মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম- (পাৰবিন চুলতানা)

“তুমি চাকৰিটো কৰিবলৈকে ইমান দু্ৰ্গম ঠাইলৈ যাব নোৱাৰা।”

“আৰে, কিয় নাযাম? কিমান কষ্ট কৰি লৈছোঁ চাকৰিটো, কিমান দিনৰ প্ৰিপেৰেচন আছিল তুমি নাজানানে!”
“মই সকলো বুজোঁ। কিন্তু তুমি এইবাৰলৈ মোৰ কথা মানি লোৱা। কোনোবা কলেজত চাকৰি পাই যাবা তুমি। নৰ্মচ আছে তোমাৰ।”
“নৰ্মচ আছে মোৰ। তুমি বিচৰাধৰণেৰে সেয়া আৰামদায়কো হ’ব নতুবা সন্মানীয়ও হ’ব। কিন্তু মোৰ লক্ষ্য সেয়া নহয়।”

এপিএচচি বাচনিত চাকৰিটো পাই উগ্ৰপন্থীৰ ঘাটি বুলি জনাজাত ঠাইডোখৰত তাইৰ পষ্টিং হোৱাৰ লগে লগে থৰকাচুটি হেৰাইছিল নিলীময়ৰ। কোনোপধ্যেই সি তাৰ হ’বলগীয়া পত্নী সন্ধ্যাশ্ৰীক তালৈ যাবলৈ দিব নোৱাৰে। তাইক বলাব নোৱাৰি তাইৰ মাকৰ ওচৰ পাইছিলগৈ, “চাওকচোন খুড়ী। বুজাওক তাই। ঠাইডোখৰ ছোৱালীৰ কাৰণে একেবাৰে চুইটেবল নহয়।”

এপইণ্টমেণ্ট লেটাৰখন সি কাঢ়ি লৈ থৈছিল।
———————————–

ইফালে সন্ধ্যাশ্ৰী ?
আকাশত উৰাৰ সপোনটোক কোনোপধ্যেই এটা কোঠালীত বন্দী কৰিব নোখোজে তাই।
———————————–

সপোনটো কেতিয়াকৈ যে জোলোঙাৰ ফুটাইদি সৰি পৰিল তাই নাজানে। বৰ জেদী হৈ পৰিছিল সিদিনা। এপইণ্টমেণ্ট লেটাৰখন সি লৈ যোৱাৰে পৰা তাই কান্দি থাকিল। ভিতৰি ভিতৰি কঠোৰ হৈ পৰিল। “নীলিময় তুমি মোক হেৰুৱালা’, বাৰে বাৰে উচুপি উচুপি দোহাৰি থাকিল।
———————————–

“সি আজিকালি বহুত ড্ৰিংকচ কৰে অ’ মাজনী। তই পাৰিলে ফোন এটা কৰিবি।”, ঘৰলৈ আহিলেই মাকে তাইক অনুৰোধ কৰে। তাই আঁতৰি আহে নীৰৱে। কিছুমান কথাৰ সমাধান নাই তাইৰ ওচৰত। এই যে নীলিময়ৰ তাইৰ ওপৰত আধিপত্য, এই যে হকে-বিহকে বাদ-বিবাদ এইবোৰে বৰ অশান্তি দিয়ে তাইক। স্বাধীন মনটোক সন্মান জনাইয়ে সি তাইৰ প্ৰেমত বলিয়া হৈছিল। পিছলৈ সেই স্বাধীন মনটোকে শাসনৰ জৰীৰে বান্ধিব বিচাৰিছিল সি।

পুৰুষজাতিটোলৈ অহেতুক খং এটা উজাই আহে তাইৰ। নিজকে তছলিমা নাছৰিনৰ লগত ৰিজায় তাই। তেওঁকো দেখোন দমাবলৈ কতই কত ব্যৱস্থা লৈছিল।
————————————-

চাকৰিৰ জখলাডালত দোপতদোপে আগুৱাই গৈছিল তাই। সৎ, নিৰ্ভয়া ছোৱালীজনীৰ কৃতিত্বই তাক সুখ নিদিয়াকৈ থকা নাছিল। মাথোঁ সি তাৰ হ’বলগীয়া পত্নীৰ এই ৰূপ মানিব নিবিচাৰে। ৰাতি দুপৰলৈকে কৰ্তব্যৰ নামত সেনাৰ ছাউনীত কটাওক নতুবা অন্ধকাৰ গলিয়ে গলিয়ে টহল দিয়ক, সেই কথা সি মানিব নোখোজে। আৰু তাই মানিব নিবিচাৰে তাৰ অনুশাসন।
————————————-

“সমস্যাটো ক’ত তহঁতৰ? “, মধ্যস্থতাকাৰীৰ ভূমিকা লৈছিল স্বপ্নীলে।
————————————-

ইটোৱে সিটোক বুজাব নোৱাৰা এক গভীৰ অৱসাদেৰে সম্পৰ্কটোৱে মেলানি মাগিছিল।
‘তুমি ইমানকণো মানি ল’ব নোৱাৰিলানে নীলিময়? মোৰ অস্তিত্বৰ কিমান দাম আছিল তোমাৰ ওচৰত নীলিময়?”
‘তুমি মোৰ বাবে ইমানকণ ত্যাগ কৰিব নোৱাৰিলানে সন্ধ্যাশ্ৰী? মোৰ মৰমৰ কিমান দাম আছিল তোমাৰ ওচৰত?”
অব্যক্ত অভিমান। অলিখিত ইতিহাসৰ সমাপ্তি।
————————————–

তাৰ পাছৰ কথাবোৰ আধৰুৱা।
“তোমাৰ ঘৰৰ গলিৰে মই যাব নোৱাৰো সন্ধ্যা। কৃষ্ণচূড়াজোপাই মোক চিঞৰে ।”
“তুমি হেনো আহিছিলা ঘৰলৈ। মই তোমাক এবাৰ চাবলৈকো যাব নোৱাৰোঁ সন্ধ্যা। তোমাৰ সন্তানে মোক মামা বুলি ক’ব, মই কিদৰে সহিম কোৱা।”
“সন্ধ্যা। সন্ধ্যা। তুমি বৰ সুখেৰে আছা। তোমাৰ সুখৰ সংসাৰ। তোমাৰ সুদৰ্শন স্বামী। তোমাৰ চকুত লগা চচিয়েল ষ্টেটাচ। ”
“এই পাগলী। তুমি হেনো শকত হ’লা। মোৰ বৰ মন যায় অ’… তোমাক এবাৰ চাবলৈ বৰ মন যায় মোৰ। বেছিদিন জীয়াই নাথাকিম। আহিবানে এবাৰ মোক দেখা দিবলৈ?”

ৰঙীন পানীয়ৰ গিলাচ লৈ নীলিময়ে সন্ধ্যাশ্ৰীৰ পৰ্ট্ৰেইটৰ সন্মুখত অনৰ্গল কথা পাতি থাকে। তাৰ পাছত চিঞৰি চিঞৰি গাবলৈ ধৰে,
“মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম।
আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম।”
—————————————-

বলীয়া হ’ল সি। স্বপ্নীলে আনিছিল খবৰটো।
“বাৰৰ পৰা ওলাই ওৰেটো ৰাতি সি গাড়ীতে শুই থাকে। গাড়ী চলাবলৈকো শক্তি নাথাকে তাৰ।”
“কিয়? কিয়? কিয়?” এগাল প্ৰশ্নই জুমুৰি ধৰে তাইক।
—————————————

“কিডনী ফেইলাৰ হ’ল তাৰ। সি বেছিদিন নাথাকে।” “কোনে ক’লে? কোনে ক’লে? কাৰ ইমান সাহ সেই কথা ক’বলৈ?” “বতাহীয়ে ক’লে?” “এই বতাহী, তোৰ ইমান সাহ! মোৰ আগত মিছা মাতিবলৈ আহ।”
————————————–

“মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম
আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম।”

কোনে গালে এই গান? কোনে গালে? বতাহে গালে? ইমান সাহ বতাহৰ? “মোক আঁভুৱা ভৰিবলৈ আহে।”
—————————————

খিড়িকীমুখৰ ছবিখন ধূসৰ হৈ আহে। কথাবোৰ অস্পষ্ট। ভুল কাৰ আচলতে তাই নুবুজে। ভাল হওক, অশান্তি নহওক বুলি লোৱা সিদ্ধান্তটোৱে এটা জীৱন ধ্বংস কৰি দিলে।

“এই ছোৱালী। ‘আই লভ ইউ’ বুলি ক’লেহে তই গম পালিহেঁতেন নেকি তোক মই কিমান ভাল পাওঁ। ভালেকৈ থাকচোন পাগলী। মোৰ কথা ইমানকৈ চিন্তা নকৰ।”

সপোনটোৱে খেদি ফুৰে। তাৰ মাতটো বতাহত ভাঁহি আহে। ফাগুনৰ ৰংখিনিয়ে খিকখিকাই হাঁহে। “নীলিময়, ক্ষমা নকৰিবানে মোক? এবাৰলৈ। মাথোঁ এবাৰলৈ।”, সন্ধ্যাশ্ৰীয়ে মনতে পাগুলে।

বন্ধ কোঠা। ৰুদ্ধ বতাহ। স্বামীৰ বাহুবন্ধনৰ পৰা ওলাই শ্বলখন মেৰিয়াই লৈ সন্ধ্যাশ্ৰী চাঁদৰ ওপৰ পায়গৈ। পাহাৰৰ সিপাৰে সেয়া চেনাইৰ ঘৰ। চেনাই ???? ক’ৰবাত কলিজাৰ এটুকুৰা চেনাইৰ নামত বন্ধকী হৈ গৈছিল নেকি অ’? হৈছিল চাগৈ। নহ’লে তাইৰ দৰে বাস্তৱবাদী ছোৱালী এজনীৰ ইমান কষ্ট কিয়?
—————————————-

“তুমি আহিলা সন্ধ্যা? তুমি আহিলা। মই জানো তুমি আহিবা।” কাগজৰ টুকুৰাটো পঢ়িলে তাই।

চকুলো নোটোকে। নহয়, চকুলো নোলায় আচলতে। বৰফ বৰফ অনুভূতি । হিম হিম কলিজাৰ ৰসটুপি। চিতাৰ কাষত তাইৰ সঁহাৰি। ক’ৰবাত ঘৰমুখী পখীৰ কলকলনি, “ভালে নাথাকিল অ’ আইজনী। ভালে নাথাকিল সি।”

***********************

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments