় বাৰু চাৰ ?” ৰিক্সা চালক যুৱকে মোলৈ চাই ক’লে৷

মই মৌনতা অৱলম্বন কৰিলোঁ৷

এই প্ৰথমবাৰৰ বাবে চাগৈ মিনুৱে সৰু মানুহৰ মুখত বৰমাত শুনিলে৷ সেয়ে তাই থ’তম’ত খাই যোৱাৰ দৰে হ’ল৷ ময়ো ৰিক্সা চালকৰ কথাত কোনো প্ৰতিবাদ নকৰাত তাৰ যুক্তি সঠিক প্ৰতিপন্ন হৈ পৰিল৷ গতিকে মিনুৱে অপৰাধী ভাৱ এটা লৈ ৰৈ গ’ল৷

ৰিক্সাচালক ডেকাই চাগৈ মিনুৰ মুখমণ্ডলত অনুশোচনাব্যঞ্জক ভাৱ এটা প্ৰতিফলিত হোৱা দেখা পালে৷ সেয়ে সি ততালিকে ক’লে, “বহক বহক বাইদেউ, বহক চাৰ৷ ক’লৈ নিম কওক৷”

মই ক’লো, “ বকুল তিনিআলি৷”

ৰিক্সাৰ চকা তিনিটা পকী ৰাস্তাত ঘূৰিবলৈ ধৰিলে৷ মিনু আৰু মোৰ মুখত মাতবোল নাই৷

ৰিক্সাচালক ডেকাই যেন এই মাত্ৰ মোৰ অতীত-স্মৃতিৰ বন্ধ কোঠাটোৰ দুৱাৰত লগাই থোৱা তলাটো তাৰ জীৱনৰ বাস্তৱিকতাৰ চাবিপাতেৰে খুলি দিলে৷

গাঁৱৰ হোজা , দৰিদ্ৰ কৃষকৰ সন্তান মই৷ পঢ়া-শুনাত ভালেই আছিলো৷ স্থানীয় বিদ্যালয়ত পঢ়ি উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হ’লো৷ দেউতাই প্ৰথমিক বিদ্যালয়ৰ শিক্ষকতা কৰিবলৈ কৈছিল ; কিন্তু সেইটো চাকৰি জানো মোলৈ কৰ’বাত খালি হৈ পৰি আছে?  উপায়ান্তৰ হৈ আনবোৰ ছাত্ৰৰ দৰে ময়ো নগৰৰ মহাবিদ্যালয়ত পঢ়িবলৈ গ’লো৷ দেউতাই খেতিৰ ধনেৰে মোৰ পঢ়াৰ খৰচ যোগান ধৰিব নোৱাৰি এডৰা দুডৰাকৈ মাটি বন্ধক দিওঁতে দিওঁতে শেষত খেতিৰ মাটি   আটাইকেইডৰা বন্ধক দি শেষ হ’ল আৰু ময়ো স্নাতক ডিগ্ৰী লাভ কৰি মহাবিদ্যালয় এৰিলোঁ৷

স্নাতক হ’লো ঠিকেই; কিন্তু ঘৰলৈ আহি মহা চিন্তাত পৰিলোঁ৷ মোৰ অৱস্থা বান-বিধস্ত লোকৰ দৰেই হ’ল৷ মই যেন সৰ্ব্বস্ব হেৰুৱাই ভৰ বাৰিষাৰ নদীৰ কোবাল সোঁতৰ বিপৰীতে যুঁজি যুঁজি দুবাহুৰ বলত সাঁতোৰি আহি পাৰত উঠিছোঁ৷

চাকৰিৰ যিহে সমস্যা! মোৰ দৰে ছাল ছিগা ভিকহুৰ ল’ৰাই চাকৰি পোৱা দূৰৰ কথা৷ চাকৰিৰ বাবে আবেদন কৰিবলৈকে খৰচ দিবলৈ ঘৰত ফুটাকড়ি এটা নাই৷

পঢ়ি থকা দিনবোৰত এনে এখন ভয়াবহ বাস্তৱ ছবি কোনোদিনেই মনলৈ অহা নাছিল, জীৱনৰ ক’তযে ৰঙীন ছবি আঁকিছিলোঁ৷ জোনাকীহঁতে যচা মৰমবোৰ বুকুত বান্ধি আগুৱাই গৈছিলোঁ—পৰীৰ দেশৰ ৰাজকুমাৰটি হৈ– স্বপ্নীল ভৱিষ্যতক ধিয়াঁই৷

আৰু এতিয়া?  এতিয়া দেউতাৰ প্ৰাণৱন্ত নৰকংকালটো দেখি , মাৰ খাগৰি খৰি যেন দেহাটো দেখি মোৰ চিঞৰি চিঞৰি কান্দিবৰ মন যায়৷ ইফালে আকৌ পুষ্টিহীনতাত ভোগা ভাইটো আৰু ভন্টিজনীৰ শুকান মুখ দুখনলৈ চাবলৈ মোৰ সাহসে নুকুলাই৷

অলপতে আমাৰ গাঁৱত স্থাপন কৰা মধ্য ইংৰাজী বিদ্যালয়খনত মোক ৰাইজে সহকাৰী শিক্ষকৰ পদত মকৰল কৰিলে৷ পিছে অবৈতনিক ভাবেহে৷ যেইকি নহওক দেউতা-মা আৰু ভাই-ভনী হালে তাতে সন্তোষ লভিলে৷

পিছে ঘৰখন এতিয়া চলে কিদৰে?  মাটিকেইডৰা বন্ধক খুলিম ক’ৰ টকাৰে?  বৰদেউতাৰ ল’ৰা মহেশ্বৰৰ শিক্ষা কম হ’লেও তাৰ ধন আছে, ব্যৱসায় এটা আছে৷ ভাবিলো–তাৰ দৰে ব্যৱসায়কে কৰোনেকি? এদিন তাক মোৰ মনৰ কথা ক’লো৷ সি লগৰীয়া এটা পাই ভালেই পালে৷

কিছুদিনৰ আগতে মহেশ্বৰ কাইটিৰ আৰ্থিক অৱস্থা তেনেই শোচনীয় আছিল৷ ওচৰতে অসম গ্ৰামীণ বিকাশ বেংকৰ শাখা এটা খুলি দিয়াত সি হেনো প্ৰথমে এশ টকা জমা কৰি এটা চেভিংচ বেংক একাউন্ট খুলিলে৷ সি নিতৌ হাজিৰা কাম কৰি যি টকা পায় তাৰে ঘৰ-সংসাৰ চলাই ৰাহি হোৱা দুই-চাৰি টকা সাঁচি থৈ প্ৰতি সপ্তাহে বেংকত এশ-ডেৰশকৈ জমা কৰিবলৈ ধৰিলে৷ এই কাম সি বেংকৰ কৰ্মকৰ্ত্তাসকলৰ পৰামৰ্শ অনুযায়ীয়েই কৰি গৈছিল৷ চাৰিমাহমানৰ মূৰত তাৰ বেংকত পোন্ধৰ-ষোল্লশ মান টকা জমা হ’লগৈ৷ সেই টকা বেংকৰ পৰা উঠাই লৈ সি স্থানীয় সাপ্তাহিক বজাৰত শাক-পাচলিৰ বেপাৰ কৰিবলৈ ধৰিলে৷ বেংকৰ পৰিচালক তথা কৰ্ম্মচাৰীসকলেও তাৰ পৰাই শাক-পাচলি কিনি নিয়ে৷ শাক-পাচলিৰ বেপাৰ কৰিবলৈ ধৰাত তাৰ বেংকত জমাৰ পৰিমাণ আগতকৈ বৃদ্ধি পালে৷ ওচৰ-পাজৰৰ কেইবাখনো সাপ্তাহিক বজাৰলৈ মহেশ্বৰে বেপাৰৰ বাবে যায়৷ সি খোজ কাঢ়ি কাঢ়িয়েই যাব লগা হয়৷ মহেশ্বৰ কাইটিৰ প্ৰতি বেংকৰ পৰিচালক তথা কৰ্ম্মীবৃন্দৰ দৰদ বাঢ়ি অহাত তাৰ কষ্ট লাঘবৰ বাবে তথা আৰ্থিক উন্নয়ণ কামনা কৰি পাঁচ হেজাৰ টকাৰ ঋণ এটা দি এখন নতুন চাইকেল কিনি দিলে৷

চাইকেলখন পাই মহেশ্বৰে দুগুণ উৎসাহেৰে ব্যৱসায়ত লাগি গ’ল৷ সি ঋণ পৰিশোধৰ বাবে ধাৰ্য্য কৰি দিয়া নিৰ্দ্দিষ্ট সময়সীমা উকলি যোৱাৰ পূৰ্বেই নিয়মীয়াকৈ ঋণ পৰিশোধ কৰিলে৷ তাৰোপৰি সি নিজাকৈ বেংকত কেইবাহেজাৰো টকা হেনো এতিয়া জমাহে কৰিছে৷ মহেশ্বৰ কাইটিক প্ৰথমে বেংকৰ পৰা মোৰ নামত ঋণ এটা উলিয়াই দিবলৈ খাটনি ধৰিছিলোঁ৷ যিহেতু বেংকৰ মানুহকেইজনে তাক ভাল পায়, সেয়ে সি ক’লে নিশ্চয় মোক বেংকে ঋণ এটা দিব৷ পিছে মহেশ্বৰ কাইটিয়ে মোক ক’লে, “ বৰমইনা , তই সঁচাকৈয়ে ‘বিজনেচ’  কৰিবিতো?  যদি কৰ তেনেহ’লে ‘বিজনেচ’ কৰিবলৈ শিকি ল’; প্ৰথমে বিজনেচ কি নজনাকৈ গৰমেন্টৰ ধাৰ এসোপামান লৈ পিছত ৰঙাঘৰৰ ভাত খাব নালাগে৷ ডি.আৰ.ডি.এ লোণ লৈ ঘূৰাই নিদিয়া আমাৰ গাঁৱৰ কাচিয়াল, নদৰাম আৰু কেৰকণহঁতৰ এতিয়া কি অৱস্থা হৈছে দেখা নাই৷ পুলিছে—–৷”

“এহ মই জানো ঋণ লৈ পৰিশোধ নকৰিম?”  মই ক’লো৷

“পৰিশোধ কৰিব পাৰিলেহে কৰিবি৷ তই বেপাৰত ধৰ যদি ধৰ বাৰু৷ ময়ে যি পাৰো সহায় কৰিম৷ পিছে পৰে বেংকৰ ধাৰ ল’বি৷”

মহেশ্বৰ কাইটিৰ কথাতে মই পতিয়ন গ’লোঁ৷

মহেশ্বৰ কাইটিয়ে আজিকালি গাহৰিৰ বেপাৰ কৰে৷ গাঁৱৰ পৰা গাহৰি কিনি চহৰৰ দেওবৰীয়া বজাৰত বেপাৰীক বিক্ৰী কৰে৷ ভাল লাভ হয় হেনো৷ ময়ো মহেশ্বৰৰ পৰা টকা কেইটামান ধাৰে লৈ পুৰণি চাইকেল এখন কিনি তাৰ লগতে ব্যৱসায় কৰিব ধৰিলোঁ৷ কেইদিনমান বজাৰলৈ গাহৰি লৈ গৈ ভালেমান টকা লাভ হ’ল৷ কাৰণ, গাঁওবোৰত গাহৰিবোৰৰ বেমাৰ হৈ মৰি যাবলৈ ধৰাত ভয়তে অতি কম দামত নিৰোগী গাহৰিবোৰো গাঁৱৰ ৰাইজে আমাক বিক্ৰী কৰিব ধৰিলে৷ নগৰত আমি সেইবোৰ গাহৰিৰ প্ৰকৃত মূল্যকে পাওঁ৷ মহেশ্বৰৰ পৰা লোৱা ধাৰ পৰিশোধ কৰিও মোৰ ভালেমান টকা জমা থাকিল৷ এতিয়া মোৰ নিজা মূলধনেৰে বেপাৰখন চলি গৈছে৷

মহেশ্বৰ কাইটি সাংঘাটিক ৰসিক৷ তাৰ লগত থাকিলে কষ্টকো কষ্ট যেন অনুভৱ নহয়৷ আমি দুয়ো ককাই-ভাই হ’লেও বন্ধুৰ দৰেই চলো৷ এদিন চাইকেল মাৰি বজাৰলৈ গৈ থাকোঁতে মই মহেশ্বৰ কাইটিক জোকাই চাবলৈকে ক’লো, “ মহেশ্বৰ কাইটি তোৰ ধন –সম্পত্তি বহুত হ’ল অ’৷ নবৌজনীৰ চেহেৰাটোও কিবাখন হৈ পৰিল৷ ধুনীয়া চাই আৰু এজনী———৷”

মহেশ্বৰ কাইটিয়ে মোক কথা বঢ়াবলৈ নিদি লগে লগে ক’লে, “তই তেনেকৈ কৈছ যেতিয়া সাধু এটাকে কওঁ শুনি ল’৷”

মহেশ্বৰ কাইটিয়ে তাৰ গল্প আৰম্ভ কৰিলে৷ মই শুনি গ’লো৷

“ বৰ বেছি দিনৰ আগৰ কথা নহয়৷ যোৱাটো বাৰিষাৰ কথা৷ আমগুৰি ডুবিৰ ওপৰেদি দিয়া এডলীয়া বাঁহৰ সাঁকোডালেদি নৱ-বিবাহিত দম্পত্তি এহাল পাৰ হৈ যাওঁতে হঠাৎ ঘৈণীয়েকজনীৰ ভৰি পিচলি গৈ ডুবিৰ পানীত পৰিল৷ বেচেৰীয়ে সাঁতুৰিব নেজানে৷ গিৰিয়েকেও সাঁতুৰিব নেজানে৷ ভৰ দুপৰীয়াখন ওচৰে-পাঁজৰে কাকো দেখা নাপায় নিঃসহায় হৈ বিননি জুৰি কান্দিব ধৰিলে৷ তাৰ কান্দোন শুনি পানীৰ তলত থকা জলকুৱঁৰী ওলাই আহিল৷ সেই জলকুৱঁৰীজনী আকৌ তাহানিৰ সেই খৰিকটীয়াক কুঠাৰ তুলি দিয়া জনীয়েই আছিল৷ জলকুৱঁৰীয়ে মানুহটোৰ কি হ’ল বুলি সোধাত সি তাৰ ঘৈণীয়েক পানীত পৰিল বুলি কৈ পুণৰ ইনাই-বিনাই কান্দিব ধৰিলে৷ তেতিয়া জলকুৱঁৰীয়ে পানীত ডুব দি প্ৰিয়ঙ্কা চুপ্ৰাক উলিয়াই দি সুধিলে, “এইজনী তোৰ ঘৈণীয়েৰে হয় নে ?” মানুহটোৱে লগে লগে উত্তৰ দিলে, “হয় হয় জলকুৱঁৰী মাই, এইজনীয়েই মোৰ মানুহজনী৷”

জলকুৱঁৰীয়ে তাৰ কথা শুনি আচৰিত হ’ল৷ ভাৱিলে—এইটোৱে বাৰু তাৰ নৱ-বিবাহিত তিৰোতাজনীক কেনেকৈ এৰিব পাৰিছে? কিমান নিৰ্দ্দয় আজি-কালিৰ পুৰুষবোৰ! জলকুৱঁৰীয়ে তাক সুধি চালে-“ হেৰ’ মানুহটো, তই বাৰু তোৰ নিজৰ মানুহজনীও চিনি নাপালিনে?  ধুনীয়া দেখি এইজনীকে তোৰ বুলিলি, কিয় তই এনেকুৱা হ’লি ?”

জলকুৱঁৰীৰ কথা শুনি মানুহটোৱে কৰযোৰ কৰি ক’বলৈ ধৰিলে, “ জলকুৱঁৰী মাই, দায় নধৰে যদি কথা এষাৰ কওঁ৷ মানে, মই যদি এইজনী মোৰ নহয় বুলি কওঁ তেন্তে আপুনি আকৌ পানীত ডুব দি কেট্ৰিনা কাইফ বা তনুজা বা দিপীকা অথবা অন্য কোনোবা এজনীক উলিয়াই দি সুধিব সেইজনী হয়নে বুলি৷ মই ক’ম নহয়, আপুনি তাৰ পিছত পুনৰ পানীত ডুব দি মোৰ নিজৰ জনীক উলিয়াই দিলে মই সেইজনী হয় বুলি কম আৰু তেতিয়া আপুনি তাহানি খৰিকটীয়াক সোণৰ কুঠাৰ, ৰূপৰ কুঠাৰ আৰু তাৰ নিজৰখন কুঠাৰ দিয়াৰ দৰে মোকো তিনিওজনী দি দিব৷ তেতিয়া বাৰু মোৰ কি অৱস্থা হ’ব ভাৱিচাওকচোন আপুনি৷ তিনিওজনীয়ে চুলিয়াচুলি লাগি সংসাৰখন অশান্তিময় কৰি নুতুলিবনে?”

জলকুৱঁৰীয়ে মানুহটোৰ যুক্তিত পতিয়ন যাবলৈ বাধ্য হ’ল আৰু তাৰ প্ৰতি সদয় হৈ তাক প্ৰিয়ংকাকে গটাই দি পানীত ডুব দি ভাবিলে—আজিকালিৰ তিৰোতাবোৰৰ ইজনীৰ সিজনীৰ লগত মিলি থকা গুণ নোহোৱা হৈ গৈছে৷

মহেশ্বৰ কাইটিৰ গল্প শুনি মই চাইকেল ৰখাই ৰাস্তাৰ কাষতে বহি লৈ পেটত হেঁচা দি হাঁহি ল’ব লগা হয়৷ এইদৰে হাঁহি-ধেমালিৰ মাজেৰে বেপাৰ চলাই গৈছোঁ৷ মোৰ এই বেপাৰৰ কথা বহুতে গমেই নাপায়৷ হাতলৈ ধন অহাত মাজে সময়ে নগৰলৈ গৈ দুই এটা চাকৰিৰ বাবে আবেদন কৰি বাছনি পৰীক্ষাত বহিছোঁ৷ ব্যৱসায়টোও এৰা নাই৷ মহেশ্বৰ কাইটিয়েতো মোক নেৰাই হ’ল৷ সিয়ে আগতীয়াকৈ আহি ব্যৱসায়ৰ কামলৈ মোক লৈ যায়হি৷

পিছে এদিন যিহে ঘটিল!  মই গাহৰি বেপাৰ এৰিব লগা হ’ল৷ সেই ঘটনাটোৱেই আজি মনত পৰিছে৷ সেইদিনা মহেশ্বৰে মোৰ আগে আগে চাইকেলত গাহৰি লৈ গৈ আছে৷ ময়ো চাইকেলৰ গাধৈত       (কেৰিয়াৰ খনক মহেশ্বৰে গাধৈ বুলি কয়)এখাং গাহৰিপোৱালি বান্ধি লৈ মহেশ্বৰৰ পিছে পিছে কোবাকুবিকৈ চাইকেলৰ পেডেল ঘূৰাইছোঁ৷ সেইচোৱা পথ পালে মই সদায়ে চাইকেলৰ গতিবেগ বঢ়াই দিওঁ৷ ঘন্টাত চল্লিশ পঞ্চাশ কিলোমিটাৰ গতিত চলে৷ কথাটো মহেশ্বৰেও জানে৷ সেয়ে সি মোতকৈও জোৰে চাইকেল চলাই গাঁওখনৰ সেইচোৱা পথ অতিক্ৰম কৰিলে৷ আচল কথাটো হ’ল সেই ৰাস্তাৰ দাঁতিতে জোনাকীহঁতৰ ঘৰ৷

“ঐ গাহৰি, ঐ গাহৰি, ৰ’চোন ৰ’৷”

হঠাৎ সেই ঠাইতেই নাৰীকন্ঠৰ চিৎকাৰ শুনি মই চাইকেলৰ গতিবেগ একে ৰাখি এপাক এনেয়ে ঘূৰি চালোঁ৷ হাঁয় বিধি! মই কি দেখিলোঁ! সেইজনী দেখোন জোনাকী! মোৰ হৃদয়ৰাণী জোনাকী৷ তাই আজি মোক ‘ঐ গাহৰি’ বুলি আজি–কালি প্ৰচলন হোৱা বেপেৰুৱা সুৰত তাচ্ছিল্য কৰি মাতিলে৷ হে মোৰ ভাগ্য!

মই সেই দিনাৰ পৰা গাহৰি বেপাৰ এৰিলোঁ৷ কিছুদিন আমাৰ ঘৰখন চলা অসুবিধা হৈছিল যদিও মই খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্য্যালয়ত ঋণ সম্প্ৰসাৰণ বিষয়াৰ চাকৰি পোৱাৰ লগে লগে সকলো অসুবিধা দূৰ হৈ গ’ল৷

জোনাকীক অতিক্ৰম কৰি নগৰৰ ধনীৰ জীয়াৰী মিনুৱে মোক বাধ্য স্বামী কৰি ল’লে৷

কথাবোৰ ভাৱি ভাৱি থাকোঁতেই ইতিমধ্যে ‘মহেশ্বৰ ষ্টোৰচ’ৰ সমুখ অৰ্থাৎ আমাৰ মহেশ্বৰ কাইটিৰ দোকানৰ সমুখ পালোঁহি(মহেশ্বৰ কাইটি আজি-কালি ডাঙৰ মহাজন হ’ল)৷তাৰ দোকানৰ পৰা অলপ দূৰতেই আমাৰ ঘৰ৷

মই ৰিক্সাচালক ডেকাক সুধিলোঁ, “হেৰা ভাইটি , তোমাৰ নাম?”

সি উত্তৰ দিলে, “ নিৰঞ্জন কলিতা৷”

মই আকৌ সুধিলোঁ, “ঘৰ ক’ত?”

সি ক’লে, “গাভৰু পথাৰত চাৰ৷”

এইবাৰ সুধিলো, “ তুমি কিমানলৈকে পঢ়িলা ?”

“অহা বছৰ বি. এ. দিম চাৰ৷”

ৰিক্সা চালকৰ কথা শুনি পাঁচবাৰ মেট্ৰিক পৰীক্ষাত বহি পাছ কৰিব নোৱাৰা মিনুজনীৰ চকু গৈ কপালত উঠিল৷

ইতিমধ্যে আমি ঘৰৰ পদূলিমুখ পালোঁহি৷

“ৰখাই দিয়া ভাইটি৷” মিনুৱে মৰম মিহলি কোমল স্বৰত ক’লে৷

ৰিক্সাখন ৰৈ গ’ল৷ আমি ৰিক্সাৰ পৰা নামিলোঁ৷

“বেয়া নেপাবা দেই ভাইটি”—বুলি কৈ মিনুৱে ৰিক্সাৰ ভাৰা দহটকাৰ ঠাইত বিছটকা যাচিলে৷

ৰিক্সাচালক যুৱকে দহটকা ঘূৰাই দি ক’লে, “ নালাগে বাইদেউ৷ উপাঙতে ধন অৰ্জন কৰিবলৈ মন থকা হ’লে বেংকৰ ধাৰ লৈ ৰিক্সা কিনি নচলাই বেলেগ উজুতে ধন ঘটা ধাণ্ডা কৰিব পাৰিলোঁ হয়৷”

ৰিক্সাচালক ডেকা আমাৰ কাষৰ পৰা আঁতৰি যোৱাৰ পিছত মিনুৱে মোক ক’লে, “ল’ৰাটো সেই সংগঠনৰ সদস্য নহয়নে বাৰু ?”

মই উত্তৰ দিবলৈ আঁত বিচাৰি নোপোৱা হ’লো৷ কাৰণ, মইনো গাহৰি বেপাৰ কৰা দিনবোৰত কোনটো সংগঠনৰ সদস্য আছিলোঁ ?

যেইকি নহওক , ডেকাৰ প্ৰতিবাদী কন্ঠৰ জয় হোৱা দেখি বৰ আমোদ পালোঁ৷ অন্তৰতে তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments